জোন আৰু জোনকী
ক্ৰিয়া কলাপ
১। অতি চমু উত্তৰ দিয়া
(ক) “জোন আৰু জোনাকী’ কবিতাটি কবিৰ কোনখন পুথিৰ অন্তৰ্গত।
উত্তৰঃ জোন আৰু জোনাকী কবিতাটি কবিৰ 'মনাই বৰাগী' পুথিৰ অন্তৰ্গত।
(খ) কোন সময়ত জোনাকী পৰুৱাই পাখি মেলি খেলি ফুৰিছিল?
উত্তৰঃ সন্ধিয়াৰ সময়ত জোনাকী পৰুৱাই পাখি মেলি খেলি ফুৰিছিল।
(গ) জোনাকীৰ ওপৰত কোনে নাচে বুলি কৈছে?
উত্তৰঃ জোনাকীৰ ওপৰত তৰা নাচে বুলি কৈছে।
(ঘ) জোনাকীৰ ক্ষুদ্র প্রাণ কিয় বিচলিত হৈছিল?
উত্তৰঃ জোনাকীৰ ক্ষুদ্ৰ প্ৰাণ বিপদৰ আগন্তুক দেখি বিচলিত হৈছিল।
(ঙ) জোনাকীক ক্ষুদ্র প্রাণী বুলি কোনে উপহাস কৰিছিল?
উত্তৰঃ জোনাকীক ক্ষুদ্ৰ প্ৰাণী বুলি জোনে উপহাস কৰিছিল।
(চ) জোনাকীক কিয় নিঠৰুৱা প্রাণী বুলি কৈছে?
উত্তৰঃ জোনাকীৰ ঘৰ-দুৱাৰ নাই কাৰণে তাক নিঠৰুৱা প্ৰাণী বুলি কৈছে।
(ছ) ভ্ৰূকটি’ মানে কি?
উত্তৰঃ ভ্ৰূকটি মানে হৈছে কুটিল দৃষ্টি।
(জ) পথভুলা পথিকক কোনে বাট দেখুৱায়?
উত্তৰঃ পথভুলা পথিকক জোনাকীয়ে বাট দেখুৱায়।
(ঝ) “মিছাতেই ওফন্দিছা যৌৱন ভেমত”- কথাষাৰ কোনে কাক কৈছিল?
উত্তৰঃ “মিছাতেই ওফন্দিছা যৌৱন ভেমত”- কথাষাৰ জোনাকীয়ে জোনক কৈছিল।
(ঞ) জোনৰ দৰ্প অহংকাৰ শেষত কোনে চুৰ্ণ কৰিব বুলি কৈছে?
উত্তৰঃ জোনৰ দৰ্প অহংকাৰ শেষত মহাকাল ৰাহুয়ে চূৰ্ণ কৰিব বুলি কৈছে।
(ট) জোনাকী পৰুৱাই জোনক পৰিণাম সোঁৱৰাই দিয়া মৰমৰ বস্তু দুটি কি?
উত্তৰঃ জোনাকী পৰুৱাই জোনক পৰিণাম সোঁৱৰাই দিয়া মৰমৰ বস্তু দুটি হৈছে- ৰূপ আৰু যৌৱন।
(ঠ) জোন আৰু জোনাকীৰ কোন সৰু, কোন বৰ সমিধান ওলালনে?
উত্তৰঃ জোন আৰু জোনাকীৰ কোন সৰু, কোন বৰ সমিধান নোলাল।
২। জোন আৰু জোনাকীৰ তর্ক যুদ্ধখন তােমাৰ ভাষাত চমুকৈ লিখা।
উত্তৰঃ জোনাকী পৰুৱাই সন্ধিয়াৰ পৰত খেলি ফুৰিছিল। তেনেতে বতাহ এছাটি অহাত জোনাকী পৰুৱাই আঘাত পাইছিল। আঘাত পাই যেতিয়া মাটিৰ পৰা উঠিব পৰা নাছিল, তেতিয়া জোনে কৈছিল, “জগতৰ ক্ষুদ্ৰ প্ৰাণী হৈ মোক উপহাস কৰা, এতিয়া তোমাৰ দুষ্টালি মই দূৰৰ পৰা চাই থাকো। তোৰ দৰে লক্ষ প্ৰাণী লগ হলেও এই জগতত পোহৰ নহয়, সংসাৰত যে আছা কোনেও নাজানে, ঘৰ-দুৱাৰ নাই” বুলি উপলুঙা কৰিছিল। জোনাকীয়েও তাৰ উত্তৰ দিছিল, “মই ক্ষুদ্ৰ হলেও মোৰ ক্ষুদ্ৰ শক্তিৰে কৰ্তব্য সাধন কৰো, আৰু মই নিজৰ জীৱনত স্বাধীন। তুমি যে তোমাৰ দুখ নাই বুলি ভাবিছা, তোমাৰো এদিন দুখ আহিব যেতিয়া মহাকাল ৰাহুৱে তোমাৰ ভৰপূৰ যৌৱন আৰু অহংকাৰ চূৰ্ণ কৰিবহি।” এনেদৰে দুয়োৰ মাজত তৰ্ক হৈছিল।
৩। কোন সৰু, কোন ডাঙৰ— এই সম্পর্কে কবিয়ে শেষত কি সমিধান দিলে?
উত্তৰঃ কোন সৰু, কোন ডাঙৰ- এই সম্পৰ্কে কবিয়ে শেষত কৈছে যে ক্ষুদ্ৰ হৈয়ো চিৰকাল যিজন স্বাধীন, সেইজন দুখত প্ৰাণধাৰী হ'লেও পৰাধীন জীৱনতকৈও মহৎ।
৪। তােমাৰ মতে জোন আৰু জোনাকীৰ কোনজনক ডাঙৰ বুলি ভাবা?
উত্তৰঃ মোৰ মতে জোন আৰু জোনাকীৰ ভিতৰত জোনাকী ডাঙৰ। কাৰণ জোনাকী ক্ষুদ্ৰ হৈয়ো নিজৰ কৰ্তব্যত অবিচল আৰু স্বাধীন। আনৰ পোহৰত উজ্জ্বল হৈ অহংকাৰ কৰা জোনতকৈ নিজৰ শক্তিৰ ওপৰত বিশ্বাস ৰখা জোনাকী ডাঙৰ।
৫। জোনৰ ৰূপ যৌৱন কোনে, কেতিয়া নাশ কৰে বুলি কৈছে?
উত্তৰঃ জোনৰ ৰূপ-যৌৱন মহাকাল ৰাহুৱে, ভৰপূৰ যৌৱনতে নাশ কৰে বুলি কৈছে।
৬। বতাহত জোনাকীৰ কেনে বিলাই হৈছিল বুজাই লিখা।
উত্তৰঃ বতাহ অহাত জোনাকীয়ে বিপদৰ আগন্তুক দেখি ক্ষুদ্ৰ প্ৰাণ বিচলিত হৈছিল আৰু বতাহত এবাৰ ওপৰলৈ আৰু এবাৰ তললৈ ঘনে ঘনে ঘূৰি ফুৰিছিল। এনেদৰে ঘূৰি ফুৰোতে বহুত আঘাত পাইছিল আৰু মাটিত বাগৰি পৰিছিল। সৰু পাখি দুখনেৰে উঠিবলৈ বহুত যত্ন কৰিছিল যদিও উঠিব পৰা নাছিল।
৭। জোনাকীয়ে কি কর্তব্য সাধন কৰে বুলি কৈছে?
উত্তৰঃ জোনাকীয়ে পথভুলা পথিকক নিজৰ ক্ষুদ্ৰ জেউতিৰে গন্তব্য পথ দেখুৱাই আৰু জগতৰ হিতৰ কাম সাধি কৰ্তব্য সাধন কৰে বুলি কৈছে।
৮। জোনে কি বুলি জোনাকীক উপহাস কৰিছিল?
উত্তৰঃ জোনে জোনাকীক উপহাস কৰি কৈছিল, “জীৱজগতৰ ক্ষুদ্ৰ প্ৰাণী হৈ মোক উপহাস কৰি? মই দূৰৰ পৰাই তোৰ দুষ্টালি দেখি মনে মনে হাঁহো। তোৰ দৰে লক্ষ প্ৰাণী লগ হলেও পোহৰ নহয়। সংসাৰত আছ বুলি কোনেও তোৰ বাতৰি নলয়। তোৰ ঘৰ-বাৰী নাই, নিঠৰুৱা প্ৰাণী, তৃণইহে তোৰ আশ্ৰয় স্থল।”
৯। “মায়াবিনী আঁউসীৰ কুহক জালত / বান্ধ খাই পৰিবা যিদিনা” – কথাষাৰৰ অন্তর্নিহিত ভাব বুজাই লিখা।
উত্তৰঃ উক্ত কথাষাৰৰ অন্তৰ্নিহিত ভাবটো হৈছে— যিদিনা জোনটো আঁউসীৰ এন্ধাৰৰ মায়াত বান্ধ খাই নিজৰ ৰূপটো নেদেখা হ'ব, সেইদিনাহে ৰূপ আৰু যৌৱনৰ কথা ভাবিবলৈ মন পৰিব। অৰ্থাৎ বাহ্যিক ৰূপ-যৌৱন চিৰদিন নাথাকে, এদিন নিশ্চয় ইয়াৰ নাশ ঘটে।
১০। ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি বােলা হয়?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে চৰাই বিষয়ক লৈ কেইবাটাও কবিতা লিখিছিল। চৰাইৰ প্ৰতি থকা এই প্ৰীতিৰ বাবেই তেওঁক 'বিহগী কবি' (চৰাইৰ কবি) বুলি জনা যায়।
১১। জোনে জোনাকীক ক্ষুদ্র প্রাণী বুলি যি উপহাস কৰিছে তাৰ উচিত উত্তৰ জোনাকী পৰুৱাই দিছে। এই কথা কোনটো দফাত প্রকট ভাৱে প্ৰকাশ পাইছে বুলি তুমি ভাবা? যুক্তি দর্শোৱা।
উত্তৰঃ জোনে জোনাকীক ক্ষুদ্ৰ প্ৰাণী বুলি যি উপহাস কৰিছে তাৰ উচিত উত্তৰ জোনাকী পৰুৱাই দিছে। এই কথা কবিতাটিৰ ১৩ নং দফাত প্ৰকট ভাৱে প্ৰকাশ পাইছে। কিয়নো এই দফাতে জোনাকীয়ে স্পষ্টকৈ কৈছে যে ক্ষুদ্ৰ প্ৰাণী হ’লেও তাইৰ জীৱন স্বাধীন, আনহাতে জোনৰ আকাৰ ডাঙৰ হ’লেও তাইৰ জীৱন পৰাধীন— সদায় আনৰ (সূৰ্যৰ) পোহৰৰ ওপৰত নিৰ্ভৰশীল। স্বাধীন হৈ দুখত থকাও পৰাধীন হৈ সুখত থকাতকৈ মহৎ বুলি এই দফাতে জোনাকীয়ে প্ৰতিপন্ন কৰিছে।
১২। প্রসঙ্গ - সংগতি দর্শাই ব্যাখ্যা কৰা
(ক) যদিওবা ক্ষুদ্র জীৱ ক্ষুদ্র শক্তি মােৰ
নাই কিন্তু দুৰাশা মনত,
বিবেক আগত ৰাখি চলোঁ ৰং মনে
কর্তব্যৰ সাধন পথত।
উত্তৰঃ উক্ত কবিতাফাঁকি "ভাৰতী সাহিত্য চয়ন" পাঠ্যপুথিৰ অন্তৰ্গত 'জোন আৰু জোনাকী' কবিতাটিৰ পৰা তুলি লোৱা হৈছে। উক্ত কবিতাটি ৰঘুনাথ চৌধাৰীদেৱৰ দ্বাৰা ৰচিত 'মনাই বৰাগী' পুথিৰ অন্তৰ্গত। জোন আৰু জোনাকী কবিতাটিত জোন আৰু জোনাকীৰ মাজত নিজৰ শক্তিক লৈ বাক-যুদ্ধ হৈছিল। এই বাক-যুদ্ধত জোনে যেতিয়া জোনাকীক তাৰ ক্ষুদ্ৰ পোহৰ আৰু ক্ষুদ্ৰ প্ৰাণী বুলি কৈ উপহাস কৰিছিল, তেতিয়া জোনাকীয়ে কৈছিল যে এই সংসাৰত মই যদিও ক্ষুদ্ৰ প্ৰাণী আৰু মোৰ শক্তিও ক্ষুদ্ৰ, তথাপিও মোৰ মনত কোনো দুৰাশা নাই। মই মোৰ বিবেকৰ মতে চলা-ফুৰা কৰি ৰং মনেৰে মোৰ নিজৰ কৰ্তব্য সাধন কৰোঁ।
(খ) তােৰ দৰে লক্ষ প্রাণী লগ হয় যদি
তথাপিত পােহৰ নহয়,
সংসাৰত আছ বুলি কোনেও নাজানে
কোনাে তােৰ বাতৰি নলয়।
উত্তৰঃ উক্ত কবিতাফাঁকি "ভাৰতী সাহিত্য চয়ন" পাঠ্যপুথিৰ অন্তৰ্গত 'জোন আৰু জোনাকী' কবিতাটিৰ পৰা তুলি লোৱা হৈছে। ৰঘুনাথ চৌধাৰীদেৱৰ দ্বাৰা ৰচিত 'মনাই বৰাগী' পুথিৰ অন্তৰ্গত এই কবিতাটিত জোন আৰু জোনাকীৰ নিজ নিজ শক্তিৰ ওপৰত গৰ্ব আৰু অহংকাৰ দেখিবলৈ পোৱা যায়। উক্ত কবিতাফাঁকিত জোনে জোনাকীক উপহাস কৰি কৈছে যে তোৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ লক্ষ প্ৰাণী লগ হলেও এই জগতত কেতিয়াও পোহৰ নহ’ব। তই ইমানেই সৰু প্ৰাণী যে তই এই সংসাৰত আছ বুলি কোনেও নাজানে আৰু কোনেও তোৰ বাতৰি নলয়।
(গ) ক্ষুদ্ৰ হৈ চিৰকাল স্বাধীন যি জন
দুখতেই থাকে প্রাণধৰি,
ভাৱি চোৱা সেইজন কিমান মহৎ
পৰাধীন জীৱনত কৰি।
উত্তৰঃ উক্ত কবিতাফাঁকি "ভাৰতী সাহিত্য চয়ন" পাঠ্যপুথিৰ অন্তৰ্গত 'জোন আৰু জোনাকী' কবিতাটিৰ পৰা তুলি লোৱা হৈছে। ৰঘুনাথ চৌধাৰীদেৱৰ দ্বাৰা ৰচিত 'মনাই বৰাগী' পুথিৰ অন্তৰ্গত এই কবিতাটিত জোন আৰু জোনাকীৰ মাজত হোৱা বাক-যুদ্ধৰ পৰিসমাপ্তিত কবিয়ে নিজে এই মীমাংসা আগবঢ়াইছে। এই সংসাৰত সকলোৱে নিজৰ জীৱনটো স্বাধীনভাৱে চলাব বিচাৰে। জোনাকীয়ে নিজৰ জীৱনটো স্বাধীনভাৱে চলায়, আনহাতে জোনৰ নিজৰ পোহৰ নাই, বেলেগৰ পোহৰত উজ্জ্বল হৈও তেওঁ গৰ্ব-অহংকাৰ কৰে। সেয়েহে কবিয়ে কৈছে, মই ক্ষুদ্ৰ প্ৰাণী হ’লেও চিৰকাল স্বাধীন, দুখত প্ৰাণধাৰী হ’লেও পৰাধীন জীৱনতকৈও মই মহৎ।
(ঘ) ৰূপত বলিয়া হই কিয় জগতৰ
সকলােকে হীন যেন দেখা,
ভাল কৰি মনি চোৱা নিজ শৰীৰত
আছে দেখাে কলঙ্কৰ ৰেখা?
উত্তৰঃ উক্ত কবিতাফাঁকি "ভাৰতী সাহিত্য চয়ন" পাঠ্যপুথিৰ অন্তৰ্গত 'জোন আৰু জোনাকী' কবিতাটিৰ পৰা তুলি লোৱা হৈছে। ৰঘুনাথ চৌধাৰীদেৱৰ দ্বাৰা ৰচিত 'মনাই বৰাগী' পুথিৰ অন্তৰ্গত। জোনে যেতিয়া নিজৰ ৰূপটো আনৰ পোহৰত উজ্জ্বল হোৱা দেখি আনন্দত মতলীয়া হৈ বলিয়া হৈ জগতৰ সকলোকে হীন দৃষ্টিৰে চাইছিল, তেতিয়া জোনাকীয়ে তেওঁক সোঁৱৰাই দিছিল যে নিজৰ শৰীৰটোত যে কলঙ্কৰ ৰেখা আছে, সেইটোও ভালদৰে চোৱা উচিত। অৰ্থাৎ নিজৰ দোষ নেদেখি আনক হীন দৃষ্টিৰে চোৱা অনুচিত।
(ঙ) এনেতে পুৱাল ৰাতি আঁতৰিল
জোন জোনাকীও হ’ল অন্তর্ধান,
কোন সৰু কোন বৰ দুয়ােৰাে মীমাংসা
ইঙ্গিততে দিলে সমিধান।
উত্তৰঃ উক্ত কবিতাফাঁকি "ভাৰতী সাহিত্য চয়ন" পাঠ্যপুথিৰ অন্তৰ্গত 'জোন আৰু জোনাকী' কবিতাটিৰ পৰা তুলি লোৱা হৈছে। ৰঘুনাথ চৌধাৰীদেৱৰ দ্বাৰা ৰচিত 'মনাই বৰাগী' পুথিৰ অন্তৰ্গত। জোন আৰু জোনাকী দুয়োটা প্ৰকৃতিৰ অৱদান। নিজৰ শক্তিক লৈ দুয়োৰে গৰ্ব-অহংকাৰ। তৰ্ক লাগি থাকোতে ৰাতি পুৱাল আৰু সূৰ্যৰ পোহৰত দুয়ো অন্তৰ্ধান হ’ল। কিন্তু কোন সৰু, কোন বৰ— তাৰ সমিধান নোলাল। কবিয়ে ইঙ্গিততে সমিধান দিছে— ক্ষুদ্ৰ হৈয়ো চিৰকাল যিজন স্বাধীন, সেইজন দুখত প্ৰাণধাৰী থাকিলেও পৰাধীন জীৱনতকৈও মহৎ।
১৩। খালী ঠাই পূর্ণ কৰা।
- (ক) আকাশী কোলাত থাকি চিক মিক কৰি
নাচি নাচি উৰি উৰি যায়,
কেতিয়াবা জ্বলি উঠে ঢিমিক-ঢামাক
সন্ধিয়াৰ জেউতি বঢ়াই। - (খ) লঘু লাঞ্ছনাৰো হাত নোৱাৰা সাৰিব
জীৱনত আছে দুখ বহু,
ভৰপূৰ যৌৱনতে অহঙ্কাৰ চূৰ্ণ
কৰিবহি মহাকাল ৰাহু।
ভাষা বিচাৰ
১। তলৰ শব্দ সজ্জা সমূহক কি শব্দ বুলি কোৱা হয়—
- ঢিমিক-ঢামাক, লঘু-লাঞ্চনা, ভৰপুৰ, ছাৰখাৰ, আলাই-বিলাই।
উত্তৰঃ এই শব্দ সমূহক যূৰীয়া শব্দ বুলি কোৱা হয়।
তুমি জানা আৰু চাৰিটা এনে প্ৰকাৰৰ শব্দ লিখা।
- কাকূতি-মিনতি
- আঁকোৰ-গোজালি
- অনাই-বনাই
- অকাজ-ভাগী
২। তলৰ শব্দবােৰৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা—
- জোনাকী পৰুৱা - জোনাকী নামৰ পৰুৱা যাৰ (বহুব্ৰীহি সমাস)
- ঘনেপতি - ঘন যি পতি (কৰ্মধাৰয় সমাস)
- জীৱজগত - জীৱৰ জগত (তৎপুৰুষ সমাস)
- পৰাধীন - আনৰ অধীন (তৎপুৰুষ সমাস)
- চাৰিপৰ - চাৰি পৰৰ সমাহাৰ (দ্বিগু সমাস)
৩। এটা শব্দত প্ৰকাশ কৰা—
- (ক) যি এবাৰ জ্বলি উঠে এবাৰ নুমাব খােজে - ঢিমিকঢামাক
- (খ) পথৰ পৰা ভ্ৰষ্ট - পথভ্ৰষ্ট
- (গ) যাৰ কোনাে আশ্রয় নাই - আশ্ৰয়হীন
- (ঘ) যি আনৰ অধীন - পৰাধীন
- (ঙ) মায়াৰে মােহিত কৰা স্ত্ৰীশক্তি - মায়াবিনী
Comments
No comments yet. Be the first!