জন্মভূমি
ক্ৰিয়া কলাপ
১। চমু উত্তৰ দিয়া─
(ক) জন্মভূমি কাক বােলে?
উত্তৰঃ যি দেশত যি মানুহ ওপজে, সেই দেশক মানুহৰ জন্মভূমি বোলে।
(খ) লেখকৰ জন্মভূমি কোনখন?
উত্তৰঃ যিখন দেশত লেখক জন্ম হৈছে সেইখনেই লেখকৰ জন্মভূমি।
(গ) লেখকৰ মতে তিৰােতাই কি ভাল পায়?
উত্তৰঃ তিৰোতাই নিজৰ মূৰৰ চুলি আৰু অলংকাৰ ভাল পায়।
(ঘ) লিয়নিদাচ কোন আছিল?
উত্তৰঃ লিয়নিদাচ এজন গ্ৰীক সেনাপতি আছিল।
(ঙ) পাৰস্য সেনাৰ সংখ্যা কিমান আছিল?
উত্তৰঃ পাৰস্য সেনাৰ সংখ্যা দুই নিযুত (২০ লাখ) আছিল।
(চ) পাৰস্যৰ পৰা গ্ৰীচৰ ভিতৰলৈ সােমােৱা পৰ্বতীয়া বাটটোৰ নাম কি আছিল?
উত্তৰঃ থাৰ্মপিলি।
(ছ) চুলতান মামুদৰ লগত হিন্দুবিলাকৰ ৰণ লাগােতে হিন্দু তিৰােতাই কিদৰে সহায় কৰিছিল?
উত্তৰঃ চুলতান মামুদৰ লগত হিন্দু বিলাকৰ ৰণ লাগোতে হিন্দু তিৰোতাই নিজৰ অলংকাৰ বেছি ৰণৰ খৰছ যোগাই সহায় কৰিছিল।
(জ) কার্থেজৰ তিৰােতাই ধনুৰ ডােল খুৱাবলৈ কি দিছিল?
উত্তৰঃ কাৰ্থেজৰ তিৰোতাই ধনুৰ ডোল খুৱাবলৈ নিজৰ মূৰৰ চুলি দিছিল।
২। “ইহঁত অতি অধম লােক”– ইয়াত অধম লােক বুলি কাক, কিয় কোৱা হৈছে?
উত্তৰঃ ইয়াত অধম লোক বুলি দেশদ্ৰোহী আৰু বিশ্বাসঘাতক সকলক কোৱা হৈছে, কাৰণ তেওঁলোকে দেশৰ শত্ৰুক সাহায্য কৰে।
৩। লেখকে দেশদ্রোহী সকলৰ পৰিণতি সম্পর্কে কি কৈছে?
উত্তৰঃ লেখকে কৈছে যে দেশদ্ৰোহীসকলে নিজৰ পাপৰ শাস্তি নিজেই পায়। সিহঁত স্বদেশী আৰু বিদেশী দুয়োৰে ওচৰত ঘৃণিত আৰু অবিশ্বাসী হয় আৰু সিহঁতৰ একেবাৰে সৰ্বনাশ ঘটে।
৪। থার্মপিলিৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? এই যুদ্ধত কোন জয়ী হৈছিল?
উত্তৰঃ থাৰ্মপিলিৰ যুদ্ধ গ্ৰীচ আৰু পাৰস্য দেশৰ মাজত হৈছিল। এই যুদ্ধত গ্ৰীক সেনাপতি লিয়নিদাচ জয়ী হৈছিল।
৫। দেশৰ হকে যুঁজ দিয়াৰ বাহিৰেও আন কি প্রকাৰে দেশৰ উপকাৰ কৰিব পাৰি— পাঠৰ আধাৰত চমুকৈ লিখা।
উত্তৰঃ দেশৰ হকে যুঁজ দিয়াৰ বাহিৰেও বেপাৰ কৰা, বাতৰি কাকত উলিওৱা, মাতৃভাষাৰ উন্নতি সাধন কৰা, দেশৰ ডাঙৰ ডাঙৰ অভাৱ দূৰ কৰা আদি কামত সহায় কৰি দেশৰ উপকাৰ কৰিব পাৰি।
৬। পাঠটিত লিয়নিদাচৰ স্বদেশ প্রেম কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ লিয়নিদাচে অতি কম সংখ্যক সৈন্য লৈও দুই নিযুত পাৰস্য সৈন্যৰ বিৰুদ্ধে যুঁজ দিছিল। নিজৰ প্ৰাণ আহুতি দিও তেওঁ শত্ৰুৰ আগত আত্মসমৰ্পণ কৰা নাছিল। নিজৰ জন্মভূমি ৰক্ষা কৰিবলৈ তেওঁ শেষলৈকে যুঁজ দিছিল— এই কাৰ্যতে তেওঁৰ স্বদেশ প্ৰেম প্ৰকাশ পাইছে।
৭। “দেশহিতৈষিতাৰ এনেহে বল”— তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ দেশৰ হিতৰ বাবে কাম কৰাসকলৰ ইমানেই বল থাকে যে তেওঁলোকৰ কাৰণে কোনো এটা জাতি বা কোনো এখন দেশ ৰক্ষা পৰে। যিসকল লোক দেশদ্ৰোহী, সেইসকলক দেশহিতৈষীসকলে দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে। এনে বল থকাৰ কাৰণেই দেশহিতৈষিতাৰ ইমান বল বুলি কোৱা হৈছে।
৮। লেখকে এই দেশৰ উন্নতিৰ হকে অসমীয়া জাতিক দিয়া উপদেশখিনি পাঠৰ আধাৰত বুজাই লিখা।
উত্তৰঃ লেখকে অসমীয়া জাতিক উপদেশ দিছে যে তেওঁলোকে দেশৰ কাৰণে নিজকে পাহৰিবলৈ শিকিব লাগে, দেশৰ নিমিত্তে কান্দিবলৈ শিকিব লাগে, দেশৰ নিমিত্তে নিজৰ অৰ্থ, শক্তি, সময়, বিদ্যা, বুদ্ধি সকলোকে উৎসৰ্গ কৰিবলৈ শিকিব লাগে।
৯। লেখকে অসমদেশৰ দুৰৱস্থাৰ হেতু কি বুলি কৈছে?
উত্তৰঃ লেখকে অসমদেশৰ দুৰৱস্থাৰ কাৰণ হিচাপে কৈছে যে আমাৰ মানুহৰ মাজত একতা আৰু দেশানুৰাগ নাই।
১০। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাー
(ক) জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰয়সী।
উত্তৰঃ উক্ত বাক্যশাৰী "ভাৰতী সাহিত্য চয়ন" পাঠ্যপুথিৰ অন্তৰ্গত 'জন্মভূমি' পাঠটিৰ পৰা তুলি লোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে মাতৃ আৰু জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ। অৰ্থাৎ মাতৃ আৰু নিজৰ দেশৰ মৰ্যাদা স্বৰ্গৰ মৰ্যাদাতকৈও ডাঙৰ।
(খ) জন্মভূমিৰ হিত চিন্তা-এটা মহাধৰ্ম।
উত্তৰঃ আমি যিখন দেশত জন্ম হৈছোঁ সেইখনেই আমাৰ জন্মভূমি। আমি সদায় নিজৰ জন্মভূমিক ভাল পাওঁ। সেইকাৰণে আমি সকলোৱে আমাৰ দেশৰ উন্নতিৰ কথালৈ মন দিব লাগে। নিজৰ দেশৰ উন্নতি হ'লেহে আমি উন্নতি কৰিব পাৰিম। সদায় দেশৰ বা জন্মভূমিৰ হিতৰ কাৰণে চিন্তা কৰা উচিত। জন্মভূমিৰ হিত চিন্তা কৰা এটা মহাধৰ্ম।
(গ) জন্মভূমিৰ ঘোৰ দুৰৱস্থা অসমীয়াৰ ঘোৰ টোপনি।
উত্তৰঃ আমাৰ জন্মভূমি অসম। অসমৰ খেতি, বেপাৰ, সকলোৰে সৰহভাগ বিদেশীৰ ভোগত পৰিছে আৰু তেওঁলোক সুখী হৈছে। কিন্তু অসংখ্য অসমীয়াৰ ভাত-কাপোৰৰ আকাল হৈছে। আমাৰ মানুহৰ মাজত একতা আৰু দেশানুৰাগ নাই। সকলোৱে কেৱল নিজৰ উন্নতিৰ কথাহে জানে, কিন্তু দেশৰ উন্নতি নহ'লে নিজৰো উন্নতি নহয় বুলি ভালকৈ বুজি নাপায়। কোনো অসমীয়াৰ উন্নতি হোৱা দেখিলে আমাৰ চকুত পোৰে, কিন্তু বিপদ হ'লে আনন্দ লাগে। এই কাৰণেই কোৱা হৈছে যে জন্মভূমিৰ দুৰৱস্থা অসমীয়াৰ ঘোৰ টোপনিৰ ফল।
১১। "ককাই তুমি বস্তু গত লগাব নেলাগে, ৰণলৈ যোৱা, বস্তু মই গত লগাম"一 কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল?
উত্তৰঃ উক্ত কথাষাৰ এগৰাকী ভনীয়েকে নিজৰ ককায়েকক জন্মভূমি ৰক্ষাৰ প্ৰসংগত কৈছিল। যুদ্ধৰ বাবে বস্তুৰ যোগান ধৰাৰ দায়িত্ব ভনীয়েকে লৈছিল আৰু ককায়েকক পোনপটীয়াকৈ ৰণলৈ যাবলৈ কৈছিল।
ভাষা-বিচাৰ
১। তলৰ সমস্তপদবোৰৰ ব্যাসবাক্য লিখি সমাসৰ নাম লিখা।
- জন্মভূমি – জন্মৰ ভূমি (ষষ্ঠী তৎপুৰুষ)
- দেশদ্ৰোহী – দেশৰ দ্ৰোহী (ষষ্ঠী তৎপুৰুষ)
- দেশহিতৈষী – দেশৰ হিতৈষী (ষষ্ঠী তৎপুৰুষ)
- অকাল – নাই কাল (নঞ তৎপুৰুষ)
- মাতৃভাষা – মাতৃৰ ভাষা (ষষ্ঠী তৎপুৰুষ)
- চিন্তানল – চিন্তা অনলৰ নিচিনা (কৰ্মধাৰয়)
- মহাত্মা – মহান যি আত্মা (কৰ্মধাৰয়)
- মহাধৰ্ম – মহান যি ধৰ্ম (কৰ্মধাৰয়)
২। সন্ধি-ভাঙাঃ
- কৰ্তব্য – কৃ + তব্য
- দেশাধিপতি – দেশ + অধিপতি
- যাৱজ্জীৱন – যাৱৎ + জীৱন
- দুৰৱস্থা – দুঃ + অৱস্থা
- দুৰ্দশা – দুঃ + দশা
- উন্নতি – উৎ + নতি
৩। ভাৱ সম্প্ৰসাৰণ কৰাঃ
(ক) ৰাইজে নখ জোকাৰিলে নৈ বয়।
উত্তৰঃ মানুহ হৈছে সমাজপ্ৰিয়। সমাজত বাস কৰা সকলৰ মাজত যদি কোনো এটা কাম অকলে কৰিব নোৱাৰি, তেতিয়া ৰাইজৰ সহায় ল'লে সেই কামটো কৰিবলৈ সক্ষম হোৱা যায়। অৰ্থাৎ একতাৰ মাজত অসাধ্য একো নাই।
(খ) একতাৰ অসাধ্য একো নাই।
উত্তৰঃ কোনো এটা কাম যদি আমি অকলে কৰিব নোৱাৰোঁ, তেতিয়া আমি সকলোৱে একেলগে কৰিলে কামটো সফল হ'ব পাৰি। একতাৰ বলত ডাঙৰ ডাঙৰ কামো সম্ভৱ হৈ উঠে।
(গ) এশ গৰু খালে বাঘৰো মৰণ।
উত্তৰঃ বাঘ হৈছে মাংসভোজী প্ৰাণী। সেয়েহে সি বেলেগ জীৱ-জন্তু বধ কৰি খায়। এনেকৈ সি এটি-দুটি কৈ গৰু মাৰোতে মাৰোতে এদিন তাৰো মৰণ আহে। সেয়েহে ইয়াৰ পৰা বুজোৱা হৈছে যে যি কোনো মানুহে আনক ঠগি বা অনিষ্ট কৰি থাকে, এদিন তাৰো পতন অনিবাৰ্য।
(ঘ) চেষ্টাৰ অসাধ্য একো নাই।
উত্তৰঃ মানুহে কোনো এটা কাম কৰিলে সেই কামটো যদি এবাৰ কৰোতে সফল হ'ব নোৱাৰে, তেতিয়া বাৰে বাৰে চেষ্টা কৰিব লাগে। অবিৰত চেষ্টাৰ ফলত যে কামটোত এদিন সফল হ'বই, এইটোৱে জীৱনৰ সত্য।
৪। বাক্য সাজাঃ
- কাকতি-ফৰিঙঃ কাকতি-ফৰিঙে জাক পাতি আহি ধাননি খেতি নষ্ট কৰিলে।
- কণা-মুনাঃ মানুহ বয়সস্থ হৈ আহিলে কণা-মুনা অৱস্থা প্ৰায়ে হয়।
- ঘোৰতৰঃ দেশদ্ৰোহী লোকৰ অৱস্থা ঘোৰতৰ হয়।
- অস্ত্ৰ-শস্ত্ৰঃ অস্ত্ৰ-শস্ত্ৰ থাকিলেহে যুদ্ধত জয়ী হ'ব পাৰি।
- দেশহিতৈষীঃ দেশহিতৈষী লোক সদায় ৰাইজৰ মাজত সন্মানিত হয়।
- মান-অপমানঃ যিসকল লোক দেশদ্ৰোহী, তেওঁলোকে সদায় আনৰ পৰা মান-অপমান পায়।
- সুখ-দুখঃ সুখ-দুখ মানুহৰ জীৱনৰ অবিচ্ছেদ্য অংগ।
- দেশানুৰাগঃ আমাৰ সকলোৰে মাজত দেশানুৰাগ থকা অতি প্ৰয়োজনীয়।
- আকাল-বিকালঃ এসময়ত অসমৰ মানুহৰ ভাত-কাপোৰৰ আকাল-বিকাল হৈছিল।
Comments
No comments yet. Be the first!