জন সাহিত্য

This page provides complete solution for Class 8 Assamese Chapter 7 "জন সাহিত্য" of Shankardev Vidya Niketan. Here you will find summary, short questions, long questions, MCQs and important exam questions explained clearly.

All content is prepared according to the latest syllabus and designed to help students achieve high marks in exams.

Shankardev Vidya Niketan Class 8 Assamese Chapter 7 Answer 2026 | জন সাহিত্য | Lesson 7 | অধ্যায় ৭ | Class 8 Assamese Question Answer

ক্ৰিয়া কলাপ

১। তলৰ প্রশ্ন বােৰৰ চমু উত্তৰ দিয়া

(ক) জন সাহিত্য কাক বােলে?

উত্তৰঃ লোক সাহিত্য, সাধাৰণ লোক বা নিৰক্ষৰ জনৰ মুখ বাগৰি অহা সাহিত্য অৰ্থাৎ অলিখিত সাহিত্যকে জন সাহিত্য বােলে।

(খ) অসমীয়া জন সাহিত্যৰ সমলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ জনসাহিত্য হ'ল লোক সাহিত্য, সাধাৰণ লোক বা নিৰক্ষৰ জনৰ মুখ বাগৰি অহা সাহিত্য অৰ্থাত অলিখিত সাহিত্য। অসমীয়া জন সাহিত্যৰ সমলবোৰ হ'ল - ডাকবচন, সাধুকথা, বিহু গীত, মালিতা, ফুলকোঁৱৰৰ গীত, আইনাম, বিয়ানাম আদি। অসমৰ জন সাহিত্যই অসমৰ জনজাতিৰ পৰিচয় দাঙি ধৰে। জন সাহিত্য বুলিলে প্ৰধানকৈ গীত, নৃত্য আদিয়ে সেই ঠাইখনৰ লোকৰ জাতীয় পৰিচয় দাঙি ধৰে।

(গ) মালিতা কি?

উত্তৰঃ মালিতা হ'ল বনঘোষা ধৰ্মী একশ্ৰেণী দীঘলীয়া কাহিনী বা ঘটনা প্ৰধান লোকগীত।

(ঘ) অসমীয়াত ‘জন সাহিত্য’ শব্দটো কোনে প্রথমে ব্যৱহাৰ কৰিছিল বুলি ভবা হৈছে।

উত্তৰঃ অসমীয়াত ‘জন সাহিত্য’ শব্দটো শ্ৰীযুত ডিম্বেশ্বৰ নেওগে প্রথমে ব্যৱহাৰ কৰিছিল বুলি ভবা হৈছে।

(ঙ) বর্ষানৃত্য কি?

উত্তৰঃ বৰষুণৰ দৰকাৰ হ'লে গোটেই খেলটো লগ খায় দেওক পূজা কৰি যি নৃত্য কৰে তাকে বর্ষানৃত্য বোলে।

(চ) কবিতাৰ প্রধান লক্ষণ কি?

উত্তৰঃ কবিতাৰ প্রধান লক্ষণ হৈছে লয়।

(ছ) বনঘােষাক কিয় পথৰুৱা গীত বুলি কোৱা হয়?

উত্তৰঃ শীতকালৰ পাছত প্ৰকৃতি জগতখন কিদৰে সজীৱ হৈ উঠে আৰু তাৰ নৈসৰ্গিক চিত্ৰই গৰখীয়াৰ মনত বা পথৰুৱাৰ মনত কিদৰে উন্মাদনাৰ সৃষ্টি কৰে সেইকথা স্বতহস্ফূৰ্ত ভাৱে প্ৰকাশ পায় বাবে এই বনঘােষাক পথৰুৱা গীত বুলি কোৱা হয়।

২। অসমীয়া সমাজত প্ৰচলিত জনকৃষ্টিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ জনকৃষ্টিৰ সামূহিক প্ৰকাশেই হ'ল এটা জাতিৰ সংস্কৃতি। অসমীয়া সমাজত প্ৰচলিত জনকৃষ্টিসমূহ হ'ল - হুঁচৰি, লোকগীত, বৰ্ষানৃত্য, ফকৰা, বিয়ানাম, বিহুগীত, সাধুকথা, মালিতা আদি। অসমৰ জাতীয় উৎসৱ হ'ল বিহু। এই বিহু তিনি প্ৰকাৰৰ। তাৰে ভিতৰৰ এটা বিহু হ'ল বহাগ বিহু। বহাগ বিহুত গাঁৱৰ ল'ৰা-ছোৱালীবোৰ একলগ হৈ ঘৰে ঘৰে গৈ বিহু গায়, যাক হুচঁৰি গোৱা বুলি কোৱা হয়। অসমীয়া গাঁৱলীয়া জীৱনত প্ৰচলিত ওভতা নাইবা গুপুত অৰ্থ থকা পদবিলাকক ফকৰা বুলি কোৱা হয়। ইয়াক ভকত শ্ৰেণীৰ মানুহৰ মাজত বেছিকৈ প্ৰচলিত হোৱা দেখা যায়। অসমীয়া ফকৰা জনগীত, বৰগীত, চৰ্যাপদ আদিতো পোৱা যায়। মালিতা হ'ল বনঘোষা ধৰ্মী একশ্ৰেণী দীঘলীয়া কাহিনী বা ঘটনা প্ৰধান লোকগীত। বৰষুণৰ দৰককাৰ হ'লে গোটেই খেলটো লগ খায় দেওক পূজা কৰি যি নৃত্য কৰে তাকে বর্ষানৃত্য বোলে।

৩। নিচুকনি গীত আৰু ফুলকোৱঁৰৰ গীতৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ নিচুকনি গীত পৃথিৱীৰ সকলোবোৰ দেশ বা সকলোবোৰ সমাজতে প্ৰচলিত আছে। শিশুক টোপনি নিয়াবলৈ বা ক্ষন্তেকৰ বাবে ভুলাই ৰাখিবলৈ মাকহঁতে বা জ্যেষ্ঠ জনে গোৱা কল্পনা প্ৰসূত গীত বোৰেই হ'ল নিচুকনি গীত। এই শ্ৰেণীৰ গীতবোৰৰ লগত কোনো ধৰ্ম বা পূজা-অৰ্চনাৰ সম্পৰ্ক নাই। শিয়াল, ভেকুলী, সাপ, বাঘ, জোনবাই, কুকুৰ আদি হ'ল নিচুকনি গীতৰ বিষয়বস্তু।

ফুলকোঁৱৰৰ গীতবোৰ জনশ্ৰুতি মূলক। এক প্ৰকাৰৰ মালিতা বা আখ্যানমূলক গীত। ইংৰাজীত এনে ধৰণৰ গীতক 'বেলাড' বুলি কোৱা হয়। গ্ৰাম্য সৰল লোকৰ মনত আনন্দ দিয়াৰ বাবেই কল্পনাৰ ৰং সানি এনেবোৰ গীত মুখৰচক ভাৱে চলি আহিছিল। ফুলকোঁৱৰৰ গীতৰ সময় নিৰূপন কৰা কঠিন যদিও ওহোম ৰাজত্বৰ পৰিৱেশ পোৱা যায়। ফুলকোঁৱৰৰ গীতৰ সৈতে মণিকোঁৱৰৰ গীতৰ মিল আছে। শংকৰদেৱ ৰজাৰ পুতেক মণিকোঁৱৰে নৈত গা ধুই থকোতে জলকোঁৱৰে হৰণ কৰে। পিছত পত্নী কাচন কুঁৱৰীয়ে পুতেক ফুলকোঁৱৰক ককাকৰ তত্বাৱধানত ডাঙৰ কৰে। ফুলকোঁৱৰে ডাঙৰ হৈ কাঠৰ পখীঘোঁৰাত উঠি বাপেকক বিচাৰি যায় আৰু মালিনীৰ ফুলনিত নামি পৰে। পিছত ফুলকোঁৱৰে পাঁচতুলি কুঁৱৰীক ফুলৰ মালা উপহাৰ দি বন্দী অৱস্থাৰ পৰা পখীসহ ৰাজ্যলৈ উভতি আহে।

৪। অসমীয়া সমাজত প্ৰচলিত অন্ধবিশ্বাস সম্পর্কে উদাহৰণ সহ পাঠৰ আধাৰত লিখা।

উত্তৰঃ অসমীয়া সমাজত বৰ্তমান সময়তো অন্ধবিশ্বাসে ৰাজত্ব কৰি আছে। বৰ্তমানৰ এই আধুনিক সময়তো অসমৰ বহুতো পিছপৰা ঠাইত আধুনিকৰ প্ৰভাৱেই পৰা নাই। অসমৰ কাৰ্বি আংলং আদিৰ দৰে পিছপৰা ঠাইবোৰত আজিও ডাইনি সন্দেহত ভাল মানুহবোৰক অত্যাচাৰ কৰে আৰু শেষত গাঁৱৰ মানুহবোৰে মাৰি পেলায়। বহুতো ঠাইত এতিয়াও ভূত-প্ৰেত, আত্মা, আদিৰ ওপৰত বিশ্বাস কৰে। কিছুলোকে আকৌ নিজৰ ঘৰুৱা শত্ৰুতা পূৰণৰ বাবে নিজৰ স্বাৰ্থপূৰণৰ বাবে এই অন্ধবিশ্বাসৰ সুযোগ লোৱা দেখা যায়। আজিৰ সমাজতো মানুহে তেঙা গছৰ তলত ৰাতি ভূত, ডাইনি আদিয়ে বাস কৰে বুলি বিশ্বাস কৰে। মুঠৰ ওপৰত ক'বলৈ গ'লে বৰ্তমানৰ আধুনিক যুগতো আমাৰ অসমৰ প্ৰায়বোৰ গ্ৰাম্য অঞ্চল অন্ধবিশ্বাসত ডুব গৈ আছে। ৰাজা ৰামমোহন ৰায়ৰ দৰে সমাজ সেৱক সকলে আমাৰ সমাজৰ পৰা বহুতো অন্ধবিশ্বাস নাইকিয়া কৰিলেওঁ কিছুমান অন্ধবিশ্বাস আমাৰ সমাজৰ পৰা আজিও আঁতৰাব পৰা নাই। এই অন্ধবিশ্বাসসমূহ দূৰ কৰিব পাৰিলেহে অসমখন উন্নত ৰাজ্যত পৰিনত হ'ব।

৫। “আদিম যুগৰ মানুহে পৃথিৱীখন ভয় আৰু বিস্ময়ৰ চকুৰে চাবলগীয়া হৈছিল”—কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।

উত্তৰঃ আদিতে আমাৰ পৃথিৱীখনত বহুতো অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আৱৰি আছিল। সেইসময়ত পৃথিৱীৰ প্ৰায়বোৰ অঞ্চলত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰভাৱেই পৰা নাছিল। সেই সময়ত মানুহে পৃথিৱীখন এটা প্ৰকাণ্ড হাটীৰ পিঠিৰ ওপৰত উঠি থকা বুলি বিশ্বাস কৰিছিল আৰু সেই হাটীয়ে গা ল'ৰালে পৃথিৱীত ভূমিকম্প হয় বুলি বিশ্বাস কৰিছিল। সেই সময়ত পৃথিৱীত আগ্নেয়গিৰি উদগিৰণ, ভূমিকম্প, ভূমিস্খলন, বানপানীৰ দৰে সমস্যা অধিক পৰিমাণে সংঘটিত হৈছিল। এনে সমস্যা সৃষ্টি হোৱাৰ বাবে তেওঁলোকে ভাবিছিল যে ভগৱান তেওঁলোকৰ কাৰ্যত অসন্তুস্ত হৈ এনে অঘটন ঘটায় আছে। সেইসময়ত বলি দিয়াৰ প্ৰথা অধিক প্ৰচলন আছিল। আৰু তেওঁলোকে জীৱিত প্ৰাণীসমূহক দেৱ-দেৱতাক সন্তুস্ত কৰিবৰ বাবে বলি দিছিল। গিৰীয়েকৰ মৃত্যু হ'লে ঘৈনীয়েককো গিৰীয়েকক জ্বলোৱা চিতাটোত একেলগে জ্বলাই দিছিল, যাক সতীদাহ প্ৰথা বোলে। এইবোৰ প্ৰথা আৰু অন্ধবিশ্বাসৰ বাবেই “আদিম যুগৰ মানুহে পৃথিৱীখন ভয় আৰু বিস্ময়ৰ চকুৰে চাবলগীয়া হৈছিল”।

৬। অসমীয়া লােক বিশ্বাসত দেও-ভূতৰ প্ৰভাৱ সম্পর্কে লিখা।

উত্তৰঃ পৃথিৱীৰ অন্যান্য আদিম লোকসমাজে বিশ্বাস কৰি অহাৰ দৰে অসমৰ লোকসমাজতো ভূত-প্ৰেত সম্বন্ধীয় বিশ্বাস বহুলভাৱে প্ৰচাৰিত। নগৰীয়া অঞ্চলতকৈ গাৱলীয়া অঞ্চলতহে এই ধৰণৰ কথা অধিক প্ৰচলিত। অসমীয়া সমাজত প্ৰধানকৈ হিন্দু ধৰ্মৰ পৰম্পৰা বিৰাজমান। হিন্দু ধৰ্মত নানা সময়ত নানান দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰা হয়। তেওঁলোকে বিশ্বাস কৰে এই দেৱ-দেৱী সকলে স্বৰ্গত বাস কৰে। ইয়াৰে কিছুমান দেৱতাই নিম্নস্তৰ লাভ কৰি ভূত বা অপদেৱতাৰ স্থান পায়।

৮। ব্যাখ্যা কৰা

(ক) গাইগুটীয়া কামতকৈ সমূহীয়া কামত এই লয় বেছি নিয়মিত হয়, অর্থাৎ তাত বেমেজালি থাকে কম।

উত্তৰঃ ওপৰোক্ত কথাফাকি ড° প্রফুল্ল দত্ত গােস্বামীদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘জন – সাহিত্য’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। কথাফাকিৰ মাজেৰে লেখকে লয় সম্পর্কে আমাক এটি আভাস দিব বিচাৰিছে। কামৰ মাজে মাজে মানুহে যি বিৰাম অনুভৱ কৰে, সেই বিৰাম বােধ কৰিব পৰা গতি বা প্রবাহেই লয়। কাম আৰু পাৰিপাৰ্শ্বিকতা অনুসৰি লয়ৰ প্ৰভেদ আছে। গাই গুটিয়া কামত, যেনে— ধােৱা বা খৰিকটীয়াৰ কামত, এই লয় সিমান নিয়মীয়া নহয়। কিন্তু সামূহিক কামত লয় বেছি নিয়মীয়া হয়। আদিম মানুহে তেওঁলােকৰ যি কামনা তাক তেওঁলােকে মন্ত্র কৰি উত্তেজিত হৈ উচ্চাৰণ কৰিছিল আৰু উচ্চাৰণ কৰিছিল সমূহ ৰাইজে এটা লয় অনুসৰণ কৰি কিছুমান সময়ত এই মন্ত্ৰ এজন ওজা বামুখীয়াল মানুহে লগাই দিয়ে আৰু আনবিলাকে ধৰি যায়। ওজাপালি নৃত্যত ইয়াৰ চানেকি পােৱা যায়। ওজাজনে এটা নিয়মিত লয়ত পদ লগাই দিয়ে আৰু পালিবােৰে তাক অনুসৰণ কৰে। গাইগুটীয়া এইটো নহয়।

(খ) বুৰঞ্জী আৰু ভূগােলেও যদি কোনাে এক জাতিৰ মনৰ পৰিচয় দিবলৈ অসমর্থ হয়, তেনেহ'লে সেই পৰিচয় দিব পাৰে সেই জাতিৰ মাজত বৰ্তি থকা গীত - পদ সাধুবােৰেহে।

উত্তৰঃ ওপৰােক্ত বাক্যটি ড° প্রফুল্ল দত্ত গােস্বামীদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিৰ অর্ন্তগত ‘জন – সাহিত্য’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। জাতি এটাৰ লােক সমাজত প্ৰচলিত গীত – পদ – সাধুবােৰৰ গুৰুত্ব কিমান, তাকে লেখকে উক্ত বাক্যটিৰ জৰিয়তে প্ৰকাশ কৰিছে। বুৰঞ্জী আৰু ভূগােলৰ পৰা জাতি এটাৰ বিষয়ে বহু কথা জানিব পাৰি যদিও এইবােৰৰ এটা সীমাবদ্ধতা থাকে। এইবােৰে সামাজিক জীৱনৰ আটাইবােৰ দিশ সামৰি নলয়। সেয়েহে জাতি এটাৰ মনৰ পৰিচয় এইবােৰৰ জৰিয়তে পাব নােৱাৰি। কিন্তু জাতি এটাৰ লােকসমাজত প্রচলিত গীত – পদ সাধুবােৰৰ পৰা সেই পৰিচয় পাব পাৰে। গীত – পদ সাধুবােৰত এটা জাতিৰ লােক সমাজৰ আচাৰ – ব্যৱহাৰ, সংস্কাৰ কুসংস্কাৰ, চিন্তা – চৰ্চা, ধর্ম, মানসিকতা আদিৰ প্রতিফলন ঘটে। এইবােৰ সাধাৰণ লােকৰ অভিজ্ঞতা, ভাব – ধাৰা আৰু উপলব্ধিৰ স্বতঃস্ফূর্ত প্রকাশ। ইয়াত জটিল মানসিকতাৰ মেৰ-পাক নাই, মিছা কথাৰ মায়াজাল নাই। বাস্তৱতাৰ লগত কৰবাত কল্পনাৰ ৰহণ লাগিছে, কৰবাত অলৌকিতাৰ অলপ স্পর্শ আছে। গীত – পদ সাধুবােৰ জাতি এটাৰ তেজ – মঙহৰ লগত জড়িত। এইবােৰত পােৱা যায় জাতি এটা প্রাণস্পন্দন, যিটো বুৰঞ্জী আৰু ভূগােলত পােৱা নাযায়। সেয়েহে, গীত – পদ – সাধুবােৰত জাতি এটাৰ মনৰ পৰিচয় পােৱা যায়।

১০। চমুটোকা লিখাঃ—

(ক) ফকৰা

উত্তৰঃ অসমীয়া গাঁৱলীয়া জীৱনত প্ৰচলিত ওভতা নাইবা গুপুত অৰ্থ থকা পদবিলাকক ফকৰা বুলি কোৱা হয়। ইয়াক ভকত শ্ৰেণীৰ মানুহৰ মাজত বেছিকৈ প্ৰচলিত হোৱা দেখা যায়। অসমীয়া ফকৰা জনগীত, বৰগীত, চৰ্যাপদ আদিতো পোৱা যায়। ফকৰাবোৰৰ লক্ষণ চাই চন্দ্ৰধৰ বৰুৱাই কৈছে "যিবোৰ যোজনাত ভকতীয়া অৰ্থ আছে তাক ফকৰা বোলে।"

(খ) পটন্তৰ

উত্তৰঃ যোজনাবোৰ জাতীয় জীৱনৰ শৈশৱ কালৰ সৃষ্টি। নিৰক্ষৰ চহা লোকৰ মাজত যোজনা হ'ল সঞ্চিত অভিজ্ঞতা আৰু জ্ঞানৰ ভঁৰাল। অসমীয়া সমাজৰ মেলত কথাৰ মোৰ মাৰিবলৈ প্ৰায়ে যোজনা ব্যৱহাৰ কৰা হয়। আইন – বিচাৰ, খেতি-বাতি, বিয়া-বাৰু, স্ত্ৰী-পুৰুষ, ল'ৰা-ছোৱালী আদিৰ প্ৰসংগত প্ৰৱচন বা যোজনাৰ ব্যৱহাৰ দেখা যায়। ইজিপ্তত আজিৰ পৰা পাঁচ হাজাৰ বছৰ আগেয়ে যোজনাৰ ব্যৱহাৰ প্ৰমাণ পোৱা যায়। অসমীয়া সমাজতো অতি প্ৰাচীন কালৰে পৰা এনে যোজনা ব্যৱহাৰ হৈ আহিছে। নীতিমূলক ব্যংগ অৰ্থত ইয়াৰ বহুল প্ৰয়োগ হয়।

(গ) লােকগীত

উত্তৰঃ আমাৰ এনে কিছু সম্পদ আছে, য’ত ভাস্বৰ হৈ উঠে জাতিটোৰ সামগ্ৰিক ঐতিহ্য, জাতীয় জীৱনচৰ্যা। ইয়াৰে এটা পূৰঠ অংশ হ’ল লোক-গীত। অসমীয়া ভাষাৰ লোকগীতবোৰৰ এটা বিশেষত্ব আছে যে, এইবোৰক গীত নুবুলি "নাম" বোলা হয়। অসমীয়া লোকগীতসমূহৰ ভিতৰত আছে বিয়ানাম, আইনাম, গোসাঁয় নাম, ভেকুলিৰ বিয়া আদি।

(ঘ) হুচঁৰি

উত্তৰঃ অসমৰ জাতীয় উৎসৱ হ'ল বিহু। এই বিহু তিনি প্ৰকাৰৰ। তাৰে ভিতৰৰ এটা বিহু হ'ল বহাগ বিহু। বহাগ বিহুত গাঁৱৰ ল'ৰা-ছোৱালীবোৰ একলগ হৈ ঘৰে ঘৰে গৈ বিহু গায়, যাক হুচঁৰি গোৱা বুলি কোৱা হয়। তেওঁলোকে হুঁচৰি গায় শেষ হোৱাৰ সময়ত গৃহস্থক আশীৰ্বাদ দিয়ে।

(ঙ) বর্ষানৃত্য।

উত্তৰঃ বৰষুণৰ দৰকাৰ হ'লে গোটেই খেলটো লগ খায় দেওক পূজা কৰি যি নৃত্য কৰে তাকে বর্ষানৃত্য বোলে। এই নৃত্য ধৰালৈ বৰষুণ নমাবৰ বাবে কৰা হয়।

ভাষা বিচাৰ

২। তলৰ বাক্যবােৰৰ খালী ঠাইত বন্ধনীত থকা উপযুক্ত পদ বহুৱাই বাক্যবােৰ সম্পূৰ্ণ কৰাঃ-

  • (ক) অসমৰ মায়ং নামৰ ঠাইখন পুৰণি কালৰে পৰা তন্ত্র-মন্ত্র ৰ বাবে বিখ্যাত।
  • (খ) অসমীয়া সাহিত্যৰ বুৰঞ্জীত জন-সাহিত্য ৰ ভঁড়াল অতি চহকী।
  • (গ) জেতুকীবাইহঁতৰ ঘৰৰ পিছফালে এটা পাটনাদ পুৰণি আছে।
  • (ঘ) জোনালীয়ে দেও - ভূত ৰ সাধু শুনিবলৈ বৰ ভয় খায়।
  • (ঙ) দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ জনজাতি সমাজত বিভিন্ন পূজা-পাতাল কৰা হয়।

৫। তলৰ শব্দবোৰৰ একে অৰ্থ বুজোৱা আন শব্দ লিখা —

  • জন - লোক
  • গাওঁ - গঞাঁ
  • সংস্কৃতি - কৃষ্টি
  • বৰষুণ - বৰ্ষা
  • দেও - ভূত
  • শত্ৰু - অমিত্ৰ
  • টেটোন - টেঙৰ
  • আখ্যান - কাহিনী

৬। বাক্য সাজা—

  • তন্ত্ৰ-মন্ত্ৰঃ অসমৰ মায়ং নামৰ ঠাইখন পুৰণি কালৰে পৰা তন্ত্র-মন্ত্র ৰ বাবে বিখ্যাত।
  • গীত-পদঃ নামঘৰত পুৱা আৰু গধূলি গীত-পদ গোৱা হয়।
  • ভাব-চিন্তাঃ ভাষাৰ জৰিয়তে আমি মনৰ কথা ভাব-চিন্তা প্ৰকাশ কৰোঁ।
  • নৃত্য-গীতঃ ৰাখত সকলোৱে নৃত্য-গীত পৰিৱেশন কৰে।

Related Chapters

Explore more chapters of Class 8 Assamese .