লক্ষ্মীনাথ বেজবৰুৱা
ক্রিয়াকলাপঃ
১। অতি চমু উত্তৰ দিয়া—
ক) আমাৰ দেশৰ ভাষা সাহিত্যৰ ভঁৰাল কোনে ভৰালে বুলি কৈছে?
উত্তৰঃ আমাৰ দেশৰ ভাষা সাহিত্যৰ ভঁৰাল লক্ষ্মীনাথ বেজবৰুৱা ভৰালে বুলি কৈছে।
খ ) 'বুঢ়ী আইৰ সাধু' পুথিৰ ৰচয়িতা কোন?
উত্তৰঃ 'বুঢ়ী আইৰ সাধু' পুথিৰ ৰচয়িতা লক্ষ্মীনাথ বেজবৰুৱা।
গ ) অতুলচন্দ্ৰ হাজৰিকাৰ বিখ্যাত গ্রন্থখনৰ নাম কি?
উত্তৰঃ অতুলচন্দ্ৰ হাজৰিকাৰ বিখ্যাত গ্রন্থখনৰ নাম হ'ল অঙ্কীয়া নাটৰ সাধু।
ঘ ) কৃপাবৰ বৰুৱা কাৰ ছদ্মনাম?
উত্তৰঃ কৃপাবৰ বৰুৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম।
ঙ ) গদাপাণিয়ে নগাপাহাৰত লগ পােৱা পাহাৰীয়া ছােৱালীজনীৰ নাম কি আছিল?
উত্তৰঃ গদাপাণিয়ে নগাপাহাৰত লগ পােৱা পাহাৰীয়া ছােৱালীজনীৰ নাম ডালিমী আছিল।
চ ) 'কাহুদী খাৰলি’ কি?
উত্তৰঃ 'কাহুদী খাৰলি’ এবিধ চাটনি। কিন্তু জোনাকী আলোচনীত বেজবৰুৱাই লিখা 'কাহুদী খাৰলি’ শীৰ্ষক ৰচনাৰ কথা কোৱা হৈছে।
ছ ) গদাধৰ কোন আছিল?
উত্তৰঃ গদাধৰ সিংহ অসমৰ আহোম ৰাজবংশৰ স্বৰ্গদেউ আছিল।
জ) অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন?
উত্তৰঃ অসমৰ জাতীয় সংগীতটোৰ ৰচক লক্ষ্মীনাথ বেজবৰুৱা।
ঝ ) ডেকাধনি’ ৰ অর্থ কি?
উত্তৰঃ ডেকাধনি ৰ অর্থ হ'ল জৈৱন প্ৰাপ্ত হোৱা।
২। আমাৰ দেশৰ ভাষা সাহিত্যৰ ভঁৰাল কোনে কিদৰে ভৰালে বুলি কৈছে?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ভাষা সাহিত্যৰ ভঁৰাল ভৰালে। লক্ষ্মীনাথ বেজবৰুৱা হ'ল অসমীয়াৰ চুটিগল্পৰ জনক। চুটিগল্পৰ উপৰিও তেখেতে কবিতা, উপন্যাস, সাধু, তত্ত্বমূলক কথা, হাস্য, ৰচনা আদিৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ বিশেষ অৱদান আগবঢ়াই হৈ গৈছে। বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল'ৰা, কাহুদী খাৰলি আদি লিখি তেওঁ আমাৰ দেশৰ ভাষা সাহিত্যৰ ভঁৰাল ভৰালে।
৪। চমুটোকা লিখা—
ক) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৮৬৪ চনৰ ১৪ অক্টোবৰ তাৰিখে অসমৰ আঁহতগুৰি নামৰ অঞ্চলত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম ঠানেশ্বৰী দেৱী আছিল। বি.এ পাছ কৰাৰ ঠিক পাছতেই ১৮৯১ চনত কলিকতাৰ জোড়াসাঁকোৰ দেৱেন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰিৰ লগত লক্ষ্মীনাথৰ বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ চাৰি গৰাকী কন্যা সন্তান আছিল। ১৯৩৮ চনৰ মাৰ্চ মাহৰ ২৬ তাৰিখে ডিব্ৰুগড় চহৰত থকা জী-জোঁৱাইৰ ঘৰত বেজবৰুৱাৰ মৃত্যু হয়।
খ) গদাধৰ সিংহ
উত্তৰঃ ষোড়শ শতাব্দীত স্বৰ্গদেউ গদাধৰ সিংহৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোবৰকোঁৱৰ। গদাধৰ সিংহ অসমৰ আহোম ৰাজবংশৰ স্বৰ্গদেউ আছিল। তেওঁ আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ প্ৰতিষ্ঠা কৰে। গদাধৰ সিংহই শৰাইঘাটৰ যুদ্ধ জয় কৰাৰ পাছত আহোম সাম্ৰাজ্যৰ অস্থিৰতা দূৰ কৰি এখন সুস্থিৰ ৰাজ্য স্থাপনত সফল হৈছিল।
গ) চক্ৰধ্বজ সিংহ
উত্তৰঃ চক্ৰধ্বজ সিংহ আহোমৰ একবিংশতম স্বৰ্গদেউ আছিল। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত দুজন লোকে এজনৰ পাছত আনজনকৈ আহোম ৰাজ্যৰ বৰপাত্ৰগোঁহাই পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁলোক আছিল লাঙি আৰু ল্যাত্যাও। ১৬৬৯ ত চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।
ঘ) ডালিমী
উত্তৰঃ ডালিমী ৱাংচু ৰাজ্যৰ ৰাজকুমাৰী আৰু আহোমৰ স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী আছিল। আহোম ৰাজত্বৰ অন্যতম প্ৰতাপী ৰজা স্বৰ্গদেউ গদাধৰ সিংহই ৱাংচু ৰাজকন্যা নেফে ৱাংচাক বিয়া কৰাইছিল। পৰৱৰ্তী সময়ত নেফে ৱাংচা ডালিমী হিচাপে পৰিচিত হয়। ডালিমীৰ ইচ্ছা অনুসৰি তেওঁৰ মৃত্যুৰ পাছত মৃতদেহ পিতৃগৃহ কানুবাৰীত ঐতিহাসিক লাহদৈগড়ৰ কাষত আহোম পৰম্পৰা অনুসৰি মৈদাম দিয়া হয়। ডালিমী-গদাপাণিৰ প্ৰেম কাহিনী মানুহৰ মুখে মুখে প্ৰচলিত। কিছুমানে ইয়াক কাল্পনিক কাহিনী বুলিও অভিহিত কৰে।
ঙ) কৃপাবৰ বৰুৱা
উত্তৰঃ কৃপাবৰ বৰুৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্ম নাম। কৃপাবৰ বৰুৱা নামেৰে লক্ষ্মীনাথ বেজবৰুৱাই প্ৰধানকৈ জোনাকী, বাহী আৰু উষা আলোচনীত বহুতো ৰচনা প্ৰকাশ কৰিছিল। কৃপাবৰ বৰুৱাৰ এই ৰচনাবোৰত ৰাজনৈতিক, সামাজিক আদি নানা বিষয়ে স্থান পাইছে।
৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—
ক) জুনুকা বজাই ৰুজুন বজাই
অকণিৰ আনিলে টোপনি
মহাপুৰুষৰ ঘােষা-কীৰ্তনৰ তুলি
তুলি দিলে ললিত ৰাগিণী।
উত্তৰঃ ওপৰোক্ত কবিতাফাঁকি অতুল চন্দ্ৰ হাজৰিকাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘লক্ষ্মীনাথ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। শিশু সাহিত্য আৰু মহাপুৰুষ দুজনাৰ বিষয়ে পুথি ৰচনা কৰি লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমীয়া ভাষা – সাহিত্যলৈ যি বৰঙণি আগবঢ়াই থৈ গৈছে, তাকে কবিয়ে উক্ত কবিতা ফাঁকিৰ জৰিয়তে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। পৃথিৱীৰ সকলাে শিশুৱে সাধু শুনি ভাল পায়। ককা – আইতাক, মাক – দেউতাক বা আন কোনাে জ্যেষ্ঠজনে শিশুক সাধুকথা ক’লে শিশুৱে অতি আগ্ৰহেৰে শুনে আৰু সাধু শুনি শুনিয়ে কেতিয়াবা টোপনি যায়। বেজবৰুৱাদেৱে ‘জুনুকা’, ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতিল’ৰাৰ দৰে সাধুৰ পুথি ৰচনা কৰি অসমীয়া শিশু – সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে। বেজবৰুৱাৰ এই কালজয়ী সাধুবােৰ আজিও অসমত বহুলভাৱে প্ৰচলিত হৈ আছে। বেজবৰুৱা দেৱে অসমীৰ জাতীয় জীৱনত প্ৰভাৱ বিস্তাৰ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ওপৰতো পুথি ৰচনা কৰিছিল। এই পুথিৰ জৰিয়তে বেজবৰুৱাদেৱে মহাপুৰুষ দুজনাৰ ‘ঘােষা-কীৰ্তন’, ‘গীত – পদ’ আদি ৰচনা সমূহক অসমবাসীক নতুনকৈ চিনাকি কৰাই দিছে। মহাপুৰুষ দুজনাৰ বিষয়ে আগতে আন লেখকে বেজবৰুৱাৰ দৰে লিখা চকুত নপৰে। সেয়েহে, কবিয়ে লক্ষ্মীনাথ বেজবৰুৱাই গােটেই অসমজুৰি ঘােষা-কীৰ্তনৰ ললিত ৰাগিণী তােলা বুলি তেওঁৰ প্রশস্তি গাইছে।
খ) ‘জাতীয় গীত’ৰ সুৰীয়া মাতত
ধন্য হ’ল আপােনাৰ দেশ
বীণা ভাগি গ’ল অমিয় ঝংকাৰ
আজিও যে ৰ’ল অৱশেষ।
উত্তৰঃ ওপৰোক্ত কবিতাফাঁকি অতুল চন্দ্র হাজৰিকাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘লক্ষ্মীনাথ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। অমূল্য ৰচনাৰাজিৰে অসমীয়া ভাষা – সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ যােৱা লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিৰ ঝংকাৰ অসমীয়া মানুহৰ হৃদয়ত যে চিৰযুগমীয়া হৈ বাজি থাকিব তাকে কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে। অসমৰ জাতীয় সংগীত ‘অ’ মােৰ আপােনাৰ দেশ’ বেজবৰুৱাৰ অনুপম সৃষ্টি আৰু অসমীয়া জাতিৰ যাউতীযুগীয়া মৌ কেহ। সুৰীয়া, শ্রুতিমধুৰ এই গীতটি অসমীয়াৰ বুকুৰ আপােন। গীতটি গালে বা শুনিলে প্রতিজন অসমীয়াৰ বুকু আবেগত উথলি উঠে, অসমী আইৰ প্রতি শ্রদ্ধা – ভক্তিত মূৰ দো খাই যায়। এইহেন গীতৰ স্রষ্টা— বেজবৰুৱাদেৱ কায়িকভাবে আজি আমাৰ মাজত নাই। কিন্তু বীণ ভাগি গলেও তাৰ অমিয়া ঝংকাৰ ৰৈ যােৱাৰ দৰে বেজবৰুৱা নাথাকিলেও অসমীয়াৰ মন মন্দিৰৰ স্মৃতি ফলকত তেওঁৰ নাম স্বর্ণাক্ষৰেৰে অংকিত হৈ ৰৈ গৈছে। অসমীয়া জাতি, অসমীয়া ভাষা – সাহিত্যৰ কথা ওলালেই অসমীয়াৰ বুকুৰ মাজত যেন গুণ গুণকৈ বাজি উঠে লক্ষ্মীনাথ বেজবৰুৱাৰ নাম।
৬। লক্ষ্মীনাথ’ কবিতাটিৰ মাজেৰে কবিৰ জাতীয়তাবাদ কিদৰে প্ৰকাশ পাইছে?
উত্তৰঃ কবি অতুল চন্দ্ৰ হাজৰিকাৰ ‘লক্ষ্মীনাথ’ এটি প্ৰশস্তিমূলক কবিতা। কবিতাটোৰ মাজেৰে লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ বিষয়ে গুণানুকীৰ্তন কৰা হৈছে। লক্ষ্মীনাথ বেজবৰুৱা আছিল হাড়ে হিমজুৰে জাতীয়তাবাদ সম্পন্ন ব্যক্তি। কবিতাটিত অসমীয়া জাতীয় জীৱনত প্ৰভাৱ বিস্তাৰ কৰা মহাপুৰুষৰ ঘোষা-কীৰ্তন কৰা হৈছে, গদাধৰ, চক্ৰধ্বজ, শৰাইঘাটৰ ৰণৰ বিষয়ে উল্লেখ আছে। এইবোৰৰ মাজেৰেই কবিৰ জাতীয়তাবাদ প্ৰকাশ পাইছে।
৭। অতুলচন্দ্ৰ হাজৰিকাদেৱৰ সাহিত্য কৃতিৰ বিষয়ে লিখা।
উত্তৰঃ অতুলচন্দ্ৰ হাজৰিকাদেৱে প্ৰায় চাৰি কুৰিৰো অধিক পুথি ৰচনা কৰিছিল। অতুলচন্দ্ৰ হাজৰিকাদেৱৰ সাহিত্য কৃতিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল -
কবিতা - দিপালী, তপোবন, মুকুতামালা, মণিমালা আদি।
নাটক - কুৰুক্ষেত্ৰ, নৰকাসুৰ, পানীজথ, তীকেন্দ্ৰজীত, শকুন্তলা আদি।
শিশু সাহিত্য - কথা কীৰ্তন, কথা দশম, ল'ৰাৰ জাতক, গ্ৰীমচৰ সাধু আদি।
ভাষা-বিচাৰ
১। সন্ধি ভাঙা—
- আশীৰ্বাদ - আশীঃ + বাদ
- তৃষ্ণাতুৰ - তৃষ্ণা + আতুৰ
- সুৰীয়া - সুৰ + ঈয়া
- দীপ্তিমান - দীপ্তি + মান
- ক্ষুধাতুৰ - ক্ষুধা + আতুৰ
- পৰিষ্কাৰ - পৰি + কাৰ
২। ব্যাসবাক্য লিখি সমাসৰ নাম লিখা—
- লক্ষ্মীনাথ - লক্ষ্মীৰ নাথ (ষষ্ঠী তৎপুৰুষ)
- মহাপুৰুষ - মহান যি পুৰুষ (কৰ্মধাৰয়)
- কীৰ্তনঘোষা - কীৰ্তন আৰু ঘোষা (ইতৰেতৰ দ্বন্দ্ব)
- কাহুদী-খাৰলি - কাহুদী আৰু খাৰলি (ইতৰেতৰ দ্বন্দ্ব)
- চক্ৰধ্বজ - চক্ৰ আছে ধ্বজত যাৰ (বহুব্ৰীহি)
- গদাধৰ - গদা ধৰে যি (উপপদ তৎপুৰুষ)
৩। প্রত্যয় নির্ণয় কৰা—
- ৰাগিনী - ৰাগ + অনী
- ৰূপহী - ৰূপহ + ঈ
- চেনেহী - চেনেহ + ঈ
- ডাঙৰীয়া - ডাঙৰ + অৰীয়া
- গজপুৰীয়া - গজপুৰ + ঈয়া
- জাতীয় - জাতি + ঈয়
Comments
No comments yet. Be the first!