বৰ লোকৰ চৰিত্ৰ অধ্যয়ন
প্ৰশ্নাৱলীঃ
- উদগতি = উন্নতি, শ্ৰীবিদ্ধি।
- সুগম = কষ্ট নোহোৱাকৈ গতি কৰিবৰ যোগ্য, সুখেৰে যাব পৰা।
- অধোগতি = তললৈ বা নৰকলৈ গমন।
- বিঘিনি = বাধা, আপদ, সংকট।
- বিভূতি = ঐশ্বৰিক শক্তি, কল্যাণ, বৈভৱ, ঐশ্বৰ্য।
- আৰ্জি = ঘটা, আহৰিত, সেগৃহীত, আৰ্জন কৰা।
- ঐশ্বৰ্য = ঈশ্বৰৰ গুণ, বিপুল ধন-সম্পত্তি।
- দুষ্কৰ = কৰিবলৈ টান, দুঃসাধ্য।
- উজু = সহজ, ঢিলা, অনায়সে কৰিব বা বুজিব পৰা।
- অথিৰ = চঞ্চল, অস্থিৰ, অনিষশ্চয়।
- দৃষ্টান্ত = উদাহৰণ, আৰ্হি।
- অভিলাষ = ইচ্ছা, বাঞ্চা, আশা।
- বিদগ্ধ = পাৰ্গত, বৰ নিপুণ।
- অবিদিত = অজ্ঞাত, নজনা, অপ্ৰকাশিত।
- আৰ্চি = দাপোণ, মুখ চোৱা আয়ানা।
- বোৱনী = তাঁত বোৱা তিৰোতা বা মহিলা।
- হালোৱা = হাল বোৱা লোক, খেতিয়ক।
ক্ৰিয়া-কলাপঃ
১। চমু উত্তৰ দিয়াঃ
(ক) কেনে পুথি পঢ়ি সুগম পথ পােৱা যায়?
উত্তৰঃ বৰলোকৰ চৰিত্ৰ পুথি পঢ়িলে সুগম পথ পোৱা যায়।
(খ) উদগতি কৰিবলৈ আদিতে মানুহক কি লাগে?
উত্তৰঃ উদগতি কৰিবলৈ আদিতে মানুহক এটা সুগম পথ লাগে।
(গ) লেখকে উদগতিৰ নিমিত্তে কেনে পুৰুষক ধন্য বুলি কৈছে?
উত্তৰঃ লেখকে উদগতিৰ নিমিত্তে নিজৰ বাউসিৰ বলেৰে যি ডাঙৰ হয় সেই পুৰুষকে ধন্য় বুলি কৈছে।
(ঘ) উদগতি পথৰ নতুন যাত্রীক লেখকে কি উপদেশ দিছে?
উত্তৰঃ উদগতিৰ পথৰ নতুন যাত্ৰীয়ে বৰ লোকৰ জীৱন-চৰিত্ৰ পাঠ কৰি তাৰ উপযুক্ত বাট বিচাৰি ল'ব পাৰি। কেইবাজন মানুহৰ চৰিত্ৰ পাঠ কৰিলে কেইবাটাও বাটৰ ভূ-পোৱা যায়, এই বাটবোৰৰ ভিতৰত যিটো সুচল বোধ হয় তাকে যাত্ৰীয়ে লোৱা উচিত।
(ঙ) উদগতি পথৰ চেষ্টাৰ এটা দৃষ্টান্ত দাঙি ধৰা।
উত্তৰঃ উদগতিৰ সুগম পথ বিচাৰি উলিয়াবলৈ বৰ টান।
(চ) কি গুণৰ বলত ডাঙৰ মানুহ হ'ব পাৰি?
উত্তৰঃ বুদ্ধিৰ বলত বা চতুৰালিৰ গুণৰ বলত ডাঙৰ মানুহ হ'ব পাৰি।
(ছ) উতি কৰি ডাঙৰ হ’বলৈ ইচ্ছা কেনেদৰে জন্মে?
উত্তৰঃ নাটকৰ নায়কৰ পুৰুষালি দেখি, পঢ়োঁতাৰ মন উতলা হয়, আৰু তেনেকুৱা পুৰুষালি লাভ কৰিবলৈ ইচ্ছা জন্মে। উদগতি কৰা মানুহৰ চৰিত্ৰ পঢ়িলেও সেইদৰে উদগগতি কৰি ডাঙৰ হবলৈ ইচ্ছা জন্মে।
(জ) বুৰঞ্জীত কি থাকে বুলি লেখকে কৈছে?
উত্তৰঃ বুৰঞ্জীত এটা জাতিৰ কাৰ্যকলাপ আৰু সিহঁতৰ উদগতি-অদোগতিৰ বিৱৰণ মাথোন থাকে।
(ঝ) কিহৰ পৰা মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি?
উত্তৰঃ সৰু সৰি কামৰ পৰাহে মানুহৰ স্বভাৱ লক্ষ্য় কৰিব পাৰি।
২। লেখকে উদগতিৰ বাট ভিন ভিন বুলি কিয় কৈছে বুজাই লিখা।
উত্তৰঃ উদগতিৰ সুগম পথ বিচাৰি উলিয়াবলৈ বৰ টান। উদগতিৰ চেষ্টা নকৰা মানুহ পৃথিৱীত নাই, তেওঁ সৰহভাগ মানুহৰ দুৰ্গতি-দুৰৱস্থাহে দেখা যায়। ইয়াৰ কাৰণ এই যে উদগতি কৰিবলৈ সকলোৱে ভাল পথ বিচাৰি উলিয়াব নোৱাৰে।
৩। সংসাৰ যাত্ৰাত উতি কৰিবলৈ বৰ লােকৰ চৰিত্ৰ অধ্যয়ন কিয় প্রয়ােজন? পাঠৰ আধাৰত বহলাই লিখা।
উত্তৰঃ সংসাৰ যাত্ৰাত উদগতি কৰিবলৈ বৰ লােকৰ চৰিত্ৰ অধ্যয়ন কৰিব লগাৰ কিছুমান কাৰণ আছে । এই পৃথিৱীত উতিৰ বহু পথ যিদৰে আছে , সেইদৰে অধােগৰি । পথে বহু আছে । কোনটো উতিৰ পথ , কোনটো অধােগতিৰ পথ বাছি উলিওৱাটো কঠিন । অধােগতিৰ পথকে বহুতে উদ্গতিৰ পথ বুলি ভুল কৰে । আনকি উগ্নতিৰ আচল বাটেৰে আগবঢ়া জনকো আদ বাটতে নানা বিঘিনিয়ে হাবু – ডাবু খুৱায় । কিন্তু বৰলােকৰ চৰিত্র অধ্যয়ন কৰিলে উদ্গতি লাভ কৰিব পৰা যায় । কাৰণ তাত উদ্গতিৰ পথ আৰু তাৰ বিঘিনি তৰিবৰ উপায় , দুয়ােকে পােৱা যায় । মানুহৰ স্বভাৱ – চৰিত্ৰ আৰু অৱস্থা অনুসৰি উতিৰ বাটো ভিন ভিন হয় কেইবাজনাে মানুহৰ চৰিত্র অধ্যয়ন কৰিলে কেইবাটাও বাটৰ সন্ধান পােৱা যায় আৰু নিজৰ স্বভাৱ চৰিত্ৰ আৰু অৱস্থা অনুযায়ী যাৰ যিটো বাট সুগম বুলি বােধ হয় উদগতি কৰিব খােজা মানুহে সেই বাটটোকে বাছি ল’ব পাৰে । সকলােকামতে আদিতে মানুহক এজন শিক্ষক প্রয়ােজন।উদগতিপথত সুকলমে । চলিবলৈও মানুহৰ সদায় এজন ভাল প্রশিক্ষক প্রয়ােজন।বৰ লােৰ জীৱন চৰিত্ৰ । অধ্যয়ন কৰিলে তেনেকুৱা শিক্ষক পােৱা যায় ; যাৰ চৰিত্র অধ্যয়ন কৰা যায় তেওঁ শিক্ষকৰ নিচিনা হয় আৰু তেওঁৰ কার্যবিলাক উপদেশৰ নিচিনা হয় ।মানুহৰ ওপৰত দৃষ্টান্তৰ অদ্ভুত ক্ষমতা । আনৰ মহতালি দেখিলে , দেখােতাৰ মনত তেনে মহৎ হ’বলৈ ইচ্ছা জন্মে । বৰলােকৰ চৰিত্ৰ উদ্গতি চেষ্টাৰ এটা দৃষ্টান্ত । তাক পঢ়িলে তেনেকুৱা উদগতি কৰি ডাঙৰ হ’বলৈ ইচ্ছা জন্মে । উদ্গতি পথৰ প্রত্যেক যাত্রীয়ে মনত এটা ডাঙৰ আৰ্হি থিৰ কৰি লােৱা উচিত । বৰ লােকৰ চৰিত্র পাঠ কৰি মানুহে তেনেকুৱা আৰ্হি থিৰ কৰি ল’ব পাৰে । ওপৰৰ কথাবােৰ ফঁহিয়াই চালে বুজিব পাৰি লেখকে কোৱাৰ দৰে সংসাৰ যাত্ৰাত উতি কৰিবলৈ হ’লে সঁচাকৈয়ে বৰ লােকৰ চৰিত্র অধ্যয়নৰ প্রয়ােজন ।
৪। “একে উচালে কোনেও জগতত উদগতিৰ ওখ টিঙত উঠিব নােৱাৰে”-কথাষাৰ বুজাই লিখা।
উত্তৰঃ যে "কোনেও একে বাৰতে উদগতিৰ পথত চলিব নোৱাৰে। কাৰণ উদগতিৰ পথত বহু বাধা বিঘিনি আহে আৰু উদগতিৰ পথত চলাতো সহজ নহয়"।
৫। উদগতিৰ সুগম পথ কেনে হােৱা উচিত?
উত্তৰঃ উদ্গতিৰ পথ ভিন ভিন হয় । একেটা পথেৰে সকলােৱে উদ্গতি কৰিব নােৱাৰে আৰু সকলাে পথ সকলােৰে বাবে সুগম নহয় । যাৰ পক্ষে যিটো পথ সুগম , তেওঁ সেই পথ লােৱা উচিত । কিন্তু এই সুগম পথটো বিছাৰি উলিওৱাটো কঠিন । উদ্গতি বিচৰা মানুহে বৰ লােকৰ জীৱন – চৰিত্র পাঠ কৰি তেওঁৰ উপযুক্ত পথ বাছি ল’ব পাৰে । কেইবাজনাে মানুহৰ চৰিত্র পাঠ কৰিলে , কেইবাটাও পথৰ ভু – পােৱা যায় । এইবােৰৰ মাজৰ পৰা তেওঁ বিচৰা উদ্গতিৰ সুগম পথ বুলি বােধ কৰা যিকোনাে পথ বাছি ল’ব পাৰে। কিন্তু এই পথটো তেওঁৰ স্বভাৱ – চৰিত্ৰ আৰু অৱস্থাৰ লগত খাপ খােৱা বিধৰ হােৱা উচিত ।
৬। পাঠৰ আধাৰত বুৰঞ্জী আৰু চৰিত্ৰ পুথিৰ পার্থক্য লিখা।
উত্তৰঃ চৰিত পুথিত এজন মানুহৰ জীৱনৰ সমস্ত কাহিনী , যেনে— শােৱন খাৱনৰ ৰীতি – নীতি , আলাপ- অভ্যর্থনাৰ নিয়ম – প্রণালী আদি সৰু সৰু কথা বােৰৰ বিৱৰণ থাকে । আনহাতে বুৰঞ্জীৰ পৰা ইমানখিনি সূক্ষ্ম বিৱৰণ পাব নােৱাৰি । বুৰঞ্জীত এটা জাতিৰ কার্যকলাপ আৰু সিহঁতৰ উদ্গতি – অধোগতিৰ বিৱৰণহে মাথােন থাকে , কোনাে এজন বিশেষ মানুহৰ জীৱনীৰ বিস্তাৰিত বিৱৰণ নাথাকে ।
৭। উৰ্গতিৰ বাঞ্ছা কেনে হ'ব লাগে?
উত্তৰঃ উদ্গতিৰ বাঞ্ছা থিৰ , নিশ্চিত আৰু বলীয়া হাতীৰ নিচিনা উদণ্ড হ’ব লাগে ।
৮। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা-
(ক) এইবােৰ বিঘিনি পাৰ হৈ উদগতিৰ মােহন মন্দিৰত প্ৰৱেশ কৰা বৰ টান কাম।
উত্তৰঃ উক্ত বাক্যটি সত্যনাথ বৰাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘বৰ লােকৰ চৰিত্র অধ্যয়ন ’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । বিনা আয়াসত , কোনাে অসুবিধাৰ সন্মুখীন নােহােৱাকৈ সহজতে উগ্নতি লাভ কৰাটো যে বৰ কঠিন , উক্ত বাক্যটিৰ জৰিয়তে লেখকে তাকেই কৈছে । সকলাে মানুহে জীৱনত উতি কৰিব বিচাৰে । উদ্গতি কৰিবলৈ হ’লে এটা সুগম পথৰ প্রয়ােজন। কিন্তু উদ্গতিৰ সুগম পথ বিচাৰি উলিওৱাটো সহজসাধ্য কাম নহয় । উদ্গতিৰ পথৰ দৰে অধোগতিৰো বহু পথ আছে । বহুতে অধােগতিৰ পথকে উদ্গতিৰ পথ বুলি ভাবি সেইপথেৰে আগবাঢ়ি হাবু – ডাবু খাবলগীয়া হয় । আনহাতে উদ্গতিৰ আচল পথেৰে আগবঢ়া জনেও বাটত বহুতাে উজুটি খাবলগীয়া হয় । কাৰণ বহুতাে বাধা বিঘিনিয়ে তেওঁক আগচি ধৰেহি । নিজৰ বুদ্ধি বা চতুৰালিৰ বলত সেই বাধা – বিঘিনি অতিক্রমি গলেও আন কিছুমান বাধা বিঘিনিয়ে আহি তেওঁক আগচি ধৰে । মুঠতে বাধা বিঘিনি নােহােৱাকৈ উতিৰ চৰম শিখৰত কোনেও ভৰি থ’ব নােৱাৰে ।
(খ) এই নিমিত্তে সকলাে কামত আদিতে এজন শিক্ষকৰ প্রয়ােজন।
উত্তৰঃ উক্ত বাক্যটি সত্যনাথ বৰাদেৱে ৰচনা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘বৰ লােকৰ চৰিত্ৰ অধ্যয়ন’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । মানুহৰ জীৱনত শিক্ষকৰ প্রয়ােজনীয়তা সম্পর্কত লেখকে উক্ত কথাষাৰ কৈছে । সকলাে কাম আৰম্ভণিতে কঠিন যেন অনুভৱ হয় ; কিন্তু কোনাে অভিজ্ঞ ব্যক্তিয়ে যদি সমুখত থাকি হাতে – কামে শিকাই দিয়ে , তেনেহলে কামটো কৰাত সহজ হয়। এই কাৰণে সকলাে কামত আদিতে এজন শিক্ষকৰ প্রয়ােজন হয় । শিক্ষকে শিকাই দিয়ামতে কাম কৰিলে কামবােৰ কৰাত উজু হােৱাৰ লগতে কামবােৰ নিখুঁট হয় । ভাত ৰন্ধা , কাপােৰ বােৱা , হালবােৱাৰ নিচিনা অনুৰূপীয়া কামবােৰ মানুহে আনৰ পৰা শিকিহি কৰে । গতিকে , কঠিন কামৰ কাৰণে শিক্ষকৰ প্রয়ােজন যে আছে তাক নকলেও বুজিব পৰা যায় । বিশেষকৈ উদ্গতি কৰিব বিচৰা মানুহৰ ক্ষেত্ৰত আদিতে সদায়ে এজন শিক্ষকৰ প্রয়ােজন ।
(গ) ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায়।
উত্তৰঃ উক্ত বাক্যটি সত্যনাথ বৰাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘বৰ লােকৰ চৰিত্ৰ অধ্যয়ন’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । উদ্গতি কৰিব বিচৰা মানুহে কেনে আৰ্হি লােৱা প্রয়ােজন , তাক লেখকে উক্ত বাক্যটিৰ জৰিয়তে কৈছে । জীৱনৰ যাত্ৰা পথত মানুহে সদায় এটা ডাঙৰ আৰ্হি থিৰ কৰি ল’ব লাগে।ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায় । ডাঙৰ আৰ্হি নেদেখা মানুহে সৰু বস্তু বা পদকে বহুত ডাঙৰ যেন দেখে । সেইদৰে নিধনী দেশত হেজাৰ টকাৰ গৰাকীজনেই অতুল ধনী আৰু মুখদেশত আখৰ চিনিব পৰাজনেই মহা পণ্ডিত । মানুহে কথাতে কয় — গছ নােহােৱা দেশত এৰাই বৰ গছ । কিন্তু যি বিদগ্ধ পণ্ডিত আৰু প্ৰৱল ধনী দেখিছে , তেওঁৰ মন স্বাভাৱিকতে ডাঙৰ হয় আৰু ডাঙৰ পদৰ প্রতি তেওঁৰ অভিলাষ জন্মে । সেয়েহে উদ্গতি পথৰ যাত্ৰীয়ে সদায় সমুখত ডাঙৰ আৰ্হি থিৰ কৰি লােৱা উচিত।
৯। পুথি এখন পঢ়িবলৈ নির্বাচন কৰা ক্ষেত্ৰত কি কি কথা লক্ষ্য কৰা উচিত আৰু ভাল পুথি এখনে তােমাক কেনেদৰে সহায় কৰিব পাৰে বুলি তুমি ভাবা?
উত্তৰঃ পুথি এখন পঢ়িবলৈ নির্বাচন কৰােতে প্রথমে পুথিখনৰ লেখজনক লক্ষ্য কৰিব লাগে । দ্বিতীয়তে , নিজৰ কামত অহা বা নিজৰ প্ৰয়ােজনীয় বিষয় থকা পুথিহে নির্বাচন কৰিব লাগে । তৃতীয়তে , পুথিখনৰ ভাষা , ৰচনাশৈলী আদি লক্ষ্য কৰিব লাগে । কাৰণ দুর্বোধ্য ভাষা , জটিল ৰচনা শৈলীয়ে পুথি এখন বুজি পােৱাৰ ক্ষেত্ৰত বহু সময়ত পাঠকক অসুবিধাত পেলায় । ভাল পুথি এখনে আমাক বহু ধৰণে সহায় কৰিব পাৰে । ই আমাক জ্ঞানৰ দুৱাৰ মুকলি কৰি দিয়ে । ভৱিষ্যৎ দিক দৰ্শন কৰাব পাৰে । ভূগি থকা সমস্যা এটাৰ সমাধানৰ পথ দিব পাৰে । মানসিক শান্তি দিব পাৰে আৰু জীৱন যুদ্ধত আগুৱাই যােৱাৰ ক্ষেত্ৰত উৎসাহ – প্ৰেৰণা যােগাব পাৰে । এনেধৰণে ভাল কিতাপ এখনে আমাক বহু দিশত সহায় কৰিব পাৰে ।
১০। খালী ঠাই পূৰ কৰা-
- (ক) ঐশ্বৰ্য-বিভূতি উদগতিৰ এটা অংগ মাথোন।
- (খ) উদগতিৰ পথত সুকলমে চলিবলৈ সদায় এজন ভাল শিক্ষকৰ প্ৰয়োজন হয়।
- (গ) বৰ লোকৰ চৰিত্ৰ উদগতি চেষ্টাৰ এটা দৃষ্টান্ত।
- (ঘ) উদগতি পথৰ প্ৰত্যেক যাত্ৰীয়েই তাৰ মনত এটা ডাঙৰ আৰ্হি থিৰ কৰি লোৱা উচিত।
- (ঙ) চৰিত্ৰ পুথিত এজন মানুহৰ জীৱনী বহলাই বৰ্ণোৱা হয়।
ভাষা বিচাৰঃ
১। বিপৰীত শব্দ লিখা-
- সুগম – দুর্গম
- উদ্গতি – অধােগতি
- চতুৰ – অজলা , ভােদা
- সুচল – অচল
- সূক্ষ্ম – স্থূল
- সন্তুষ্ট – অসন্তুষ্ট
- নিধনী – ধনী
২। সমাৰ্থক শব্দ লিখা-
- বাঞ্ছা = ইচ্ছা
- উজু = মুসলমানদেৱ নামাজেৱ পূৰ্ৱে অঙ্গ প্ৰক্ষালণ
- বিদগ্ধ = নিপুন
- উন্নতি = উচ্চতা
৩। সন্ধি ভাঙা-
- উদগতিঃ উদ + অগতি
- অধোগতিঃ অধ + ওগতি
- সচ্চৰিত্ৰঃ সচ + চৰিত্ৰ
- পুৰুষাৰ্থঃ পুৰ + উষাৰ্থ
- দুৰৱস্থাঃ দুৰ + অৱস্থা
৪। বাক্য সাজা-
- ওখ টিংঃ একে উচালে কোনেও জগতত উদগতিৰ ওখ টিঙত উঠিব নোৱাৰে।
- সুগমঃ উদগতি কৰিবলৈ মানুহক আদিতে এটা সুগম পথ লাগে।
- দুষ্কৰঃ সকলো কাম আদিতে দুষ্কৰ যেন লাগে।
- থকা-খুন্দাঃ পূৰ্ণ উদগতি বহুত পুৰুষাৰ্থ কৰি, আৰু বহুত থকা-খুন্দা খাইহে লাভ কৰিব পাৰি।
- ঐশ্বৰ্য-বিভূতিঃ ঐশ্বৰ্য-বিভূতি উদগতিৰ এটা অংগ মাথোন।
- ভূ-পোৱাঃ কেইবাজন মানুহৰ চৰিত্ৰ পাঠ কৰিলে কেইবাটাও বাটৰ ভূ-পোৱা যায়।
- আদবাটঃ তেওঁ মৰিগাওঁ বুলি ৰাতিপুৱাই ওলাই গৈ গা বেয়া লগাত আদবাটৰ পৰা ঘূৰি আহিছে।
- শোৱন-খাৱনঃ পৰীক্ষা আহিছে বাবে সি এতিয়া শােৱন – খাৱন এৰি পঢ়াত লাগিছে।
Comments
No comments yet. Be the first!