বিশ্ব-ভাৱনা
১) অতি চমু উত্তৰ দিয়া
(ক) বিশ্ব-ভাৱনা কবিতাটোৰ কবি কোন?
উত্তৰঃ বিশ্ব-ভাৱনা কবিতাটোৰ কবি হ’ল দুর্গেশ্বৰ শৰ্মা।
(খ) আমি কাৰ সুৰত নাচিব লাগিছাে?
উত্তৰঃ আমি আমাৰ জীৱন নাটকৰ পৰিচালকৰ সুৰত নাচিব লাগিছে।
(গ) মাটিৰ পুতলা বুলি কাক বুজাইছে?
উত্তৰঃ মাটিৰ পুতলাৰ দৰে ক্ষণস্থায়ী মানুহৰ জীৱনটোক বুজাইছে।
(ঘ) “আমি কাৰােবাৰ গুণ গাবই লাগিছাে” – ইয়াত কাৰ গুণ গােৱাৰ কথা কৈছে?
উত্তৰঃ যি আমাক সৃষ্টি কৰিছে আৰু আমাৰ জীৱন নাটকখন পৰিচালনা কৰি আছে, তেওঁৰেই গুণ গােৱাৰ কথা কোৱা হৈছে।
(ঙ) আমি ভাও লৈ কি পাতিছো বুলি কৈছে?
উত্তৰঃ আমি ভাওঁ লৈ বিশ্ব ভাৱনা পাতিছোঁ বুলি কৈছে।
২। কবিয়ে মানুহক ভাৱৰীয়া বুলি কিয় কৈছে?
উত্তৰঃ কবিয়ে মানুহৰ জীৱনটো সূক্ষ্মভাৱে দার্শনিক দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিছে। তেওঁৰ দৃষ্টিত এই সংসাৰখন হৈছে এখন ৰঙ্গমঞ্চ, মানুহৰ জীৱনটো হৈছে নাটক আৰু মানুহবােৰ সেই জীৱন নাটৰ ভাৱৰীয়া। নেদেখা-নুশুনা এটা শক্তিয়ে আমাৰ জীৱন চলাই আছে। নাটকত পৰিচালকৰ নিৰ্দেশত ভাৱৰীয়াই অভিনয় কৰাৰ দৰে আমি সেই অদৃশ্য শক্তিৰ আঙুলি ঠাৰত জীৱন-নাটত ভাৱৰীয়া হৈ অভিনয় কৰি আছোঁ। আমি হাঁহো বা নাচো বা গান গাওঁ, মুঠতে যি কামকেই নকৰো কিয়, সকলাে সেই শক্তিৰ নিৰ্দেশতহে হয়। অৰ্থাৎ আমি আমাৰ নিজৰ ইচ্ছাত একো কৰিব নোৱাৰোঁ। সেইবাবেই কবিয়ে মানুহক ভাৱৰীয়া বুলি কৈছে।
৩। আমি কাৰ ভাও লৈ হাঁহিছোঁ, নাচিছে, কান্দিছোঁ— বুজাই লিখা।
উত্তৰঃ আমি ভাৱৰীয়াৰ ভাও লৈ হাঁহিছোঁ, নাচিছোঁ, কান্দিছোঁ। এই পৃথিৱীখন হৈছে এখন ৰঙ্গমঞ্চ। আমাৰ জীৱনটো হৈছে এখন নাটক আৰু আমি সেই জীৱন নাটৰ একো একোজন ভাৱৰীয়া। আমি আমাৰ নিজৰ ইচ্ছাত একো কৰিব নােৱাৰাে। নেদেখা-নুশুনা এক শক্তিয়ে আমাৰ জীৱন নিয়ন্ত্রণ কৰি আছে। নাটকত পৰিচালকৰ নির্দেশত ভাৱৰীয়াই অভিনয় কৰাৰ দৰে, সেই অদৃশ্য শক্তিৰ আঙুলি ঠাৰত জীৱন নাটত আমি ভাৱৰীয়া হৈ মাথাে নিজৰ নিজৰ ভাওবােৰ কৰি গৈ আছোঁ।
৪। 'বিশ্ব-ভাৱনা’ কবিতাটিৰ মূলভাব লিখা।
উত্তৰঃ দুর্গেশ্বৰ শৰ্মাৰ ‘বিশ্ব ভাৱনা’ এটি দার্শনিক কবিতা। কবিতাটিৰ মাজেৰে মানুহৰ ক্ষন্তেকীয়া জীৱনৰ এক সূক্ষ্ম মনস্তাত্বিক দিশ প্রকাশ পাইছে। আমি মানুহবােৰে একোৱেই গমি নাচাওঁ আমি কি কৰি আছোঁ। কেৱল ৰং-ধেমালি কৰি জীৱন কটাওঁ। কিন্তু সেয়া যে আমাৰ ভাৱনাহে, সেই কথা নাভাবো। কবিয়ে অন্তঃদৃষ্টিৰে চাইছে পৃথিৱীখন এখন ৰঙ্গমঞ্চ। আমি কেৱল ক্ষন্তেকৰ কাৰণে তাতে ভাও লৈছোঁ। এদিন জীৱন নাটৰ সামৰণি পৰিব। তেতিয়া আমি নিজ নিজ ঘৰলৈ আকৌ উভতি যাব লাগিব। সেই নিজৰ ঘৰ অকলশৰীয়া। কোনাে ভাৱৰীয়াই আৰু লগ নাপাব জীৱন সংগী ভাৱৰীয়াবােৰক। নাটকৰ পৰিচালক থকাৰ দৰে আমাৰ জীৱন নাটকৰাে পৰিচালক আছে। আমি তেওঁৰ আঙুলি ঠাৰত নাচিব লাগিছোঁ। কিন্তু কোনে নচায়, আমি নাভাবো। আমি এই সংসাৰ ভাওনা ঘৰত কাৰ গুণ-গান গাই আছোঁ— প্ৰকৃততে তাৰ চিন্তা নকৰোঁ। কেৱল মায়া-মোহত বন্দী হৈ নিজকে পাহৰি আছোঁ যে আমি ভাৱৰীয়া। এদিন মাটিৰ পুতলাৰ দৰে আমি লয়-ক্ষয় হৈ যাম। ক্ষন্তেকীয়া মানৱদেহ এদিন মাটিৰ লগত মিহলি হৈ যাব। কিন্তু সেই কথা নাভাবি আমি কেৱল হাঁহিছোঁ, নাচিছোঁ, কান্দিছোঁ। এয়াই হ’ল বিশ্ব ভাৱনা।
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা—
(ক) আমি মাটিৰ পুতলা নাচিব লাগিছোঁ
কোনে নচায় নেদেখো;
আমি কাৰােবাৰ বাঁহী বাজিব লাগিছোঁ,
কোনে বজায় নেদেখো।
উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট, দুর্গেশ্বৰ শৰ্মাদেৱে ৰচনা কৰা ‘বিশ্ব-ভাৱনা’ নামৰ দার্শনিক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। ক্ষণস্থায়ী মানৱ-জীৱনটো কোনােবা শক্তিয়েহে যে নিয়ন্ত্রণ কৰি আছে, তাকেই কবিয়ে উক্ত কবিতাফাঁকিৰ মাজেৰে প্ৰকাশ কৰিছে। মানুহৰ জীৱনটো মাটিৰ পুতলাৰ নিচিনা ক্ষণস্থায়ী। আমি কিছুদিনৰ বাবেহে পৃথিৱীলৈ আহি নাচি-বাগি আছোঁ। আমি নাচিলেও কিন্তু নিজ ইচ্ছাত নচা নাই, কোনােবা অদৃশ্য শক্তিয়ে আমাক নচুৱাই আছে। সেই শক্তি আমি নেদেখা বাবেই উপলব্ধি কৰিব নোৱাৰোঁ আৰু নিজে নচা বুলি ভাবোঁ। সেইদৰে আমি যেন কাৰােবাৰ হাতৰ বাঁহী। গােটেই জীৱন বাজিবই লাগিছোঁ, অথচ কোনে বজায় দেখা নাপাওঁ। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ইয়াকে ক’ব বিচাৰিছে যে মানুহৰ জীৱনটো ক্ষন্তেকীয়া। কিবা এক অদৃশ্য শক্তিৰ ইচ্ছাতহে আমি পৃথিৱীলৈ আহিছোঁ আৰু সেই শক্তিয়ে আমাৰ জীৱনটো নিয়ন্ত্রণ কৰি আছে। পৃথিৱীত মানুহৰ নিজা বুলিবলৈ একো নাই।
(খ) আমি ভাও লই লই বিশ্ব ভাবনা,
সদায় পাতিব লাগিছে;
আমি ঠিক ভাৱৰীয়া হাঁহি কান্দি নাচি
নিজ ভাও দিব জানিছে।
উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট, দুর্গেশ্বৰ শৰ্মাদেৱে ৰচনা কৰা ‘বিশ্ব-ভাৱনা’ নামৰ দার্শনিক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। মানুহৰ জীৱন আৰু কাম-কাজ কোনােটোৱেই যে আমি ভবাৰ দৰে প্ৰকৃত নহয়, কবিতাফাঁকিৰ মাজেৰে কবিয়ে তাকেই প্রকাশ কৰিছে। এই পৃথিৱীখন এখন ৰংগমঞ্চ, মানুহৰ জীৱন হৈছে নাটক আৰু মানুহ সেই জীৱন-নাটৰ ভাৱৰীয়া। মানুহে হঁহা, কন্দা, নচা, গান গােৱা, ৰং-ধেমালি কৰা আদি যি কামকেই নকৰক কিয়, এই সকলােবােৰ হৈছে জীৱন-নাটত ভাৱৰীয়া হিচাপে মানুহে কৰা অভিনয়হে। কিন্তু এইবােৰ যে আমাৰ ভাৱনা বা অভিনয়হে, সেই কথা আমি নাভাবোঁ। কাৰণ কি এক অদৃশ্য শক্তিয়ে আমাৰ জীৱন পৰিচালিত কৰি আমাৰ হতুৱাই কামবােৰ কৰায়। সেই শক্তি আমি নেদেখা বাবেই কামবােৰ নিজে কৰা বুলি ভাবি হাঁহি, কান্দি, নাচি নিজৰ নিজৰ ভাওবােৰ কৰি গৈ থাকোঁ।
৬। কবি দুর্গেশ্বৰ শৰ্মাৰ সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ যােৰহাটৰ পটীয়া গাঁৱত ১৮৮২ চনত দুর্গেশ্বৰ শৰ্মাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কমল চন্দ্র শর্মা। তেওঁ ১৯০৩ চনত বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ পিছত আইন পৰীক্ষা দি কিছুদিন ওকালতি কৰে। তেওঁ শেষত আবকাৰী বিভাগৰ কমিচনাৰ পদৰ পৰা অৱসৰ লয়। ১৯০৬ চনৰ পৰা ১৯১১ চনৰ কালছােৱাক দুৰ্গেশ্বৰ শৰ্মাৰ সাহিত্যিক জীৱনৰ প্রস্তুতিৰ সময় বুলি ক’ব পাৰি। দুর্গেশ্বৰ শৰ্মা কবি আৰু নাট্যকাৰ। ‘পাৰ্থপৰাজয়’ (১৯০৯), ‘চন্দ্ৰাৱলী’ (১৯১০), ‘বালীবধ’ (১৯১২) আৰু ‘পদ্মাৱতী’ – এই চাৰিখন তেওঁৰ নাটক। তেওঁৰ কবিতা পুথি হৈছে ‘অঞ্জলি’ (১৯১০) আৰু ‘নিবেদন’ (১৯২০)। এই দুখন কবিতা পুথিত সন্নিবিষ্ট কবিতাসমূহ বাদ দি আলোচনীৰ পাতত সিঁচৰিত হৈ থকা অন্যান্য কবিতাসমূহ তেওঁৰ মৰণােত্তৰ ৰচনাৱলীত ‘উপাসনা’ নাম দি প্রকাশ কৰা হৈছে। তেওঁৰ কবিতাত ভাৰতীয় দর্শনৰ প্ৰভাৱ দেখা যায়।
ভাষা বিচাৰ
১। তলৰ ভুল বাক্যবােৰ শুদ্ধ ৰূপত লিখা—
- (ক) ৰূপালীয়ে দুটি ধুনীয়া পুতলা বনাইছে। – ৰূপালীয়ে দুটি ধুনীয়া পুতলা সাজিছে।
- (খ) মােৰ মায়ে ভাত বনাই আছে। – মােৰ মায়ে ভাত ৰান্ধি আছে।
- (গ) ল’ৰাটোক গালি দিছে। – ল’ৰাটোক গালি পাৰিছে।
- (ঘ) জোনালীয়ে ভাওনাত সীতাৰ ভাও কৰিছে। – জোনালীয়ে ভাওনাত সীতাৰ ভাও দিছে।
- (ঙ) ৰাইজসকলক নমস্কাৰ কৰা। – ৰাইজক নমস্কাৰ কৰা।
সমাপিকা ক্রিয়াৰ উদাহৰণ— আমি কাৰােবাৰ গুণ গাবই লাগিছোঁ।
অসমাপিকা ক্রিয়াৰ উদাহৰণ— কোনে নচায় নেদেখোঁ।
২। তলৰ বাক্যবােৰত থকা সমাপিকা ক্রিয়া আৰু অসমাপিকা ক্রিয়া বাছি উলিওৱা
- (ক) আমি কাৰােবাৰ বাঁহী বাজিব লাগিছোঁ। – বাজিব (অসমাপিকা), লাগিছোঁ (সমাপিকা)
- (খ) মােহনে ঘৰলৈ গৈ ভাত খাব। – গৈ (অসমাপিকা), খাব (সমাপিকা)
- (গ) ডালিমীয়ে স্কুলৰ পৰা আহি নাচৰ আখৰা কৰিবলৈ যাব। – আহি (অসমাপিকা), যাব (সমাপিকা)
- (ঘ) সৌৰভে ধিতিঙালি কৰি অযথা সময় কটায়। – কৰি (অসমাপিকা), কটায় (সমাপিকা)
- (ঙ) জোনাকীয়ে আমাৰ ঘৰলৈ আহি মােক প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ এখন ফটো উপহাৰ দি থৈ গৈছে। – আহি, দি (অসমাপিকা), গৈছে (সমাপিকা)
৩। প্রত্যয় ভাঙি সেইবােৰ কি প্রত্যয় (কৃৎ প্রত্যয়, তদ্ধিত প্রত্যয়) দেখুওৱা—
- খাৱৰীয়া – খা + অৰীয়া (কৃৎপ্রত্যয়)
- ভাৱৰীয়া – ভাওঁ + অৰীয়া (তদ্ধিত প্রত্যয়)
- ঢুলীয়া – ঢােল + ঈয়া (তদ্ধিত প্রত্যয়)
- নাচনী – নাচ্ + অনী (কৃৎ প্রত্যয়)
- কৰোঁতা – কৰ + ওঁতা (কৃৎ প্রত্যয়)
- শিকাৰু – শিক্ + আৰু (কৃৎ প্রত্যয়)
Comments
No comments yet. Be the first!