অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Assamese

ক্ৰিয়া কলাপ

১। চমু উত্তৰ দিয়া-

(ক) চন্দ্রপ্রভা শইকীয়ানীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম বজালীৰ দৈশিঙ্গৰী গাঁৱত ১৯০১ চনত হৈছিল।

(খ) চন্দ্ৰপ্ৰভাৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?

উত্তৰঃ চন্দ্ৰপ্ৰভাৰ পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম গংগাপ্ৰিয়া মজুমদাৰ।

(গ) চন্দ্ৰপ্ৰভাৰ কেইগৰাকী বাই-ভনী আছিল আৰু তেওঁলােকৰ জীৱনৰ লক্ষ্য কি আছিল?

উত্তৰঃ চন্দ্ৰপ্ৰভাৰ দুগৰাকী বাই-ভনী আছিল আৰু তেওঁলোকৰ জীৱনৰ লক্ষ্য আছিল— চন্দ্ৰপ্ৰিয়া দেশসেৱিকা আৰু ৰামেশ্বৰী ডাক্তৰনী হোৱা।

(ঘ) চন্দ্রপ্রভাহঁতে প্রাইমাৰী স্কুলত পঢ়িবলৈ ক'লৈ যাবলগীয়া হৈছিল?

উত্তৰঃ চন্দ্রপ্রভাহঁতে প্রাইমাৰী স্কুলত পঢ়িবলৈ ভালুকমাৰী গাঁৱৰ মাহীয়েকৰ ঘৰলৈ যাবলগীয়া হৈছিল।

(ঙ) অসমত সহ-শিক্ষাৰ পাতনি কোনে মেলিছিল?

উত্তৰঃ অসমত সহ-শিক্ষাৰ পাতনি দুইগৰাকী বাই-ভনীয়ে (চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা) মেলিছিল।

(চ) চন্দ্ৰপ্ৰভাৰ পূর্ব নাম কি আছিল?

উত্তৰঃ চন্দ্ৰপ্ৰভাৰ পূৰ্ব নাম চন্দ্ৰপ্ৰিয়া আছিল।

(ছ) কোনে চন্দ্রপ্রভাক নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিছিল?

উত্তৰঃ নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰভাক নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিছিল।

(জ) ১৯১৮ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্র সন্মিলনৰ বছৰেকীয়া অধিৱেশনৰ সভাপতি কোন আছিল?

উত্তৰঃ ১৯১৮ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্র সন্মিলনৰ বছৰেকীয়া অধিৱেশনৰ সভাপতি আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়।

(ঝ) সাহিত্য সভাৰ কোনগৰাকী সভাপতিয়ে চন্দ্রপ্রভাক মহিলা সংগঠন এটা গঢ়ি তুলিবলৈ আহ্বান জনাইছিল?

উত্তৰঃ সাহিত্য সভাৰ সভাপতি আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে চন্দ্ৰপ্ৰভাক মহিলা সংগঠন এটা গঢ়ি তুলিবলৈ আহ্বান জনাইছিল।

(ঞ) চন্দ্রপ্রভাই সম্পাদনা কৰা আলােচনী খনৰ নাম কি ছিল?

উত্তৰঃ চন্দ্রপ্রভাই সম্পাদনা কৰা আলােচনী খনৰ নাম আছিল 'অভিযাত্ৰী'।

(ট) প্রথম অসমীয়া মহিলা ডাক্তৰণী কোন?

উত্তৰঃ প্রথম অসমীয়া মহিলা ডাক্তৰণী ৰজনীপ্ৰভা শইকীয়ানী।

২। পাঠটিৰ আধাৰত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ব্যক্তিত্বৰ চমু আভাস দিয়া।

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী সাহসী, সংগ্ৰামী আৰু দেশপ্ৰেমিক নাৰী আছিল। স্কুলৰ ছাত্ৰীৰ প্ৰতি হোৱা অন্যায়ৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰিছিল। পাছত সকলো ত্যাগ কৰি তেওঁ নাৰীৰ শিক্ষা আৰু অধিকাৰৰ বাবে গাঁৱে-ভূঞে প্ৰচাৰ চলাইছিল। তেওঁৰ মাজত আছিল গভীৰ দেশপ্ৰেম, সামাজিক দায়বদ্ধতা আৰু ন্যায়পৰায়ণতা।

৩। “চন্দ্ৰপ্ৰভাৰ বিপ্লৱী প্রাণত বিপ্লৱৰ জোৱাৰ উঠিল।” – ইয়াত কি বিপ্লৱৰ জোৱাৰ উঠাৰ কথা হৈছে?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানী যেতিয়া নগাঁৱৰ মিছন স্কুলৰ ছাত্ৰী আছিল, সেই সময়ত তেনে স্কুলত ধৰ্মান্তৰ প্ৰথা জোৰেৰে প্ৰচলিত আছিল। এজনী ছোৱালীক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰা হৈছিল। স্কুলৰ অধ্যক্ষৰ কথা মতে ধৰ্মান্তৰ গ্ৰহণ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা এগৰাকী নিৰাশ্ৰয় ছোৱালীক এটা এলাগী কোঠাত থাকিবলৈ দি কষ্ট দিবলৈ ধৰিলে। এনেবোৰ অন্যায় দেখি চন্দ্ৰপ্ৰভাৰ মনত যি ক্ষোভ আৰু প্ৰতিবাদৰ জোৱাৰ উঠিছিল, তাকে ইয়াত 'বিপ্লৱৰ জোৱাৰ' বুলি কোৱা হৈছে।

৪। নাৰীৰ শিক্ষা আৰু নাৰীৰ অধিকাৰৰ বাবে চন্দ্রপ্রভা শইকীয়ানীয়ে কেনেধৰণৰ ভূমিকা পালন কৰিছিল তােমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ নাৰীৰ শিক্ষা আৰু অধিকাৰৰ বাবে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰথমতে তেওঁ মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত মহিলাসকলক সঁহাৰি জনাবলৈ আহ্বান জনায়। তাৰপিছত তেওঁৰ সম্পাদনাত ওলোৱা 'অভিযাত্ৰী' আলোচনীয়ে অসমৰ নাৰী জাগৰণত ইন্ধন যোগাইছিল। তেখেতে নিজৰ চাকৰি এৰি নাৰী শিক্ষা আৰু অধিকাৰৰ বিষয়ে গাঁৱে-ভূঞে প্ৰচাৰ চলাইছিল।

৫। ব্যাখ্যা কৰা—

(ক) সকলাে ত্যাগ কৰিবা— কিন্তু অধিকাৰ ত্যাগ নকৰিবা।

উত্তৰঃ উক্ত বাক্যশাৰী "ভাৰতী সাহিত্য চয়ন"ৰ অন্তৰ্গত 'অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী' পাঠটিৰ পৰা তুলি লোৱা হৈছে। উক্ত বাক্যশাৰীত লেখকে ক'ব বিচাৰিছে যে নিজ অধিকাৰ ত্যাগ কৰাত কোনো গৌৰৱ নাই। সেই ত্যাগ কাপুৰুষালিৰহে পৰিচায়ক। সেয়েহে জীৱনৰ সকলো ত্যাগ কৰিলেও নিজৰ ন্যায্য অধিকাৰ ত্যাগ কৰিব নিদিয়া উচিত।

(খ) সেই সন্মিলনত চন্দ্ৰপ্ৰভাই নির্দিষ্ট আসনৰ পৰা সন্মুখত বাঁহৰ চিকৰ আগত বহা মহিলা দর্শকসকলক দেখি গুজৰি উঠিল।

উত্তৰঃ উক্ত বাক্যশাৰী "ভাৰতী সাহিত্য চয়ন"ৰ অন্তৰ্গত 'অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী' পাঠটিৰ পৰা তুলি লোৱা হৈছে। ১৯২৫ চনত নগাঁৱত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। সেই সভালৈ চন্দ্ৰপ্ৰভা শইকীয়ানীক বিশিষ্ট অতিথিৰূপে নিমন্ত্ৰণ কৰা হৈছিল। সেই সভাত মহিলা সকলে নিজৰ নির্দিষ্ট আসন এৰি সন্মুখত বাঁহৰ চিকৰ আগত বহা দেখি তেওঁ গুঞ্জৰি উঠিছিল, কিয়নো তেওঁ নাৰীৰ মৰ্যাদা আৰু সম অধিকাৰত বিশ্বাসী আছিল।

৬। খালী ঠাই পূৰ কৰা—

  • (ক) সকলাে ত্যাগ কৰিবা কিন্তু অধিকাৰ ত্যাগ নকৰিবা।
  • (খ) নগাঁৱৰ মিছন স্কুলতেই চন্দ্রপ্রিয়া চন্দ্ৰপ্ৰভা নামেৰে আৰু ৰামেশ্বৰী ৰজনীপ্ৰভা নামেৰে পৰিচিত হয়।
  • (গ) ১৯২১ চনত ছয়দুৱাৰত চন্দ্ৰপ্ৰভাৰ সভানেত্ৰীত্বত ৰায়ত মহিলা সমাৰোহ অনুষ্ঠিত হৈছিল।
  • (ঘ) চন্দ্ৰপ্ৰভাৰ সম্পাদনাত ওলোৱা অভিযাত্ৰী য়ে অসমৰ নাৰী জাগৰণত ইন্ধন যোগোৱাৰ উপৰিও সু-লেখিকা গঢ় দিয়াত সহায় কৰে।

৭। বিপৰীত শব্দ লিখা—

  • গৌৰৱ = বদনাম, অপযশ
  • উত্তীৰ্ণ = অৱতীৰ্ণ
  • অনিচ্ছা = ইচ্ছা
  • এলাগী = লাগী
  • মুক্তি = বান্ধোন, বন্দীত্ব
  • তীব্ৰ = ধীৰ, মৃদু
  • ত্যাগ = গ্ৰহণ

৮। ভাব সম্প্ৰসাৰণ কৰা—

(ক) গুণীয়েহে গুণীৰ মোল বুজে।

উত্তৰঃ সজ গুণৰ অধিকাৰী লোকে সদায় আনৰ গুণকো আদৰ কৰে। সমাজত বিভিন্ন গুণ সম্পন্ন মানুহ থাকে; সকলো মানুহ একে গুণ সম্পন্ন নহয় আৰু একেজন মানুহৰ গাত বিভিন্ন গুণ থাকিব পাৰে। গুণ মানুহৰ স্ব-অর্জিত। শিক্ষা, কৃষি, উদ্যোগ, অভিনয়, শিল্পকলা, সমাজসেৱা, ৰাজনীতি ইত্যাদি যি ক্ষেত্ৰতে জড়িত নহওঁক কিয়, নিজ কৰ্মক্ষেত্ৰত মানুহৰ গুণৰ প্ৰকাশ ঘটে। যি নিজে কোনো গুণৰ অধিকাৰী হয়, তেওঁ আনৰ গুণৰ মূল্য বুজি পায় আৰু গুণী লোকক আদৰ-শ্রদ্ধা কৰে। এই ক্ষেত্ৰত তেওঁ মানুহৰ সামাজিক অৱস্থা, অর্থনৈতিক অৱস্থা বা জাত-পাত আদিৰ বিচাৰ নকৰে। কিন্তু যি নিজে কোনো গুণৰ অধিকাৰী নহয়, তেওঁ আনৰ গুণৰ মোল বুজি নাপায় আৰু গুণী লোকৰ প্রতি তেওঁৰ আদৰ-শ্ৰদ্ধাও নাথাকে। সেয়েহে, গুণীয়েহে গুণৰ মোল বুজি পায় বুলি কোৱা হয়।

(খ) বিদ্যাই পৰম বন্ধু।

উত্তৰঃ বিদ্যাক পৰম বন্ধু অৰ্থাৎ শ্রেষ্ঠ বন্ধু বুলি কোৱা হয়। বিদ্যা অর্জন কৰিলে ই মানুহৰ লগ নেৰে, পৰম বন্ধুৰ দৰে ই মানুহৰ লগত থাকে। কোনো বন্ধু লগত নহ’লেও বিদ্যাৰ সহায়ত কোনো অসুবিধা নোহোৱাকৈ দেশ-বিদেশ ভ্ৰমণ কৰিব পাৰি। বিদ্যাই মানুহৰ জীৱনৰ বাট মোকলাই দিয়ে। বিদ্বান লোকে বিদ্যাৰ বলতে আপদ-বিপদ বা দুৰ্যোগত নিজকে ৰক্ষা কৰিব পাৰে। এই ক্ষেত্ৰত বিদ্যাই তেওঁক পৰম বন্ধুৰ দৰে সহায় কৰে। বিদ্যা থাকিলে যিকোনো ঠাইতে সন্মান পোৱা যায়, বন্ধু পোৱা যায়। কিন্তু বিদ্যাহীন মানুহ বন্ধুহীন মানুহৰ দৰে। নিজৰ বিদ্যা নাথাকিলে কিছুমান পৰিস্থিতিত মানুহ অসহায় অৱস্থাত পৰিবলগীয়া হয়। সেয়েহে বিদ্যাই পৰম বন্ধু বুলি কোৱা হয়।



Comments

Log in to leave a comment.

No comments yet. Be the first!