পৰম বন্ধু

admin Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Assamese

শব্দ টোকা

  • সম্পদত = ভাল বা সুখৰ দিনত।
  • আপদত = বেয়া দিনত, বিপদৰ সমত।
  • লাহি = কোমল, পাতল, মিহি বা সসৃণ।
  • মহাৰথ = ডাঙৰ যুজাঁৰ, পাঠত বিপদৰ সময়ত সহায় কৰাজনক মহাৰথ বা প্ৰিয়জন বুলি কৈছে।
  • তেনুৱা = তেনেকুৱা।
  • তেতিক্ষণে = সেই সময়ত, তেতিয়াই।
  • শোকে = দুখে, বেজাৰে, বেদনাই।
  • লভিছে = লাভ কৰিছে, পাইছে।
  • পৰম বন্ধু = প্ৰিয়বন্ধু, যি জনে ভাল দিনত বা বেয়া দিনত নিস্বাৰ্থভাৱে বন্ধুক সহায় কৰে। আপদকালত বা দুৰ্যোগৰ সময়ত যিজনে সহায় কৰে তেৱেই হ'ব পাৰে পৰম বন্ধু।
  • স্বভাৱিক = আপোনা-আপোনি, স্বভাৱত।

ক্ৰিয়া কলাপ

১। চমু উত্তৰ দিয়া

(ক) পৰম বন্ধু কোন?

উত্তৰঃ যিজনে বিপদৰ সময়ত বন্ধুৰ ওচৰত থাকি সুখ-দুখৰ সমভাগী হয় তেৱেঁই পৰম বন্ধু।

(খ) পৰম বন্ধুৰ এটা লক্ষণ লিখা।

উত্তৰঃ বিপদৰ সময়ত নিজৰ স্বাৰ্থ ত্যাগ কৰি বন্ধুৰ কল্যাণৰ বাবে সহায়ৰ হাত আগবঢ়ায়।

(গ) প্রকৃত বন্ধু কেতিয়া চিনিব পাৰি?

উত্তৰঃ প্রকৃত বন্ধু তেওঁৰ কাৰ্যক্ষেত্ৰতহে চিনিব পাৰি।

(ঘ) কেনেকুৱা বন্ধুক কবিয়ে অমূল্য ধন বুলি কৈছে?

উত্তৰঃ প্ৰকৃত বন্ধুক কবিয়ে অমূল্য ধন বুলি কৈছে।

(ঙ) কেতিয়া এজন বন্ধুক স্বাভাৱিক আৰু স্বার্থপৰ বন্ধু বুলিব পাৰি?

উত্তৰঃ বিপদৰ সময়ত লগ এৰি দিয়া এজন বন্ধুক স্বাভাৱিক আৰু স্বার্থপৰ বন্ধু বুলিব পাৰি।

(চ) ড° সূর্যকুমাৰ ভূঞাৰ একমাত্র কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাৰ একমাত্র কবিতা পুথিখনৰ নাম হ'ল নিৰ্মালি।

২। কবিতাটিৰ মূলভাব লিখা।

উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাৰ 'পৰম বন্ধু' এটি নীতিমূলক কবিতা। কবিটিৰ মাজেৰে কবিয়ে সজ বন্ধু আৰু প্ৰিয় বন্ধুৰ লক্ষণ সম্পৰ্কে আমাক এটি ধাৰণা দিব বিচাৰিছে। যিজন বিপদৰ সময়ত বন্ধুৰ ওচৰত থাকি সুখ-দুখৰ সমভাগী হয় তেৱেঁই পৰম বন্ধু। আমাৰ জীৱন যাত্ৰাত অসংখ্য বন্ধু-বান্ধৱ লগ পোৱা যায়। সেইবুলি সকলো বন্ধুৱেই প্ৰিয় বন্ধুৰ স্থান দখল কৰিব নোৱাৰে। সাধাৰণতে কোনজন প্ৰকৃত বন্ধু তাক কাৰ্যক্ষেত্ৰতহে চিনিব পাৰি। সম্পদ কালৰ বন্ধু ঢেৰ, বিপদত বহুত বন্ধুই দুৰ্গতজনৰ পৰা আঁতৰি ফুৰে। যিজনে বন্ধুৰ বিপদৰ সময়ত নিজৰ স্বাৰ্থ ত্যাগ কৰি বন্ধুৰ কল্যাণৰ বাবে সহায়ৰ হাত আগবঢ়ায় তেওঁহে পৰম বন্ধু। যিজনে নিজৰ স্বাৰ্থ পূৰণৰ বাবে বন্ধুত্ব দেখুৱায় তেনে বন্ধুৰ সংগ এৰাই চলা ভাল।

৩। “জুখিলেহে জনা যায় লাহি নে গধূৰ”— কথাষাৰৰ তাৎপৰ্য বুজাই লিখা।

উত্তৰঃ “জুখিলেহে জনা যায় লাহি নে গধূৰ”— সকলোৰে জীৱনত অসংখ্য বন্ধু আহে আৰু যায়। কিন্তু যিজনে বিপদৰ সময়ত বন্ধুৰ ওচৰত থাকি সুখ-দুখৰ সমভাগী হয় তেৱেঁই পৰম বন্ধু। আন কিছুমান বন্ধু আকৌ বিপদৰ সময়ত লগ এৰি দিয়ে। বিপদৰ সময়তহে জনা যায় বন্ধুজন পৰম বন্ধু হয়নে নহয়।

৪। পৰম বন্ধুৰ গুণ সম্পর্কে কবিয়ে কি কি কথা কৈছে বুজাই লিখা।

উত্তৰঃ পৰম বন্ধুৱে বিপদৰ সময়ত বন্ধুৰ ওচৰত থাকি সুখ-দুখৰ সমভাগী হয় আৰু বন্ধুৰ বিপদৰ সময়ত নিজৰ স্বাৰ্থ ত্যাগ কৰি বন্ধুৰ কল্যাণৰ বাবে সহায়ৰ হাত আগবঢ়ায়। সদায় বন্ধুৰ সুখে-দুখে তেওঁৰ লগ নেৰে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা

(ক) সম্পদত প্রিয়বন্ধু অনেক ওলায়,
আপদত তেনে বন্ধু কেনিবা পলায়।

উত্তৰঃ উক্ত কবিত ফাকি আমাৰ পাঠ্যপুথি ভাৰতী সাহিত্য চয়ন পাঠটোৰ পৰা তুলি দিয়া হৈছে। পৰিস্থিতি সলনি হ'লে বন্ধু-বান্ধৱ সলনি হয়। সকলোৰে জীৱনত অসংখ্য বন্ধু-বান্ধৱ আহে। আমি আমাৰ জীৱনত লগ পোৱা সকলো বন্ধুৱেই পৰম বন্ধু নহয়। কিন্তু যিজনে বিপদৰ সময়ত বন্ধুৰ ওচৰত থাকি সুখ-দুখৰ সমভাগী হয় তেৱেঁই পৰম বন্ধু। কিছুমান বন্ধু ধন-সম্পত্তি থকালৈকে থাকে কিন্তু যেতিয়া বিপদ হয়, তেতিয়া বিপদৰ সময়ত সহায়ৰ হাত আগঢ়াবলৈ নাহে। তেতিয়া সেই বন্ধু কেনি যায় কোনেও গমকে নাপায়।

(খ) মহাৰথ প্ৰিয়জন লভিছে যি জনে,
পাইছে অমূল্য ধন বিচাৰি সিজনে।

উত্তৰঃ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ভাৰতী সাহিত্য চয়ন পাঠটোৰ পৰা তুলি দিয়া হৈছে। প্ৰিয় বন্ধু বিচাৰি পোৱা জনে অমূল্য ধন বিচাৰি পায়। সকলোৰে জীৱনত বহুতো বন্ধু আহে। কিন্তু যিজনে বিপদৰ সময়ত বন্ধুৰ ওচৰত থাকি সুখ-দুখৰ সমভাগী হয় তেৱেঁই পৰম বন্ধু আৰু যিবোৰ বন্ধুৱে সম্পদৰ সময়ত লগ দি বিপদৰ সময়ত লগ এৰি দিয়ে তেওঁলোক হ'ল স্বাৰ্থপৰ বন্ধু। জীৱন সংগ্ৰামত যিয়ে প্ৰিয় বন্ধু বিচাৰি পাইছে তেওঁৱে জীৱনৰ অমূল্য ধন বিচাৰি পাইছে।

(গ) কোন বন্ধু স্বাৰ্থপৰ কোন স্বাভাৱিক,
ত্যাগৰ কালত তুমি বুজিবা সঠিক।

উত্তৰঃ উক্ত কবিত ফাকি আমাৰ পাঠ্যপুথি ভাৰতী সাহিত্য চয়ন পাঠটোৰ পৰা তুলি দিয়া হৈছে। ত্যাগ কৰাৰ সময়তহে চিনিব পাৰি, কোন পৰম বন্ধু আৰু কোন স্বাৰ্থপৰ বন্ধু। সকলোৰে জীৱনত বহুতো বন্ধু আহে। আমি আমাৰ জীৱনত লগ পোৱা সকলো বন্ধুৱেই পৰম বন্ধু বা স্বাভাৱিক নহয়। বন্ধুৰ বিপদৰ সময়ত যেতিয়া নিজ স্বাৰ্থ ত্যাগ কৰিব লাগে, তেতিয়াহে চিনিব পাৰি কোন পৰম বন্ধু বা স্বাভাৱিক বন্ধু আৰু কোন স্বাৰ্থপৰ বন্ধু।

ভাষা বিচাৰ

১। 'প্ৰিয়' শব্দৰে আৰম্ভ হোৱা তিনিটা শব্দ লিখা। (যেনে-প্ৰিয় বন্ধু)

  • প্ৰিয় খাদ্য
  • প্ৰিয় গ্ৰন্থ
  • প্ৰিয় ঠাই

২। বিপৰীত শব্দ লিখা—

  • প্ৰিয় – অপ্ৰিয়
  • বন্ধু – শত্ৰু
  • লাহি – ডাঠ
  • অমূল্য – মূল্যবিহীন
  • স্বাৰ্থপৰ – নিস্বাৰ্থ
  • ত্যাগ – গ্ৰহন
  • চিনাকি – অচিনাকি
  • সম্পদ – অসম্পদ
  • টোপনি – সাৰে থকা

৩। সমাৰ্থক শব্দ লিখা—

  • বিপদ – দুৰ্যোগ
  • মিত্ৰ – বন্ধু
  • পদ – ভৰি
  • নিদ্ৰা – টোপনি
  • শোক – দুখ

৪। তলৰ শব্দবোৰৰ বিভক্তি ভাঙি দেখুৱাই—

  • সম্পদত = সম্পদ +
  • বন্ধুৰ = বন্ধু +
  • মানুহে = মানুহ +
  • আজিৰপৰা = আজিৰ + পৰা
  • প্ৰিয়জনলৈ = প্ৰিয়জন + লৈ
  • হাতেৰে = হাত + ৰে

৫। দিন-ৰাতি (দিন আৰু ৰাতি)— এনেকুৱা সমস্ত পদত হাইফেন (-) ব্যৱহাৰ কৰা হয়; কিন্তু দিৰুক্ত শব্দত হাইফেন ব্যৱহাৰ নহয়। যেনে—মনে মনে, ঘনে ঘনে। তোমালোকে এনেধৰণৰ আন তিনিযোৰ শব্দ (হাইফেন ব্যৱহাৰ হোৱা আৰু হাইফেন ব্যৱহাৰ নোহোৱা) লিখা।

  • হাইফেন ব্যৱহাৰ হোৱা — গছ-গছনি, চৰাই-চিৰিকটি, ঘৰ-দুৱাৰ।
  • হাইফেন ব্যৱহাৰ নোহোৱা — ঘৰে ঘৰে, বনে বনে, গছে গছে।

৬। বাক্য সাজা—

  • আপদে বিপদেঃ ৰাম এজন বৰ সাধু লোক তেওঁৰ আপদে বিপদে সহায় কৰিবলৈ বহু লোক আগবাঢ়ি আহে।
  • মহাৰথীঃ কৰ্ণ মহাভাৰতৰ এজন মহাৰথী বীৰ আছিল।
  • প্ৰিয়বন্ধুঃ প্ৰিয়বন্ধু পৰম বন্ধু নহ'বও পাৰে।
  • স্বাৰ্থপৰঃ স্বাৰ্থপৰ বন্ধুৱে সংগ দিয়ে সম্পদৰ সময়ত।

৭। শুদ্ধ শব্দটো বাছি উলিয়াই তলৰ বাক্যসমূহ পূৰ্ণ কৰা—

  • ক) কৰ্ণ মহাভাৰতৰ এজন মহাৰথী বীৰ আছিল। (ৰথী/মহাৰথী/সাৰথি)
  • খ) অৰ্জুন কৃষ্ণৰ ৰথৰ সাৰথি আছিল। (ৰথী/মহাৰথী/সাৰথি)
  • গ) স্বাৰ্থপৰ বন্ধুৱে সংগ দিয়ে সম্পদৰ সময়ত। (সম্পদৰ/বিপদৰ/দুখৰ)
  • ঘ) প্ৰিয়বন্ধু সুখ-দুখৰ সমভাগী হয়। (সমভাগী/আঁতৰ/অজ্ঞাত)


Comments

Log in to leave a comment.

No comments yet. Be the first!