ডংবৰলাৰ কেঁচুৱা দৰ্শন
This page provides complete solution for Class 8 Assamese Chapter 9 "ডংবৰলাৰ কেঁচুৱা দৰ্শন" of Shankardev Vidya Niketan. Here you will find summary, short questions, long questions, MCQs and important exam questions explained clearly.
All content is prepared according to the latest syllabus and designed to help students achieve high marks in exams.
Shankardev Vidya Niketan Class 8 Assamese Chapter 9 Answer 2026 | ডংবৰলাৰ কেঁচুৱা দৰ্শন | Lesson 9 | অধ্যায় ৯ | Class 8 Assamese Question Answer
শব্দ টোকা
- বৰলা = বিয়া নকৰা বা পত্নী নথকা পুৰুষ।
- দৰ্শন = দৃষ্টি, দেখা, জ্ঞান।
- আটোম-টোকাৰি = পৰিপাটি, নিয়াৰি, জঞ্জাল নথকা।
- আঢ্যৱন্ত = ধনী, চহকী।
- হাইঠা মাটিত পৰ = ডাঙৰ মানুহে উঠি মেলি ফুৰা বাহন এৰি মাটিত ভৰি দিয়া, নঘটা ঘটনা ঘটা।
- ৰোষ = ক্ৰোধ, খং, ৰাগ।
- লেঠা = সমস্যা, জঞ্জাল, আসোঁৱাহ।
- অশৌচ = অসুচিত্ব, সন্তানৰ জন্ম বা আত্মীয় লোকৰ মৰণৰ বাবে হোৱা অশুচিতা।
- ৰাংঢালী = হাঁহি মাতি আনন্দতে থকা স্বভাৱযুক্ত, চঞ্চলা।
- বিপাং = নিৰুপায় অৱস্থা।
- গিৰ্জ্জনি = অনেক একেলগে হঁহাৰ শব্দ।
- আচামী = পদকীয়া, প্ৰতিবাদ, জগৰীয়া।
- কাজী = কোনো কামত পাকৈত মহিলা, বোৱা কটা কামত নিপুণ তিৰোতা।
- হাইঠা = এবিধ কপৌ জাতীয় চৰাই।
ক্ৰিয়া কলাপ
১। চমু উত্তৰ দিয়া-
(ক) ডাংবৰলা কাৰ পুতেক আছিল?
উত্তৰঃ ডাংবৰলা নুমলিৰ পুতেক আছিল।
(খ) লেখকে কোন তিনিটা কাম বৰ টান বুলি কৈছে?
উত্তৰঃ ৰজাৰ আগত কথা কোৱা, মদাৰ গছত উঠি পাণ পৰা, কাৱৈ মাছ বোৱা। এই তিনিটা কাম বৰ টান বুলি কৈছে।
(গ) মােমায়েকৰ ঘৰলৈ মাকে ডাংবৰলাক কিয় যাবলৈ কৈছিল আৰু হাতত কি দি পঠাইছিল?
উত্তৰঃ ডাংবৰলাৰ মোমায়েকৰ জীয়েক হেমীৰ এটা ল'ৰা জন্মিছিল। সেই খবৰটো ল'বৰ বাবে মাকে ডাংবৰলাক মােমায়েকৰ ঘৰলৈ যাবলৈ কৈছিল। ডাংবৰলা মোমায়েকৰ ঘৰলৈ যাবলৈ মাকে হাতত ৰূপৰ দুটকা দি পঠাইছিল।
(ঘ) ডাংবৰলাই কেঁচুৱাৰ নাকটোক কাৰ নাকৰ দৰে হােৱা বুলি ৰিজনি দিছিল?
উত্তৰঃ ডাংবৰলাই কেঁচুৱাৰ নাকটোক বাপেকৰ নাকৰ দৰে হােৱা বুলি ৰিজনি দিছিল।
(ঙ) কোন মাহত ডাংবৰলা মােমায়েকৰ ঘৰলৈ গৈছিল আৰু কিয়?
উত্তৰঃ মাঘ মাহত ডাংবৰলা মােমায়েকৰ ঘৰলৈ গৈছিল। মোমায়েকৰ জীয়েক হেমীৰ ল'ৰা সন্তান জন্ম হোৱাৰ বাবে খবৰ ল'বৰ বাবে গৈছিল।
(চ) ডাংবৰলাই মােমায়েকৰ ঘৰত কিয় নেথাকিলে?
উত্তৰঃ ডাংবৰলাই হেমীৰ সন্তানটি কোলাত লওতে কেচুৱাটোৱে কান্দিছিল। তেতিয়া তাত থকা মহিলাসকলে ডাংবৰলাক দিয়া মন্তব্যই তাৰ মনত আঘাত দিছিল। সেইবাবে ডাংবৰলাই মােমায়েকৰ ঘৰত নেথাকিলে।
(ছ) পিছৰ দিনা ডাংবৰলাৰ মাকে কিহত উঠি ককাইদেউৰ ঘৰলৈ গৈছিল?
উত্তৰঃ পিছৰ দিনা ডাংবৰলাৰ মাকে গৰুৰ গাড়ীত উঠি ককাইদেউৰ ঘৰলৈ গৈছিল।
(জ) ‘ডাংবৰলাৰ কেঁচুৱা দর্শন’ পাঠটিৰ লেখক কোন?
উত্তৰঃ ‘ডাংবৰলাৰ কেঁচুৱা দর্শন’ পাঠটিৰ লেখক হ'ল যতীন্দ্ৰ নাথ দুৱৰা।
২। ডাংবৰলাৰ মােমায়েকৰ ঘৰখনৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ ডাংবৰলাৰ মােমায়েকৰ ঘৰখন আটোম টোকাৰি। মাটিয়ে বাৰীয়ে মোমায়েক গাওঁখনৰ ভিতৰতে এজন আঢ্যৱন্ত লোক। গোহালীত গৰু, পুখুৰীত মাছ, বাৰীত শাক-পাচলি। সকলো আছে। একোৰে অভাৱ নাই। মাহতলি, সৰিয়হতলি নদন বদন। কাৰোৰে ওচৰত হাত পাতিব নালাগে। সৰিয়হখিনিও ঘৰতে পেৰি লয়। ঘৰত কেইবাখনো তাঁতশাল আছে। ঘৰৰ আটাই কেইজনি তিৰোতাই কাজী। তেওঁলোকে ঘৰৰ অন্য কাম-কাজ কৰাৰ ওপৰিও তাঁতশালো বয়।
৩। গল্পটিৰ কোনটি চৰিত্ৰই তােমাৰ মনত হাঁহিৰ খােৰাক যােগায় বুলি ভাবা? সেই চৰিত্ৰটিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ গল্পটিত ডাংবৰলাৰ চৰিত্ৰই মোৰ মনত হাঁহিৰ খোৰাক যোগাইছে। ডাংবৰলা এটা সহজ-সৰল ডেকা। কিন্তু তাৰ কাম-বন কৰিবলৈ বৰ এলাহ। আনকি মাকে বাৰে বাৰে কৈ থকাৰ পাছতো তাৰ বিয়া কৰাবলৈও এলাহ। ডাংবৰলা বৰ অজলা ল'ৰা। মানুহৰ লগত কথা-বতৰা পতাৰ সময়ত তাৰ মনত এক সংকোচ ভাৱ থাকে। কিছুমান মানুহৰ কিছুমান কথা বতৰা বুজি পোৱাত ডাংবৰলাৰ অসুবিধা হয়। ডাংবৰলাই কিছুমান পৰিস্থিতিত পৰি প্ৰায়ে মানুহে হাঁহা কাম কৰে।
৪। ডাংবৰলাৰ মাক কেনেধৰণৰ তিৰােতা আছিল? বিশ্লেষণ কৰা।
উত্তৰঃ ডাংবৰলাৰ মাক স্বজনৰ প্ৰতি দায়িত্বশীল, কমকৈ কথা কোৱা আৰু অলপ অভিমানী প্ৰকৃতিৰ মহিলা আছিল। তেওঁৰ পুতেকৰ প্ৰতি থকা দায়িত্বৰ কথা অনুভৱ কৰিয়েই তেওঁ পুতেকৰ বিয়াৰ কথা পুতেকৰ লগত আলোচনা কৰিছিল। কিন্তু ডাংবৰলাই বিয়া পাতিবলৈ মন নকৰাৰ বাবে মাকে আৰু সেই বিষয়ে তাৰ লগত আলোচনা কৰা নাছিল। আত্মীয়-স্বজনৰ ভাল-বেয়া খবৰ লোৱাটো সকলোৰে কৰ্তব্য। ডাংবৰলাৰ মোমায়েকৰ জীয়েকৰ ল'ৰা সন্তান এটি জন্ম হোৱাৰ বাবে ডাংবৰলাৰ মাকে ডাংবৰলাক খবৰ এটা ল'বৰ বাবে মোমায়েকৰ ঘৰলৈ পঠিয়াইছিল। ডাংবৰলা তাৰ পৰা আহি মাকক মোমায়েকৰ ঘৰৰ একো খবৰ নিদিয়াৰ বাবে ডাংবৰলাৰ মাক নিজে গৰুৰ গাড়ীত উঠি মোমায়েকৰ ঘৰৰ খবৰ ল'বলৈ গৈছিল। এই কথাবোৰৰ পৰাই গম পোৱা যায় যে ডাংবৰলাৰ মাক এগৰাকী দায়িত্ববোধ তথা কৰ্তব্যবোধ থকা তিৰোতা।
৬। “আও! বৰ ডাঙৰ কথা হ’ল, হাইঠা মাটিত পৰিল। আজি নহা মানুহ আহিল! বােলাে দুৱাৰ মুখৰ বগৰি জেং কোনে গুচালে?” — কোনে কাক কিয় এনেদৰে কৈছে বুজাই লিখা।
উত্তৰঃ উক্ত কথাষাৰ সুমী অৰ্থাৎ সুমলাই ডাংবৰলাক কৈছিল। ডাংবৰলা বহুদিন ধৰি মোমায়েকৰ ঘৰলৈ যোৱা নাই। ডাংবৰলাৰ মোমায়েকৰ জীয়েক হেমীৰ ল'ৰা সন্তানটি জন্ম হোৱাৰ বাবে ডাংবৰলাৰ মাকে ডাংবৰলাক মোমায়েকৰ ঘৰলৈ খবৰ এটা ল'বলৈ পঠাইছিল। বহুদিন ধৰি মোমায়েকৰ ঘৰলৈ নহা ডাংবৰলাক দেখি সুমলাই হাইঠা মাটিত পৰিল বুলি কৈছিল। কাৰণ হাইঠা সাধাৰণতে মাটিত নপৰে। গতিকে হাইঠা মাটিত পৰাটো এক ব্যতিক্ৰমী কথা। সেইদিনা ডাংবৰলাক সিহঁতৰ ঘৰলৈ অহা দেখি সুমলাৰ মনলৈ এক ব্যতিক্ৰমী ভাব হৈছিল।
৭। “এওঁলােক অবাল ব্রহ্ম। এওঁলােকৰ লগে লগে গােসাঁই ফুৰে। এওঁলােকে সকলাে জানে, সকলাে বুজে মাথােন ক’বহে নােৱাৰে।” – কথাষাৰ কোনে কি প্রসঙ্গত কৈছিল বুজাই লিখা ।
উত্তৰঃ উক্ত কথাষাৰ ডাংবৰলাৰ মোমায়েকৰ ঘৰলৈ অহা গোপীনি এগৰাকীয়ে কৈছিল। ডাংবৰলাই হেমীৰ ল'ৰাটোক লওঁতে ল'ৰাটোৱে কন্দাৰ প্ৰসংগত উক্ত কথাষাৰ কৈছিল। ডাংবৰলাই কেচুৱাটোক কোলাত লওতে কেচুৱাটোৱে চেৰেউ চেৰেউকৈ কান্দিবলৈ ধৰিলে। তেতিয়া হেমীয়ে কেচুৱাটোক নিজৰ কোলাত লৈ গৈছিল। তাৰ কিছু মুহূৰ্তৰ পিছতেই এগৰাকী মহিলাই কেচুৱাটোৱে মানুহ চিনি পায় বুলি কৈছিল। আকৌ এগৰাকী মহিলাই কেচুৱাটোৰ গাত গোসাঁই থকা বুলি কৈছিল যাৰ বাবে কেচুৱাটোৱে মানুহ চিনি পায় বুলি মন্তব্য দি আনগৰাকী মহিলাৰ কথাত সমৰ্থন কৰিছিল। তেতিয়াই অন্য এগৰাকী মহিলাই উক্ত কথাষাৰ কৈ দুয়োগৰাকী মহিলাক সমৰ্থন কৰিছিল।
৮। পাঠটিৰ মাজেৰে অসমীয়া সমাজ-জীৱনৰ চিত্ৰ কিদৰে প্রতিফলিত হৈছে?
উত্তৰঃ ডাংবৰলাৰ কেঁচুৱা দৰ্শন পাঠটিত অসমীয়া সমাজ জীৱনৰ কিছু সুন্দৰ চিত্ৰ প্ৰতিফলিত হৈছে। আমাৰ অসমীয়া সমাজ ব্যৱস্থাত বিপদে আপদে ইজনে আন জনক ভাল-বেয়াৰ খবৰ লয়। হেমীৰ ল'ৰা এটা হোৱাৰ খবৰ পাই ডাংবৰলাৰ মাকে ডাংবৰলাক খবৰ ল'বৰ বাবে পঠাই দিছিল। ইয়াৰ দ্বাৰা অসমীয়া সমাজৰ মিলা-প্ৰীতি, বুজা-বুজি আদিৰ এক সুন্দৰ ছবি প্ৰতিফলিত হৈছে। অসমীয়া সমাজত মানুহৰ ঘৰে ঘৰে শাকৰ বাৰী, সৰিয়হৰ বাৰী, গৰু ছাগলী, হাঁহ-কুকুৰা আদি পোহা দেখা যায়। ডাংবৰলাৰ মোমায়েকৰ ঘৰৰ পৰিৱেশটোৰ পৰা অসমীয়া সমাজৰ ছবি প্ৰতিফলিত হয়। অসমীয়া সমাজ ব্যৱস্থা হ'ল গাওঁ কেন্দ্ৰিক। য'ত খুৰা-খুৰী, ককা-আইতা, মামা-মামী, পেহা-পেহী আদি সকলো একেলগে যৌথ পৰিয়াল হিচাপে বাস কৰে। অসমীয়া সমাজ ব্যৱস্থাত বিভিন্ন ৰীতি-নীতি, অন্ধবিশ্বাস, নাম-প্ৰসংগ, লোকাচাৰ আদিৰ প্ৰচলন আছে। ডাংবৰলাৰ কেঁচুৱা দৰ্শন পাঠটিৰ জৰিয়তে এই ব্যৱস্থাৰ এক সুন্দৰ ছবি প্ৰতিফলিত হয়।
৯। চমুটোকা লিখা—
(ক) হেমী
উত্তৰঃ হেমী হ'ল ডাংবৰলাৰ মোমায়েকৰ জীয়েক। তাইৰ এটা ল'ৰা সন্তান আছিল। সেই খবৰ ল'বৰ বাবে ডাংবৰলা মোমায়েকৰ ঘৰলৈ গৈছিল। ডাংবৰলা হেমীৰ দেউতাকৰ ঘৰত যোৱা দিনাই তাত তেওঁলোকে গোপিনী নাম অনুষ্ঠিত কৰিছিল। নামৰ সময়ত হেমীৰ ল'ৰাটোক ডাংবৰলাই নিজৰ কোলাত লোৱাত কেচুৱাটোৱে চেৰেউ চেৰেউকৈ কান্দিব ধৰাত হেমীয়ে কেচুৱাটোক পুনৰ নিজৰ কোলাত লৈছিল।
(খ) সুমি
উত্তৰঃ সুমি হ'ল ডাংবৰলাৰ মোমায়েকৰ ঘৈনিয়েক আৰু হেমীৰ মাক। অৰ্থাৎ ডাংবৰলাৰ মামীয়েক। সুমিৰ আচল নামটো হ'ল সুমলা। বহুদিন ধৰি মোমায়েকৰ ঘৰলৈ নোযোৱা ডাংবৰলা হেমীৰ কেচুৱা হোৱা খবৰটো ল'বৰ বাবে মোমায়েকৰ ঘৰলৈ গৈছিল। বহুদিনৰ মূৰত ডাংবৰলাক মোমায়েকৰ ঘৰলৈ অহা দেখি সুমি অৰ্থাৎ সুমলাই হাইঠা মাটিত পৰিল বুলি কৈছিল।
(গ) মােমাইদেউ
উত্তৰঃ মােমাইদেউ মাটিয়ে বাৰীয়ে গাওঁখনৰ ভিতৰতে এজন আঢ্যৱন্ত লোক। গোহালীত গৰু, পুখুৰীত মাছ, বাৰীত শাক-পাচলি। সকলো আছে। একোৰে অভাৱ নাই। মাহতলি, সৰিয়হতলি নদন বদন। কাৰোৰে ওচৰত হাত পাতিব নালাগে। সৰিয়হখিনিও ঘৰতে পেৰি লয়।
(ঘ) ডাংবৰলা
উত্তৰঃ ডাংবৰলা এটা সহজ-সৰল ডেকা। কিন্তু তাৰ কাম-বন কৰিবলৈ বৰ এলাহ। আনকি মাকে বাৰে বাৰে কৈ থকাৰ পাছতো তাৰ বিয়া কৰাবলৈও এলাহ। ডাংবৰলা বৰ অজলা ল'ৰা। মানুহৰ লগত কথা-বতৰা পতাৰ সময়ত তাৰ মনত এক সংকোচ ভাৱ থাকে। কিছুমান মানুহৰ কিছুমান কথা বতৰা বুজি পোৱাত ডাংবৰলাৰ অসুবিধা হয়। ডাংবৰলাই কিছুমান পৰিস্থিতিত পৰি প্ৰায়ে মানুহে হাঁহা কাম কৰে।
১। এইখন মােৰ কিতাপ।/ৰহিলা তােমাৰ ভনী হয়নে?— ‘মােৰ’, ‘তােমাৰ’—এইবােৰ সম্বন্ধ বাচক পদ। পাঠটিত থকা এনে সম্বন্ধ বাচক পদবােৰ বাচি উলিয়াই এখন তালিকা প্রস্তুত কৰা।
- মোৰ
- আপোনাৰ
- সিহঁতৰ
- আপোনালোকৰ
- তাক
- তোমালোকক
- তেওঁ
২। যতি চিহ্ন ব্যৱহাৰ কৰা—
- (ক) মাইদেৱে মাহীদেউক ক’লে, "ই ল’ৰা মানুহ, ইয়াক কেলেই সুধিছিল? সি কি বুজে!"
- (খ) তেওঁ ভিতৰলৈ মাত লগালে— "অ’ সুমি! সুমি! চাও, ককায়েৰ আহিছে। ওলাই আহ।"
৩। ভাব বহলাই লিখা—
(ক) হাইঠা মাটিত পৰিল।
উত্তৰঃ হাইঠা সাধাৰণতে মাটিত নপৰে। কেতিয়াবা মাটিত পৰাটো ব্যতিক্ৰম। তেনে হ'লে এক বিশেষ আৰু কোনেও আশা নকৰা কথা বুলি অভিহিত হয়। প্ৰায়ে মানুহৰ ক্ষেত্ৰত এই বাক্যটো এক আশা নকৰা আৰু ব্যতিক্ৰম কাৰ্যত ব্যৱহাৰ কৰা হয়। কোনো মানুহে এদিনো নোযোৱা বা এদিনো নকৰা কাম এটা কৰিলে তাক 'হাইঠা মাটিত পৰিল' বুলি অভিহিত কৰা হয়। হাইঠা সাধাৰণতে মাটিত নপৰে। যদিহে এদিন হঠাতে হাইঠা মাটিত পৰে তেতিয়াহ'লে সকলোৰে বাবে ব্যতিক্ৰমী কথা হয়। ঠিক মানুহৰ ক্ষেত্ৰতো একেই হয়।
(খ) মাকতকৈ জীয়েক কাজী, ঢেঁকীৰ থােৰাৰে বটে পাঁজি।
উত্তৰঃ বোৱা-কটা কামত পাকৈত তিৰোতাক 'কাজী' বুলি কোৱা হয়। তিৰোতাসকলে সাধাৰণতে নিজৰ ল'ৰা-ছোৱালীক সেই কাম শিকায়। কিন্তু কেতিয়াবা কামটো ভালকৈ নিশিকাকৈ মাকতকৈ বেছি ওস্তাদি দেখাবলৈ যায়, যাৰ ফলত কামটো বেয়া হয় আৰু নিজেও হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হয়। শিপিনীয়ে সাধাৰণতে শলা-কাঠিৰে পাঁজি বয়। যদি বেছি ওস্তাদি দেখাবলৈ গৈ শলা-কাঠিৰ সলনি ঢেঁকীৰ থোৰা ব্যৱহাৰ কৰে, তেনেহ'লে তাৰ মূৰ্খামি সকলোৱে দেখিব আৰু সি হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হ'ব। বাক্যশাৰীয়ে সাধাৰণতে কোনো এটা কাম ভালকৈ নিশিকি ওস্তাদি দেখাবলৈ যোৱা মানুহবোৰৰ কথা বুজাইছে।
৪। বাক্য ৰচনা কৰা—
- নদন-বদনঃ মিনাৰ ঘৰখন চাৰিওফালে নদন-বদন সৰিয়হৰ খেতি।
- সাতে-সোঁতেৰেঃ কৈ থাকি আৰু একো লাভ নাই, সাতে-সোঁতেৰে মুঠতে সি আৰু আমাৰ লগত ফুৰিবলৈ নাযায়।
- আটোমটোকাৰিঃ ৰামৰ ঘৰখন বৰ আটোমটোকাৰি।
- ডাংবৰলাঃ ডাংবৰলা এটা সহজ-সৰল ডেকা।
- শেনৰ এজাতঃ (বাক্য সজাৰ বাবে পাঠত পৰ্যাপ্ত তথ্য নাই)
- শাম কটাঃ যোৱাকালিৰে পৰা পৰি থকা বৰষুণজাকে আজিহে শাম কাটিছে।
Related Chapters
Explore more chapters of Class 8 Assamese .