হাঁহি
ক্ৰিয়া কলাপ
১। চমু উত্তৰ দিয়া ঃ
(ক) হাঁহি পাঠটিৰ ৰচক কোন?
উত্তৰঃ হাঁহি পাঠটিৰ ৰচক হৈছে জ্ঞানদাভিৰাম বৰুৱা।
(খ) আমাৰ শৰীৰটোৰ ভাল - বেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ আমাৰ শৰীৰটোৰ ভাল-বেয়া হজম শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।
(গ) লিখকে কিমান চনত আমেৰিকাৰ পৰা ওলােৱা ন - ভাবৰ কিতাপবােৰ পঢ়িছিল?
উত্তৰঃ লিখকে ১৯০৪ চনত আমেৰিকাৰ পৰা ওলোৱা ন-ভাৱৰ কিতাপবোৰ পঢ়িছিল।
(ঘ) কোন বিলাক মানুহে নির্ভয়ে হাস্পাতাললৈ গৈছিল ?
উত্তৰঃ আমেৰিকা-ইউৰোপৰ মানুহে নিৰ্ভয়ে হাস্পাতাললৈ গৈছিল।
(ঙ) লিখকে উল্লেখ কৰা গপটোত আমেৰিকাৰ বেমাৰি জনে কেতিয়া হাঁহিছিল বুলি কৈছে ?
উত্তৰঃ যেতিয়া এজন মানুহে বেমাৰীৰ বিছনাৰ ওচৰলৈ গৈ পুৱাই হাঁহিছিল, তেতিয়া বেমাৰীজনে সেই মানুহজনৰ মুখলৈ একেথৰে চাইছিল আৰু ভাবিছিল— মানুহটোৱে কিয় হাঁহে। কেইবাদিনৰ পাছত মানুহটোৱে এনেকৈ হাঁহি থকা দেখি বেমাৰীজনেও হাঁহিছিল।
(চ) আৰ্চি চাই লিখকে কিমান মিনিট সময় হাঁহিব দিছে ?
উত্তৰঃ আৰ্চি চাই লিখকে এক মিনিটৰ পৰা দুই মিনিটৰ ভিতৰত হাঁহিব দিছে।
(ছ) লেখকে বাটৰুৱা জনক কি খােৱাৰ কথা কৈছিল ?
উত্তৰঃ লেখকে বাটৰুৱা জনক চাহ-পানী খোৱাৰ কথা কৈছিল।
(জ) লিখকৰ আলহীজনৰ বয়স কিমান আছিল ?
উত্তৰঃ একসত্তৰ বছৰ।
২। পাঠটিৰ আধাৰত হাঁহিৰ উপকাৰিতাৰ বিষয়ে লিখা ।
উত্তৰঃ হাঁহিলে যকৃত আদিৰ ক্ৰিয়া ভাল হয়, তেজৰ ক্ৰিয়া ভাল হয়, হজম শক্তি বাঢ়ে। হজম শক্তিৰ ওপৰতে আমাৰ শৰীৰৰ ভাল-বেয়া নিৰ্ভৰ কৰে। যি খাদ্য খোৱা হয়, সেয়া যদি সুন্দৰভাৱে হজম কৰিব পাৰি, তেন্তে কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে। হাঁহিলে হজম শক্তি বৃদ্ধি পায় আৰু মন প্ৰফুল্ল হয়।
৩। ডাক্তজনে বেমাৰী জনলৈ কি দৰব ধার্য কৰিছিল ?
উত্তৰঃ ডাক্তৰে বেমাৰী জনলৈ 'হাঁহি'কে দৰব হিচাপে ধাৰ্য কৰিছিল।
৪। লিখকে কোনবােৰ ঠাইত নেহাঁহিবা বুলি কৈছে ?
উত্তৰঃ লিখকে গোঁসাই সেৱা কৰিবলৈ যাওঁতে, পঢ়াশালিত, আৰু যিবোৰ ঠাইত সামাজিক নিয়ম আছে সেইবোৰ ঠাইত নেহাঁহিবলৈ কৈছে।
৫। জ্ঞানদাভিৰাম বৰুৱা অসম সাহিত্য সভাৰ কোনখন অধিবেশনৰ সভাপতি আছিল ?
উত্তৰঃ জ্ঞানদাভিৰাম বৰুৱা অসম সাহিত্য সভাৰ ১৯৩৩ চনত উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হোৱা অধিবেশনৰ সভাপতি আছিল।
৬। “ খুব হাঁহিবা , যেতিয়াই সুবিধা পােৱা তেতিয়াই হাঁহিবা । ” – কোনে কেতিয়া কাক কৈছিল ?
উত্তৰঃ উক্ত কথাষাৰ লেখকে (জ্ঞানদাভিৰাম বৰুৱা) বাটৰুৱা জনক কৈছিল।
৭। প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা
(ক) “ কান্দি চকুত পানী অনাতকৈ হাঁহি চকুত পানী অনা ভাল । ”
উত্তৰঃ উক্ত বাক্যশাৰী "ভাৰতী সাহিত্য চয়ন" পাঠ্যপুথিৰ অন্তৰ্গত জ্ঞানদাভিৰাম বৰুৱাদেৱৰ দ্বাৰা ৰচিত "হাঁহি" পাঠটিৰ পৰা তুলি লোৱা হৈছে। লেখকে উক্ত বাক্যশাৰীৰ দ্বাৰা কৈছে যে হাঁহি আমাৰ শৰীৰৰ বাবে বহু উপকাৰী। সেই কাৰণে আমি কান্দি চকুপানী অনাতকৈ যদি হাঁহিৰ দ্বাৰা চকুপানী আনিব পাৰোঁ, সেয়া আমাৰ বাবে লক্ষ গুণে ভাল।
(খ) “ খুব হাঁহিবা , যেতিয়াই সুবিধা পােৱা তেতিয়াই হাঁহিবা । ”
উত্তৰঃ উক্ত বাক্যশাৰী "ভাৰতী সাহিত্য চয়ন" পাঠ্যপুথিৰ অন্তৰ্গত জ্ঞানদাভিৰাম বৰুৱাদেৱৰ দ্বাৰা ৰচিত "হাঁহি" পাঠটিৰ পৰা তুলি লোৱা হৈছে। উক্ত বাক্যশাৰীৰ দ্বাৰা লেখকে কৈছে যে আমাৰ শৰীৰ ভালে ৰাখিবৰ বাবে, মন প্ৰফুল্ল কৰি ৰাখিবৰ বাবে যেতিয়াই সুবিধা পোৱা তেতিয়াই হাঁহি থকা উচিত।
৮। লিখকে বয়সীয়াল মানুহৰ লগত কথা পতাটো কিহৰ লগত তুলনা কৰিছে ?
উত্তৰঃ লিখকে বয়সীয়াল মানুহৰ লগত কথা পতাটো উচ্চ শিক্ষা গ্ৰহণ কৰাৰ লগত তুলনা কৰিছে।
ভাষা বিচাৰ
১। এটা শব্দত প্ৰকাশ কৰা-
- (ক) যিয়ে কাকোৱে ভয় নকৰে - নিৰ্ভয়
- (খ) বাটেৰে গৈ থকা মানুহ - বাটৰুৱা
- (গ) মন মাৰি থকা - বিমৰ্ষ
- (ঘ) এক হাজাৰ গুণৰ সমাহাৰ - সহস্ৰগুণ
- (ঙ) মন আনন্দিত কৰি ৰখা - প্ৰফুল্ল
২। বিপৰীত শব্দ লিখা-
- সুন্দৰ - কুৎসিত
- প্ৰফুল্ল - বিমৰ্ষ
- হাঁহি - কান্দোন
- উপকাৰিতা - অপকাৰিতা
- উচ্চ - নিম্ন
- বিষাদ - হৰ্ষ
৩। প্ৰতিশব্দ লিখা (দুটাকৈ)-
- তেজ = ৰক্ত, শোণিত
- আৰ্চি = আইনা, মুকুৰ
- দেৱাই = দৰৱ, ঔষধ
- সঙ্গী = লগৰীয়া, সহচৰ
- ৰং = বৰণ, ৰহণ
৪। সন্ধি ভাঙি দেখুওৱা-
- সময়োচিত - সময় + উচিত
- কথা-বাৰ্তা - কথা + আবাৰ্তা
- পৰীক্ষা - পৰি + ঈক্ষা
- উপদেশপূৰ্ণ - উপদেশ + পূৰ্ণ
৫। সমাস কাক বোলে? সমাস কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ লগ লাগি একেলগে এক পদ হোৱাকে সমাস বোলে। সমাস ছয় প্ৰকাৰৰ। সেইকেইটা হ'ল—
- দ্বন্দ্ব সমাস,
- দ্বিগু সমাস,
- বহুব্ৰীহি সমাস,
- কৰ্মধাৰয় সমাস,
- তৎপুৰুষ সমাস,
- অব্যয়ীভাৱ সমাস।
Comments
No comments yet. Be the first!