ধৰ ঝাড়ুধৰ ভাই

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Assamese

ক্ৰিয়া কলাপ

১। অতি চমু উত্তৰ দিয়াー

(ক) অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম ক'ত হৈছিল?

উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম বৰপেটা জিলাত হৈছিল।

(খ) 'ধৰ ঝাডু ধৰ ভাই' কবিতাটিৰ পটভূমি কি?

উত্তৰঃ 'ধৰ ঝাডু ধৰ ভাই' কবিতাটিৰ পটভূমি জেইলখানা (কাৰাগাৰ)।

(গ) কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কাৰাবাস খাটিছিল?

উত্তৰঃ ১৯২১ চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কাৰাবাস খাটিছিল।

(ঘ) অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছে?

উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীক 'অসম কেশৰী' আখ্যা দিয়া হৈছে।

(ঙ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাডু ধৰিবলৈ কৈছে?

উত্তৰঃ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে 'বীৰ বেশেৰে' ঝাড়ু ধৰিবলৈ কৈছে।

(চ) সাতাম পুৰুষীয়া ‘সােণৰ চোতাল ঘৰ’ কিহেৰে পােত খাই থকা বুলি কৈছে?

উত্তৰঃ সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ বহু যুগৰ 'ভুহুৰ' পৰি পোত খাই থকা বুলি কৈছে।

(ছ) “পূজা দিলি পৰ চৰণত”–ইয়াত কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কৈছে?

উত্তৰঃ ইয়াত কবিয়ে ব্ৰিটিছৰ চৰণত পূজা দিয়া কথা কৈছে।

২। কবিতাটিৰ মাজেৰে কবিৰ স্বদেশ প্রীতিৰ ভাব কেনেদৰে প্ৰকাশ পাইছে?

উত্তৰঃ “ধৰ ঝাড়ু ধৰ ভাই” কবিতাটিৰ মাজেৰে কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ তীব্র স্বদেশ প্রীতি আৰু জাতীয় চিন্তা প্রকাশ পাইছে। বৃটিছৰ পদানত হৈ থাকিবলগীয়া হােৱাটো কবিয়ে সহ্য কৰিব পৰা নাছিল। পৰাধীনতাই যেন স্বদেশৰ মুখত কাজল ছাই সানি দিছে। ইমান দিনে স্বদেশৰ মানুহে বৃটিছৰ যি গােলামী কৰিলে, সিহঁতৰ চৰণত পূজা দিলে, তাৰ ওৰ পেলাবলৈ জাতিৰ ঝাড়ুদাৰ হ’বলৈ স্বদেশানুৰাগী কবিয়ে দেশবাসীৰ প্রতি আহ্বান জনাইছে। জাতিটোৰ মানুহৰ মাজত থকা হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা-ঘৃণী, স্বার্থপৰতা, ভেম আদি মলি-মামৰৰ চেপাত জাতিৰ জীৱনটোৱে ইতস্ততঃ বুলি কবিয়ে অনুভৱ কৰিছে। এনেকুৱা মলি-মামৰবােৰ বীৰ বেশেৰে চাফা কৰি জাতিৰ জীৱন মনােহৰ কৰাৰ বাবেও তেওঁ সকলােৰে প্রতি আহ্বান জনাইছে। এনে নকৰিলে বিশ্বৰ স্বাধীন, উন্নত আৰু সুসভ্য দেশৰ লগত একেখাটিত আমাৰ জাতিটোৱে যে থিয় হ’ব নােৱাৰিব, সেই বিষয়েও কবিয়ে সকিয়াই দিছে। ওপৰৰ কথাবােৰৰ মাজতেই কবিৰ স্বদেশ প্রীতিৰ ছবিখন আমি দেখিবলৈ পাওঁ।

৩। “নহ'লে যে বিশ্ব সভাত / নহ'ব তােৰ বহাৰ ঠাই” – বিশ্ব সভা মানে কি বুজাইছে? বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ আহ্বান জনাইছে?

উত্তৰঃ 'বিশ্ব সভা' মানে বিশ্ব দরবার বা বিশ্বৰ সভ্য জাতিসমূহৰ মাজত থকা স্থানক বুজাইছে। বিশ্ব সভাত ঠাই পাবলৈ কবিয়ে অসমীয়া জাতিক বীৰ বেশেৰে ঝাড়ু ধৰি নিজৰ মাজৰ মলি-মামৰ (হিংসা, দ্বেষ, ভেদাভেদ আদি) চাফা কৰিবলৈ আহ্বান জনাইছে।

৪। “হিংসা দ্বেষ, ভেদাভেদ / ঘৃণা-ঘৃণী স্বার্থ-ভেমৰ / কত যে কি মলি-মামৰ / ভৰি জাতিৰ জীৱন যায়।” – কবিতাফাকিৰ ভাব মােকোলাই লিখা।

উত্তৰঃ হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা-ঘৃণী, স্বার্থ-ভেম আদি অতি বেয়া গুণ। এই বেয়া গুণবােৰে মানুহক নষ্ট কৰে আৰু তেনে মানুহে সভ্য, ভদ্র, উন্নত মানুহৰ সমাজত আদৰ নাপায়। কোনাে এটা জাতিৰ সৰহভাগ মানুহৰ গাত এই বেয়া গুণবােৰ থাকিলে তাৰ ফলত গােটেই জাতিটোৰ শ্ৰীহানি হয় আৰু ই জাতিটো নষ্ট কৰে। তেনেকুৱা জাতিয়ে পৃথিৱীৰ সভ্য, ভদ্র, উন্নত জাতিৰ মাজত স্থান নাপায়। কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দৃষ্টিত আমাৰ জাতিটোৰ মানুহৰ মাজত থকা এই বেয়া গুণবোৰে জাতিটোৰ সৌন্দর্য হানি কৰাৰ লগতে ইয়াক মৃতপ্রায় কৰি তুলিছে। সেয়েহে, স্বদেশানুৰাগী কবিগৰাকীয়ে এই বেয়া গুণবােৰ সাৰি-পুছি চাফা কৰি আমাৰ জাতিটোক পৃথিৱীৰ আন উন্নত জাতিৰ সৈতে একেলগে বহিব পৰা কৰি তুলিবলৈ সকলােৰে প্রতি আহ্বান জনাইছে।

৫। কবিতাটিৰ মূলভাব লিখা।

উত্তৰঃ কবিতাটিৰ মাজেৰে দেশপ্ৰেম, জাতীয় চিন্তা, হিংসা-দ্বেষৰ বিৰুদ্ধে এক প্ৰকট ৰূপত প্ৰকাশ পাইছে। বহু বছৰ ধৰি আমাৰ দেশ বৃটিছৰ অধীনত আছিল। পৰাধীনতাৰ গ্লানি কবিয়ে সহ্য কৰিব পৰা নাছিল। সেয়েহে আমি যেনেকৈ ঝাড়ুৰে আমাৰ ঘৰ-চোতাল সাৰি-পুছি চাফা কৰোঁ, ঠিক তেনেকৈ আমাৰ জাতিৰ মাজত থকা হিংসা, ভেদাভেদ, পাৰস্পৰিক ঘৃণাভাৱ দূৰ কৰিবলৈ তেওঁ আহ্বান জনাইছে। দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি আমাৰ দেশক বিশ্ব দরবাৰত স্বাধীন দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উদ্দাত্ত কণ্ঠেৰে জাগি উঠিবলৈ কৈছে। পৰৰ গোলামী কৰি মুখত কাজল ছাই খাই আৰু অনুগ্ৰহ ভিক্ষা মাগি থকাৰ সময় এতিয়া নাই। কবিয়ে জাতিক বীৰ বেশেৰে ওলাই আহি নিজৰ মাজৰ মলি-মামৰ চাফা কৰিবলৈ আহ্বান জনাইছে।

ভাষা বিচাৰ

১। তলৰ শব্দবােৰত মুর্ধন্য 'ণ' হােৱাৰ কাৰণ দর্শোৱা—

  • ঘৃণা – একেটা পদত থকা ক-বৰ্গৰ (ঘ) পিছত থকা দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
  • সোণ – কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য 'ণ' হয়।
  • ঋণে – একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
  • কোণ – কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য 'ণ' হয়।
  • তৃণ – একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।

২। তলৰ খালী ঠাইবােৰত উপযুক্ত শব্দ বহুওৱা—

  • (ক) নিজ দেশত থাকি জাতিৰ বিৰুদ্ধে বিদেশী শত্ৰুৰ লগত মিতিৰালি কৰাজনক ঘৰবৈৰী বিভীষণ বুলি কোৱা হয়।
  • (খ) যুদ্ধ ক্ষেত্ৰত সাহসেৰে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াজনক বীৰ বোলে।
  • (গ) অম্বিকাগিৰি ৰায়চৌধুৰী বিপ্লৱী আছিল।

৩। বাক্য সাজা

  • কাজল ছাইঃ এসময়ত ভাৰতীয় লোকে মুখত কাজল ছাই খাই পৰৰ গোলামী কৰিছিল।
  • হীনে ঘিণেঃ ব্ৰিটিছৰ অধীনত ভাৰতীয় লোকে হীনে-ঘিণে কাম কৰিবলগীয়া হৈছিল।
  • ধাৰে-ঋণেঃ ভাৰতীয় লোকে ধাৰে-ঋণে জীৱনটো কটাবলগীয়া হৈছিল।
  • ঘৃণা-ঘৃণীঃ কিছুমান মানুহে আন লোকক ঘৃণা-ঘৃণী চকুৰে চায়।
  • চুকে-কোণেঃ আমাৰ মনৰ চুকে-কোণে যিমান মলি আছে, সেইবোৰ নোহোৱা কৰিব লাগে।


Comments

Log in to leave a comment.

No comments yet. Be the first!