জাতীয় গৌৰৱ

This page provides complete solution for Class 8 Assamese Chapter 10 "জাতীয় গৌৰৱ" of Shankardev Vidya Niketan. Here you will find summary, short questions, long questions, MCQs and important exam questions explained clearly.

All content is prepared according to the latest syllabus and designed to help students achieve high marks in exams.

Shankardev Vidya Niketan Class 8 Assamese Chapter 10 Answer 2026 | জাতীয় গৌৰৱ | Lesson 10 | অধ্যায় ১০ | Class 8 Assamese Question Answer

MAIN CONTENT

শব্দ টোকা

  • কবিকুল = কবিসকল, কবিতা লিখা লোকসকলৰ সমষ্টি।
  • পাহৰণি = মনৰ পৰা বা স্মৃতিৰ পৰা যি শক্তিয়ে আঁতৰাই ৰাখে, যিয়ে পাহৰাই।
  • ৰাক্ষসিনী = দেৱতাৰ শত্ৰু, মানুহৰ অনিষ্টকাৰী জীৱ। ইয়াত জাতীয় গৌৰৱক পাহৰা বা জাতীয় চেতনা নথকা লোকক ভৰ্ৎসনা কৰিবলৈ অপশক্তিক ৰাক্ষসিনী বুলি কৈছে।
  • শ্মশান = মৰিশালি। যি ঠাইত মৃত লোকৰ সৎকাৰ কাৰ্য সম্পন্ন কৰা হয় বা মৰাশ চিতাগ্নিত দাহ কৰা হয়।
  • অনন্ত কন্দলী = এওঁ ষোড়শ শতিকাৰ কবি। আচল নাম শ্ৰীচন্দ্ৰ ভাৰতী। 'কুমাৰ হৰণ কাব্য' আৰু 'শেষ দশম' এওঁৰ উল্লেখযোগ্য পুথি।
  • গুবৰুৱা = গোবৰত উৎপন্ন হোৱা এবিধ পোক, হাতীপোকৰ পখিলা।
  • শ্ৰীধৰ কন্দলি = এওঁ শংকৰদেৱৰ পিছৰ সময়ৰ কবি। 'কাণখোৱা' আৰু 'ঘুনুচা-কীৰ্তন' এওঁৰ দুখন উল্লেখযোগ্য পুথি। এইজনা কবি মূলত বৈষ্ণৱ ভাবাপন্ন আছিল বুলি জনা যায়।
  • মলা = এবিধ বাতি দিয়া সৰু মাটিৰ পাত্ৰ। লোকৰ দ্বাৰা মোহৰা, মোচৰা।
  • ৰাম সৰস্বতী = এওঁ ষোড়শ শতিকাৰ এগৰাকী জনপ্ৰিয় কবি, ভীমসেন কবি চূড়ামণিৰ পুত্ৰ বুলি জনা যায়। জন্ম স্থান কামৰূপৰ পচৰীয়া গাওঁ। অসমীয়া বধকাব্যৰ জনক ৰূপে খ্যাত। 'ভীমচৰিত', 'জঙ্ঘাসুৰ বধ', 'বকাসুৰ বধ', 'কালকুব্জ বধ' আদি এওঁৰ উল্লেখযোগ্য বধকাব্য।
  • কাশীদাস = এওঁ এগৰাকী বঙ্গীয় লিখক।
  • কীৰ্তিবাস = এওঁ এগৰাকী বঙ্গীয় লিখক। বঙালী ভাষাত ৰামায়ণ লিখা এওঁৰ ৰামায়ণক 'কীৰ্তিবাসী ৰামায়ণ' বুলি জনা যায়।
  • মিল্টন = জন মিল্টন এজন বিখ্যাত ইংৰাজ কবি। তেওঁৰ জন্ম হৈছিল ১৬০৪ চনৰ ৯ ডিচেম্বৰত লণ্ডনত। 'পেৰাডাইচ ল'ষ্ট' তেওঁৰ বিখ্যাত গ্ৰন্থ। ১৬৭৪ চনৰ ৮ নৱেম্বৰত এইজনা কবিৰ মৃত্যু হয়।
  • বাইৰণ = ইংলেণ্ডৰ এজন প্ৰখ্যাত ৰোমাণ্টিক কবি। তেওঁৰ জন্ম হৈছিল ১৭৮৮ চনৰ ২২ জানুৱাৰীত। ৱৰ্ডছৱৰ্থ, কীটছ, শ্বেলী আদিৰ সমসাময়িক কবি আছিল লৰ্ড বাইৰণ। ১৮২৪ চনৰ ১৯ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।
  • বচেৰা = সংযুক্ত আৰবৰ এখন দেশ। 'বচেৰা' আৰবৰ এখন উল্লেখযোগ্য স্থান। কবি ৰঘুনাথ চৌধাৰীয়ে তেওঁৰ 'গোলাপ' কবিতাত উল্লেখ কৰিছে যে গোলাপ ফুল আৰবিস্তানৰ বচেৰা ৰাজ্যৰ পৰা লাহে লাহে আহি ভাৰতবৰ্ষত সোমাই প্ৰসিদ্ধি লাভ কৰিছে।
  • চৈতন্য = উৰিষ্যাৰ নবদ্বীপত ১৪৮৬ চনত চৈতন্য মহাপ্ৰভুৰ জন্ম হৈছিল। ষোড়শ শতিকাৰ এইজনা মহাপ্ৰভুক অনুগামীসকলে কৃষ্ণৰ অৱতাৰ স্বৰূপে মানি লয়। আচল নাম বিশ্বম্বৰ। ১৫৩৩ চনত চৈতন্যদেৱৰ মৃত্যু হয়।
  • মাধৱদেৱ = শ্ৰীশ্ৰীমাধৱদেৱ। এওঁৰ জন্ম হৈছিল ১৪৮৯ চনত লখিমপুৰ জিলাৰ লেটেকুপুখুৰীত। শংকৰদেৱৰ প্ৰিয় শিষ্য হিচাপে মাধৱদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। বৰপেটাৰ গণককুচি সত্ৰ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰখ্যাত সত্ৰ। 'নামঘোষা' এওঁৰ জীৱনৰ অনুপম সৃষ্টি। ১৫২২ চনত মহাপুৰুষজনে শংকৰদেৱৰ ধৰ্মত বেলগুৰি সত্ৰত শৰণ লৈছিল। পিছত আহোম ৰজাৰ ৰোষত পৰি কোচবেহাৰলৈ ভটিয়াই যায় আৰু ১৫৯৬ চনত তাতেই দেহত্যাগ কৰে।
  • যশ = কীৰ্তি, খ্যাতি।
  • ভূষণ = অলংকাৰ, সাজ-পাৰ।
  • মহামতি = মহাজ্ঞানী, পণ্ডিত।
  • কুলাচল = ছাগলীমুখীয়া এজন দানৱ। ৰাম সৰস্বতীয়ে ৰচনা কৰা বধকাব্য 'কুলাচল’ত উল্লেখ আছে: কুলাচল আছিল অগস্তি ঋষিৰ দ্বাৰা শাপগ্ৰস্ত এজন দানৱ। তেওঁ ঋষিৰ যজ্ঞত ব্যাঘাত জন্মোৱা বাবে দানৱ হ'বলৈ শাপ দিয়ে; লগতে ইয়াকো আশ্বাস দিয়ে যে তেওঁক কোনো অস্ত্ৰ-শস্ত্ৰই আঘাত হানিব নোৱাৰে আৰু তেওঁৰ ৰাজ্যৰ সীমাৰ ভিতৰত কোনেও তেওঁক মাৰিব নোৱাৰে। পিছত যুধিষ্ঠিৰে কৃষ্ণক স্মৰণ কৰাত কৃষ্ণই সুৰক্ষিত সীমাৰ পৰা আঁতৰাই নি কুলাচলক ধূপকাঠিৰে বধ কৰে।
  • কুৰ্মাৱলী = এখন বধকাব্য। এই বধকাব্যখন সাগৰখৰি দৈৱজ্ঞই ৰচনা কৰা। যজ্ঞৰ ঘোঁৰাৰ কাৰণে দুর্যোধনৰ লগত ৰজা কুৰ্মাৱলীৰ সংঘৰ্ষ হয়। এই যুদ্ধত কৌৰৱ পক্ষৰ পৰাজয় হয়। শেষত ভীষ্মই কুৰ্মাৱলীক বধ কৰে।
  • উলঙ্গ = নগ্ন, নাঙঠ।
  • ধোবা = কাপোৰ ধোৱা লোক, ধুবুনী।
  • নোশোভে = শুৱনি নকৰে, সৌন্দৰ্যশালী নকৰে।
  • চণ্ডীপদ = অষ্টাদশ শতিকাত ৰাজেশ্বৰ সিংহৰ দিনত ৰুচিনাথ কন্দলীয়ে চণ্ডীপদ ৰচনা কৰিছিল। চণ্ডীপদৰ মূল মার্কেণ্ডেয় পুৰাণ যদিও বামন পুৰাণ, কালিকা পুৰাণ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ আদিৰ পৰা পদ সংগ্রহ কৰিছিল।

ক্ৰিয়া কলাপ

১। তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া-

ক) কমলাকান্ত ভট্টাচার্যক কি কবি বুলি জনা যায়?

উত্তৰঃ কমলাকান্ত ভট্টাচার্যক অগ্নিকবি বুলি জনা যায়।

খ) 'জাতীয় গৌৰৱ' কবিতাটি কোনখন পুথিৰপৰা লােৱা হৈছে?

উত্তৰঃ 'জাতীয় গৌৰৱ' কবিতাটি 'চিন্তানল' পুথিৰ পৰা লােৱা হৈছে।

গ) 'ৰাক্ষসিনী’ বুলি কবিয়ে কাক কৈছে?

উত্তৰঃ 'ৰাক্ষসিনী’ বুলি কবিয়ে 'পাহৰণি'ক কৈছে।

ঘ) অসমখনক কবিয়ে কিহৰ লগত তুলনা কৰিছে?

উত্তৰঃ অসমখনক কবিয়ে 'শ্মশান'ৰ লগত তুলনা কৰিছে।

ঙ) ‘মলা’ মানে কি?

উত্তৰঃ ‘মলা’ হ'ল এবিধ বাতিৰে সৰু মাটিৰ পাত্ৰ।

চ) অসমীয়া বধকাব্যৰ জনক কোন?

উত্তৰঃ অসমীয়া বধকাব্যৰ জনক কবি ৰাম সৰস্বতী।

ছ) এগৰাকী বংগীয় কবিৰ নাম লিখা।

উত্তৰঃ এগৰাকী বংগীয় কবিৰ নাম হ'ল কাশীদাস (বা কীৰ্তিবাস)।

জ) অসমীয়া ৰামায়ণ লিখা কবিজন কোন?

উত্তৰঃ অসমীয়া ৰামায়ণ লিখা কবিজন মাধৱ কন্দলি।

ঝ) 'বচেৰা সন্তান' বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ 'বচেৰা সন্তান' বুলি অসমৰ বুৰঞ্জী, অসমৰ ভাষা-সাহিত্যৰ জ্ঞান নথকা, অনন্ত কন্দলি, ৰাম সৰস্বতী, শংকৰদেৱ-মাধৱদেৱ আদি মহান পুৰুষৰ বিষয়ে নজনা পশ্চিমীয়া সংস্কৃতি আদৰি লোৱা নতুন প্ৰজন্মৰ কথা কোৱা হৈছে।

ঞ) 'কুলাচল’ কাব্যৰ ৰচয়িতা কোন?

উত্তৰঃ 'কুলাচল’ কাব্যৰ ৰচয়িতা ৰাম সৰস্বতী।

২। কবিয়ে কোন বিলাকক অসমৰ জাতীয় গৌৰৱ বুলি কৈছে ?

উত্তৰঃ কবিয়ে বুৰঞ্জী লেখক আৰু অনন্ত কন্দলি, শ্ৰীধৰ কন্দলি, ৰাম সৰস্বতী, মাধৱ কন্দলি, শংকৰদেৱ, মাধৱদেৱকে আদি কৰি অসমৰ ভাষা-সাহিত্য, সংস্কৃতিলৈ অৱদান আগবঢ়োৱা মহাপুৰুষসকলক অসমৰ জাতীয় গৌৰৱ বুলি কৈছে।

৩। অসমত জন্ম লাভ কৰা কবিকুলক কবিয়ে কিয় পাপৰ ফলত জন্ম লাভ কৰা বুলি কৈছে?

উত্তৰঃ অসমত জন্ম গ্ৰহণ কৰা কবিকুলে অসমৰ ভাষা-সাহিত্য সংস্কৃতিলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। কিন্তু বৰ্তমান সময়ত পশ্চিমীয়া সংস্কৃতিৰ আগমনৰ ফলত নতুন প্ৰজন্মই সেইসকল মহান পুৰুষৰ কথা যেন পাহৰিব ধৰিছে। তেওঁলোকে শেলী, মিল্টন, বাইৰনৰ কবিতা পঢ়ি গৌৰৱবোধ কৰে কিন্তু নিজৰ মাতৃভূমিৰ কবিকুলৰ ৰচনাৰাজি পঢ়িবলৈ আগ্ৰহ নকৰে। কালিদাস বা ঊৰিষ্যাত জন্ম লাভ কৰা চৈতন্যৰ নাম চাৰিওফালে প্ৰচাৰিত, তেওঁলোকৰ নিজ দেশৰ সন্তানসকলক লৈ তেওঁলোক গৰ্বিত। কিন্তু এই ক্ষেত্ৰত অসমৰ মানুহ ব্যতিক্ৰম। অনন্ত কন্দলি, মাধৱ কন্দলি, মাধৱদেৱ, শংকৰদেৱ আদি কৰি কবিকুলক লৈ গৌৰৱ বোধ কৰা বা তেওঁলোকৰ ৰচনা, গীত, কবিতা আদি পঢ়িবলৈ অসমৰ মানুহে গৌৰৱ নকৰে। যদি অনন্ত কন্দলি, মাধৱ কন্দলি, মাধৱদেৱ, শংকৰদেৱ আদি মহাপুৰুষসকল অসমৰ সলনি ঊৰিষ্যা অথবা বংগদেশ আদিৰ দৰে বেলেগ দেশত জন্ম গ্ৰহণ কৰিলেহেঁতেন, তেনেহ'লে তেওঁলোকৰ নাম হয়তো চাৰিওদিশতে প্ৰচাৰ হ'লহেঁতেন। সেইবাবে কবিয়ে অসমত জন্ম লাভ কৰা কবিকুলক পাপৰ ফলত জন্ম লাভ কৰা বুলি কৈছে।

৪। “উহ! পাহৰণি যেন ৰাক্ষসিনী / গিলিলি বহুত অসম গৌৰৱ”— কথাষাৰৰ তাৎপৰ্য বুজাই লিখা।

উত্তৰঃ অসমৰ বুৰঞ্জী, অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ এক গৌৰৱময় অতীত আছে। অসমৰ অতীত গৌৰৱময় হোৱাত অৱদান আগবঢ়োৱা শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলি, শ্ৰীধৰ কন্দলি, ৰাম সৰস্বতী আদি অসমৰ জাতীয় গৌৰৱ। কিন্তু আজিৰ অসমীয়া যুৱকে মিল্টন, শেলী, বাইৰন আদিৰ নামহে লয়। তেওঁলোকে যেন অসমৰ জাতীয় গৌৰৱ সেইসকল বিখ্যাত কবিৰ নাম পাহৰি গৈছে। অসমৰ জাতীয় গৌৰৱ যেন পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে। ৰাক্ষসীৰ দৰে অসমীয়াসকলৰ পাহৰা স্বভাৱটোৱে অসমৰ জাতীয় গৌৰৱক যেন গিলি পেলাইছে।

৫। 'জাতীয় গৌৰৱ' কবিতাটিত উল্লেখ থকা অসমীয়া কবিসকলৰ নামবােৰ লিখা।

উত্তৰঃ 'জাতীয় গৌৰৱ' কবিতাটিত উল্লেখ থকা অসমীয়া কবিসকলৰ নামবােৰ হ'ল - অনন্ত কন্দলি, গুবৰুৱা, শ্ৰীধৰ কন্দলি, ৰাম সৰস্বতী, কাশীদাস, শ্ৰীশ্ৰীমাধৱদেৱ আদি।

৬। কবিয়ে অসমীয়া ডেকাসকলক কিদৰে ভৰ্ৎসনা কৰিছে পাঠৰ আধাৰত বুজাই লিখা।

উত্তৰঃ কবিয়ে 'জাতীয় গৌৰৱ' কবিতাটিৰ জৰিয়তে অসমীয়া ডেকাসকলক ভৰ্ৎসনা কৰিছে। কাৰণ অসমীয়া কবিসকলে অনেক সাধনাৰে যি মৌবাহ সাজিছিল, সেই মৌ প্ৰাণ কৰা অসমীয়া ডেকাসকলৰ আজি অভাৱ। নিজ পুত্ৰই পিতৃৰ নাম নজনা নিচিনাকৈ আজিৰ অসমীয়া ডেকাই জাতীয় গৌৰৱ কবিসকলৰ নাম নাজানে। পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত পৰি আজিৰ অসমীয়া ল'ৰা-ছোৱালীয়ে মিল্টন, বাইৰণ পঢ়ে, তেওঁলোকৰ গুণ গায়। কিন্তু অসমৰ কবিয়ে লিখা কবিতা, গ্ৰন্থ, উপন্যাস আদি পঢ়িবলৈ বেয়া পায়। নিজৰ ভাষা, জাতি, সংস্কৃতি, দেশ আদিৰ বিষয়ে নজনাতো পিতা-পুত্ৰ পৰিচয় নজনা নিচিনা। কবিৰ মতে তেওঁলোকে আনৰ আগত অসমীয়া বুলি পৰিচয় দিব নোৱাৰে। কাৰণ আচলতে তেওঁলোক অসমীয়া নহয়। সেইবাবে কবিয়ে অসমীয়া ডেকাসকলক এই কবিতাৰ জৰিয়তে ভৰ্ৎসনা কৰিছে।

৭। “অসম শ্মশান নােহে কোনে কয়”– কবিয়ে অসমক কিয় শ্মশান ভূমিৰ লগত তুলনা কৰিছে?

উত্তৰঃ শ্মশান হৈছে মৃত লোকৰ ঠাই। শ্মশানত মৃতলোক দাহ কৰা হয়। শ্মশানত কোনেও কাৰো গুণ গান নাগায়। কবিয়ে অসমৰ মানুহবোৰক মৃতলোকৰ সদৃশ আৰু অসমখনক শ্মশানৰ সদৃশ বুলি ভাবিছে। জাতীয়তাৰবোধ নথকা অসমৰ মানুহবোৰে অসমৰ জাতীয় গৌৰৱৰ কথা যেন পাহৰি গৈছে। অসমৰ জাতীয় গৌৰৱ অসম সন্তান অনন্ত কন্দলি, শ্ৰীধৰ কন্দলি, ৰাম সৰস্বতী, মাধৱ কন্দলি, শংকৰদেৱ, মাধৱদেৱ আদিৰ দৰে মহান পুৰুষসকলৰ গুণ গৰিমা গাবলৈ তেওঁলোকে পাহৰি গৈছে। অসমৰ নৱপ্ৰজন্মই অসমৰ জাতীয় গৌৰৱৰ কথা নাজানেই। সেইবাবে কবিয়ে অসমক শ্মশান ভূমিৰ লগত তুলনা কৰিছে।

৮। 'জাতীয় গৌৰৱ’ কবিতাটিৰ মাজেৰে কবিৰ জাতীয় চেতনা কিদৰে প্ৰকাশ পাইছে?

উত্তৰঃ ‘অগ্নিকবি’ কমলাকান্ত ভট্টাচাৰ্যৰ ‘জাতীয় গৌৰৱ’ কবিতাটিত কবিগৰাকীৰ জাতীয় চেতনা তীব্ৰভাৱে প্ৰকাশ পাইছে। কবিতাটিত অসমীয়া ভাষা, জাতি, সংস্কৃতিৰ প্রতি মোহ নথকা সকলক কবিয়ে তীব্ৰভাৱে ভৎর্সনা কৰিছে। আজি অসমীয়া জাতিয়ে অসমৰ বুৰঞ্জী, অসমীয়া প্রাচীন কবি অনন্ত কন্দলি, শ্ৰীধৰ কন্দলি, ৰাম সৰস্বতী, মাধৱ কন্দলি, শংকৰদেৱ, মাধৱদেৱ আদিৰ নাম পাহৰি যােৱা যেন উপলব্ধি কৰি কবিয়ে আক্ষেপ প্রকাশ কৰিছে। অসমীয়া প্রাচীন কবিসকলক কবিয়ে পদুম ফুলৰ লগত তুলনা কৰি সেই কবিসকলৰ মোল নুবুজা অসমীয়া জাতিক পদুম ফুলৰ গােন্ধ ল’ব নজনা গুবৰুৱা পোক বুলি ক’বলৈও কবিয়ে কুণ্ঠাবোধ কৰা নাই। নিজৰ জাতি-মাটি, ভাষা-সংস্কৃতিক হেয়জ্ঞান কৰি পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত পৰি মিল্টন, বাইৰণক আদৰি লােৱা নতুন প্রজন্মৰ ডেকা সকলক কবিয়ে তীব্র ভাবে ভৎর্সনা কৰিছে। স্ব-জাতিক অসভ্য বুলি ঘিণ কৰি নিজকে সভ্য বুলি দেখুৱাব খােজা অসমীয়া ডেকাক কবিয়ে পিতৃৰ সৈতে পৰিচয় নােহােৱা বচেৰা (বাছেৰা) সন্তান বুলি কৈছে। হাবিত জন্মা ফুলৰ সুঘ্রাণ হাবিতে থকাৰ দৰে শংকৰদেৱ, মাধৱদেৱৰ নিচিনা সুকবিৰ যশ কীৰ্তি অসমতে সীমাবদ্ধ হােৱাত কবিয়ে দুখ প্রকাশ কৰিছে। অন্য সভ্য প্রদেশত জন্ম হলে তেওঁলােকৰ নাম চাৰিওফালে প্রচাৰ হ’লহেঁতেন। উলংগ দেশৰ লােকে ধোবাৰ মোল নুবুজাৰ দৰে জাতীয়তাবােধ নথকা অসমীয়া জাতিয়ে অসমীয়া ভাষা আৰু জাতীয় কাণ্ডাৰীসকলৰ যশ কীৰ্তিৰ মোল বুজি নাপায় বুলি কৈ কবিয়ে অসমীয়া জাতিক তীব্রভাবে ব্যংগ কৰিছে। শেষত কবিয়ে অসমীয়া জাতিৰ জাতীয় চেতনাৰ স্বৰূপ দেখি চকুৰ পানীৰে কবিতা লিখি জাতীয় গৌৰৱ অক্ষুন্ন ৰাখিবলৈ বিচাৰিছে।

৯। প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা—

ক) “পদুমৰ গােন্ধ গুবৰুৱা লয়, / ভমোৰাৰ দৰে ফুল কি ৰময়।”

উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘অগ্নিকবি’ কমলাকান্ত ভট্টাচার্যই ৰচনা কৰা ‘জাতীয় গৌৰৱ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমীয়া প্রাচীন কবিকুলৰ সন্মান কৰিব নজনা নতুন প্রজন্মক তীব্র কটাক্ষ কৰিছে। গুবৰুৱা পোক গোবৰত থাকে, ই পদুম ফুলৰ গােন্ধৰ মোল বুজি নাপায়, ই ফুলে ফুলে উৰি ফুৰে, ফুলৰ লগত খেলে। অনন্ত কন্দলিক ধৰি অসমীয়া প্রাচীন কবিসকল আছিল পদুম ফুল সদৃশ। কিবা পাপৰ ফলতহে যেন তেওঁলােকে অসমত জন্ম লাভ কৰিছিল। কিয়নো নতুন প্রজন্মই তেওঁলােকৰ নাম নাজানে, তেওঁলােকৰ ৰচনাসমূহ নপঢ়ে, তেওঁলােকক লৈ গর্ববোধ নকৰে। গুবৰুৱাই পদুম ফুলৰ মোল বুজি নােপােৱাৰ দৰে ‘জাতীয় গৌৰৱ’ প্রাচীন কবিসকলৰ মোল নতুন প্রজন্মৰ অসমীয়া লােকে একো বুজি নাপায়। এনেকুৱা লােক প্রকৃততে গুবৰুৱা সদৃশ।

খ) “হায়! হায়! হায়! বুকু ফাটি যায় / যি জুয়ে পুৰিছে হৃদয় সদায়।”

উত্তৰঃ কবিতাফাঁকি ‘অগ্নিকবি’ কমলাকান্ত ভট্টাচার্যই ৰচনা কৰা আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘জাতীয় গৌৰৱ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। আজি অসমীয়া জাতিয়ে অসমীয়া ভাষা, অসমীয়া জাতিলৈ অমূল্য অৱদান দি যােৱা লােকসকলক পাহৰি যাবলৈ ধৰা দেখি মনত উদয় হােৱা সংশয় আৰু ক্ষোভ কবিয়ে উক্ত কবিতাফাঁকিৰ মাজেৰে প্ৰকাশ কৰিছে। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ অসমীয়া প্রাচীন কবিসকলে বহুতাে অৰিহণা যােগাই থৈ গৈছে। কিন্তু আমাৰ ‘জাতীয় গৌৰৱ’, পদুম ফুল সদৃ� এই কবিকুলে কিবা পাপৰ ফলতহে যেন অসমত জন্ম লাভ কৰিছিল। কিয়নো আজি অসমীয়া জাতিয়ে অসম বুৰঞ্জী, অসমীয়া প্রাচীন কবি অনন্ত কন্দলি, ৰাম সৰস্বতী, মাধৱ কন্দলি, শংকৰদেৱ, মাধৱদেৱ আদিৰ নাম পাহৰি যােৱাৰ উপক্ৰম হৈছে। নতুন প্ৰজন্মই তেওঁলোকৰ নাম নাজানে। হয়তো পাহৰণিৰ গৰ্ভত এদিন অসমৰ জাতীয় গৌৰৱবোৰ লয় হৈ যাব। সেই বাবেই কবিৰ মনত এনে সংশয় আৰু ক্ষোভৰ উদয় হৈছে।

গ) “যেন ফুল ঘ্রাণ হাবিত-জনম / হাবিৰ বতাহে হাবিতে নাশে।”

উত্তৰঃ কবিতাফাঁকি ‘অগ্নিকবি’ কমলাকান্ত ভট্টাচার্যই ৰচনা কৰা আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘জাতীয় গৌৰৱ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। অসমৰ প্ৰাচীন কবিকুলৰ নাম অসমতে সীমাবদ্ধ হৈ থকা বাবে কবিয়ে উক্ত কবিতাফাঁকিৰ মাজেৰে মনৰ খেদ প্ৰকাশ কৰিছে। হাবিত জন্মা ফুলৰ সুঘ্রাণ হাবিতে নাশ হয়, বাহিৰৰ মানুহে তাৰ সুগন্ধ নাপায়। কবিয়ে শংকৰদেৱ, মাধৱদেৱৰ নিচিনা অসমৰ সুকবিসকলৰ অৱস্থা হাবিত জন্মা ফুলৰ সুঘ্রাণৰ নিচিনা হোৱা বুলি খেদ প্ৰকাশ কৰিছে। কাৰণ এই কবিসকলৰ যশ-কীৰ্তিৰ কথা অসমতে সীমাবদ্ধ হৈ আছে, বাহিৰৰ মানুহে একো নাজানে। উত্তৰ পুৰুষে এই ক্ষেত্ৰত কোনো দায়িত্ব পালন কৰা নাই। বংগত জন্ম লাভ কৰা কীৰ্তিবাস, কাশীদাস অথবা উৰিষ্যাত জন্ম লাভ কৰা চৈতন্যৰ নাম ভাৰতবৰ্ষৰ চাৰিওফালে প্ৰচাৰ হৈছে। তেওঁলোকৰ নিজ নিজ ৰাজ্যত উত্তৰ পুৰুষে এই ক্ষেত্ৰত আগভাগ লৈছে। অন্য কোনো সভ্য প্ৰদেশত জন্ম হ’লে হয়তো শংকৰদেৱ, মাধৱদেৱৰ নিচিনা কবিসকলৰ নাম চাৰিওফালে প্ৰচাৰ হ’লহেঁতেন। কিন্তু জাতীয় চেতনাহীন অসমীয়া সমাজত জন্ম বাবেই তেওঁলোকৰ যশ-কীৰ্তিৰ কথা শিষ্য-ভকতৰ মাজত সীমাবদ্ধ হৈ আছে।

ঘ) “উলঙ্গ দেশৰ কাম কি ধােবাৰ? / নোশোভে লােকক কাপােৰ সাজে।”

উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘অগ্নিকবি’ কমলাকান্ত ভট্টাচার্যই ৰচনা কৰা ‘জাতীয় গৌৰৱ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে জাতীয়তাবােধ নথকা অসমীয়া সমাজখনক তীব্রভাৱে ব্যংগ কৰিছে। উলংগ দেশ অৰ্থাৎ যি দেশৰ মানুহে কাপোৰেই নিপিন্ধে, সেই দেশৰ মানুহে ধোবাৰ মোল বুজি নাপায়। কবিয়ে ব্যংগাত্মকভাৱে অসমক উলংগ মানুহৰ দেশ বুলি কৈছে। কাৰণ উলংগ দেশৰ মানুহে ধোবাৰ মোল বুজি নােপােৱাৰ দৰে জাতীয়তাবােধ নথকা অসমীয়া সমাজখনৰ বাবেও অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি আৰু জাতীয় কাণ্ডাৰীসকলৰ যশ কীৰ্তি মূল্যহীন। আজিৰ অসমীয়া সমাজখনে অসমৰ বুৰঞ্জী নাজানে, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ কাণ্ডাৰীসকলক সন্মান নজনায় আৰু তেওঁলােকক লৈ গর্ববোধ নকৰে। উলংগ দেশত ধোবাৰ কাম কৰিবলৈ গ’লে মানুহৰ যি অৱস্থা হয়, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ হকে কাম কৰা সকলৰ অৱস্থা তেনেকুৱাই বুলি কবিয়ে অসমীয়া সমাজখনক কটাক্ষ কৰিছে।

ঙ) “ঠিক অসমীয়া মানুহ নােহে / অসম শ্মশান নােহে কোনে কয়।”

উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘অগ্নিকবি’ কমলাকান্ত ভট্টাচার্যই ৰচনা কৰা ‘জাতীয় গৌৰৱ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্রতি আস্থা নােহােৱা জাতীয় চেতনাহীন মানুহক কটাক্ষ কৰি কবিয়ে উক্ত কথাখিনি কৈছে। ভাষা-সাহিত্য-সংস্কৃতিৰ মাজেৰে এটা জাতিৰ জাতীয় পৰিচয় ফুটি উঠে। সেয়েহে এনেবােৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা এটা জাতিৰ পূৰ্বপুৰুষৰ প্রতি জাতীয় চেতনা থকা উত্তৰ পুৰুষ শ্রদ্ধাশীল আৰু দায়বদ্ধ হ’ব লাগে। কিন্তু অসমীয়া জাতিৰ ক্ষেত্ৰত কবিয়ে ইয়াৰ ব্যতিক্রম দেখা পাইছে। আজিৰ অসমীয়া সমাজ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্রতি আৰু জাতীয় কাণ্ডাৰীসকলৰ প্রতি শ্রদ্ধাশীল আৰু দায়বদ্ধ নহয়। আজিৰ অসমীয়া ডেকাই শেলী, মিল্টন, বাইৰণ পঢ়ে, কিন্তু অসমীয়া প্রাচীন কবি অনন্ত কন্দলি, ৰাম সৰস্বতী, মাধৱ কন্দলি, শংকৰদেৱ, মাধৱদেৱ আদিক চিনি নাপায়। তেওঁলােকে স্বজাতিক অসভ্য বুলি ঘিণ কৰে। এনেকুৱা লােক আচলতে পিতৃৰ সৈতে পৰিচয় নােহােৱা বাছেৰা সন্তানৰ দৰে। তেওঁলােকে অসমত জন্ম লাভ কৰি অসমীয়া ভাষা ক’লেও প্রকৃতাৰ্থত যেন অসমীয়া মানুহ নহয়। যাৰ গাত অসমীয়া জাতীয়তাবাদী চেতনা নাই তেওঁ অসমীয়া হ'লেও প্রকৃত অর্থত অসমীয়া নহয়। কবিৰ দৃষ্টিত জাতীয় চেতনাহীন এনেবােৰ মানুহৰ বাবেই অসমখন যেন আজি শ্মশান ভূমিত পৰিণত হৈছে।

১১। অসমৰ এগৰাকী বুৰঞ্জী লিখকৰ নাম লিখা। বুৰঞ্জী অধ্যয়নে ছাত্র-ছাত্ৰীক কিদৰে সহায় কৰে?

উত্তৰঃ অসমৰ এগৰাকী বুৰঞ্জী লেখক হৈছে কনকলাল বৰুৱা। বুৰঞ্জী অধ্যয়নে ছাত্র-ছাত্ৰীক কিদৰে সহায় কৰে তলত চমুকৈ উল্লেখ কৰা হ’ল— বুৰঞ্জী অধ্যয়ন কৰিলে ছাত্র-ছাত্ৰীয়ে মানৱ সভ্যতাৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে। বুৰঞ্জীত কোনাে দেশ বা ঠাইৰ মানৱ সমাজৰ কলা-সংস্কৃতি, ৰীতি-নীতি আদিৰ বিৱৰণ পােৱা যায়। গতিকে বুৰঞ্জী অধ্যয়নৰ জৰিয়তে ছাত্র-ছাত্ৰীয়ে সেই মানৱ সমাজৰ বিষয়ে জানিব পাৰে। পুৰণি কালৰ শাসন ব্যৱস্থা, যুদ্ধ-বিগ্ৰহ, অস্ত্ৰ-শস্ত্ৰাদিৰ বিষয়েও বুৰঞ্জী অধ্যয়নৰ জৰিয়তে ছাত্র-ছাত্ৰীয়ে জানিব পাৰে। নিজ দেশৰ বুৰঞ্জী অধ্যয়নৰ ফলত ছাত্র-ছাত্ৰীৰ মনত দেশৰ প্রতি ভালপােৱাৰ মনােভাৱ গঢ়ি উঠে। বুৰঞ্জী অধ্যয়নে ছাত্র-ছাত্ৰীক নিজৰ অতীতটো জানাত সহায় কৰে।

১২। ৰাম সৰস্বতীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ৰাম সৰস্বতী ষোড়শ শতিকাৰ এগৰাকী অসমীয়া কবি। তেওঁ প্ৰাচীন অসমীয়াসকলৰ ভিতৰত সৰ্বাধিক পদ ৰচনা কৰিছিল। ৰাম সৰস্বতীয়ে মহাৰজা নৰনাৰায়ণৰ অনুৰোধত শতসহস্ৰী মহাভাৰতৰ প্ৰায় ত্ৰিশ হাজাৰ শ্লোক অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁৰ প্ৰকৃত নাম আছিল অনিৰুদ্ধ। "ৰাম সৰস্বতী" ৰজা নৰনাৰায়ণে প্ৰদান কৰা উপাধি। মহাভাৰতৰ ভাঙনিৰ বাবে তেওঁক "ভাৰতভূষণ" উপাধিও প্ৰদান কৰা হৈছিল।

১৩। কোনখন পুথি কোনজন লিখকৰ তলৰ খালী ঘৰত অন্তর্ভুক্ত কৰা—

  • সাগৰ খৰি দৈৱজ্ঞ - কুৰ্মাৱলী
  • মাধৱ কন্দলী - সপ্তকাণ্ড ৰামায়ণ
  • ৰাম সৰস্বতী - কুলাচল বধ
  • অনন্ত কন্দলী - শেষ দশম
  • শ্ৰীধৰ কন্দলী - কাণখোৱা
  • কমলাকান্ত ভট্টাচাৰ্য - চিন্তাতৰঙ্গ

ভাষা বিচাৰ

১। তলৰ শব্দসমূহৰ প্রত্যয় ভাঙি দেখুওৱা—

  • লিখক - লিখ + অক
  • জাতীয় - জাতি + ঈয় (বা ষ্ণীয়)
  • অসমীয়া - অসম + ঈয়া
  • মাছুৱৈ - মাছ + ওৱৈ
  • পলৰীয়া - পলা + অৰীয়া

২। বিপৰীত শব্দ লিখা—

  • জনম - মৰণ
  • পাপ - পুণ্য
  • জুই - পানী
  • ৰাক্ষসিনী - দেৱী
  • সভ্য - অসভ্য
  • উন্নতি - অনুন্নতি

৩। সমার্থক শব্দ লিখা—

  • বুৰঞ্জী - ইতিহাস
  • জাতীয় - নিজৰ জাতিৰ
  • বুকু - হৃদয়
  • ৰাক্ষস - অসুৰ
  • শ্মশান - মৰিশালি
  • বতাহ - বায়ু, পৱন
  • পুথি - কিতাপ
  • সৰস্বতী - বাগদেৱী, বীণাপাণি
  • কাপোৰ - বস্ত্ৰ
  • চকুপানী - চকুলো
  • গৌৰৱ - অহংকাৰ, কীৰ্তি
  • জগত - বিশ্ব, সংসাৰ
  • হাবি - বননি, অৰণ্য
  • ফুল - পুষ্প

৪। কি কাৰণে মূর্ধন্য ণ/ষ হৈছে লিখা—

  • পাহৰণি - 'ৰ' আৰু দন্ত্য 'ন' ৰ মাজত স্বৰবৰ্ণ আছে বাবে মূৰ্ধন্য 'ণ' হৈছে।
  • পুৰণি - 'ৰ' আৰু দন্ত্য 'ন' ৰ মাজত স্বৰবৰ্ণ আছে বাবে মূৰ্ধন্য 'ণ' হৈছে।
  • ঘোষণা - 'ও' (অ+উ) স্বৰবৰ্ণৰ পাছত থকা দন্ত্য 'স' মূৰ্ধন্য 'ষ' হৈছে।
  • ঘ্ৰাণ - 'ৰ' আৰু দন্ত্য 'ন' ৰ মাজত 'আ' স্বৰবৰ্ণ থকাৰ বাবে মূৰ্ধন্য 'ণ' হৈছে।
  • ঘৃণা - 'ঋ' ৰ পাছত থকা দন্ত্য 'ন' মূৰ্ধন্য '

Related Chapters

Explore more chapters of Class 8 Assamese .