ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিৱেশ

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Assamese

ক্ৰিয়া কলাপ

১। চমু উত্তৰ দিয়া

(ক) ব্ৰহ্মপুত্ৰ নৈখন ক'ৰ পৰা ক'লৈ বৈ গৈছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈখন তীব্বতৰ চেমায়ুং ডুং উৎসৰ পৰা বংগোপ সাগৰলৈ বৈ গৈছে।

(খ) ব্ৰহ্মপুত্ৰ নদীৰ মূল উৎস কি?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ মূল উৎস হৈছে তীব্বতৰ চেমায়ুং ডুং।

(গ) সংস্কৃতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়?

উত্তৰঃ সংস্কৃতত ব্ৰহ্মপুত্ৰ নদীক লোহিত্য নামেৰে জনা যায়।

(ঘ) অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈর্ঘ্য কিমান?

উত্তৰঃ অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হ'ল প্ৰায় ৭২৫ কিঃমিঃ।

(ঙ) ব্ৰহ্মপুত্ৰ নদীখন কোন ঠাইত গংগাৰ লগত মিলিত হৈছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীখন গোৱালুণ্ড (গোৱা গণ্ড) নামৰ ঠাইত গংগাৰ লগত মিলিত হৈছে।

(চ) ভাৰতৰ এটা নদী সভ্যতাৰ নাম লিখা?

উত্তৰঃ ভাৰতৰ এটা নদী সভ্যতাৰ নাম হৈছে সিন্ধু সভ্যতা।

(ছ) ভাৰতলৈ অহা দুগৰাকী বিদেশী পৰ্যটকৰ নাম লিখা।

উত্তৰঃ ভাৰতলৈ অহা দুগৰাকী বিদেশী পৰ্যটকৰ নাম হ'ল মেগাস্থিনিচ আৰু ফাহিয়েন।

(জ) চাংপো আৰু ব্ৰহ্মপুত্ৰ নদীৰ গতি পথ সম্পৰ্কে অনুসন্ধান কৰা প্ৰথম অভিযানকাৰী কোন আছিল?

উত্তৰঃ চাংপো আৰু ব্ৰহ্মপুত্ৰ নদীৰ গতি পথ সম্পৰ্কে অনুসন্ধান কৰা প্ৰথম অভিযানকাৰী হ'ল ছিকিমৰ কিনথাপা।

(ঝ) ব্ৰহ্মপুত্ৰৰ পৰিৱেশ সমস্যাত প্ৰভাৱ পেলােৱা এটি প্রাকৃতিক দুর্যোগৰ নাম লিখা।

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ পৰিৱেশ সমস্যাত প্ৰভাৱ পেলোৱা এটি প্ৰাকৃতিক দুৰ্যোগৰ নাম হ'ল ভূমিকম্প।

(ঞ) 'ইণ্ডিকা’ গ্রন্থখনৰ লিখক কোন?

উত্তৰঃ "ইণ্ডিকা" গ্ৰন্থখনৰ লিখক হ'ল মেগাস্থিনিচ।

২। 'ব্ৰহ্মপুত্ৰ’ নামটোৰ উৎপত্তি সম্পর্কে লিখা।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নামটোৰ উৎপত্তি সম্পৰ্কে পুৰাণত কেইবাটাও কাহিনী আছে। পুৰাণ কাহিনী অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ হ'ল ব্ৰহ্মপুত্ৰ। আন এক পৌৰাণিক কাহিনী অনুসৰি পৰশুৰামে পিতৃ যমদগ্নিৰ আজ্ঞা অনুসৰি মাতৃ ৰেণুকাক বধ কৰি পাপমোচনৰ বাবে তীৰ্থ ভ্ৰমণলৈ যায়। এদিন ৰাতিপুৱা তেওঁ হিমালয়ৰ এটি দুৰ্গম শিলাছেদত এটা কুণ্ড দেখিবলৈ পায়। কালিকা পুৰাণৰ মতে এই কুণ্ডটো ব্ৰহ্মাই পানীৰে প্লাৱিত কৰি লুপ্ত কৰিবলৈ মন কৰিছিল আৰু সেই ইচ্ছা পূৰ্ণ কৰিবলৈ তেওঁ শান্তনু মুনিৰ ভাৰ্যা অমোঘাৰ গৰ্ভত নিজৰ জলময় পুত্ৰ সৃষ্টি কৰিছিল। পিছত পৰশুৰামে নিজৰ কুঠাৰেৰে হাবি-জংঘল কাটি বাট মোকোলাই সেই ব্ৰহ্মকুণ্ডৰ পৰা ব্ৰহ্মাৰ জলময় পুত্ৰক কামৰূপলৈ (প্ৰাচীন অসম) বোৱাই আনে। সেয়ে প্ৰাচীন কামৰূপৰ মাজেৰে বৈ যোৱা এই নদীৰ নাম লোহিত্য বা ব্ৰহ্মপুত্ৰ হ'ল বুলি ভবিব পাৰি। পৰশুৰামৰ হাত আৰু কুঠাৰত লাগি থকা তেজৰ পৰাই ৰঙা অৰ্থত 'লোহিত্য' আৰু ব্ৰহ্মাৰ মানসপুত্ৰ হোৱা বাবে 'ব্ৰহ্মপুত্ৰ' নামটো উৎপত্তি হৈছে।

৩। ব্ৰহ্মপুত্ৰ নদীৰ এটি ভৌগলিক বর্ণনা দিয়া।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদী এছিয়া মহাদেশৰ বৃহৎ নদী সমূহৰ ভিতৰত এখন অন্যতম নদী। অসমৰ তিনিখন ডাঙৰ নদী দিহাং, দিবাং আৰু লোহিত মিলিত হৈ অসমত ব্ৰহ্মপুত্ৰ নাম লৈছে। তীব্বতৰ চেমায়ুং ডুং উৎসৰ পৰা অৰুণাচল, অসম, পশ্চিমবংগ, বাংলাদেশৰ মাজেৰে বৈ গৈ নদীৰ জলধাৰা বংগোপ সাগৰত পৰিছেগৈ। তীব্বতৰ চেমায়ুং ডুং উৎসৰ পৰা বংগোপ সাগৰলৈ ব্ৰহ্মপুত্ৰ নদীখনৰ মুঠ দৈৰ্ঘ্য প্ৰায় ২৮৫০ কিঃমিঃ। ভৌগলিক অৱস্থান অনুসৰি ব্ৰহ্মপুত্ৰ নদীখন সমুদ্ৰ পৃষ্ঠৰ পৰা ৩৬০০ মিটাৰ উচ্চতাত আছে আৰু ই ৮২°-৯৭° পূৱ দ্ৰাঘিমাংশ আৰু ২১°-৩১° উত্তৰ অক্ষাংশত অৱস্থিত।

৪। অসমৰ পৰিৱেশৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সম্পর্কে লিখা।

উত্তৰঃ ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট প্ৰতিকূল কাৰ্যই ব্ৰহ্মপুত্ৰৰ ওপৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ বাবে অসমৰ পৰিৱেশ পৰিৱৰ্তনত যথেষ্ট প্ৰভাৱ পেলায়। যদি কোনো কাৰণত নদীৰ গতি পথ সলনি হয় বা নদীৰ পৃষ্ঠভাগ ওপৰলৈ উঠি আহে তেতিয়া উপত্যকা অঞ্চলত বানপানীৰ সৃষ্টি হৈ আমাৰ পৰিৱেশত ব্যাপক প্ৰভাৱ পেলায়। ব্ৰহ্মপুত্ৰ নদীৰ পূৰ্বাংশৰ তলিভাগ বহু পৰিমাণে ওপৰলৈ উঠি আহিছে। ইয়াৰ ফলত প্ৰতিবছৰে বানপানীৰ প্ৰকোপ বৃদ্ধি পাই আহিছে। অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত হোৱা বাবে বাৰিষাৰ কালছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় ৯০ শতাংশ বৰষুণ হয়। তদুপৰি হিমালয়ৰ পৰা বৈ অহা বৰফ গলিত হৈ পানীৰ মাত্ৰাও দিনক দিনে বাঢ়ি আহিছে। ব্ৰহ্মপুত্ৰৰ নিৰ্দিষ্ট দিশৰ বাহিৰে আন তিনিওটা দিশেই পাহাৰ-পৰ্বতৰে আবৰা। সেয়েহে উপনৈ সমূহে পৰিবহন কৰা পানীভাগ ব্ৰহ্মপুত্ৰ নদীয়ে নিৰ্দিষ্ট সময়ত পৰিবহন কৰিব নোৱৰা হয় আৰু ইয়াৰ ফলতে বহুতো অঞ্চল গৰাখহনীয়াৰ কবলত পৰি যায়। ইয়াৰ উপৰি মানুহে নৈৰ পাৰৰ গছ-গছনি জধে-মধে কটা, পাহাৰ-পৰ্বত খনন প্ৰক্ৰিয়া আৰু বৰ্জিত আৱৰ্জনা বৃদ্ধিৰ বাবেও অসমৰ পৰিৱেশৰ ওপৰত ব্ৰহ্মপুত্ৰৰ কু-প্ৰভাৱ পৰিছে।

৫। ব্যাখ্যা কৰাঃ

(ক) অসমৰ মাজেৰে বৈ যােৱা মহাবাহু ব্ৰহ্মপুত্ৰ যেন অসমীয়া জাতিৰ এক জীৱনদায়িনী শক্তি।

উত্তৰঃ উক্ত বাক্যশাৰী "ভাৰতী সাহিত্য চয়ন" পাঠ্যপুথিৰ পৰা তুলি লোৱা হৈছে। উক্ত বাক্যশাৰীয়ে অসমীয়া জাতিৰ জীৱনত ব্ৰহ্মপুত্ৰৰ গভীৰতা কিমান তাকে প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰ হৈছে অসমৰ এখন প্ৰধান নদী। ই আমাৰ অসমীয়া জাতিৰ কৃষি, সাহিত্য, সংস্কৃতি, উদ্যোগৰ ওপৰত প্ৰভাৱ পেলায়। ই হৈছে অসমীয়া জাতিৰ ৰাজহাড় স্বৰূপ। ব্ৰহ্মপুত্ৰই পাৰৰ অসমীয়া জাতিৰ ভাষা-সংস্কৃতিক সাৰ-পানী যোগাই সংমিশ্ৰিত ৰূপত সুস্থ-সবল কৰি তোলাত অৱদান যোগাইছে। অসমৰ প্ৰাকৃতিক উপাদানবোৰৰ ভিতৰত ব্ৰহ্মপুত্ৰ হ'ল আধাৰ স্বৰূপ। প্ৰকৃতিক বাদ দি মানুহ জীয়াই থাকিব নোৱাৰে। সেয়ে আমাৰ জীৱনৰ লগত ব্ৰহ্মপুত্ৰও সাহিত্য-সংস্কৃতিৰ এক উপাদান হৈ পৰিছে। আমাৰ দৈনন্দিন জীৱনৰ লগত নদ-নদীৰ যেন এৰাব নোৱৰা সম্পৰ্ক আছে। অসমীয়া বিহুগীত, গোৱালপৰীয়া লোকগীতত ব্ৰহ্মপুত্ৰৰ উল্লেখে এই কথাকে সূচায়। নৈৰ ঘাটত অসমীয়া তিৰোতাই কাপোৰ ধোৱাটো গ্ৰাম্য সৰল জীৱনৰ প্ৰতীক। ব্ৰহ্মপুত্ৰ অবিহনে লোকসমাজৰ জীৱনধাৰাই যেন গতিশীলতা লাভ কৰিব নোৱাৰে। সেইবাবে মহাবাহু ব্ৰহ্মপুত্ৰক অসমীয়া জাতিৰ এক জীৱনদায়িনী শক্তি বুলি কোৱা হৈছে।

(খ) ব্ৰহ্মপুত্ৰ হ’ল আমাৰ জৈৱ বৈচিত্ৰৰ মূল আধাৰ।

উত্তৰঃ ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট প্ৰতিকূল কাৰ্যই ব্ৰহ্মপুত্ৰৰ ওপৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ বাবে অসমৰ পৰিৱেশ পৰিৱৰ্তনত যথেষ্ট প্ৰভাৱ পেলায়। যদি কোনো কাৰণত নদীৰ গতি পথ সলনি হয় বা নদীৰ পৃষ্ঠভাগ ওপৰলৈ উঠি আহে তেতিয়া উপত্যকা অঞ্চলত বানপানী সৃষ্টি হৈ আমাৰ পৰিৱেশত ব্যাপক কু-প্ৰভাৱ পেলাব পাৰে। ১৮৯৭ চনত আৰু ১৯৫০ চনত অসমত সংঘটিত হোৱা প্ৰলয়ংকৰী ভূমিকম্পৰ ফলত যথেষ্ট পৰিমাণ ক্ষতি হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ পূৰ্বাংশৰ তলিভাগ বহু পৰিমাণে ওপৰলৈ উঠি অহাৰ ফলত প্ৰতিবছৰে বানপানী প্ৰকোপ বৃদ্ধি পাই আহিছে। অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত হোৱা বাবে বাৰিষাৰ কালছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় ৯০ শতাংশ বৰষুণ হয়। তদুপৰি হিমালয়ৰ পৰা বৈ অহা বৰফ গলিত পানীৰ মাত্ৰাও বাঢ়ি আহিছে। ব্ৰহ্মপুত্ৰৰ নিৰ্দিষ্ট দিশৰ বাহিৰে আন তিনিওটা দিশেই পাহাৰ-পৰ্বতৰে আবৰা। সেয়েহে উপনৈ সমূহে পৰিবহন কৰা পানীভাগ ব্ৰহ্মপুত্ৰ নদীয়ে নিৰ্দিষ্ট সময়ত পৰিবহন কৰিব নোৱৰা হয় আৰু ইয়াৰ ফলতে গৰাখহনীয়াৰ কবলত বহু অঞ্চল জাহ যায়। এনে দুৰ্যোগৰ বাবে বৰ্তমান নদী দ্বীপ মাজুলী আৰু উমানন্দৰ প্ৰতি এক ভাবুকি আহি পৰিছে। ইয়াৰ উপৰি মানুহে নৈৰ পাৰৰ গছ-গছনি জধে-মধে কটা ফলতো গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি পাইছে। পাহাৰ-পৰ্বতৰ খনন প্ৰক্ৰিয়া আৰু বৰ্জিত আৱৰ্জনা বৃদ্ধি পোৱাৰ বাবেও ব্ৰহ্মপুত্ৰ নদীৰ পৰিৱেশত জটিলতা দেখা দিছে। ভূতত্ত্ববিদসকলৰ তথ্যৰ পৰা জানিব পৰা গৈছে যে ব্ৰহ্মপুত্ৰৰ গতিপথ সদায় পৰিৱৰ্তনশীল। সেয়ে বিজ্ঞান-প্ৰযুক্তিৰ দ্বাৰা ব্ৰহ্মপুত্ৰ নদীৰ বিধ্বংসী কাৰ্যৰ মূল কাৰকবোৰ চিহ্নিত কৰি জটিল নদী বিন্যাসৰ কু-প্ৰভাৱ ৰোধ কৰাৰ বাবে এতিয়া সময় আহি পৰিছে। অসম যিহেতু নদীমাতৃক দেশ, সেয়েহে কোৱা হয়— ব্ৰহ্মপুত্ৰ হ'ল অসমৰ জৈৱ-বৈচিত্ৰৰ মূল আধাৰ।

৬। চমুটোকা লিখা-

(ক) সিন্ধু সভ্যতা

উত্তৰঃ সিন্ধু সভ্যতা অখণ্ড ভাৰতৰ এক প্ৰাচীন সভ্যতা। খ্ৰীষ্টপূৰ্ব ৩০০০-১৭০০ চনৰ সময়ছোৱাত সিন্ধু আৰু সৰস্বতী নদী উপত্যকাত এই সভ্যতা গঢ়ি উঠিছিল।

(খ) মাজুলী

উত্তৰঃ মাজুলী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত এটা নদীদ্বীপ। ১৮৯১ চনৰ জৰীপ মতে পূৰ্বৰ ১২৫৬ বৰ্গ কিঃমিঃ কালি হ্ৰাস পাই ১৯৯০ চনৰ জৰীপ মতে ৫১৪ বৰ্গ কিঃমিঃ হৈছে।

(গ) ব্ৰহ্মকুণ্ড

উত্তৰঃ শদিয়াৰ পৰা ৮০ কিঃমিঃ পূবত অৱস্থিত এটি জলকুণ্ড। পুৰাণ শাস্ত্ৰমতে এই কুণ্ড ব্ৰহ্মাই সৃষ্টি কৰিছিল। এই কুণ্ডৰ পৰাই ব্ৰহ্মপুত্ৰৰ উৎপত্তি হোৱা বুলি শাস্ত্ৰত উল্লেখ আছে। ব্ৰহ্মপুত্ৰ নদীৰ আগলি অংশ চাংপো নামেৰে কৈলাশ পৰ্বতৰ হিমবাহৰ পৰা ওলাইছে বুলি ধৰা হয়। মানস সৰোবৰৰ পৰা ৭৫ কিঃমিঃ পূবত এই ঠাই অৱস্থিত।

(ঘ) পৰশুৰাম।

উত্তৰঃ পৰশুৰাম আছিল ঋষি যমদগ্নিৰ পুত্ৰ আৰু বিষ্ণুৰ ষষ্ঠ অৱতাৰ। পিতৃৰ আদেশত তেওঁ মাতৃ ৰেণুকাক কুঠাৰেৰে বধ কৰিছিল।

(ঙ) মেগাস্থিনিচ

উত্তৰঃ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ এজন গ্ৰীক ৰাষ্ট্ৰদূত। চন্দ্ৰগুপ্ত মৌৰ্য্যৰ দিনত তেওঁ ভাৰতলৈ আহিছিল। ভাৰত সম্পৰ্কে তেওঁ ৰচনা কৰা বিখ্যাত গ্ৰন্থখন হ'ল 'ইণ্ডিকা'। বৰ্তমান এই গ্ৰন্থখন লণ্ডন আৰ্ট গেলেৰিত সংৰক্ষিত হৈ আছে।

(চ) হিউয়েনচাং

উত্তৰঃ এজন চীনা পৰিব্ৰাজক। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত তেওঁ কামৰূপলৈ আহিছিল। 'চি-ইউ-কি' তেওঁ ৰচনা কৰা এখন বিখ্যাত গ্ৰন্থ।

(ছ) ব্ৰহ্মপুত্ৰ

উত্তৰঃ ব্ৰহ্মপুত্ৰ অসমৰ এখন প্ৰধান নদী। এই নদী তীব্বতৰ চেমায়ুং ডুংৰ পৰা ওলাই বংগোপ সাগৰত পৰিছেগৈ। এই নদীখনৰ মুঠ দৈৰ্ঘ্য প্ৰায় ২৮৫০ কিঃমিঃ। ইয়াৰে ৭২৫ কিঃমিঃ অসমৰ মাজেৰে বৈ গৈছে। এই নদীৰ আন এটা নাম হৈছে 'লুইত'।

৭। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

  • (১) ছুমেৰিয় সভ্যতা - ইউফ্ৰেটিছ
  • (২) ইণ্ডিকা - মেগাস্থিনিচ
  • (৩) চি-ইউ-কি - হিউয়েন চাং
  • (৪) ব্ৰহ্মপুত্ৰ - চেমায়ুং ডুং
  • (৫) পদ্মা - বাংলাদেশ
  • (৬) ভাস্কৰ বৰ্মন - কামৰূপৰ ৰজা
  • (৭) মাজুলী - নদীদ্বীপ
  • (৮) মিছৰীয় সভ্যতা - নীলা নদী

ভাষা বিচাৰ

১) তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা-

  • সাগৰ - সমুদ্ৰ, সিন্ধু
  • নদী - তৰংগিনী, স্ৰোতস্বিনী
  • পাহাৰ - পৰ্বত, গিৰি
  • পুথি - কিতাপ, গ্ৰন্থ
  • জাতি - কুল, বংশ
  • লুইত - ব্ৰহ্মপুত্ৰ
  • তুষাৰ - বৰফ, হিম
  • কুণ্ড - গাঁত, জলাশয়
  • পৰ্যটক - যাত্ৰী, ভ্ৰমণকাৰী

২। তলৰ শব্দবোৰত ণ/ষ হোৱাৰ কাৰণ লিখা-

  • ভ্ৰমণঃ একেটা পদতে থকা ঋ, ৰ, ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ বা ক-বৰ্গ, প-বৰ্গ বা য, ৱ, হ ব্যৱধান থাকিলে দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
  • তুষাৰঃ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য 'ষ' হয়।
  • কৃষ্ণইঃ ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য 'স' মূৰ্ধন্য 'ষ' হয়।
  • সোণকোষঃ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য 'ণ' আৰু 'ষ' হয়।
  • ৰেণুকাঃ ঋ, ৰ, ষৰ পিছত দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
  • কুণ্ডঃ ট-বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।

৩। বিপৰীত শব্দ লিখা-

  • পাহাৰ - ভৈয়াম
  • উচ্চ - নিম্ন, নিচ
  • দীৰ্ঘ - হ্ৰস্ব, চুটি
  • বহল - ঠেক, সংকীৰ্ণ
  • প্ৰৱাহ - স্থিৰ, নিশ্চল

৪। অনুকাৰ শব্দ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ মূল শব্দৰ পিছত প্ৰায় একে নিচিনা অথচ অৰ্থশূন্য যিবোৰ শব্দ যোগ কৰা হয়, সেইবোৰক অনুকাৰ শব্দ বোলে। যেনে- মাছ-তাছ, চাহ-তাহ, কিতাপ-পতাপ, পানী-তানী।

৫। বাক্য সাজা-

  • হোঁ হোঁৱনিঃ দিনটো গাড়ীৰ হোঁ হোঁৱনিয়ে কাণ ঘোলা কৰিলে।
  • হুৰ্ হুৰ্ : হুৰ্ হুৰ্ কৈ বৰষুণ নহা হ’লে কামটো কেতিয়াবাই মোৰ হ’লহেঁতেন।
  • গুৰ্ গুৰ্ : মেঘৰ গুৰ্ গুৰণি শুনি তাই বৰ ভয় খালে।
  • চিৰিপ্ চিৰিপ্ : তিৰোতাজনীয়ে পুখুৰীৰ পাৰত চিৰিপ্ চিৰিপ্কৈ কাপোৰ ধুই আছে।
  • জিপ্ জিপ্ : এনেকৈ জিপ্ জিপ্কৈ বৰষুণ দি থাকিলে মই কেনেকৈ স্কুল যাম।
  • চিপ্ চিপ্ : আজি মই স্কুললৈ যাওঁতে চিপ্ চিপ্কৈ বৰষুণ দি আছিল।


Comments

Log in to leave a comment.

No comments yet. Be the first!