আমাৰ ভাৰতী আই
শব্দ টোকা
- কোলা = কাষলতিৰ তলৰ কঁকালৰ দাঁতি, য'ত ল'ৰা-ছোৱালী লোৱা হয়। কবিতাটিত ভাৰত মাতৃ (ভাৰতী)ৰ কোলাৰ কথা কোৱা হৈছে।
- ভাৰতী = দেশ মাতৃ, ভাৰত মাতা, সৰস্বতী।
- উষা = সূৰ্য উদয় হোৱাৰ অলপ আগৰ ক্ষণ, নিচেই পুৱাৰ সময় অৰ্থাৎ দোকমোকালি।
- প্ৰথম উষাৰ = উদয় হ'বলৈ ধৰা বেলিৰ প্ৰথম ৰেঙণি।
- গঙ্গা = পবিত্ৰ নদী, ভীষ্মৰ মাতৃ, শান্তনু ৰজাৰ ভাৰ্যা।
- দৰ্প = অহংকাৰ, গৰ্ব।
- লয় = ক্ষয়, ধ্বংসক।
- কুটীল = কপটীয়া, বেয়া স্বভাৱ।
- প্ৰসবিনী = যি প্ৰসৱ কৰে; উৎপন্ন কৰে।
ক্ৰিয়া কলাপ
১। অতি চমু উত্তৰ লিখা —
ক) ভাৰতী আই’ বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ভাৰতী আই’ বুলি আমাৰ ভাৰত ভূমিৰ কথা কোৱা হৈছে।
খ) 'মন মানস’ ফুলে কিয় পাহি মেলে বুলি কৈছে?
উত্তৰঃ 'মন মানস’ ফুলে প্ৰেমৰ পৰশ পায় পাহি মেলে বুলি কৈছে।
গ) কবিৰ শান্তিৰ জিৰণি ঠাই কি?
উত্তৰঃ কবিৰ শান্তিৰ জিৰণি ঠাই হ'ল ভাৰতী আই।
ঘ) নলিনীবালা দেৱী কি কবি হিচাপে খ্যাত?
উত্তৰঃ নলিনীবালা দেৱী অতীন্দ্ৰিয় বা ৰহস্যবাদী কবি হিচাপে খ্যাত।
ঙ) নলিনীবালা দেৱীৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ নলিনীবালা দেৱীৰ প্রথম কবিতা পুথিখনৰ নাম হ'ল সন্ধিয়াৰ সুৰ।
২। কবিয়ে ভাৰতী আইৰ কোলাখনি কিয় শান্তিৰ জিৰণি ঠাই বুলি কৈছে?
উত্তৰঃ মিছা অহংকাৰ, কুটিল দৰ্প এই দেশতে নিজে নিজে লয় হৈ যায়। 'ভাৰতী' আইয়ে নিজকে শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ জন্ম দিছে বহুতো বীৰ পুৰুষৰ। সেইবাবে কবিয়ে ভাৰতী আইৰ কোলাখনি শান্তিৰ জিৰণি ঠাই বুলি কৈছে।
৩। বীৰ প্রসবিনী ’ বুলি কাক কিয় কোৱা হৈছে?
উত্তৰঃ বীৰ প্রসবিনী ’ বুলি ভাৰতী আইক কোৱা হৈছে। কাৰণ ভাৰতীয়ে নিজকে শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ বহুতো বীৰ পুৰুষক জন্ম দিছে।
৪। ব্যাখ্যা কৰা
(ক) মানৱীয়তাৰ জীৱন গঙ্গা
ইয়াতে বিচাৰি পায়
দানৱীয়তাৰ কুটীল দর্প
ইয়াতেই লয় পায়।
উত্তৰঃ কবিতাফাঁকি অতীন্দ্রিয়বাদী কবি নলিনীবালা দেৱীয়ে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত অন্তর্ভুক্ত ‘আমাৰ ভাৰতী আই’ নামৰ দেশপ্রেমমূলক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। কবিতাফাঁকিৰ মাজেৰে কবিয়ে জন্মভূমি ‘ভাৰতী আই’ ৰ গুণানুকীৰ্ত্তন কৰিছে। ইতিহাসে ঢুকি নােপােৱা কালৰ পৰা বুদ্ধ, গান্ধীলৈকে আমাৰ ভাৰতী আইৰ কোলাত জ্ঞান তপস্বী, কর্মযােগী, মানৱীয়তাৰ পূজাৰী অনেক মহান পুৰুষে জন্ম লভিছে। সেই সকল মহান পুৰুষে তেওঁলােকৰ জীৱনৰ আদৰ্শৰ মাজেৰে, কৰ্মৰ মাজেৰে জগতত বিলাই গৈছে মানৱতাৰ মহান বাণী। ‘বসুধৈৱ কুটুম্বকম’ বাণীৰে উদ্বুদ্ধ এই দেশ। ইয়াত নীচতা – হীনতা, অন্যায় – অতিচাৰৰ স্থান নাই। দানবীয়তাৰ ক’লা ডাৱৰে এই দেশৰ সুনীল আকাশ কাহানিও ঢাকিব পৰা নাই। মিছা অহংকাৰ, কুটীল দর্প ইয়াত নিজে নিজে লয় পায়। এইহেন আমাৰ জন্মভূমিৰ গৌৰৱ – গৰিমা আমি সকলােৱে ৰক্ষা কৰিব লাগিব।
(খ) অ’ বীৰ প্রসবিনী আই
অ’ মোৰ ভাৰতী আই।
উত্তৰঃ উক্ত কবিতাফাঁকি অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীৰ ৰচিত ‘আমাৰ ভাৰতী আই’ কবিতাটিৰ পৰা উদ্ধৃত। ইয়াত কবিয়ে আমাৰ জন্মভূমি ভাৰতক ‘বীৰ প্রসবিনী আই’ বুলি সম্বোধন কৰিছে। ‘বীৰ প্রসবিনী’ মানে হ’ল বীৰ সন্তান জন্ম দিয়া মাতৃ। ইতিহাসৰ বিভিন্ন সময়ত এই ভাৰতভূমিয়ে অসংখ্য বীৰ, দেশপ্ৰেমিক আৰু মহান পুৰুষ জন্ম দিছে, যিসকলে দেশৰ সুৰক্ষা, মানৱতাৰ কল্যাণ আৰু স্বাধীনতাৰ বাবে আত্মবলিদান আগবঢ়াইছে। সেইকাৰণে কবিয়ে গৌৰৱ আৰু ভক্তিভাৱেৰে ভাৰতী আইক বীৰ প্রসবিনী বুলি ক’লে। এই পংক্তিৰ মাজেৰে কবিৰ দেশপ্ৰেম আৰু মাতৃভূমিৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে।
৫। কবিতাটিৰ মূলভাব লিখা।
উত্তৰঃ এই দেশ ভাৰতভূমিক কবিয়ে মাতৃৰূপত কল্পনা কৰিছে। এই দেশ অনুপম। প্ৰভাতৰ প্ৰথম ৰেঙনি এই দেশতে পৰে। এই দেশৰ মানুহে মানৱতাৰ জয়গান গায়। এই দেশত আসুৰিক শক্তিৰ স্থান নাই। মিছা অহংকাৰ, কুটিল দৰ্প এই দেশতে নিজে নিজে লয় হৈ যায়। 'ভাৰতী' আইয়ে নিজকে শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ জন্ম দিছে বহুতো বীৰ পুৰুষৰ। শৌৰ্য-বীৰ্য আৰু ভাতৃত্ববোধৰ প্ৰেমে এই দেশক ৰক্ষা কৰিব। সেয়েহে দেশৰ স্বাধীনতাৰ যুঁজত উদ্ধুদ্ধ হ'বলৈ কবিয়ে ভাৰতীৰ বীৰ সন্তান সকলক আহ্বান জনাইছে।
৬। কবি নলিনীবালা দেৱীৰ সাহিত্য কৃতিৰ বিষয়ে লিখা।
উত্তৰঃ অতীন্দ্ৰীয় বা ৰহস্যবাদী কৰি ৰূপে খ্যাত নলিনীবালা দেৱী প্ৰথম কবিতা পুথি 'সন্ধিয়াৰ সুৰ' ১৯২৮ চনত প্ৰকাশ পায়। তেওঁৰ আন আন কবিতা পুথিসমূহ হ'ল — সপোনৰ সুৰ, পৰশমনি, যুগ দেৱতা, জাগৃতি, অলকানন্দা। ১৯৬৭ চনত তেওঁ 'অলকানন্দা' পুথিৰ বাবে তেওঁ সাহিত্য একাদেমী বঁটা লাভ কৰে।
ভাষা বিচাৰ
১। বিপৰীত শব্দ লিখা—
- শান্তি – অশান্তি
- স্বর্গ – নৰক
- উদয় – মাৰ যোৱা
- সূর্য – চন্দ্ৰ
- প্রেম – হিংসা, ঘিণা
- মানৱ – দানৱ
- লয় – নলয়
২। প্রত্যয় ভাঙি দেখুওৱা
- ভাৰতী – ভাৰত + ঈ
- মানৱীয় – মানৱী + য়
- প্রসবিনী – প্ৰসবিন + ঈ
- জিৰণি – জিৰণ + ঈ
Comments
No comments yet. Be the first!