বিহু-চোলা

This page provides complete solution for Class 8 Assamese Chapter 2 "বিহু-চোলা" of Shankardev Vidya Niketan. Here you will find summary, short questions, long questions, MCQs and important exam questions explained clearly.

All content is prepared according to the latest syllabus and designed to help students achieve high marks in exams.

Shankardev Vidya Niketan Class 8 Assamese Chapter 2 Answer 2026 | বিহু-চোলা | Lesson 2 | অধ্যায় ২ | Class 8 Assamese Question Answer

প্ৰশ্নাৱলীঃ

  • ভঁৰাল = ধান, ধন বা আন বস্তু সামৰি থোৱা ঘৰ, ভাণ্ডাগাৰ।
  • অগ্নি = জুই, বহ্নি।
  • পনাটি = ল'ৰা-ছোৱালীক মৰমতে মতা মাত।
  • ঠাৱৰৱ = স্তিৰ ৰূপে, নিশ্চয় কৰা।
  • জুহাল = জুইশাল।
  • লেনিয়াই = মৰম লগাবলৈ কোমলকৈ কথা কোৱা।
  • আভুৱা = বুজ নোপোৱা, নজনা।
  • দয়াময় = স্থিৰ ৰূপে, নিশ্চয় কৰা।
  • লাহ = ধুন-পেচঁ।
  • বনিয়ন = সূতা বনিয়াই বা গুঠি তৈয়াৰ কৰা এবিধ চোলা।
  • উঘা = তাঁত বাতি কৰিবলৈ সূতা মেৰাই লোৱা সঁজুলি।
  • উত্ৰাৱল = চঞ্চল, অস্থিৰ।
  • খীৰণি = লোণৰ গুণবিশিষ্ট ছাই (খাৰ)ৰ পানী।
  • উপমা = তুলনা, সমান, অৰ্থালংকাৰ বিশেষ।
  • স্বপ্ন = সপোন, সমাজিক।
  • উষা = ৰাতিপুৱা, প্ৰাতঃকাল।
  • উদ্বাউল = শোকত কাতৰ হোৱা, বৰ খং উঠাত নিজকে পাহৰা।
  • আমঠু = কলিজা, হৃদয়।
  • মাউৰা = পিতৃ-মাতৃ দুয়ো বা এজনা নথকা ল'ৰা।
  • অবালচন্দ = অপাত্ৰ, একো নজনা।
  • জনক = জন্মদাতা।

ক্ৰিয়া-কলাপঃ

১। চমু উত্তৰ দিয়া—

(ক) সােণপাহিৰ ঘৰ ক'ত আছিল?

উত্তৰঃ সােণপাহিৰ ঘৰ দিখৌৰ পাৰৰ শলগুৰি গাঁৱত আছিল।

(খ) সােণপাহিৰ পােনাটিৰ নাম কি আছিল আৰু কিমান বয়স হৈছিল?

উত্তৰঃ সােণপাহিৰ পােনাটিৰ নাম মাখন আছিল আৰু পাঁচ বছৰ বয়স হৈছিল।

(গ) সােণপাহিয়ে গিৰীয়েকৰ পৰা কি পাইছিল?

উত্তৰঃ সােণপাহিয়ে গিৰীয়েকৰ পৰা এচমকা ভেটি পাইছিল।

(ঘ) মাখনক নতুন চোলা কিয় লাগে?

উত্তৰঃ মাখনক ব'হাগ বিহুৰ বাবে নতুন চোলা লাগে।

(ঙ) মাকে মাখনক আনি দিয়া বিহুৰ চোলাটো কেনেকুৱা আছিল?

উত্তৰঃ মাকে মাখনক আনি দিয়া বিহুৰ চোলাটো ৰঙা আছিল।

(চ) চোলাটো ঘৰলৈ আনি সােণপাহিয়ে ক'ত থৈছিল আৰু তেতিয়া মাখনে কি কৰিছিল?

উত্তৰঃ চোলাটো ঘৰলৈ আনি সােণপাহিয়ে কাষলতিৰ তলত থৈছিল আৰু তেতিয়া মাখনে মাকৰ হাতৰ পৰা চোলাটো লৈ আনন্দত জাপ ভাঙি মেলি পেলালে।

(ছ) বিহুৰ দিনা মাখনে নতুন চোলাটো লৈ কাৰ চোতাললৈ গৈছিল?

উত্তৰঃ বিহুৰ দিনা মাখনে নতুন চোলাটো লৈ ওচৰ-চুবুৰীয়া, ভদাই শইকীয়াৰ চোতাললৈ গৈছিল।

(জ) কোনে মাখনৰ নতুন চোলাটো ফালি পেলাইছিল?

উত্তৰঃ লাহমনে মাখনৰ নতুন চোলাটো ফালি পেলাইছিল।

(ঝ) নতুন চোলাটোৰ শেষ পৰিণতি কি হল?

উত্তৰঃ নতুন চোলাটো লাহমনে ফালি পেলালে আৰু তাৰ পাছত সকলোৱে টনা-আজোৰা কৰাৰ বাবে নতুন চোলাটোত জেতুকা আৰু থেকেৰাৰ ডাগ লাগিল।

(ঞ) বিহুৰ বাবে সােণপাহিয়ে কি কি যােগাৰ কৰিছিল?

উত্তৰঃ বিহুৰ বাবে সােণপাহিয়ে পুতেকৰ বাবে এটা ৰঙা চোলা আৰু বিহুৰ বাবে কিছু সমলৰ যােগাৰ কৰিছিল।

২। উৰুকাৰ ৰাতিপুৱা চুবুৰীয়া ঘৰৰ চোতালত সমনীয়াৰ কথাবােৰে মাখনৰ মনত কেনে প্রতিক্রিয়া সৃষ্টি কৰিছিল? তাৰ পিছত মাখনে কি কৰিছিল?

উত্তৰঃ উৰুকাৰ ৰাতিপুৱা চুবুৰীয়া ঘৰৰ চোতালত সমনীয়াৰ কথাবােৰে মাখনৰ মনত এক দুষৰ প্রতিক্রিয়া সৃষ্টি কৰিছিল। তাৰ পিছত মাখনে ঘৰত গৈ মাটিত বহি ভৰি দুটা এছাৰি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে।

৩। গধূলি মাকে বজাৰৰ পৰা আহি নঙলামুখ পাওঁতে মাখনে কি কৰিছিল?

উত্তৰঃ গধূলি মাকে বজাৰৰ পৰা আহি নঙলামুখ পাওঁতে মাখনে মাইকী হেম্বেলনী শুনা দামুৰিৰ দৰে গৈ সোণপাহিৰ আঁঠু দুটা সাবট মাৰি সোণপাহিয়ে তাৰ বাবে নতুন কাপোৰ আনিছে নে নাই সুধিছিল।

৪। বিহুৰ চোলাটো পােৱাৰ পিছত মাখনৰ মনত উদয় হােৱা ভাৱগতিৰ এটা বর্ণনা দিয়া।

উত্তৰঃ বিহুৰ চোলাটো পােৱাৰ পিছত মাখনে আনন্দত উত্ৰাৱল হৈ জাপ ভাঙি মেলি পেলাইছিল। তাৰ আনন্দৰ সীমা নাইকিয়া হৈ পৰিছিল আৰু সি সেই ৰঙা চোলাটো লৈ বহুত আনন্দিত হৈ পৰিছিল।

৫। প্রসঙ্গ-সংগতি দর্শাই ব্যাখ্যা কৰা।

(ক) পুতেকৰ সেই ওলমি অহা মুখ খনিৰ ভিতৰত যে এফেৰি খং-বেজাৰৰ তপত ভাপ আহিছে মাকে তাক বুজিব পৰা নাছিল।

উত্তৰঃ উক্ত বাক্য ফাকি আমাৰ পাঠ্যপুঠি ভাৰতী সাহিত্য চয়নত সন্নিৱিষ্ট বিহুৰ চোলা পাঠটিৰ পৰা তুলি দিয়া হৈছে। মাখনৰ খং আৰু বেজাৰত সি কি ভাবি আছিল সেই কথা মাকে ধৰিব পৰা নাছিল। মাখনৰ সমনীয়া সকলোৱে বিহুৰ বাবে নতুন চোলা লৈছিল। কিন্তু সি মাসনক মাকে নতুন চোলা আনি দিব পৰা নাছিল। লগৰ সমনীয়াসকলৰ নতুন চোলা দেখি তাৰ বহুত দুখ লাগিছিল আৰু মাকে তাক বজাৰত কাপোৰ ধুকুৱা বুলি মিছা কোৱাৰ বাবে তাৰ খং উঠিছিল। তেতিয়া সি দুখ আৰু খঙত ঘৰলৈ গুচি আহিছিল। তেতিয়া মাকে তাৰ দুখ আৰু খংত থকাৰ বাবে সি কি ভাবি আছিল মাকে ধৰিব পৰা নাছিল।

(খ) সেই এধানমান ৰঙীণ ’ জাপানী বনিয়ন এটাত যিমান সৌন্দর্য লুকাই আছে তাৰ এশ ভাগৰ এভাগাে যেন সি আজি চাই অন্ত কৰিব পৰা নাই।

উত্তৰঃ উক্ত বাক্য ফাকি আমাৰ পাঠ্যপুঠি ভাৰতী সাহিত্য চয়নত সন্নিৱিষ্ট বিহুৰ চোলা পাঠটিৰ পৰা তুলি দিয়া হৈছে। মাখনে ৰঙীণ ’ জাপানী বনিয়ন এটাৰ সৌন্দৰ্য সি চাই অন্ত কৰিব পৰা নাছিল। মাখনৰ বাবে মাকে বিহুৰ নতুন চোলা হিচাপে আনি দিয়া সেই সাধাৰণ ৰঙীণ ’ জাপানী বনিয়নটোৰ মূল্য বহুত আছিল তাৰ বাবে সেই সাধাৰণ ৰঙীণ ’ জাপানী বনিয়নটোত বহুত সৌন্দৰ্য লুকায় আছিল। যাৰ সৌন্দৰ্য সি এশ ভাগৰ এভাগো চাই সি অন্ত কৰিব পৰা নাছিল।

(গ) মাকৰ উচুপনি কাণত পৰিলত সৰলমতি শিশুটিয়ে থিৰে থাকিব নােৱৰিলে।

উত্তৰঃ উক্ত বাক্য ফাকি আমাৰ পাঠ্যপুঠি ভাৰতী সাহিত্য চয়নত সন্নিৱিষ্ট বিহুৰ চোলা পাঠটিৰ পৰা তুলি দিয়া হৈছে। মাসনৰ মাকে উচুপি উচুপি কান্দি থকাৰ বাবে মাসনে মাকৰ সেই কান্দি থকা মূখখন চাই থাকিব নোৱাৰিলে। বিহুৰ উপলক্ষে মাসনৰ মাকে মাসনক এটা ৰঙা চোলা বজাৰৰ পৰা আনি দিছিল। কিন্তু বিহুৰ দিনাই সেই চোলাটো ফালি যোৱাত মাসনৰ মাকে বৰ দূষ পালে আৰু উচুপি উচুপি কান্দিবলৈ ধৰিলে। মাকৰ চকুপানী দেখি মাসনে থিৰে থাকিব নাৱাৰিলে। সি মাকক কান্দি থকা দেখি মাসনে মাকৰ ওচৰলৈ গৈ মাকৰ চকপৰ পানী মছি মাকক সান্তনা দিলে।

৬। মাখনৰ বাবে বিহুৰ চোলা মাকে কিয় কিনি আনিব পৰা নাছিল? পিছত সেই চোলা মাকে কেনেদৰে যােগাৰ কৰিছিল?

উত্তৰঃ টকা-পইচাৰ অসুবিধাৰ বাবে মাখনৰ বাবে বিহুৰ চোলা মাকে আনিব পৰা নাছিল। পাছদিনা মাসনৰ মাকে উৰুকাৰ আগদিনা বেপাৰ কৰি পোৱা ৰূপৰ টকাটো দি মাসনক এটা ৰঙা চোলা আনি দিছিল।

৭। শলগুৰি গাঁৱৰ ল'ৰা-ছােৱালীহঁতে কেনেদৰে বিহুৰ বাবে প্রস্তুত হৈছে , তােমাৰ নিজৰ ভাষাৰে লিখা।

উত্তৰঃ শলগুৰি গাঁৱৰ ল'ৰা-ছোৱালীহঁতে বিহুৰ বাবে খুব আনন্দিত হৈ আছিল। সিহঁত সকলোৱে বিহুৰ বাবে ন-চোলা লৈছে আৰু লগৰ সমনীয়া বোৰে ইটোৱে সিটোক নিজৰ বিহুৰ ন-চোলা দেখাইছে। বিহুৰ দিনা সকলোৱে ন-চোলা পৰিধান কৰিছে আৰু সকলোৱে একেলগে হাটত জেতুকা লগাইছে।

৮ | লাহমনে মাখনৰ চোলাটোৰ ক্ষেত্ৰত কি কৰিলে আৰু তেনে কৰা উচিত আছিল নে? সমনীয়া তথা কনিষ্ঠজনৰ সৈতে কেনে ব্যৱহাৰ কৰা উচিত বুলি তুমি ভাবা?

উত্তৰঃ বিহুৰ দিনা মাসনে নিজৰ ন-চোলাটো লগৰ সমনীয়াবোৰক দেখোৱাওতে লাহমন নামৰ ল'ৰা এটাই মাসনক মাসনৰ ন-চোলাটো এবাৰ পিন্ধিবলৈ সুজিছিল। প্ৰথমে মাসনে চোলাটো লাহমনক দিয়া নাছিল, কিন্তু শেষত মাসনে তাৰ চোলাটো লাহমনক দিছিল। লাহমনে মাসনৰ চোলাটো পিন্ধিছিল আৰু চোলাটো লাহমনৰ বাবে টান হৈছিল। কিন্তু লাহমনে যোৰ কৰি টানি পিন্ধিবৰ সোজাৰ বাবে মাসনৰ চোলাটো ফালি গৈছিল। তেনে কৰা উচিত নাছিল। লগৰ সমনীয়াৰ লগত সদায় সৎ ব্যৱহাৰ কৰিব লাগে।

৯। “আই, মই আজি পুৰণি চোলাও নিপিন্ধো; আকৌ ফাটিব। ফাটিলে তই ক’ত পইচা পাবি? পিতাই মৰিল নহয়?” –কোনে , কাক আৰু কিয় এই কথাষাৰ কৈছিল?

উত্তৰঃ উক্ত কথাষাৰ মাসনে মাকক কৈছিল। বিহুৰ চোলাটো ফালাৰ বাবে মাসনৰ মাকে দুষতে কান্দিছিল। সেইবাবে মাসনে মাকক উক্ত কথাষাৰ কৈছিল।

১০। চুটিগল্প কাক বােলে? ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ চুটিগল্প হ'ল মানুহৰ বাস্তৱ জীৱনৰ কোনো এটা মূহুৰ্তৰ ঘটনা বৰ্ণনা। ইয়াৰ তিনিটা বৈশিষ্ট্য হ'ল -

  • (১) চুটিগল্প সাহিত্য এবিধ ভাগ।
  • (২) ইয়াৰ আৰম্ভণি আৰু পৰিসমাপ্তি আকস্মিক ধৰণে হয়।
  • (৩) চৰিত্ৰৰ ক্ষেত্ৰত এটা কেন্দ্ৰীয় চৰিত্ৰ থাকে আৰু জটিল বা বাহুল্য চৰিত্ৰ নাথাকে।

ভাষা বিচাৰঃ

১। তলত দিয়া শব্দকেইটাৰ বিপৰীত শব্দ লিখা-

  • (ক) চহকী = দুখীয়া।
  • (খ) বিপৰ্যয় = ছিজিল।
  • (গ) সৰল = বিসম।
  • (ঘ) বিশ্বাস = অবিশ্বাস।
  • (ঙ) সান্ত্বনা = অসান্তি।
  • (চ) উদ্বাউল = লাহে-লাহে।

২। বাক্য ৰচনা কৰা-

  • (ক) আলৈ-আথনিঃ ৰহিমৰ মাক ধুকোৱাৰ বাবে ৰহিমৰ আলৈ-আথনি অৱস্থা হৈছে।
  • (খ) আলেখ-লেখঃ মেলাখনত আলেখ-লেখ মানুহ আহিছে।
  • (ঘ) আমঠুঃ মধু ঘৰৰ সকলোতকৈ সৰু ল'ৰা বাবে সি ঘৰৰ সকলোৰে হিয়াৰ আমঠু।

৩। সন্ধি ভাঙা-

  • অভিমান - অভি + মান।
  • প্ৰতিধ্বনি - প্ৰতি + ধ্বনি।
  • অবালচন্দ - অবাল + চন্দ।
  • অতীত - অতি + ইত।
  • উজ্জ্বল - উৎ + জল।

Related Chapters

Explore more chapters of Class 8 Assamese .