মাতৃপূজাত মোমাই বলি

This page provides complete solution for Class 8 Assamese Chapter 5 "মাতৃপূজাত মোমাই বলি" of Shankardev Vidya Niketan. Here you will find summary, short questions, long questions, MCQs and important exam questions explained clearly.

All content is prepared according to the latest syllabus and designed to help students achieve high marks in exams.

Shankardev Vidya Niketan Class 8 Assamese Chapter 5 Answer 2026 | মাতৃপূজাত মোমাই বলি | Lesson 5 | অধ্যায় ৫ | Class 8 Assamese Question Answer

ক্ৰিয়া-কলাপঃ

১। তলৰ প্রশ্নবােৰৰ চমু উত্তৰ দিয়া

(ক) লাচিত বৰফুকন কোন আছিল?

উত্তৰঃ লাচিত বৰফুকন আহোমৰ সেনাপতি আছিল।

(খ) গড় নির্মাণৰ কাম চাবলৈ আহি লাচিতবৰফুকনে কর্মীসকলক কি অৱস্থাত দেখিছিল?

উত্তৰঃ গড় নির্মাণৰ কাম চাবলৈ আহি লাচিতবৰফুকনে কর্মীসকলক নিঢাল অৱস্থাত দেখিছিল।

(গ) গড় নির্মাণৰ দায়িত্ব ভাৰ লাচিত বৰফুকনে কাৰ ওপৰত দিছিল?

উত্তৰঃ গড় নির্মাণৰ দায়িত্ব ভাৰ লাচিত বৰফুকনে মোমায়েকৰ ওপৰত দিছিল।

(ঘ) “মােগলৰ সেনাপতি ৰাজপুত বীৰ”- এই ৰাজপুত বীৰ জন কোন আছিল?

উত্তৰঃ “মােগলৰ সেনাপতি ৰাজপুত বীৰ”- এই ৰাজপুত বীৰ জন ৰামসিংহ আছিল।

(ঙ) মােমায়েকক হত্যা কৰাৰ পিছত কর্মীসকলে কি কৰিছিল?

উত্তৰঃ মােমায়েকক হত্যা কৰাৰ পিছত কর্মীসকলে ভয়তে গড় নিৰ্মাণৰ কামত উদ্যমেৰে লাগি গৈছিল।

২। পাঠটিৰ মাজেৰে লাচিত বৰফুকনৰ দেশপ্রেম কিদৰে প্ৰকাশ পাইছে - তােমাৰ নিজৰ ভাষাৰে লিখা

উত্তৰঃ লাচিত বৰফুকন এজন স্বদেশ প্ৰেমী লোক আছিল। তেওঁ নিজৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে নিজৰ প্ৰাণ বলিদান দিব পাৰে। তেওঁ নিজৰ মাতৃভূমিক নিজত কৈয়ো বেছি ভাল পাইছিল। তেওঁ শৰাইঘাটৰ ৰণত নিজৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে নিজৰ মামায়েকৰ ডিঙি কাটি বলিদান দিছিল। তেওঁ নিজৰ অসুহিয়া দেহাটো লৈ শৰাইঘাটত হোৱা ভিসন ৰণত আগভাগ লৈছিল। তেওঁ এজন সাহসী যোৱান আছিল।

৩। লাচিত বৰফুকনে মােমায়েকক কিয় হত্যা কৰিছিল ? মােমায়েকক বধ কৰাৰ পিছত কর্মীসকল পুনৰ কামত উঠি - পৰি লগাত লাচিত বৰফুকনৰ মনত উদয় হােৱা ভাবৰাশি বহলাই লিখা।

উত্তৰঃ লাচিত বৰফুকনে গড়ৰ কাম চাবলৈ গৈ যেতিয়া দেখিলে সকলোবোৰ এলাহত শুই বাগৰী আছে, আৰু গড়ৰ কাম চাৰিভাগৰ তিনি-ভাগেই এতিয়াও বাকী আছে। তেতিয়া লাচিতৰ বহুত খং উঠিল তেতিয়া লাচিত উত্তেজনাত কঁপিব ধৰিলে। বজ্ৰকণ্ঠেৰে তেওঁ মোমায়েকক ক'লে - দেশতকৈ মোমাই ডাঙৰ নহয়। এই বুলি কৈ লাচিত ফুকনে খাপৰ পৰা হেংদান উলিয়াই নিজৰ মোমায়েকক কাটি দুছোৱা কৰিলে।

৪| শৰাইঘাটৰ ৰণ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ?

উত্তৰঃ শৰাইঘাটৰ ৰণ ১৬৭১ খৃষ্টাব্দত আহোম ৰজা চক্ৰধ্বজ সিংহৰ দিনত আহোম আৰু মোগলৰ মাজত হৈছিল।

৫। ব্যাখ্যা কৰা -

(ক) বিজাতীয় মােগলৰ গর্বিত নিচান - দিবা নেকি উৰুৱাব জননীৰ স্বাধীন শিৰত ?

উত্তৰঃ বাক্যটি সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকাদেৱে ৰচনা আৰু আমাৰ পাঠ্যপুথিত অন্তর্ভুক্ত “মাতৃপূজাত মােমাই বলি” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। এই বাক্যটিৰ জৰিয়তে লাচিত বৰফুকনে কর্তব্যক অৱহেলা কৰি বিশ্রাম লােৱা মােমায়েকক দেশ মাতৃৰ সম্ভাব্য বিপদ সম্পর্কে সকিয়াই দিছে। ৰাতিৰ ভিতৰতে গড় এটি নির্মাণ কৰাৰ বাবে লাচিত বৰফুকনে মােমায়েকক যি দায়িত্ব দিছিল, মােমায়েকে তাৰ গুৰুত্ব বুজি পােৱা নাছিল। সেয়ে গড়ৰ কাম আধা নৌহওঁতেই তেওঁ বিশ্রাম লৈছিল। কর্মীবােৰেও শুই পৰিছিল। ৰাতি গড়ৰ কাম চাবলৈ আহি গােটেই পৰিস্থিতিটো দেখি গড়ৰ কামৰ বিষয়ে লাচিতে মােমায়েকক প্রশ্ন কৰাত মােমায়েকে কর্মীবােৰে কাম কৰি ভাগৰি পৰি বিশ্রাম লােৱা বুলি কৈছিল। মােমায়েকৰ কথাত লাচিতৰ ভীষণ খং উঠিছিল। যুঁজাৰুৰ আৰু কিহৰ বিশ্রাম? ৰাতিৰ ভিতৰত গড় নির্মাণ নহ’লে পৰিণাম ভয়াবহ হ’ব। মােগলক ভেটিব পৰা নাযাব আৰু দেশৰ স্বাধীনতা ৰক্ষা কৰা টান হ’ব। শিৰাই শিৰাই দেশপ্ৰেমৰ তেজ বৈ থকা লাচিত বৰফুকনে সেইটো কেতিয়াও হ’ব নিদিয়ে। সেয়েহে খং আৰু বিদ্রুপেৰে মােমায়েকক লাচিতে প্রশ্ন কৰিছিল ‘বিজাতীয় মােগলৰ গর্বিত নিচান দিবা জানাে উৰুৱাব জননীৰ স্বাধীন শিৰত?’ বুলি।

(খ) পূজনীয় তুমি , কিন্তু তাকো কৰি শতগুণে পূজনীয় মাতৃভূমি চেনেহী আই ।

উত্তৰঃ বাক্যটি সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিৰ অন্তর্ভুক্ত “মাতৃপূজাত মােমাই বলি” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। বাক্যটিৰ মাজেৰে লাচিত বৰফুকনৰ দেশ মাতৃৰ প্ৰতি থকা শ্রদ্ধা – ভক্তি সুন্দৰভাবে প্রকাশ পাইছে। জন্মভূমিক মােগলৰ হাতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্য লাচিত বৰফুকনে মােমায়েক গড় নির্মাণৰ যি গুৰু দায়িত্ব দিছিল, সেই দায়িত্ব আৰু কৰ্তব্যক অৱহেলা কৰি তেওঁ মহাপাপ কৰিছে। এই পাপৰ কোনাে ক্ষমা নাই। মােমায়েক হিচাপে তেওঁ লাচিতৰ পূজনীয়, শ্রদ্ধাৰ পাত্র। কিন্তু মােমায়েতকৈ মাতৃভূমি চেনেহী অসম লাচিতৰ শতগুণে পূজনীয়। মােমায়েকে যিহেতু তেনেকুৱা পূজনীয় জন্মভূমিৰ কৰ্তবক অৱহেলা কৰি মহাপাপ কৰিছে, সেই মহাপাপৰ শাস্তি তেওঁ ভূগিবই লাগিব।

(গ) চোৱা সৌ মানসৰ পবিত্র বেদত ঢিমিক ঢামাক জ্বলে আশাৰ প্রদীপ ।

উত্তৰঃ বাক্যটি সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকাদেৱে ৰচনা আৰু আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট “মাতৃপূজাত মােমাই বলি” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। কর্মীসকলে পুনৰ গড় নির্মাণ কৰিবলৈ ধৰাত লাচিত বৰফুকনৰ মনত যি আশাৰ সঞ্চাৰ হৈছিল, তাকে উক্ত কথাফাকিৰ মাজেৰে প্ৰকাশ পাইছে। লাচিত বৰফুকনে মােমায়েকক বধ কৰাৰ পিছত কর্মীবােৰে নতুন উদ্যমেৰে গড় নির্মাণৰ কামত লাগিছিল। গড়ৰ কাম তেতিয়ালৈ বহুখিনি বাকী থাকিলেও কর্মীবােৰৰ উৎসাহ দেখি লাচিত বৰফুকনৰ মনত আশাৰ সঞ্চাৰ হৈছিল। তেওঁ বুজি পাইছিল, কর্মীসকলে নিজ নিজ শক্তি বিশ্বাস ৰাখি সকলাে সামর্থ্য নিয়ােজিত কৰি কাম কৰিলে ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূর্ণ হ’বই। গড় সম্পূর্ণ নির্মাণ হলে মােগলক ভেটিব পৰা যাব আৰু মােগলে সহজে সােণৰ অসম ৰাজ্য পদানত কৰিব নােৱাৰিব। গতিকে কর্মীসকলে নিশাত ভােগাৰ প্ৰয়ােজন নাই। মনৰ মাজত এতিয়াও ঢিমিক ঢামাক আশাৰ প্রদীপ জ্বলি আছে। অলপ কষ্ট কৰি, অলপ ত্যাগ স্বীকাৰ কৰি তাত তেল – শলিতা দিলে সি দপকৈ জ্বলি উঠি দেশ মাতৃৰ মুখ উজ্বলাই তুলিব।

৬। পাঠটিৰ কথাখিনি সহজ ভাষাত চমুকৈ লিখা ।

উত্তৰঃ ১৬৭১ খৃষ্টাব্দত আহোম ৰজা চক্ৰধ্বজ সিংহৰ দিনত আহোম আৰু মোগলৰ মাজত হোৱা যুদ্ধখনেই হ'ল শৰাইঘাটৰ যুদ্ধ। আগিয়াঠুৰিৰ পৰা গুৱাহাটীলৈ অহা বাটত বৰ্তমানৰ আমিনগাঁৱৰ ওচৰত গড় বনোৱা ভাৰ অৰ্পন কৰিছিল লাচিত বৰফুকনৰ মোমায়েকক। ইফালে অম্বৰৰ অধিপতি ৰাজপুত বীৰ ৰামসিংহৰ নেতৃত্বত মোগল সৈন্যও যুদ্ধৰ বাবে সজ্জিত হৈ আগবাঢ়ি আহিছিল। লাচিত বৰফুকনে গধূলি ঘোঁৰাত উঠি গড়ৰ কাম চাবলৈ আহি দেখে যে কামৰ আধাখিনিও হোৱা নাই। কামত অৱহেলা কৰা দেখি লাচিতে খাপৰ পৰা সাউতকৈ তৰোৱালখন উলিয়াই মোমায়েকক কাটি দুডোখৰ কৰি ক'লে - "মোৰ দেশতকৈ মোমাই ডাঙৰ নহয়।" পিছত কৰ্মী সকলে ভয়তে গড় নিৰ্মাণ কামত উদ্যমেৰে লাগি যায়। কৰ্মীসকলৰ উদ্যম আৰু লাচিতৰ প্ৰতি থকা ভক্তি দেখি তেওঁ আনন্দিত হৈ পৰিছিল।

৭। অতুল চন্দ্ৰ হাজৰিকাৰ দুখন নাটকৰ নাম লিখা।

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকাৰ দুখন নাটকৰ নাম হ'ল কুৰুক্ষেত্ৰ আৰু সাৱিত্ৰী।

৮। চমুটোকা লিখা -

(ক) লাচিত বৰফুকন

উত্তৰঃ লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামূলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাট ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুজিঁ লাচিতে মোগলক হৰুৱাই আহোম সকলক বিজয়ী কৰিছিল। এই যুদ্ধত ৱীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিনগাঁৱত ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিবলৈ নিজ মোমায়েকক দায়িত্ব দিছিল। কিন্তু গড় বন্ধাৰ কামত গাফিলতি কৰাৰ কাৰণে লাচিতে 'দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি মোমায়েকক কাটি দুচোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কটা গড় মহাবীৰ লাচিতৰ দেশ প্ৰেমৰ নিদৰ্শন হৈ আজিও আছে।

(খ) ৰামসিংহ

উত্তৰঃ ৰামসিংহ অম্বৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংগজেৱৰ আদেশক তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। ১৬৬৭ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংগজেৱে ৰামসিংহক বহুত সৈন্য সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল। ১৬৭০ খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল।

(গ) শৰাইঘাটৰ যুদ্ধ

উত্তৰঃ ১৬৭১ খৃষ্টাব্দত আহোম ৰজা চক্ৰধ্বজ সিংহৰ দিনত আহোম আৰু মোগলৰ মাজত হোৱা যুদ্ধখনেই হ'ল শৰাইঘাটৰ যুদ্ধ। শৰাইঘাটৰ যুদ্ধ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। এই যুদ্ধত মোগল পৰাজিত হয় আৰু আহোমৰ জয় হয়।


Related Chapters

Explore more chapters of Class 8 Assamese .