প্ৰাকৃতিক সম্পদ

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Social Science

পাঠ্যভিত্তিক প্ৰশ্ন আৰু উত্তৰ

১। প্রাকৃতিক সম্পদ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ সামগ্ৰী মানুহে বিজ্ঞান, প্ৰযুক্তি বা কৌশলৰ দ্বাৰা মানুহৰ প্ৰয়োজন পূৰণ কৰিবলৈ ব্যৱহাৰ উপযোগী কৰি তোলে, তেনে সম্পদবোৰকে প্ৰাকৃতিক সম্পদ বোলে।

২। সম্পদৰ দুটা প্রধান বৈশিষ্ট্য কি কি?

উত্তৰঃ সম্পদৰ দুটা প্ৰধান বৈশিষ্ট্য হ'ল —
(i) সম্পদৰ কাৰ্যকাৰী গুণ থাকিব লাগিব।
(ii) সম্পদৰ উপকাৰিতা গুণ থাকিব লাগিব।

৩। সম্পদৰ শ্ৰেণীবিভাজন কৰা।

উত্তৰঃ সম্পদসমূহক প্ৰধানকৈ ৩ টা ভাগত ভাগ কৰিব পাৰি যেনে —
(i) প্ৰাকৃতিক সম্পদ।
(ii) মানৱসৃষ্ট সম্পদ।
(iii) মানৱ সম্পদ।

৪। ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে?

উত্তৰঃ বৰ্তমান পৃথিৱীত জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ লগে লগে মাটিৰ চাহিদাও দ্ৰুত হাৰত বাঢ়িছে। বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ কৃষিভূমি দখল কৰি ব্যৱসায়-বাণিজ্য, ঘৰ-দুৱাৰ নিৰ্মাণ, উদ্যোগ আদি স্থাপন কৰিবলৈ লৈছে। আনহাতে খাদ্যশস্যৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ অৰণ্য ধ্বংস কৰি কৃষিভূমিৰ প্ৰসাৰণ ঘটাইছে। এইসমূহ কাৰণতে ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে বাঢ়িছে।

৫। ভূমি সম্পদৰ প্ৰধান সমস্যাসমূহ কি কি?

উত্তৰঃ ভূমি সম্পদৰ প্ৰধান সমস্যাসমূহ হ'ল —
(i) ভূমিৰ অৱক্ষয়।
(ii) ভূমিস্খলন।
(iii) মাটিৰ ক্ষয়ীভৱন।
(iv) গৰাখহনীয়া।
(v) মৰূকৰণ।
(vi) ভূমি প্ৰদূষণ।

৬। কি কি কাৰণত ভূমিৰ অৱক্ষয় হয়?

উত্তৰঃ অপৰিকল্পিত কৃষিকাৰ্য, চৰণীয়া পথাৰৰ অত্যধিক ব্যৱহাৰ, অৰণ্য ধ্বংস, নগৰীকৰণ, ঔদ্যোগীকৰণ আদিৰ ফলত মাটিৰ অৱক্ষয় হয়। কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ, কীটনাশক আদিৰ অত্যধিক প্রয়োগে মাটি প্রদূষিত কৰে আৰু ইটা-ভাটা স্থাপনৰ বাবেও ভূমিৰ অৱক্ষয় হয়।

৭। ভূমি সংৰক্ষণৰ বাবে কেনে ধৰণৰ ব্যৱস্থা ল'ব পাৰি?

উত্তৰঃ ভূমি সংৰক্ষণৰ বাবে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ ল'ব পাৰি —
(i) বৃক্ষৰোপণৰ দ্বাৰা মাটিৰ গুণাগুণ বৃদ্ধি কৰাৰ উপৰিও মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিব পাৰি।
(ii) পাহাৰীয়া অঞ্চলত বেদিকা কৃষি (Terrace Farming) পদ্ধতি অবলম্বন কৰিব লাগে।
(iii) মাটিৰ ক্ষয় ৰোধ কৰিবলৈ contour ploughing (সমোচ্চ ৰেখা বৰাবৰ কৃষিকাৰ্য) কৰিব লাগে।
(iv) বনজ সম্পদ ৰক্ষা কৰি মাটিৰ উৰ্বৰতা বজাই ৰাখিব লাগে।
(v) ৰাসায়নিক সাৰ আৰু কীটনাশকৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰিব লাগে।

৮। চমুটোকা লিখা — ভূমিস্খলন, গৰাখহনীয়া, মৰূকৰণ, ভূমি প্ৰদূষণ।

উত্তৰঃ
ভূমিস্খলনঃ ভূমিস্খলন হৈছে এক প্ৰকাৰৰ প্ৰাকৃতিক বা সামাজিক সমস্যা। সাধাৰণতে পাহাৰীয়া অঞ্চলত প্ৰাকৃতিক কাৰণতে ভূমিস্খলন হয় যদিও বৰ্তমান মানুহৰ কাৰ্য-কলাপৰ ফলত বেছিকৈ ভূমিস্খলন সংঘটিত হয়। নেৰানেপেৰা বৰষুণ, ভূমিকম্প আদিৰ ফলত ভূ-খণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বুলি কোৱা হয়। বৰ্তমান সময়ত মানুহে পাহাৰীয়া অঞ্চলত ঘৰ-দুৱাৰ নিৰ্মাণ কৰিবৰ বাবে তাত থকা গছ-গছনি, হাবি আদি কাটি পেলোৱাৰ ফলত বৰ্তমান সময়ত ভূমিস্খলনৰ মাত্ৰা অধিক বৃদ্ধি পাইছে।

গৰাখহনীয়াঃ নদীৰ ক্ৰিয়াৰ ফলত পাৰৰ মাটি খহি পৰাকে গৰাখহনীয়া বুলি কোৱা হয়। গৰাখহনীয়া হৈছে এক প্ৰকাৰৰ প্ৰাকৃতিক সমস্যা। কিন্তু বৰ্তমান সময়ত মানুহৰ কাৰ্য-কলাপৰ ফলতো গৰাখহনীয়া হয়। বানপানীৰ পাছত গৰাখহনীয়াৰ মাত্ৰা অধিক বৃদ্ধি পায়। অসমত প্ৰতি বছৰে বাৰিষাৰ দিনত গৰাখহনীয়াৰ ফলত বহুতো গাঁও, খেতি-পথাৰ, ঘৰ-দুৱাৰ, গৰু-ছাগলী আদি নদীৰ বুকুত জাহ যায়।

মৰূকৰণঃ মৰুভূমিৰ সদৃশ প্ৰসাৰণকে মৰূকৰণ বুলিব পাৰি। কম পৰিমাণে বৰষুণ হোৱা আৰু অধিক মাত্ৰাত বাষ্পীভৱন হোৱা পৃথিৱীৰ যিবিলাক অঞ্চলত উদ্ভিদ, মানুহ আৰু অন্যান্য প্ৰাণীৰ জীৱন ধাৰণ কষ্টকৰ, তেনে অঞ্চলসমূহকে মৰুভূমি বুলি জনা যায়। পৃথিৱীৰ ভূভাগৰ প্ৰায় ২০ শতাংশ মাটিকালি মৰুভূমি অঞ্চলসমূহে আগুৰি আছে। মৰুভূমিৰ আশে-পাশে থকা এলেকাবোৰলৈ মৰুসদৃশ অৱস্থাৰ সম্প্ৰসাৰণ ঘটাকে মৰূকৰণ হিচাপে সংজ্ঞায়িত কৰা হয়।

ভূমি প্ৰদূষণঃ ভূমি অৰ্থাৎ মাটি। ভূমি প্ৰদূষণ মানে হৈছে মাটি প্ৰদূষণ। ভূমি প্ৰদূষণ প্ৰাকৃতিক আৰু মানৱসৃষ্ট এই দুয়োটা কাৰণতে হয়। ভূমি প্ৰদূষণৰ প্ৰধান কাৰণসমূহ হ'ল বিভিন্ন ধৰণৰ কল-কাৰখানা, উদ্যোগ, বাসগৃহ, কৃত্ৰিম কৃষি পদ্ধতি আদি। উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা, বাসস্থানৰ পৰা পেলোৱা আৱৰ্জনা, কৃষিকাৰ্যত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থ, খনন কাৰ্যৰ সময়ত বৰ্জনীয় পদাৰ্থ, প্লাষ্টিক আদি মাটিত মিহলি হৈ মাটি প্ৰদূষণ হয়। মাটি প্ৰদূষণ হলে মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পোৱাৰ লগতে মাটিৰ স্বাভাৱিক গুণাগুণো লোপ পায়।

৯। পৃথিৱীত ব্যৱহাৰযোগ্য নির্মল পানীৰ অভাৱ হোৱাৰ কাৰণ কি?

উত্তৰঃ পৃথিৱীত জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে। জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পানীৰ প্ৰয়োজনো দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। জনসংখ্যাৰ অনুপাতে পৃথিৱীত পানীৰ যোগান বঢ়া নাই। কিয়নো পৃথিৱীত ৭০ শতাংশ পানীৰে আৱৰি আছে যদিও নির্মল, ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ হৈছে মাত্ৰ ২.৫ শতাংশ। তাৰে প্ৰায় ২ শতাংশ বৰফ আৰু হিমবাহত আবদ্ধ। গতিকে সহজলভ্য, বিশুদ্ধ খোৱা পানী হৈছে মুঠ পানীৰ প্ৰায় ০.৩% হে। সেইবাবে পৃথিৱীত ব্যৱহাৰযোগ্য নির্মল পানীৰ অভাৱ হৈছে।

১০। পানী প্ৰদূষণৰ প্ৰধান কাৰণসমূহ কি কি?

উত্তৰঃ পানী প্ৰদূষণৰ প্ৰধান কাৰণসমূহ হ'ল —
(i) নদীৰ, বিলৰ পানীত গা-ধোৱা, কাপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা, গৰু-মহৰ গা-ধোৱাৰ ফলত পানী প্ৰদূষিত হয়।
(ii) কল-কাৰখানাসমূহৰ পৰা নিৰ্গত হোৱা লেতেৰা আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহ নদী, বিল, পুখুৰী, সাগৰ-মহাসাগৰত পেলোৱাৰ ফলত পানী প্ৰদূষিত হয়।
(iii) আৱৰ্জনা, মৰাশ আদি পানীত পেলোৱাৰ ফলত পানী প্ৰদূষিত হয়।
(iv) কৃষিকাৰ্যত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক বৰষুণৰ পানীৰে উটাই নি পানীৰ উৎস প্ৰদূষিত কৰে।

১১। পানী প্ৰদূষণ ৰোধ কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'ব পাৰি?

উত্তৰঃ পানী প্ৰদূষণ ৰোধ কৰিবৰ বাবে ল'ব পৰা ব্যৱস্থাসমূহ হ'ল —
(i) আৱৰ্জনা, মৰাশ আদি পানীত পেলোৱা বন্ধ কৰা।
(ii) কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা লেতেৰা আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহ নদী, বিল, সাগৰ-মহাসাগৰৰ পানীত নেপেলাই, শোধনাগাৰত শোধন কৰি অন্য ঠাইত পেলোৱাৰ ব্যৱস্থা কৰা।
(iii) নদী, পুখুৰী, বিল, নলা-নৰ্দমা, সাগৰ-মহাসাগৰ আদিত জাৱৰ-জোথৰ পেলোৱা বন্ধ কৰা।
(iv) কৃষিকাৰ্যত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ সঠিক আৰু সীমিত ব্যৱহাৰ নিশ্চিত কৰা।

১২। পানী সংৰক্ষণৰ বাবে কি কি ব্যৱস্থা হাতত ল'ব পাৰি?

উত্তৰঃ পানী সংৰক্ষণৰ বাবে হাতত ল'ব পৰা ব্যৱস্থাসমূহ হ'ল —
(i) পানী প্ৰদূষণ ৰোধ কৰাৰ ব্যৱস্থা ল'ব লাগিব।
(ii) পাহাৰীয়া অঞ্চলত বেদিকা কৃষিৰ জৰিয়তে পাহাৰৰ ঢালত পানী সংৰক্ষণ কৰিব পাৰি।
(iii) কৃষিক্ষেত্ৰত জলসিঞ্চন ব্যৱস্থা এনেদৰে কৰিব লাগে যাতে পানীৰ অপচয় নহয় (যেনে: ড্ৰিপ ইৰিগেশ্যন)।
(iv) খৰাং অঞ্চলত নলীনাদৰ দ্বাৰা জলসিঞ্চন ব্যৱস্থা কৰিব লাগে যাতে বাষ্পীভৱনৰ যোগেদি পানীৰ অপচয় নহয়।
(v) পানীৰ পুনৰ চক্ৰায়নৰ (Recycling) যোগেদি পানীৰ সংৰক্ষণ কৰিব পাৰি।
(vi) বৰষুণৰ পানী সংগ্ৰহ কৰাৰ ব্যৱস্থা (Rainwater Harvesting) কৰিব লাগে।

১৩। বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে?

উত্তৰঃ জনসংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। জনসংখ্যা যিমানে বৃদ্ধি পাবলৈ ধৰিছে সিমানেই মানুহৰ থকা ঠাইৰ অভাৱ হ'বলৈ ধৰিছে। যাৰ বাবে মানুহে হাবি-বন কাটি সেই ঠাইত নিজৰ বাসস্থান সাজিছে। কেৱল ঘৰ-দুৱাৰ বনোৱাৰ বাবেই নহয়, বিভিন্ন ধৰণৰ উদ্যোগ-প্ৰতিষ্ঠান, কল-কাৰখানা, দোকান-বজাৰ আদি বনোৱাৰ বাবেও হাবি-বন, উদ্ভিদ আদি ধ্বংস কৰিছে। এনে কৰাৰ ফলত বৰ্তমান সময়ত উদ্ভিদৰ পৰিমাণ হ্ৰাস পাইছে যাৰ ফলত বৰষুণ কমিছে। বৰষুণৰ পৰিমাণ কমাৰ ফলত ঠায়ে ঠায়ে খৰাং বতৰৰ সৃষ্টি হৈছে। যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে। যদি এই হাৰতে উষ্ণতা বৃদ্ধি পায়, তেনেহলে পৃথিৱীৰ দুয়ো মেৰুত থকা বৰফ গলি সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব। যাৰ ফলত কেইবছৰমানৰ পাছত পৃথিৱী পানীৰ তলত বুৰ যাব। এনে নহ'বৰ বাবে আমি বনজ সম্পদ সংৰক্ষণ কৰিব লাগে।

১৪। বনজ সম্পদ সংৰক্ষণ কৰিবলৈ কি কি ব্যৱস্থা ল'ব পাৰি?

উত্তৰঃ বনজ সম্পদ সংৰক্ষণ কৰিবৰ বাবে ল'ব পৰা ব্যৱস্থাসমূহ তলত উল্লেখ কৰা হ'ল —
(i) বিভিন্ন উদ্ভিদ আৰু প্ৰাণী ভঁৰালস্বৰূপ বিল, জলাহভূমিবিলাক ৰক্ষণাবেক্ষণৰ ব্যৱস্থা লোৱা উচিত।
(ii) সামাজিক বননীকৰণৰ যোগেদি গছ-গছনি নথকা অঞ্চলত, বিশেষকৈ ৰাস্তাৰ কাষে কাষে, নদীৰ পাৰত, পতিত মাটিত গছ-গছনি ৰোপণৰ ব্যৱস্থাৰ যোগেদি বনজ সম্পদ সংৰক্ষণ কৰিব পাৰি।
(iii) বিশেষকৈ দৰিদ্ৰতা দূৰীকৰণৰ জৰিয়তেও বনজ সম্পদৰ ধ্বংস কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি।
(iv) আইন প্ৰণয়ন কৰি বন ধ্বংস আৰু বন্য-প্ৰাণীৰ হত্যা বন্ধ কৰা।
(v) বন সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰা আৰু স্থানীয় লোকক সম্পৃক্ত কৰা।

১৫। শক্তি সম্পদ মানে কি?

উত্তৰঃ কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, বতাহ, সৌৰশক্তি, জৈৱ গেছ আদিবোৰেই হ'ল শক্তি সম্পদ। এইবোৰৰ পৰা শক্তি আহৰণ কৰি মানুহে বিভিন্ন কাম-কাজত ব্যৱহাৰ কৰে।

১৬। জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নথকাৰ কাৰণ কি?

উত্তৰঃ জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নাথাকে কাৰণ এই ইন্ধনসমূহ হৈছে অনৱীকৰণযোগ্য সম্পদ। যিবোৰ এবাৰ খৰচ হোৱাৰ পাছত সেই নাইকিয়া হৈ যোৱা ঠাই পূৰণ কৰিব পৰা ক্ষমতা জীৱাশ্ম ইন্ধনৰ নাই। এইবোৰ সৃষ্টি হ'বলৈ লাখ লাখ বছৰ সময় লাগে। সেইবাবে জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নাথাকে।

১৭। পৰম্পৰাগত শক্তি আৰু অপৰম্পৰাগত শক্তি সম্পদ কি বুজা?

উত্তৰঃ যিবোৰ শক্তি সম্পদ অতীজৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে, তাক পৰম্পৰাগত শক্তি সম্পদ বোলা হয়। যেনে: কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ।
যিবোৰ সম্পদ অতীজৰ পৰা পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা হোৱা নাই, তাক অপৰম্পৰাগত শক্তি সম্পদ বোলা হয়। যেনে: সৌৰশক্তি, বতাহ শক্তি, জোৱাৰ শক্তি, জৈৱ গেছ।

১৮। শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূৰ্ণ?

উত্তৰঃ পৰম্পৰাগত সম্পদসমূহ অত্যধিক হাৰত ব্যৱহাৰ কৰাৰ ফলত এই সম্পদবিধৰ নাটনি হোৱা দেখা গৈছে। এই নাটনি দূৰ কৰিবৰ বাবে মানুহে অপৰম্পৰাগত শক্তি সম্পদৰ সন্ধান কৰিছে আৰু নতুন নতুন উৎসৰ পৰা শক্তি আহৰণ কৰি নতুন নতুন কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। যদি বৰ্তমানৰ হাৰত জীৱাশ্ম ইন্ধন বা পৰম্পৰাগত শক্তিৰ ব্যৱহাৰ কৰি থকা হয়, তেনেহলে অতি সোনকালে জীৱাশ্ম সম্পদ পৃথিৱীৰ পৰা নিঃশেষ হৈ যাব। ইয়াৰ উপৰিও জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ, পৰিৱেশ প্ৰদূষণ হয়। সেয়ে এইবোৰ সমস্যা ৰোধ কৰিবৰ বাবে মানুহে পৰম্পৰাগত শক্তিৰ পৰিৱৰ্তে অপৰম্পৰাগত শক্তি ব্যৱহাৰ কৰাটো অতি প্ৰয়োজন।

১৯। শক্তি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে?

উত্তৰঃ পৃথিৱীৰ প্ৰায় সকলো ঠাইতে শক্তি সম্পদ বিয়পি আছে। কিন্তু এই সম্পদবোৰ আহৰণৰ ক্ষেত্ৰত খৰচ, সময়, শ্ৰম, প্ৰযুক্তি আদি কাৰকবোৰ জড়িত হৈ আছে। এইবোৰ সম্পদ যি হাৰত বৰ্তমানৰ প্ৰজন্মই ব্যৱহাৰ কৰিবলৈ ধৰিছে, যদিহে এই হাৰত শক্তি সম্পদ ব্যৱহাৰ কৰি থকা হয়, তেনেহলে ভৱিষ্যত প্ৰজন্মলৈ এই সম্পদ নাথাকিব। কাৰণ শক্তিসম্পদসমূহৰ বেছিভাগেই হৈছে অনৱীকৰণযোগ্য সম্পদ। সেইবাবে শক্তি সম্পদসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'ব লাগে আৰু সংৰক্ষণ কৰিব লাগে।

২০। পাৰ্থক্য লিখা — ক) নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। খ) পৰম্পৰাগত শক্তি সম্পদ আৰু অপৰম্পৰাগত শক্তি সম্পদ।

উত্তৰঃ
ক) নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত থকা পাৰ্থক্যসমূহ:
(i) যিবোৰ প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ বুকুৰ পৰা পুনৰুদ্ধাৰ কৰা সম্ভৱ, সেইবোৰক নৱীকৰণযোগ্য সম্পদ বোলে। আনহাতে, যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ পাছত প্ৰকৃতিয়ে পুনৰ সৃষ্টি কৰিব নোৱাৰে নাইবা অতি মন্থৰ গতিত সৃষ্টি হয়, সেইবোৰক অনৱীকৰণযোগ্য সম্পদ বোলে।
(ii) নৱীকৰণযোগ্য সম্পদসমূহ হ'ল উদ্ভিদ, প্ৰাণী, সৌৰশক্তি, বতাহ শক্তি, পানী আদি। আনহাতে, অনৱীকৰণযোগ্য সম্পদসমূহ হ'ল কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, সোণ, ৰূপ আদি খনিজ সম্পদ।

খ) পৰম্পৰাগত শক্তি সম্পদ আৰু অপৰম্পৰাগত শক্তি সম্পদৰ মাজত থকা পাৰ্থক্যসমূহ:
(i) যিবোৰ শক্তি সম্পদ অতীজৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে, তাকে পৰম্পৰাগত শক্তি সম্পদ বোলা হয়। আনহাতে, যিবোৰ সম্পদ অতীজৰ পৰা পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা হোৱা নাই, তাকে অপৰম্পৰাগত শক্তি সম্পদ বোলা হয়।
(ii) পৰম্পৰাগত শক্তিসমূহ হৈছে সাধাৰণতে অনৱীকৰণযোগ্য সম্পদ। আনহাতে, অপৰম্পৰাগত শক্তি হৈছে সাধাৰণতে নৱীকৰণযোগ্য সম্পদ।
(iii) পৰম্পৰাগত শক্তি সম্পদসমূহ হ'ল কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি। আনহাতে, অপৰম্পৰাগত শক্তি সম্পদসমূহ হ'ল বতাহ শক্তি, জোৱাৰ শক্তি, জৈৱ গেছ, সৌৰ শক্তি আদি।

২১। চমুটোকা লিখা — জীৱাশ্ম ইন্ধন, সৌৰশক্তি, পাৰমাণৱিক শক্তি, জোৱাৰ শক্তি, জৈৱ গেছ।

উত্তৰঃ
জীৱাশ্ম ইন্ধনঃ জীৱাশ্ম ইন্ধনসমূহ প্ৰাকৃতিক সম্পদৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। জীৱাশ্ম ইন্ধনসমূহ হ'ল কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি। জীৱাশ্ম ইন্ধনসমূহৰ ব্যাপক ব্যৱহাৰৰ ফলত এইবোৰৰ পৰিমাণ দ্ৰুত গতিত কমি যাব ধৰিছে। সেয়েহে আমি এই ইন্ধনসমূহ ব্যৱহাৰ কৰোতে মিতব্যয়ী হ'ব লাগে। এইসমূহ সম্পদ ভৱিষ্যত প্ৰজন্মলৈ বচাই থোৱাতো আমাৰ কৰ্তব্য আৰু দায়িত্ব।

সৌৰশক্তিঃ সূৰ্যৰ পৰা পোৱা শক্তি বিধেই হৈছে সৌৰশক্তি। সৌৰশক্তি এবিধ অক্ষয় সম্পদ। সূৰ্যৰ এই শক্তিক সৌৰকোষত ধৰি ৰাখি বিদ্যুৎ শক্তি উৎপাদন কৰা হয়। সৌৰশক্তি হৈছে এবিধ নৱীকৰণযোগ্য সম্পদ। আৰু সৌৰশক্তি ব্যৱহাৰৰ ফলত প্ৰদূষণ নহয়। সৌৰশক্তি ব্যৱহাৰ কৰি সৌৰশক্তিযুক্ত ঘড়ী, গাড়ী, সৌৰ চৌকা, বাল্ব আদি ব্যৱহাৰ কৰিব পাৰি।

পাৰমাণৱিক শক্তিঃ পাৰমাণৱিক শক্তি তেজস্ক্ৰিয় পদাৰ্থৰ অণু-পৰমাণুত নিহিত হৈ থকা শক্তিৰ পৰা আহৰণ কৰা হয়। পাৰমাণৱিক শক্তিৰ প্ৰধান উৎসসমূহ হ'ল থ'ৰিয়াম, জিৰকন, ইউৰেনিয়াম আদি। পৃথিৱীৰ মুঠ উৎপাদিত শক্তিৰ প্ৰায় ১৭ শতাংশ শক্তি পাৰমাণৱিক শক্তিৰ পৰা আহৰণ কৰা হয়। ইয়াৰ দ্বাৰা বিপুল পৰিমাণৰ শক্তি উৎপাদন কৰিব পাৰি, কিন্তু ইয়াৰ অপব্যৱহাৰ বা দুৰ্ঘটনাৰ ফলত বিপদজনক পৰিণাম হ'ব পাৰে।

জোৱাৰ শক্তিঃ জোৱাৰ শক্তি হৈছে জোৱাৰ-ভাটাৰ পৰা লব্ধ শক্তিক, শক্তিৰ উপযোগী ৰূপ, বিদ্যুৎলৈ পৰিৱৰ্তন কৰা পদ্ধতি। ৰাছিয়া, ফ্ৰান্স, কানাডা, চীন আদি দেশ জোৱাৰ শক্তি উৎপাদনত আগৱঢ়া। ভাৰতবৰ্ষৰ কচ্ছ উপসাগৰ, কাম্বে উপসাগৰ, সুন্দৰবন ব-দ্বীপ অঞ্চলক চৰকাৰে জোৱাৰ শক্তি উৎপাদনৰ সম্ভাৱনীয় কেন্দ্ৰ হিচাপে চিহ্নিত কৰিছে। এই শক্তি ব্যৱহাৰৰ ফলত প্ৰদূষণ নহয় আৰু ই এক নৱীকৰণযোগ্য শক্তি উৎস।

জৈৱ গেছঃ মৃত উদ্ভিদ, মৃত জীৱ-জন্তুৰ অৱশিষ্ট, জীৱ-জন্তুৰ মল-মূত্ৰ, ৰান্ধনিঘৰৰ পেলনীয়া আৱৰ্জনা আদি এক বিশেষ প্ৰক্ৰিয়াৰে গেছীয় ইন্ধনলৈ ৰূপান্তৰ কৰা হয়, এই গেছ বিধেই হৈছে জৈৱ গেছ। জৈৱ গেছ হৈছে এবিধ উৎকৃষ্ট ইন্ধন। এই গেছবিধ কম খৰচী আৰু উপলব্ধ। ইয়াক ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা হয়। এইবিধ গেছ ব্যৱহাৰৰ ফলত পৰম্পৰাগত ইন্ধনতকৈ বহু কম প্ৰদূষণ হয়, গতিকে ই পৰিবেশবান্ধব।

২২। কোনো এখন ঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা?

উত্তৰঃ কোনো এখন ঠাইত জনবসতি ঘন হোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল —
ক) উন্নত যাতায়ত ব্যৱস্থা
খ) পলসুৱা আৰু সাৰুৱা মাটি
গ) উন্নত চিকিৎসা ব্যৱস্থা
ঘ) উদ্যোগিক চহৰ
ঙ) স্কুল-কলেজৰ সুবিধা
চ) নিযুক্তিৰ পথ সহজ
ছ) নিরাপদ পৰিৱেশ আৰু মৌলিক সুবিধাসমূহৰ উপলব্ধতা

২৩। বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা।

উত্তৰঃ পানীৰ সংকটে দেখা দিয়াৰ কাৰণ দুটা হ'ল —
ক) বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু ভূগৰ্ভস্থ পানীৰ স্তৰ হ্ৰাস পোৱা।
খ) খাল-বিল, পুখুৰী, নদ-নদী, সাগৰ-মহাসাগৰৰ পানীত লেতেৰা আৱৰ্জনা পেলোৱাৰ ফলত পানীৰ উৎসসমূহ প্ৰদূষিত হোৱা।

২৪। কি কি প্ৰক্ৰিয়াৰে পানী উৎসসমূহত জমা হয়?

উত্তৰঃ পানী উৎসসমূহত জমা হোৱা প্ৰধান প্ৰক্ৰিয়াসমূহ হ'ল —
(i) বৰষুণৰ পানী মাটিত সোমাই ভূগৰ্ভস্থ পানী হিচাপে জমা হয় (Infiltration)।
(ii) নদ-নদী, বিল-বোকা, হ্ৰদলৈ পানী বৈ আহে (Surface Runoff)।
(iii) বৰফ আৰু তুষাৰ গলি পানীৰ উৎস পূৰণ কৰে।
(iv) জলচক্ৰৰ (Water Cycle) জৰিয়তে বাষ্পীভৱন, ঘনীভৱন আৰু বৰষুণৰ দ্বাৰা পানী পুনৰ্বিতৰণ হয়।
(v) কৃত্ৰিমভাবে পুখুৰী, বাঁধ, ৰেইনৱাটাৰ হাৰ্ভেষ্টিংৰ জৰিয়তে পানী সংগ্ৰহ কৰা হয়।

২৫। বনজ সম্পদক কি কি কাৰকে ক্ষতি কৰে?

উত্তৰঃ বনজ সম্পদক ক্ষতি কৰাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল —
১) অৰণ্য ধ্বংস (Deforestation)
২) গৰাখহনীয়া
৩) বন্যপ্ৰাণীৰ চোৰাং চিকাৰ
৪) ভূমিস্খলন
৫) বানপানী
৬) ছুনামি
৭) বনজুই
৮) অবৈধ কাঠ চোৰাং ব্যৱসায়
৯) কৃষিভূমি সম্প্ৰসাৰণৰ বাবে বন কাটি পেলোৱা

২৬। বতাহ শক্তি কি?

উত্তৰঃ বতাহ হৈছে এবিধ অক্ষয় শক্তি সম্পদ। ই ভূ-পৃষ্ঠৰ এবিধ বাহ্যিক প্ৰক্ৰিয়া। বতাহৰ গতিশক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি। বতাহ শক্তি হৈছে এক নৱীকৰণযোগ্য, পৰিবেশবান্ধব শক্তি উৎস। বতাহৰ টাৰবাইনৰ জৰিয়তে এই শক্তিক বিদ্যুৎলৈ ৰূপান্তৰ কৰা হয়।

২৭। সৌৰশক্তি ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাবোৰ কি কি?

উত্তৰঃ
সৌৰ শক্তি ব্যৱহাৰৰ সুবিধাসমূহ হ'ল —
১) ই এবিধ নৱীকৰণযোগ্য সম্পদ।
২) ই কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে।
৩) ইয়াৰ ব্যৱহাৰৰ ফলত জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা কমে।
৪) দীৰ্ঘম্যাদীভাৱে ই খৰচী নহয়।

সৌৰ শক্তি ব্যৱহাৰৰ অসুবিধাসমূহ হ'ল —
১) প্ৰাৰম্ভিক বিনিয়োগ অধিক (খৰচী)।
২) মধ্যবিত্তীয় লোকে সহজে ক্ৰয় কৰিব নোৱাৰে।
৩) সূৰ্যৰ পোহৰ ভালকৈ নপৰিলে (মেঘীয়া দিন, ৰাতি) ইয়াক বিদ্যুৎ শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি।
৪) শক্তি সঞ্চয়ৰ বাবে বেটাৰীৰ প্ৰয়োজন হয়, যি অতিৰিক্ত খৰচ আৰু পৰিৱেশগত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

২৮। পেট্ৰ'লিয়াম কি? ইয়াক কিয় পনীয়া সোণ বুলি কোৱা হয়?

উত্তৰঃ পেট্ৰ'লিয়াম হৈছে ভূ-ত্বকৰ শিলাস্তৰৰ মাজত জমা হৈ থকা এবিধ জুলীয়া জীৱাশ্ম ইন্ধন। ইয়াৰ পৰা পেট্ৰ'ল, ডিজেল, কেৰাচিন, প্লাষ্টিক, ৰাসায়নিক দ্ৰব্য আদি বহুতো মূল্যৱান সামগ্ৰী উৎপাদন কৰা হয়। অতি মূল্যৱান সম্পদ হোৱাৰ বাবে, আৰ্থিক গুৰুত্ব আৰু ব্যাপক ব্যৱহাৰৰ বাবে পেট্ৰ'লিয়ামক "পনীয়া সোণ" বোলা হয়।

২৯। জোৱাৰ শক্তিৰপৰা কেনেদৰে বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি?

উত্তৰঃ জোৱাৰৰ সময়ত উঠি অহা পানী বান্ধ দি আৱদ্ধ কৰি ৰাখি, সৰু বাটেৰে এৰি দি টাৰবাইনৰ সহায়ত বিদ্যুৎ উৎপন্ন কৰিব পাৰি। জোৱাৰ-ভাটাৰ ফলত সৃষ্টি হোৱা পানীৰ গতিশক্তিয়ে টাৰবাইন ঘূৰায়, যাৰ ফলত জেনাৰেটৰৰ জৰিয়তে বিদ্যুৎ শক্তি উৎপাদন হয়। এই পদ্ধতিত কোনো ইন্ধনৰ প্ৰয়োজন নহয় আৰু প্ৰদূষণও নহয়।

৩০। খালী ঠাই পূৰ কৰা —

  • ক) মানুহৰ কামত অহা প্ৰকৃতিৰ আটাইবোৰ উপাদানকেই প্ৰাকৃতিক সম্পদ বোলে।
  • খ) পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ হৈছে ভূমি।
  • গ) নদীৰ ক্ৰিয়াৰ বাবে পাৰৰ মাটি খহি পৰাকে গৰাখহনীয়া বোলে।
  • ঘ) পানী এবিধ নৱীকৰণযোগ্য অজৈৱিক সম্পদ।
  • ঙ) আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ মুঠ পানীৰ ০.৩ শতাংশ (অথবা প্ৰায় ১ শতাংশৰো কম)।
  • চ) চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক বৰ্ষাৰণ্য বুলিও কোৱা হয়।
  • ছ) সৌৰকোষৰ জৰিয়তে বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়।

৩১। আমি কি কি উপায়েৰে পানী সংৰক্ষণ কৰিব পাৰোঁ?

উত্তৰঃ
(i) পানী প্ৰদূষণ ৰোধ কৰাৰ ব্যৱস্থা ল'ব লাগিব।
(ii) পাহাৰীয়া অঞ্চলত বেদিকা কৃষিৰ জৰিয়তে পাহাৰৰ ঢালত পানী সংৰক্ষণ কৰিব পাৰি।
(iii) কৃষিক্ষেত্ৰত জলসিঞ্চন ব্যৱস্থা এনেদৰে কৰিব লাগে যাতে পানীৰ অপচয় নহয় (যেনে: ড্ৰিপ ইৰিগেশ্যন, স্প্ৰিংকলাৰ)।
(iv) খৰাং অঞ্চলত নলীনাদৰ দ্বাৰা জলসিঞ্চন ব্যৱস্থা কৰিব লাগে যাতে বাষ্পীভৱনৰ যোগেদি পানীৰ অপচয় নহয়।
(v) পানীৰ পুনৰ চক্ৰায়নৰ (Recycling) যোগেদি পানীৰ সংৰক্ষণ কৰিব পাৰি।
(vi) বৰষুণৰ পানী সংগ্ৰহ কৰাৰ ব্যৱস্থা (Rainwater Harvesting) কৰিব লাগে।
(vii) ঘৰুৱা স্তৰত পানীৰ অপচয় ৰোধ কৰিবলৈ সজাগতা সৃষ্টি কৰিব লাগে।



Comments

Log in to leave a comment.

No comments yet. Be the first!