গ্ৰাহকৰ সুৰক্ষা, সজাগতা আৰু অধিকাৰ
Chapter 20: গ্ৰাহকৰ সুৰক্ষা, সজাগতা আৰু অধিকাৰ
উত্তৰ লিখা :
১। গ্ৰাহক বুলিলে কি বুজা?
উত্তৰঃ সাধাৰণতে যিজন মানুহে উপভোগৰ কাৰণে বস্তু সামগ্ৰী ক্ৰয় কৰে তেওঁকে ক্ৰেতা বা গ্ৰাহক বা উপভোক্তা বুলি কোৱা হয়। কিন্তু অৰ্থ বিজ্ঞানৰ মতে উৎপাদনৰ চাৰিওটা উপাদান যেনে- ভূমি, শ্রম, মূলধন আৰু উদ্যোগৰ গৰাকী অৰ্থাৎ ভূমিৰ মালিক বা জমিদাৰ সকল, শ্রমিক, পুঁজিপতি আৰু উদ্যোক্তা বা সংগঠক সকলোৱেই গ্ৰাহকৰ শ্ৰেণীভুক্ত- কাৰণ তেওঁলোক সকলোৱে অভাব বা প্রয়োজন পূৰণাৰ্থে বস্তু-সামগ্রী ক্ৰয় কৰি উপভোগ কৰে, অভাৱ পূৰণ কৰে।
২। গ্ৰাহক সুৰক্ষাৰ অৰ্থ লিখা।
উত্তৰঃ গ্ৰাহক সুৰক্ষাৰ অৰ্থ একে আষাৰে কোৱা সহজ নহয়। গ্ৰাহকৰ আন নাম উপভোক্তা। অর্থাৎ তেওঁলোকে বিভিন্ন উৎসৰ দ্বাৰা উৎপাদিত সামগ্ৰীবোৰ উপভোগৰ বাবে ক্রয় কৰে। এই ক্রয়-বিক্রয় অৱস্থাটোতে আহি পৰে এটা বিশ্বাস-অবিশ্বাস আৰু ঠগ-প্ৰৱঞ্চনাৰ প্ৰশ্ন। বিক্রেতাই সদায় নিজে ক্ৰয় কৰা দামতকৈ অধিক দামত বস্তু বিক্ৰী কৰি লাভ অর্জন কৰে। ব্যৱসায়ত লাভ অৰ্জন কৰাটোৱেই ব্যৱসায়ীৰ মূল উদ্দেশ্য। গতিকে ব্যৱসায়ত সর্বাধিক লাভ অৰ্জন কৰিবলৈ ব্যৱসায়ীয়ে নিশ্চয় চেষ্টা কৰিব। লাভ তেওঁলোকৰ প্ৰাপ্য। কিন্তু তাকে কৰিবলৈ যাওঁতে ব্যৱসায়ী বা বিক্রেতাই অসৎ উপায় অৱলম্বন কৰি গ্ৰাহকক শোষণ কৰাটো অনুচিত। এনে কার্যই সমাজত অনৈতিক কার্য সংঘটিত হোৱাত অৰিহণা যোগায় আৰু সামাজিক কল্যাণ সাধন হোৱাত বাধাৰ সৃষ্টি কৰে। সেয়েহে এই প্ৰতাৰণামূলক কাৰ্যবিলাক ৰোধ কৰাৰ বাবে গ্ৰাহকসকল সজাগ হ'ব লাগিব।
৩। গ্ৰাহকসকলক কিয় সুৰক্ষা দিব লাগে?
উত্তৰঃ নাগৰিকক সকলো ধৰণৰ সুৰক্ষা দিয়াটো চৰকাৰৰ কৰ্ত্তব্য। গ্ৰাহকসকলে উপভোগ্য বস্তু সামগ্ৰী ক্রয় কৰোতে অসাধু বিক্রেতাৰ হাতত পদে পদে ঠগ-প্ৰৱঞ্চনাৰ সম্মুখীন হোৱাটো ডাঙৰ কথা নহয়। সেয়ে এনে অসামাজিক কাৰ্য ৰোধ কৰাৰ স্বাৰ্থত আৰু গ্ৰাহক নাগৰিকসকলক অধিকাৰ সাব্যস্ত কৰিব দিয়াৰ স্বাৰ্থত গ্ৰাহকসকলক সুৰক্ষা দিব লাগে।
৪। গ্ৰাহকসকল কেনেদৰে প্ৰতাৰিত হয়?
উত্তৰঃ সাধাৰণতে তলত দিয়া ধৰণে ক্ৰেতা বা গ্ৰাহকসকল প্রতাৰিত হ'ব পাৰে।
- ওজনত কমকৈ দিয়া অর্থাৎ জোখ-মাখৰ ক্ষেত্ৰত ঠগোৱা।
- বিভিন্ন উপায়ে সামগ্রী ভেজাল কৰা আৰু ভেজাল সামগ্রী বিক্ৰী কৰা।
- বিক্ৰী কৰা সামগ্ৰীৰ পেকেটত/বটলত প্রকৃত ওজন, প্ৰস্তুত কৰা দিনৰ তাৰিখ, ব্যৱহাৰৰ সময়সীমা নির্দেশ কৰা, সৰ্বাধিক বিক্রী মূল্য ইত্যাদি উল্লেখ নকৰা বা কেতিয়াবা ওপৰত নতুন লেবেল লগাই মূল্য বৃদ্ধি কৰা অথবা ব্যৱহাৰৰ সময়সীমা পার হৈ যোৱা বস্তুও বিক্ৰী কৰা ইত্যাদি।
- বিক্ৰী কৰা সামগ্ৰীৰ বাবে পকা ৰছিদ নিদিয়া।
- নকল সামগ্রী অর্থাৎ দেখিবলৈ একেবাৰে একে সস্তীয়া বস্তু আছল বস্তু বুলি সৰহ দামত বিক্ৰী কৰা।
- বিক্ৰী কৰা বস্তু সামগ্ৰীত চৰকাৰৰ দ্বাৰা মনোনীত AGMARK, ISI মাৰ্ক, FPO মাৰ্ক ব্যৱহাৰ নকৰা বা দুই নম্বৰী বস্তুৰ জৰিয়তে গ্ৰাহকক ঠগ-প্ৰৱঞ্চনা কৰা।
উপৰিউক্ত কাৰ্যবোৰৰ বাবে সাধাৰণতে গ্ৰাহকসকল প্ৰতাৰিত হ'ব পাৰে।
৫। গ্ৰাহকসকল কিয় সজাগ হ’ব লাগে?
উত্তৰঃ গ্ৰাহক বা ক্ৰেতাসকলে সদায় বিক্রেতা বা ব্যবসায়ীসকলৰ পৰা ভোগ্য সামগ্রী ক্রয় কৰে। ব্যবসায়ীসকলৰ মুখ্য উদ্দেশ্যই হ'ল ব্যৱসায়ত ক্রয়-বিক্রয়ৰ জৰিয়তে অধিক লাভ কৰা। কিন্তু লাভৰ খাতিৰত অসাধু ব্যবসায়ীসকলে বিভিন্ন ধৰণৰ কৌশলেৰে গ্ৰাহকক ঠগে বা প্ৰৱঞ্চনা কৰে। সেয়ে গ্ৰাহকসকল যাতে প্ৰতাৰিত নহয় তাৰ বাবে সদায় সজাগ হ'ব লাগে।
৬। গ্ৰাহকবোৰ কোনবোৰ ক্ষেত্ৰত সজাগ হ'ব লাগে?
উত্তৰঃ গ্ৰাহকসকলে বস্তু বা সামগ্রী ক্রয় কৰোতে কেইটামান কথাৰ প্ৰতি সততে সজাগ হ'ব লাগে।
- সামগ্রী বিধ সঠিক হয় নে নহয় অর্থাৎ বিশুদ্ধতা চাই ল'ব লাগে।
- সঠিক ওজন আছে নে নাই বা জোখ-মাখৰ আহিলা ঠিকে আছে নে নাই নজৰ কৰিব লাগে।
- যি কোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰছিদ বিচাৰিব লাগে।
- বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰী সমূহৰ বাবে চৰকাৰে নিৰ্ণয় কৰা জ্ঞানসূচক চিহ্নসমূহ যেনে AGMARK, ISI মাৰ্ক, FPO মাৰ্ক আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীবোৰত আছে নে নাই চাই ল'ব লাগে।
- দীর্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্রেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কার্ড ল'ব লাগে।
- পেকেট যুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, সর্বোচ্চ খুচুৰা মূল্য আদিৰ প্ৰতি লক্ষ্য ৰখা উচিত।
৭। গ্ৰাহক সুৰক্ষা আইনে দিয়া অধিকাৰবোৰ কি কি?
উত্তৰঃ গ্ৰাহক সুৰক্ষা আইন ১৯৮৬ চনে উপভোক্তাসকলক দিয়া অধিকাৰ সমূহ তলত উল্লেখ কৰা হ'ল।
- যিকোনো বস্তু সামগ্রী ক্ৰয় কৰিবৰ সময়ত গ্ৰাহকজনৰ বস্তুবিধৰ দাম, ওজন, বিশুদ্ধতা, গুণাগুণ আদি বিচাৰ কৰাৰ অধিকাৰ আছে।
- গ্ৰাহকজনে ক্ৰয় কৰা যিকোনো বস্তুৰ দাম, পৰিমাণ আৰু তাৰিখ সম্বলিত কেঁচা বা পকা ৰছিদ বিচৰাৰ অধিকাৰ আছে। অতিৰিক্ত মূল্য সংযোজন কৰা সামগ্ৰী বিধৰ ক্ষেত্রত প্রযোজ্য হ'লে গ্ৰাহকজনক দিয়া ৰছিদত সেই বিষয়ে উল্লেখ থাকিব লাগিব।
- গ্ৰাহকসকলৰ, গ্ৰাহক সুৰক্ষা সমিতি গঠনৰ অধিকাৰ আছে।
- গ্ৰাহক সকলক সুৰক্ষা প্ৰদানৰ বাবে সুকীয়া আদালত স্থাপন কৰাৰ অধিকাৰ আছে যাতে গ্ৰাহক সকলে সকলো ধৰণৰ আইনগত ব্যৱস্থাৰ সুবিধা ল'ব পাৰে।
- গ্ৰাহকসকলৰ অভাব-অভিযোগ আদি লিখিতভাৱে গ্ৰাহক সুৰক্ষা সমিতি আৰু আদালতত দাখিল কৰাৰ অধিকাৰ আছে।
Comments
No comments yet. Be the first!