নৱ্যধৰ্মীয় ভাৱধাৰাৰ উত্থান
১। এটা শব্দ বা বাক্যত উত্তৰ লিখা :
ক) ভাৰতত কেতিয়াৰপৰা ভক্তিবাদ আন্দোলন আৰম্ভ হৈছিল?
উত্তৰঃ অষ্টম শতিকাৰ পৰা।
খ) কবীৰে ৰচনা কৰা ভক্তিবাদৰ কবিতাসমূহক কি বুলি কোৱা হৈছিল?
উত্তৰঃ দোহা।
গ) ‘ৰামচৰিত মানস’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ তুলসী দাসে।
ঘ) উত্তৰ-পূব ভাৰতত ভক্তিবাদক জনপ্ৰিয় কৰি তোলা লোকজনৰ নাম লিখা।
উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱে। (চৈতন্য দেৱে বঙ্গদেশ তথা পূব ভাৰতত ভক্তিবাদ প্ৰচাৰ কৰিছিল।)
ঙ) মইনুদ্দিন চিস্তিৰ দৰগাহ ক’ত আছে?
উত্তৰঃ আজমীৰত।
২। খালী ঠাই পূৰ কৰা :
ক) _____ ত প্রথম ভক্তি শব্দৰ উল্লেখ পোৱা যায়।
উত্তৰঃ উপনিষদত
খ) _____ আছিল বেদান্ত দৰ্শনৰ অদ্বৈতবাদৰ প্ৰতিষ্ঠাপক।
উত্তৰঃ শঙ্কৰাচাৰ্য
গ) কবীৰ এটা _____ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল।
উত্তৰঃ মুছলমান
ঘ) _____ অসমত নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰিছিল।
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ
ঙ) _____ ত পাঁচ পীৰৰ দৰগাহ আছে।
উত্তৰঃ ধুবুৰীত
৩। চমুটোকা লিখা :
ক) শঙ্কৰাচাৰ্য
উত্তৰঃ ভাৰতীয় দৰ্শনৰ ইতিহাসত শঙ্কৰাচাৰ্য এজন অতি গুৰুত্বপূৰ্ণ ব্যক্তিত্ব। তেওঁ বেদান্ত দৰ্শনৰ অদ্বৈতবাদৰ প্ৰতিষ্ঠাপক হিচাপে বিখ্যাত। দক্ষিণ ভাৰতৰ কেৰেলা প্ৰদেশৰ পূৰ্ণা নদীৰ পাৰৰ এখন গাঁৱত ৭৮৮ খ্ৰীষ্টাব্দত শঙ্কৰাচাৰ্যই জন্ম গ্ৰহণ কৰিছিল। তেওঁ কম বয়সতে চাৰিওখন বেদৰ জ্ঞান আহৰণ কৰিছিল আৰু ডাঙৰ হৈ কেৰেলা ৰাজ্যত বেদান্ত দৰ্শনৰ প্ৰচাৰ কৰিছিল। অদ্বৈতবাদত একৰ বাহিৰে দুই সত্ত্বাৰ অস্তিত্ব স্বীকাৰ কৰা নহয়। শঙ্কৰাচাৰ্যই প্ৰকৃত জ্ঞানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। সৎকৰ্ম আৰু সজ্জ্ঞানৰ দ্বাৰাহে মানুহে মুক্তি লাভ কৰিব পাৰে— এই কথা তেওঁ সমাজত প্ৰচাৰ কৰিছিল।
খ) চৈতন্য দেৱ
উত্তৰঃ দক্ষিণ ভাৰতত আলোৱাৰসকলে আৰম্ভ কৰা ভক্তি আন্দোলন লাহে লাহে সমগ্ৰ ভাৰতত বিয়পি পৰিছিল কিছুসংখ্যক অনুৰাগীৰ জৰিয়তে। বঙ্গদেশ তথা পূব ভাৰতত ভক্তিবাদক জনপ্ৰিয় কৰি তুলিছিল চৈতন্যদেৱে। তেওঁ বঙ্গদেশত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ প্ৰচাৰ কৰা ভক্তি ধৰ্মক 'অচিন্ত্য ভেদাভেদ' নামেৰে জনা যায়। তেওঁ জাতি-বিচাৰ বৰ্জন কৰিছিল। চৈতন্যদেৱ আৰু তেওঁৰ প্ৰচাৰকসকলে ঘৰে ঘৰে গৈ 'নাম' প্ৰচাৰ কৰিছিল।
গ) কবীৰ
উত্তৰঃ কবীৰ মধ্য যুগৰ এজন ভক্ত, সাধক আৰু কবি। উত্তৰ ভাৰতৰ হিন্দীভাষী অঞ্চলত পোনপ্ৰথমে ভক্তি ধৰ্ম প্ৰচাৰ কৰা স্বামী ৰামানন্দৰ তেওঁ প্ৰধান শিষ্য আছিল। কবীৰৰ জন্ম আৰু মৃত্যু ৰহস্যকৰ। এগৰাকী মুছলমান তাঁতীয়ে কবীৰক কেচুৱা অৱস্থাতে এটি পৰিত্যক্ত অৱস্থাত পাই তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। কবীৰ এজন কবি আছিল। কবীৰে কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ ৰচনা কৰা ভক্তিবাদৰ কবিতাসমূহক 'দোহা' বোলা হয়। অন্যান্য ভক্তি মাৰ্গৰ সাধকসকলৰ দৰে তেওঁ এজন ভগৱানৰ উপাসক আছিল। ভগৱানক তেওঁ ৰাম, হৰি, আল্লা, খোদা আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল। সাধাৰণ লোকৰ মাজত কবীৰ ইমানেই জনপ্ৰিয় আছিল যে তেওঁৰ সমসাময়িক মুছলমানসকলে তেওঁক চুফী সাধক আৰু হিন্দুসকলে ৰামভক্ত বুলি স্বীকাৰ কৰিছিল। হিন্দু-মুছলমান উভয় ধৰ্মৰ লোকে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল।
ঘ) নিজামুদ্দিন আউলিয়া
উত্তৰঃ নিজামুদ্দিন আউলিয়া ইছলাম ধৰ্মৰ চুফী পন্থাৰ এজন প্ৰখ্যাত চুফী। চুফী পন্থাৰ অন্যতম নীতি হ'ল উদাৰতা। খ্ৰীষ্টীয় একাদশ-দ্বাদশ শতিকামানৰ পৰাই ইছলাম ধৰ্ম প্ৰচাৰৰ কাৰণে মধ্য এছিয়াৰ পৰা কেইবাজনো ধৰ্ম প্ৰচাৰকৰ ভাৰতলৈ আগমন ঘটিছিল। তেওঁলোকৰ মাজত চুফী সাধকসকলো আছিল। নিজামুদ্দিন আউলিয়া তেওঁলোকৰ মাজৰে এজন। তেওঁৰ মতে নৈতিক মূলমন্ত্ৰবোৰেই চুফীবাদৰ মূলমন্ত্ৰ। ধৰ্মীয় আচাৰ-অনুষ্ঠান পালন কৰাটোৱেই ধৰ্ম হ'ব নোৱাৰে। নীতি-শিক্ষা আহৰণ কৰি ভাতৃত্ববোধেৰে শান্তিপূৰ্ণভাৱে জীয়াই থকাটোৱেই আচল কথা। ইয়াৰ কাৰণে আত্মজ্ঞান লাভ কৰিব লাগিব। চুফীবাদীসকল উদাৰ হোৱাৰ বাবে তেওঁলোকে অন্য ধৰ্মকো সম্মানৰ চকুৰে চাইছিল। তেওঁলোকৰ মূল উদ্দেশ্য হ'ল, ভগবৎ প্ৰেম আৰু মানৱ প্ৰেমৰ মাজেদি জীৱন অতিবাহিত কৰা। বিস্তৃত প্ৰাৰ্থনা, উপবাস, আচাৰ-অনুষ্ঠান আদি তেওঁলোকৰ মতে নিৰৰ্থক। এনে উদাৰ মনোভাৱৰ বাবে হিন্দু ধৰ্মৰ লোকসকলেও নিজামুদ্দিন আউলিয়াৰ দৰে পীৰসকলক সন্মান কৰিছিল, আদৰি লৈছিল।
ঙ) আজান ফকীৰ
উত্তৰঃ মোৰ মনত ভেদ ভাৱ নাই অ' আল্লা/মোৰ মনত ভেদ ভাৱ নাই। হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান/মোৰ মনত ভেদ ভাৱ নাই।— এনেদৰে উদাৰ দৃষ্টিভংগীৰে সকলো ধৰ্মৰ লোকক আপোন কৰি ল'ব পৰা ব্যক্তিগৰাকীয়েই হ'ল আজান ফকীৰ। ১৭শ শতিকাত অসমলৈ আহিছিল আজান ফকীৰ। তেওঁৰ আচল নাম আছিল শ্বাহ মিলন। তেওঁ মুছলমানসকলক আজান দি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছিল বাবে তেওঁক আজান পীৰ নামেৰে জনা যায়। তেওঁ ৰচনা কৰা গীতসমূহক জিকিৰ বুলি কোৱা হয়। এই গীতসমূহৰ দ্বাৰা তেওঁ হিন্দু-মুছলমান সকলোকে একতাৰ ডোলেৰে বান্ধি সমাজত ঐক্য আৰু শান্তি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল। তেওঁ শিৱসাগৰ জিলাৰ শৰাগুৰি চাপৰিত বাস কৰিছিল।
৪। ভক্তিবাদ বুলিলে কি বুজা লিখা।
উত্তৰঃ ভক্তি শব্দৰ অৰ্থ হ'ল সেৱা। ভক্তি বুলি কওঁতে ঈশ্বৰ বা ভগৱানৰ ওচৰত সেৱা বা আনুগত্য আগবঢ়োৱাকে বুজোৱা হৈছে। পণ্ডিতসকলৰ মতে বৈদিক সাহিত্যৰ উপনিষদতেই প্ৰথম 'ভক্তি' শব্দৰ উল্লেখ পোৱা যায়। ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই "ভক্তিবাদ"। ভাৰতবৰ্ষত অষ্টম শতিকা মানৰ পৰাই এক নব্য বা নতুন ধৰ্মীয় ভাৱধাৰাৰ উত্থান হৈছিল আৰু লাহে লাহে এই ধৰ্মীয় ব্যৱস্থাই প্ৰসাৰতা লাভ কৰিছিল। এই আন্দোলনৰ ধৰ্মগুৰুসকলে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি পূজা বাদ দি একেশ্বৰবাদত বিশ্বাস ৰাখি ভক্তিয়েই মুক্তিৰ একমাত্ৰ পথ বুলি গণ্য কৰিছিল।
৫। আলোৱাৰ আৰু নায়নাৰসকল কোন আছিল? তেওঁলোকৰ মূল ধৰ্মমত কি?
উত্তৰঃ আলোৱাৰ আৰু নায়নাৰসকল দাক্ষিণাত্যৰ তামিল ৰাজ্যৰ দুটা সম্প্ৰদায়। আলোৱাৰসকল আছিল বৈষ্ণৱ পন্থী আৰু নায়নাৰসকল আছিল শৈৱ পন্থী লোক। আলোৱাৰসকলে বেদ, উপনিষদ আৰু গীতাৰ ভাৱধাৰাক গ্ৰহণ কৰি ভক্তি, কৰ্ম আৰু জ্ঞানৰ ওপৰত প্ৰাধান্য দিছিল। আলোৱাৰসকলৰ মতে ভগৱানেই হৈছে আধ্যাত্মিক জীৱনৰ পথ প্ৰদৰ্শক। তেওঁৰ চৰণত একান্ত ভক্তিয়ে মনৰ অজ্ঞানতা দূৰ কৰি মোক্ষলাভৰ পথ দিয়ে। তেওঁলোকে ভক্তিমূলক কবিতা, স্তোত্ৰ আদি ৰচনাৰ জৰিয়তে ভক্তিবাদৰ ধাৰণা প্ৰচাৰ কৰিছিল। আলোৱাৰসকলকেই ভক্তিবাদৰ বাটকটীয়া বুলি ক'ব পাৰি। নায়নাৰসকল আছিল শৈৱ পন্থী। তেওঁলোকে শিৱৰ প্ৰতি একান্ত ভক্তিৰ ওপৰত গুৰুত্ব দিছিল। তেওঁলোকে তামিল ভাষাত ভক্তিমূলক স্তোত্ৰ (তেৱাৰম) ৰচনা কৰি শিৱৰ মহিমা গাইছিল। আলোৱাৰসকলৰ দৰে নায়নাৰসকলেও জাতি-বৰ্ণ নিৰ্বিশেষে সকলোকে ধৰ্মৰ পথত আমন্ত্ৰণ জনাইছিল।
৬। গুৰুনানকে প্ৰচাৰ কৰা ধৰ্মটোক কি নামেৰে জনা গৈছিল? তেওঁ প্ৰচাৰ কৰা ধৰ্মৰ মূল কথা কি আছিল লিখা۔
উত্তৰঃ গুৰু নানকে প্ৰচাৰ কৰা ধৰ্মটোক শিখ ধৰ্ম বুলি জনা যায়। উত্তৰ ভাৰতত ভক্তিমাৰ্গৰ প্ৰচাৰ কৰোঁতা সকলৰ ভিতৰত গুৰু নানকো আছিল এজন। তেওঁৰ মতে একমাত্ৰ সত্য পথত চলাটোৱেই হৈছে ধৰ্মৰ উদ্দেশ্য। তেওঁৰ মতবাদ কবীৰৰ মতবাদৰ সৈতে একেই। নানকৰ ধৰ্মবিচাৰত ধনী-দৰিদ্ৰ, শ্ৰেণীভেদ আৰু লিংগভেদ নাই। তেওঁৰ মতে সকলো একেই মানুহ। ভগৱানৰ প্ৰেমেহে আমাক অৰ্থাৎ জীৱক ৰক্ষা কৰিব পাৰে আৰু তেওঁৰ কৰুণা বা দয়া লাভ কৰিব পাৰিলেই সকলোৱে মুক্তি লাভ কৰিব পাৰে।
৭। শংকৰদেৱে প্ৰচাৰ কৰা ভক্তিধৰ্মৰ প্ৰধান বৈশিষ্ট্য কি লিখা।
উত্তৰঃ দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলোৱাৰসকলে আৰম্ভ কৰা ভক্তিবাদে কালক্ৰমত সমগ্ৰ ভাৰততে প্ৰসাৰ লাভ কৰিছিল কিছুসংখ্যক ভক্ত ধৰ্মাচাৰ্যৰ প্ৰচেষ্টাত। ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বিভিন্ন জনে ভক্তি ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰিছিল। অসমত ভক্তি ধৰ্ম প্ৰচাৰৰ কথা ক'লেই প্ৰধানকৈ শ্ৰীমন্ত শঙ্কৰদেৱৰ নামটোৱেই মনলৈ আহে। তেওঁ অসমত নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰি এই আন্দোলন জনপ্ৰিয় কৰি তুলিছিল। শঙ্কৰদেৱে প্ৰচাৰ কৰা ভক্তি ধৰ্মৰ প্ৰধান বৈশিষ্ট্য হ'ল—
- (১) ঈশ্বৰ এক। তেওঁৰ বাহিৰে অন্য দেৱ-দেৱীৰ স্থান নাই।
- (২) সকলো মানুহেই সমান। উচ্চ-নীচৰ প্ৰভেদ নাই।
- (৩) 'যত জীব, তত শিৱ'। অৰ্থাৎ সকলো জীৱৰে স্ৰষ্টা ভগৱান। জীৱ-হত্যা মহাপাপ।
৮। ভাৰতবৰ্ষৰ সামাজিক-সাংস্কৃতিক দিশত নৱ্যধৰ্মীয় আন্দোলনৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ দাক্ষিণাত্যৰ তামিল দেশৰ পৰা আলোৱাৰ আৰু নায়নাৰসকলৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষতে নৱ্যধৰ্মীয় আন্দোলন প্ৰবাহিত হ'ল। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত ভক্তিবাদৰ সমৰ্থক ধৰ্মগুৰুসকলে সৰ্বসাধাৰণৰ মাজত একেশ্বৰবাদী ভগবৎ প্ৰেম আৰু ভক্তিবাদৰ ধাৰা বোৱাই দিলে। সেই সময়তে ভক্তিবাদৰ লগে লগে চুফীবাদেও সমানে প্ৰসাৰতা লাভ কৰিছিল। ভক্তিবাদ আৰু চুফীবাদ আন্দোলনে আধ্যাত্মিক দিশত বিশেষভাৱে অৰিহণা যোগোৱাৰ উপৰিও সামাজিক দিশতো প্ৰভাৱ পেলালে। নৱ্যধৰ্মীয় আন্দোলনে জাতি-বৰ্ণ-ধৰ্ম নির্বিশেষে সকলোকে জীৱনৰ মৰ্যাদা দান কৰে। নিম্নবৰ্ণৰ লোককো ধৰ্মীয় ক্ষেত্ৰত সমানে সহযোগিতা কৰাৰ সুবিধা প্ৰদান কৰে। এই আন্দোলনে হিন্দু-মুছলমান সকলৰ মাজত সম্প্ৰীতিৰ ভাৱ জগাই তোলাত অৰিহণা যোগাইছিল, কিয়নো ভক্তিবাদ আৰু চুফীবাদ দুয়োটাই উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰিছিল। হিন্দু-মুছলমান সকলৰ বাহিৰেও গুৰু নানকৰ দ্বাৰা প্ৰৱৰ্তিত শিখ ধৰ্মীয় লোকসকলেও ধৰ্মীয় তাৎপৰ্য বুজি পাইছিল আৰু ভাতৃত্বৰ মনোভাৱেৰে ঐক্য-সংহতি বৃদ্ধি কৰাত অৰিহণা যোগাইছিল।
নৱ্যধৰ্মীয় আন্দোলনে ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশতো অৰিহণা যোগাইছে। ধৰ্মপ্ৰচাৰকসকলে সাধাৰণ মানুহক আকৰ্ষিত কৰাৰ বাবে বহুতো গীত-মাত ৰচনা কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে সুকুমাৰ কলাৰ উন্নতি সাধন হৈছিল। গীত-মাতবোৰ আঞ্চলিক ভাষাত ৰচনা কৰাৰ কাৰণে হিন্দী, বঙলা, মাৰাঠী, তামিল, ব্ৰজাৱলী আদি ভাষাৰ উন্নতি হৈছিল। উত্তৰ-পূব ভাৰতত অৰ্থাৎ অসমত শ্ৰীমন্ত শঙ্কৰদেৱে ভক্তি আন্দোলনৰ জৰিয়তে অসমবাসীক বৰগীত, ভাওনা, অংকীয়া নাট আদি উপহাৰ দি সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰিছিল।
Comments
No comments yet. Be the first!