অসমৰ নদ-নদী
১। চমুকৈ উত্তৰ লিখা :
ক) মাজুলী কোন জিলাত অৱস্থিত?
উত্তৰঃ যোৰহাট জিলাত।
খ) ডিব্ৰু-ছৈখোৱা, কাজিৰঙা আৰু লাউখোৱা কোন কোন জিলাত অৱস্থিত?
উত্তৰঃ ডিব্ৰু-ছৈখোৱা - তিনিচুকীয়া জিলাত। কাজিৰঙা - গোলাঘাট জিলাত। লাউখোৱা - নগাঁও জিলাত।
গ) ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি?
উত্তৰঃ চেমা-য়ং-দুং হিমবাহ।
ঘ) ব্ৰহ্মপুত্ৰ নৈৰ উৎসত কোন ৰাষ্ট্ৰ আছে?
উত্তৰঃ চীন।
ঙ) ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে?
উত্তৰঃ চীন, ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ গৈছে।
২। শুদ্ধ উত্তৰটো লিখা :
ক) গিৰিখাত নিম্নভূমি/মোহনা/উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি।
উত্তৰঃ উচ্চভূমি অঞ্চলৰ।
খ) নৈৰ গুস্ফিত ৰূপ সাধাৰণতে পৰ্বত/সমভূমি/মালভূমিত পোৱা যায়।
উত্তৰঃ সমভূমি।
গ) প্লাৱনভূমিত থকা চৰ-চাপৰি নৈৰ খনন/পৰিবহণ/অৱক্ষেপণৰ ফলত সৃষ্টি হয়।
উত্তৰঃ অৱক্ষেপণৰ ফলত।
ঘ) বৰাক নৈ অসমৰ ২/৩/৪ খন জিলাৰ মাজেৰে বৈ গৈছে।
উত্তৰঃ ৩ (তিনিখন)।
ঙ) ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য _______ কিঃমিঃ।
উত্তৰঃ ২,৯০৬ কিঃমিঃ।
চ) অসমত মুঠতে _______ খন উপনৈ আছে।
উত্তৰঃ ৯০ খন।
ছ) ব-দ্বীপ অঞ্চলত _______ উদ্ভিদ পোৱা যায়।
উত্তৰঃ মেংগ্ৰভ।
জ) বৰাক নৈৰ অসম অংশত কিমানখন উপনৈ আছে?
উত্তৰঃ ২৭খন।
ঝ) শদিয়াৰপৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ ঢাল প্ৰতি কিলোমিটাৰত কিমান?
উত্তৰঃ গড়ে ১৩-১৪ ছেন্টিমিটাৰ।
ঞ) বাংলাদেশত ব্ৰহ্মপুত্ৰই কি নাম লৈ বংগোপসাগৰত পৰিছে?
উত্তৰঃ যমুনা নাম লৈ। (যমুনাই গংগাৰ সৈতে মিলিত হৈ পদ্মা হয়, আৰু পদ্মা-মেঘনা মিলিত হৈ বংগোপসাগৰত পৰে।)
ট) নদীৰ উচ্চগতি অঞ্চলত গতিপথ কেনেকুৱা?
উত্তৰঃ ইংৰাজী V আখৰটোৰ দৰে।
ঠ) ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈক কিহে পৃথক কৰিছে?
উত্তৰঃ বৰাইল পৰ্বতে।
৩। সোঁফালৰ লগত বাঁওফাল মিলোৱা :
উত্তৰঃ
- চাংপো — তিব্বত
- অৰুণাচল প্ৰদেশ — চিয়াং
- সৰ্পিল — একা-বেঁকা গতিপথ
- কলং — সুঁতি
- নদী দ্বীপ — মাজুলী
৪। চমুটোকা লিখা :
ক) নৈৰ উচ্চগতি অংশৰ কাৰ্য।
উত্তৰঃ নৈৰ উচ্চগতি অংশত নৈয়ে থিয় ঢালেৰে বৈ আহিব লগা হোৱাত নদীৰ তলিত খনন অধিক হয়। সেয়েহে এই অংশত নদীৰ গতিপথৰ আকৃতি ইংৰাজী V আখৰটোৰ দৰে হয়। ইয়াৰোপৰি ঠায়ে ঠায়ে নদীৰ তলৰ গভীৰতা বহু বেছি হৈ গিৰিখাতৰো ৰূপ লয়। পাৰ্বত্য অঞ্চলৰ থিয় ঢালেৰে বৈ অহা সোঁতে গতিপথত থকা শিল, বালি, মাটি আদি খহাই তললৈ কঢ়িয়াই আনে।
খ) নৈৰ মধ্যগতি অংশৰ কাৰ্য।
উত্তৰঃ নৈৰ মধ্যগতি অংশত নদীখনৰ ঢাল একেবাৰে কমি যায়। প্ৰতি কিলোমিটাৰত গড়ে মাত্ৰ ১৩-১৪ ছেন্টিমিটাৰ হয়। সমভূমি অংশত কম ঢালৰ বাবে নদীৰ গতিবেগ তুলনামূলকভাৱে ধীৰ। ফলস্বৰূপে নৈৰ গেদ পৰিবহণৰ ক্ষমতাও এই অংশত কমি যায় আৰু পৰ্বতীয়া উচ্চ অংশৰ পৰা কঢ়িয়াই অনা শিল, বালি, বোকা আদি সমভূমি অঞ্চলত জমা হয়। আনহাতে নদীৰ গতিবেগ কম হোৱা বাবে খনন ক্ষমতাও কম হয়। নৈৰ তলিভাগৰ খনন কম হয় যদিও এই অংশত পাৰ্শ্বখনন অৰ্থাৎ পাৰ খহোৱা কাৰ্য অধিক হয়।
গ) নৈৰ নিম্নগতি অংশৰ কাৰ্য।
উত্তৰঃ নৈৰ নিম্নাংশত ইয়াৰ গতিবেগ অতি ধীৰ। সেইবাবে এই অংশত অৱক্ষেপণৰ পৰিমাণ বৃদ্ধি পায়। সেয়েহে নৈৰ গতিপথত অসংখ্য চৰ-চাপৰিৰ সৃষ্টি হয়। নৈৰ মোহনা অংশত নৈখনে কঢ়িয়াই অনা গেদবোৰ জমা হৈ 'ব' বা ত্রিভুজ আকৃতিৰ দ্বীপৰ সৃষ্টি হয়। এই ব-দ্বীপ অঞ্চলত প্ৰধানকৈ মেংগ্ৰভ জাতীয় উদ্ভিদ পোৱা যায়।
ঘ) বৰাক নৈৰ গতিপথ।
উত্তৰঃ অসমৰ দক্ষিণ ভাগৰ প্ৰধান নৈ বৰাক নাগালেণ্ড-মণিপুৰৰ সীমান্তৱৰ্তী মৰাম নামৰ পাৰ্বত্য অঞ্চলৰ পৰা ওলাই আহিছে। উৎপত্তিস্থলৰ পৰা মণিপুৰৰ মাজেৰে টুলুং বা কাই নামেৰে দক্ষিণ-পশ্চিম দিশে বৈ অহা নৈখনে মণিপুৰ-মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে। অসম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পিছতে পশ্চিমলৈ ঘূৰি অসমত প্ৰৱেশ কৰিছে। নৈখনে অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশেৰে বৈ গৈছে। ভাৰত-বাংলাদেশ সীমান্তত নৈখনে কুছিয়াৰা আৰু সুৰমা নামেৰে দুভাগত বিভক্ত হৈছে। কিছুদূৰ বৈ যোৱাৰ পিছত দুয়োখন নৈ পুনৰ লগ লাগি মেঘনা নাম লৈছে আৰু শেষত পদ্মাৰ লগ হৈ বংগোপসাগৰত পৰিছে। নৈখনৰ অসম আৰু বাংলাদেশ অংশত গতিপথ একা-বেঁকা বা সৰ্পিল হোৱাৰ বাবে ইয়াক বৰবক্ৰ বা বৰাক নৈ বোলে।
ঙ) পৰিৱেশ পৰ্যটন।
উত্তৰঃ অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে অসমৰ কৃষিক্ষেত্ৰ আৰু পৰ্যটন ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আছে। নৈবোৰে পেলাই থৈ যোৱা পলসে প্লাৱনভূমি আৰু চৰ-চাপৰিবোৰক কৃষি কাৰ্যৰ বাবে উপযোগী কৰি অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ উপৰিও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে গোটেই উপত্যকা অঞ্চলৰ পৰিৱেশ সেউজীয়া গছ-গছনিৰে ভৰা, জৈৱ-বৈচিত্ৰ্যৰে চহকী ঠাই হিচাপেও পৰিগণিত কৰিছে। ফলস্বৰূপে এই ঠাইবোৰৰ পৰিৱেশ সময়ে সময়ে পৰ্যটকসকলৰ বাবে আকৰ্ষণীয় হৈ পৰে। পৰিকল্পিতভাৱে সংৰক্ষিত কোনো বিশেষ বস্তু নাথাকিলেও ঋতুভেদে অসমৰ কিছুমান ঠাইলৈ পৰ্যটকৰ আগমন ঘটে। ইয়াকে পৰিৱেশ পৰ্যটন বুলিব পাৰি।
৫। উৎসৰ পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশত বৰ্তমান কি কি নামেৰে জনা যায় লিখা।
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰা মোহনালৈকে দৈৰ্ঘ্য প্ৰায় ২,৯০৬ কিলোমিটাৰ। এই নৈখনক বিভিন্ন অংশত বিভিন্ন নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰৰ অসম অংশৰ প্ৰাচীন নাম আছিল লৌহিত্য। পিছলৈ ইয়াক লুইত হিচাপে জনা যায়। উৎসৰ পৰা নৈখনে উত্তৰৰ তিব্বত মালভূমি আৰু দক্ষিণে অৱস্থিত হিমালয় পৰ্বতৰ মাজেৰে পূব দিশে প্ৰায় ১,৭০০ কিলোমিটাৰ দূৰত্ব বৈ আহিছে। এই অংশত নৈখনৰ স্থানীয় নাম চাংপো। ইয়াৰ পিছত নৈখনে নামচা বাৰৱা (Namcha Barwa) শৃংগৰ ওচৰত দক্ষিণ-পশ্চিমলৈ ঘূৰি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে। অৰুণাচল প্ৰদেশৰ ওপৰ অংশত নৈখনৰ স্থানীয় নাম চিয়াং। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা দিহিং নামেৰে এই নৈখনে দক্ষিণলৈ কিছুদূৰ বৈ আহি শদিয়াৰ ওচৰত দিবং আৰু লোহিত নৈৰ লগ লাগে। ইয়াৰ পৰাই এই নদীখনক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায়।
৬। ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ এখন মানচিত্ৰ অংকন কৰি তলত দিয়া অৱয়ৱসমূহ বহুওৱা :
ক) ব্ৰহ্মপুত্ৰ, খ) বৰাক, গ) কাৰ্বি মালভূমি, ঘ) বৰাইল পৰ্বত, ঙ) পাগলাদিয়া, চ) সোণাই, ছ) মানাহ, জ) দিখৌ, ঝ) ধনশিৰি, ঞ) ধলেশ্বৰী।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে নিজে অংকন কৰিব।
৭। ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ আৰু দক্ষিণপাৰৰ উপনৈসমূহৰ নাম লিখা।
উত্তৰঃ
(ক) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহ : দিবং, চিয়াং, জীয়াঢল, সোৱণশিৰি, ৰঙানদী, দিক্ৰং, ভৰলী, ধনশিৰি, পুঠিমাৰি, পাগলাদিয়া, বেঁকী, মানাহ, সোণকোষ, গংগাধৰ ইত্যাদি।
(খ) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈসমূহ : লোহিত, দিহিং, বুঢ়ী দিহিং, দৰিকা, দিখৌ, ভোগদৈ, ধনশিৰি, কলং, সুঁতি, যমুনা, কপিলি, দিয়ুং, ভৰলু, কুলসী, কৃষ্ণাই, জিঞ্জিৰাম ইত্যাদি।
৮। বৰাক নৈৰ উপনৈসমূহৰ নাম লিখা।
উত্তৰঃ জিৰি, মধুৰা, লাৰাং, সোণাই, কাটাখাল, ধলেশ্বৰী, ছিংলা, লংগাই আদি।
৯। নৈ বা উপনৈৰ দাঁতি-কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনে ধৰণৰ হয় লিখা।
উত্তৰঃ নৈ আৰু মানুহৰ সম্বন্ধ যুগ-যুগৰ সম্বন্ধ। মানুহে সভ্যতাৰ জখলাত ভৰি দি কৃষি কাৰ্য কৰিব জনাৰ দিনৰে পৰা নৈৰ লগত সম্পৰ্ক গঢ়িছিল। পানী জীৱন ধাৰণৰ বাবে অপৰিহাৰ্য। খাবলৈ, গা ধুবলৈ, বাচন-বৰ্তন ধুবলৈ, কৃষি কাৰ্য কৰিবলৈ পানীৰ প্ৰয়োজন। সেয়ে কৃষিজীৱি লোকৰ বাসস্থান নদীৰ পাৰত। নৈৰ দুপাৰৰ পলসুৱা মাটিত তেওঁলোকে শস্য উৎপাদন কৰে, নৈৰ পানীত নাদুৰি-সাতুৰি আনন্দ পায়, নৈত পোৱা মাছ-কাছেৰে তৃপ্তিৰে এসাজ খায়, নৈত নাও চলাই বেহা-বেপাৰ কৰে। নৈৰ বিভিন্ন উপকাৰিতাৰ বাবেই পৃথিৱীৰ ডাঙৰ চহৰ-নগৰবোৰো নৈৰ পাৰতে অৱস্থিত। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতো নৈৰ প্ৰভাৱ অপৰিসীম। ইয়াৰ বাসিন্দাসকলৰ কৃষ্টি-সংস্কৃতিৰ উৎস হিচাপে এই নদ-নদীসমূহে বিশেষ স্থান অধিকাৰ কৰিছে। তদুপৰি নৈপৰীয়া মানুহৰ সুখ-দুখৰ ক্ষেত্ৰতো বিশেষ ভূমিকা লৈ আহিছে এই নৈ-উপনৈসমূহে। সেয়েহে থলুৱা গীত-মাত, নাট আদিতো নৈৰ উল্লেখ পোৱা যায়। অসমৰ নৈপৰীয়া কিছুসংখ্যক লোকে জীৱন নিৰ্বাহৰ উপায় হিচাপেও নৈবোৰক ব্যৱহাৰ কৰে။
১০। নৈৰ সৰ্পিল গতি আৰু গুস্মিত ৰূপ কি?
উত্তৰঃ উৎসৰ পৰা সাগৰত প্ৰৱেশলৈকে নদীৰ গতিক তিনিটা ভাগত ভগাব পাৰি— উচ্চ অংশ, মধ্য অংশ আৰু নিম্ন অংশ। উচ্চ অংশত থিয় ঢালেদি বৈ অহাৰ পিছত মধ্য অংশত সমভূমিৰ মৃদু ঢালৰ সন্মুখীন হয়। কম ঢালৰ ভূমিভাগেৰে বৈ যোৱা হেতুকে নৈৰ গতিবেগ তুলনামূলকভাৱে ধীৰ হয়। মৃদু ঢালত ধীৰ গতিৰে বোৱা সোঁতৰ নদী তল খনন ক্ষমতাও কম। কিন্তু ইয়াৰ বিপৰীতে নৈৰ পাৰ খহোৱা অৰ্থাৎ পাৰ্শ্বখনন কাৰ্য অধিক হয়। নৈৰ দুয়ো পাৰৰ মাটিৰ গঠন কোমল হোৱা বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰে। নৈৰ যিটো পাৰত পাৰ্শ্বখনন হয় তাৰ বিপৰীতে আনটো পাৰত গেদৰ অৱক্ষেপণ ঘটে। এই পাৰ্শ্বখনন আৰু অৱক্ষেপণৰ ফলত নৈৰ গতিপথ একা-বেঁকা বা সৰ্পিল (meandering) হোৱা দেখা যায়। বাৰিষা কালত নৈৰ প্লাৱনভূমি পানীৰে উপচি পৰে। এনে সময়তে নৈ ঠায়ে ঠায়ে অতি বহল হৈ পৰে। আনহাতে খৰালি কালত নৈৰ পানী কমি যোৱাৰ ফলত ইয়াৰ বিভিন্ন অংশত গেদৰ অৱক্ষেপবোৰ ওলাই পৰে। এই অৱক্ষেপবোৰে সৰু-বৰ বিভিন্ন আকাৰৰ চৰ-চাপৰি সৃষ্টি কৰে। চৰ-চাপৰিবোৰত বাধা পাই নৈৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে। ইয়াকে নৈৰ গুস্মিত (braided) ৰূপ বোলে।
১১। ব্ৰহ্মপুত্ৰ অৱবাহিকা বুলিলে কি বুজা?
উত্তৰঃ ব্ৰহ্মপুত্ৰ অসমৰ আটাইতকৈ ডাঙৰ নদী। ই অসমৰ মাজেৰে পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে। ইয়াৰ অসংখ্য উপনৈ উত্তৰ আৰু দক্ষিণ ফালৰ পৰা আহি মিলিত হৈছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে তিব্বত, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, অসম, মেঘালয়, ভুটান, ছিক্কিম, পশ্চিম বংগ আৰু বাংলাদেশৰ কিছু অংশৰ পৰা জল আহৰণ কৰে। এই সমগ্ৰ ঠাইখিনিকে ব্ৰহ্মপুত্ৰ অৱবাহিকা বোলা হয়।
১২। ব্ৰহ্মপুত্ৰৰ প্লাবনভূমিত থকা কেইখনমান স্থায়ী চাপৰিৰ নাম লিখা।
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমিত থকা কেইখনমান স্থায়ী চাপৰি হ'ল— কান্ধুলীমাৰী, শিয়ালমাৰী, ভাঙনমাৰী, আলোপতি আদি।
১৩। অসমত সঘনাই বানপানী হোৱাৰ মূল কাৰণ কি?
উত্তৰঃ অসমত সঘনাই হোৱা বানপানীৰ প্ৰাকৃতিক কাৰণবোৰৰ ভিতৰত এটা অন্যতম কাৰণ হৈছে, বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহে হিমালয় পৰ্বতৰ পৰা অত্যাধিক গেদ কঢ়িয়াই আনি সমভূমি অঞ্চলৰ ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনৈসমূহৰ তলিভাগত আৰু পাৰত জমা কৰে। ফলত নদীৰ তলিভাগ বাম হৈ পৰিছে আৰু নদীবোৰৰ পানী বহন ক্ষমতা কমিছে। অলপ বৰষুণ দিলেই পাৰ ওপচি পৰি বানপানীৰ সৃষ্টি কৰে। অসমত বানপানী ৰোধ কৰিবলৈ নিৰ্মাণ কৰা অবিজ্ঞানসম্মত মঠাউৰিবোৰেও বানপানীত অৰিহণা যোগাইছে। এই মঠাউৰিবোৰে নৈখনৰ গতিপথ ঠেক কৰি পেলাইছে। ইয়াৰ ফলত বাৰিষা কালত ঠেক অংশেৰে বেছি পানী বৈ যাব লগা হোৱাত মঠাউৰি ভাঙি বানপানীৰ সৃষ্টি হয়। ইয়াৰোপৰি মৌচুমী বতাহৰ ফলত হোৱা অতিমাত্ৰা বৰষুণেও বানপানীৰ সৃষ্টি কৰে।
১৪। গৰাখহনীয়াৰ মূল কাৰণ কি কি? অসমৰ কোন কোন ঠাইত গৰাখহনীয়া অধিক পৰিমাণে হয়?
উত্তৰঃ খনন আৰু অৱক্ষেপণ নৈৰ স্বাভাৱিক কাৰ্য। অসমৰ নদ-নদীসমূহৰ পাৰ্শ্বখনন অৰ্থাৎ গৰাখহনীয়া বেছিকৈ হোৱা দেখা যায়। অসমৰ সমতল অংশত গৰাখহনীয়া হোৱাৰ প্ৰাকৃতিক কাৰণবোৰ হৈছে— নদীৰ মৃদু ঢাল, পাৰৰ কোমল মাটি, নদীৰ বাম তলিভাগ। অসমৰ ডিব্ৰুগড় চহৰ, দিচাংমুখ, দিখৌমুখ, মৰিয়াহোলা, নিমাতী, মাজুলী, নগাঁৱৰ লাহৰীঘাট, ঢিং, কামৰূপৰ পলাশবাৰী আদিত গৰাখহনীয়া তীব্ৰ হোৱা দেখা যায়। অসমত গৰাখহনীয়াৰ প্ৰকোপ বৃদ্ধি হোৱাৰ অন্যতম প্ৰধান কাৰণ হৈছে মানুহৰ ধ্বংসাত্মক কাৰ্যকলাপ। নৈৰ দাঁতিকাষৰীয়া অঞ্চলৰ তৃণভূমিসমূহ, প্লাৱনভূমিত মানুহৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, মঠাউৰি নিৰ্মাণ আদি কাৰ্যকলাপে নদীখনৰ স্বাভাৱিক গতি বাধাগ্ৰস্ত কৰিছে। ফলত ব্ৰহ্মপুত্ৰ উপত্যকাত গৰাখহনীয়া আৰু বানপানীৰ প্ৰকোপ বৃদ্ধি পাইছে।
১৫। জল পৰিবহণৰ অৰ্থনৈতিক গুৰুত্ব কেনে ধৰণৰ?
উত্তৰঃ অসমৰ অৰ্থনীতিত জল পৰিবহণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। যাতায়াতৰ বাবে জলপথ, খেতি-বাতিৰ বাবে পানী আৰু পলস পেলোৱা মাটি, নৈত পোৱা মাছ-কাছ আদি, নৈৰ দুয়োপাৰে থকা খেৰ, উলু, খাগৰি, ইকৰা আদি নদীয়ে যোগান ধৰি আহিছে। আহোম ৰাজত্বকালত যাতায়াত-পৰিবহণৰ লগতে যুদ্ধ-বিগ্ৰহৰ বাবেও ব্ৰহ্মপুত্ৰ নদীৰ জলপথ ব্যৱহাৰ হোৱাৰ বহু তথ্য পোৱা যায়। ইংৰাজ শাসনকালত কলকাতাৰ পৰা শদিয়ালৈকে ব্ৰহ্মপুত্ৰ নদীৰ বুকুৱেদি জাহাজ চলিছিল। জল পৰিবহণৰ ক্ষেত্ৰত খৰচ বৰ কম। জল পৰিবহণত ৰাস্তাঘাট বনোৱাৰ প্ৰশ্ন নাহে; গতিকে খৰচো নাই। খুব কম খৰচতে বিভিন্ন সামগ্ৰী জলপৰিবহণৰ যোগেদি এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰি।
১৬। বৰাক নৈখন ক'ৰ পৰা ওলাই ক'ত পৰিছেগৈ?
উত্তৰঃ অসমৰ ডাঙৰ নদী ব্ৰহ্মপুত্ৰৰ পিছতে বৰাক নদী উল্লেখযোগ্য। অসমৰ দক্ষিণ ভাগৰ প্ৰধান নৈ বৰাক নাগালেণ্ড-মণিপুৰৰ সীমান্তৱৰ্তী মৰাম নামৰ পাৰ্বত্য অঞ্চলৰ পৰা ওলাই বিভিন্ন ঠাইৰ মাজেৰে বৈ অসমৰ কাছাৰ জিলাৰ মাজেদি গৈ বংগোপসাগৰত পৰিছে।
১৭। বৰাক নৈৰ অৰ্থনৈতিক গুৰুত্ব সম্পৰ্কে লিখা।
উত্তৰঃ অসমৰ বৃহৎ নদী ব্ৰহ্মপুত্ৰৰ দৰেই অৰ্থনৈতিক ক্ষেত্ৰত বৰাক নৈৰো ভূমিকা আছে। বৰাক নৈৰ মধ্য আৰু নামনি অংশ যাতায়াতৰ বাবে উপযোগী। বৰাক নৈৰ দাঁতিকাষৰীয়া লোকসকলে নাৱেৰে যাতায়াত কৰাৰ উপৰি কৃষিজাত সামগ্ৰী সৰবৰাহ কৰে। বৰাক উপত্যকা অঞ্চল কৃষিৰ বাবে অতি উপযোগী। বৰাক নৈ, ইয়াৰ উপনৈসমূহ আৰু ইয়াৰ জলাশয়সমূহত মাছৰ উৎপাদন যথেষ্ট পৰিমাণে হয়। চৰকাৰে কোনো কোনো অংশত নিলামযোগে মাছ ধৰিবলৈ অনুমতি দি কিছু পৰিমাণে ৰাজহো সংগ্ৰহ কৰে। গতিকে বৰাক নৈৰ অৰ্থনৈতিক গুৰুত্ব আছে।
১৮। ব্ৰহ্মপুত্ৰ নৈৰ অৰ্থনৈতিক গুৰুত্ব সম্পৰ্কে লিখা။
উত্তৰঃ অসমৰ অৰ্থনীতিত ব্ৰহ্মপুত্ৰ নদীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। যাতায়াতৰ বাবে জলপথ, খেতি-বাতিৰ বাবে পানী আৰু পলস পেলোৱা মাটি, নৈত পোৱা মাছ-কাছ আদি, নৈৰ দুয়োপাৰে থকা খেৰ, উলু, খাগৰি, ইকৰা আদি ব্ৰহ্মপুত্ৰ নদীয়ে যোগান ধৰি আহিছে। আহোম ৰাজত্বকালত যাতায়াত-পৰিবহণৰ লগতে যুদ্ধ-বিগ্ৰহৰ বাবেও ব্ৰহ্মপুত্ৰ নদী ব্যৱহাৰ হোৱাৰ বহু তথ্য পোৱা যায়। ইংৰাজসকলৰ শাসনকালত কলকাতাৰ পৰা শদিয়ালৈকে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জাহাজ চলিছিল। তেওঁলোকে সম্পদ পৰিবহণৰ বাবে ৰেলপথৰ লগতে নদীপথো ব্যৱহাৰ কৰিছিল। তেতিয়াৰ পৰাই অসমৰ বহুকেইখন নগৰ-চহৰ ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰ হিচাপে ব্ৰহ্মপুত্ৰৰ পাৰতে গঢ় লৈ উঠিছিল, যেনে— ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী, ধুবুৰী আদি। বৰ্তমান ব্ৰহ্মপুত্ৰৰ পাৰঘাটসমূহত বিশেষকৈ যোৰহাট, নিমাতীঘাট, মাজুলী, লক্ষীমপুৰ, গুৱাহাটী-উত্তৰ গুৱাহাটী, গুৱাহাটী-উমানন্দ, গোৱালপাৰা-ধুবুৰীৰ চৰসমূহলৈ যন্ত্ৰচালিত নাৱেৰে আৰু ফেৰী জাহাজেৰে যাতায়াতৰ সুবিধা আছে। অসমৰ কৃষিৰ ক্ষেত্ৰতো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বিশেষ ভূমিকা আছে। বানপানীৰ সময়ত নদীয়ে পেলাই থৈ যোৱা পলসে প্লাৱনভূমি আৰু চৰ-চাপৰিবোৰক কৃষি কাৰ্যৰ বাবে উপযোগী কৰি তোলে, যাৰ ফলত অসমৰ কৃষি উৎপাদন বৃদ্ধি কৰি অৰ্থনৈতিক ভেটি টনকিয়াল হয়। অসমৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে গোটেই উপত্যকা অঞ্চলৰ পৰিৱেশ সেউজীয়া গছ-গছনিৰে ভৰা, জৈৱ-বৈচিত্ৰ্যৰে চহকী ঠাই হিচাপেও পৰিগণিত কৰিছে, যিটোৱে অসমত পৰ্যটন উদ্যোগৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে জলসিঞ্চন আৰু জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনাও বৃদ্ধি কৰিছে। সৰু সৰু নদীবান্ধৰ যোগেদি জলসিঞ্চন, জলবিদ্যুৎ উৎপাদন, বান নিয়ন্ত্ৰণ আৰু মৎস্য পালন কৰি অসমত বহনক্ষম উন্নয়ন কৰিব পৰা যায়।
১৯। ব্ৰহ্মপুত্ৰ নৈক কি কি স্থানীয় নামেৰে জনা যায়?
উত্তৰঃ
- তিব্বত মালভূমিত — চাংপো
- অৰুণাচলত — চিয়াং
- পাছিঘাটত — দিহিং
২০। ব্ৰহ্মপুত্ৰ নদীৰ জল পৰিবহণ ব্যৱস্থাৰ বিষয়ে লিখা।
উত্তৰঃ দেশৰ পৰিবহণ ব্যৱস্থাসমূহৰ ভিতৰত জলপৰিবহণ ব্যৱস্থা আটাইতকৈ কম খৰচী। কম খৰচী হোৱা বাবে কম ব্যয়তে গধুৰ বস্তু কঢ়িয়াব পৰা যায়। সাগৰ-মহাসাগৰত জলপৰিবহণ সুচল হোৱাৰ দৰে ডাঙৰ ডাঙৰ নৈবোৰতো এই ব্যৱস্থাৰ প্ৰৱৰ্তন আছে। ব্ৰহ্মপুত্ৰ নদী দেশখনৰ এটি প্ৰধান জলপথ। ব্ৰহ্মপুত্ৰ নদীৰ ১,৩৮৪ কিলোমিটাৰ সুচল জলপথ আছে। শদিয়াৰ পৰা ধুবুৰীলৈ জলপথছোৱা (৮৯১ কিলোমিটাৰ) আভ্যন্তৰীণ ৰাষ্ট্ৰীয় জলপথ। ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজ, যন্ত্ৰচালিত নাও, ফেৰী আদি চলাচল কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰত সীমিত দলং থকা বাবে ইপাৰৰ মানুহ সিপাৰলৈ যাবৰ বাবে বা সিপাৰৰ মানুহ ইপাৰ পাবৰ বাবে সততে যন্ত্ৰচালিত নাও, ফেৰী সেৱা বা জাহাজ চলোৱা হয়। বৰ্তমান ব্ৰহ্মপুত্ৰৰ পাৰঘাটসমূহত বিশেষকৈ যোৰহাট-মাজুলী, শিৱসাগৰ-নিমাতীঘাট-লক্ষীমপুৰ, গুৱাহাটী-উত্তৰ গুৱাহাটী, গুৱাহাটী-উমানন্দ, গোৱালপাৰা-ধুবুৰীৰ চৰসমূহলৈ যন্ত্ৰচালিত নাৱেৰে আৰু ফেৰী জাহাজেৰে যাতায়াতৰ সুবিধা আছে। অতীজৰে পৰা ব্ৰহ্মপুত্ৰক জলপথ হিচাপে ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়। আহোম ৰাজত্বকালত যাতায়াত-পৰিবহণৰ লগতে যুদ্ধ-বিগ্ৰহৰ বাবেও ব্ৰহ্মপুত্ৰ নদী ব্যৱহাৰ হোৱাৰ বহু তথ্য পোৱা যায়। ইংৰাজসকলৰ শাসনকালত কলকাতাৰ পৰা শদিয়ালৈকে ব্ৰহ্মপুত্ৰ নদীৰ বুকুৱেদি জাহাজ চলিছিল।
Comments
No comments yet. Be the first!