ভাৰতত ইংৰাজ শাসন প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Social Science

ভাৰতত ইংৰাজ শাসন প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

১। এটা শব্দ বা বাক্যত উত্তৰ লিখা :

ক) প্রথম কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাছী গৱৰ্ণৰ কোন আছিল?

উত্তৰঃ ডুপ্লে।

খ) পলাশী যুদ্ধৰ সময়ত থকা বংগদেশৰ নৱাবজনৰ নাম লিখা।

উত্তৰঃ চিৰাজউদ্দৌলা।

গ) কোন চনত ৰেগুলেটিং এক্ট প্রণয়ন কৰা হৈছিল?

উত্তৰঃ ১৭৭৩ চনত।

ঘ) বৈশ্যতামূলক মিত্ৰতা নীতি কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ওৱেলচলি।

ঙ) স্বত্ব বিলোপ নীতি প্রয়োগ কৰি ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য সম্প্ৰসাৰণ ঘটোৱা ইংৰাজ গৱৰ্ণৰ জেনেৰেলজনৰ নাম লিখা।

উত্তৰঃ লর্ড ডেলহাউচী।

২। খালী ঠাই পূৰণ কৰা :

ক) কৰ্ণাটকৰ যুদ্ধ ইংৰাজ আৰু ________ মাজত সংঘটিত হৈছিল।

উত্তৰঃ ফৰাচী সকলৰ

খ) ________ ১৭৪২ চনত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেৰাণী হৈ মাদ্রাজলৈ আহিছিল।

উত্তৰঃ ৰবাৰ্ট ক্লাইব

গ) ৰেগুলেটিং এক্টৰদ্বাৰা গৱৰ্ণৰ পদটো ________ লৈ উন্নীত কৰা হৈছিল।

উত্তৰঃ গৱৰ্ণৰ জেনেৰেল

ঘ) ৰেগুলেটিং এক্ট অনুসৰি কলিকতাত স্থাপন কৰা উচ্চতম ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ আছিল ________।

উত্তৰঃ চাৰ এলিজা ইম্পে।

ঙ) ৰেগুলেটিং এক্ট অনুসৰি কলিকতাত স্থাপন কৰা উচ্চতম ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ আছিল ________।

উত্তৰঃ চাৰ জন ছোবে।

চ) ভাৰতৰ ভিতৰুৱা ব্যৱস্থাত হস্তক্ষেপ কৰিবলৈ গৱৰ্ণৰ জেনেৰেল ________ নিৰপেক্ষ নীতি গ্রহণ কৰিছিল।

উত্তৰঃ চাৰ জন ছোবে।

৩। চমুটোকা লিখা :

ক) পলাশী যুদ্ধ

উত্তৰঃ ১৭৫৭ খ্ৰীষ্টাব্দত বংগৰ নৱাব চিৰাজউদ্দৌলা আৰু ইংৰাজ বাহিনীৰ মাজত পলাশী নামে ঠাইত যি যুদ্ধ সংঘটিত হৈছিল সেই যুদ্ধখনকেই পলাশীৰ যুদ্ধ নামে জনা যায়। ইংৰাজসকলৰ ভাৰতত প্ৰধান শত্ৰু আছিল ফৰাছীসকল। ১৭৫৭ চনত ইংৰাজসকলে ফৰাছী ঘাটি চন্দননগৰ অধিকাৰ কৰাত বংগৰ নবাব চিৰাজউদ্দৌলাই ইংৰাজসকলক চন্দননগৰ ফৰাছীসকলক ঘূৰাই দিবলৈ ক'লে। ইংৰাজসকল অমান্তি হ'ল আৰু তেওঁলোকে নবাবক শিক্ষা দিয়াৰ ষড়যন্ত্র কৰি চিৰাজউদ্দৌলাৰ সেনাপতি মিৰজাফৰক বংগৰ নবাব পতাৰ প্ৰতিশ্রুতি দি হাত কৰিলে। ইয়াৰ পিছত ক্লাইবে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে আলিনগৰ চুক্তি ভংগৰ মিছা অভিযোগ আনিলে। চিৰাজে ক্লাইবৰ অভিসন্ধিৰ কথা গম পাই সৈন্য-সামন্ত লৈ আগবাঢ়ি গ'ল। ১৭৫৭ চনৰ ২৩ জুন তাৰিখে পলাশী নামে ঠাইত যুদ্ধ হ'ল। এই যুদ্ধত নবাবৰ সেনাপতি আছিল মোহনলাল আৰু মীৰমদন। মুখ্য সেনাপতি মিৰজাফৰে কৌশলেৰে যুদ্ধৰ পৰা আঁতৰি আছিল। নবাব বাহিনীয়ে বৰ পৰাক্ৰমেৰে যুঁজিছিল যদিও শেষত পৰাস্ত হ'ল। পলাশীৰ যুদ্ধৰ পিছৰ পৰা ইংৰাজে বংগদেশত খোপনি পুতিলে আৰু লাহে লাহে নিজৰ অধীন কৰি ল'লে।

খ) মিৰজাফৰ

উত্তৰঃ বংগৰ নৱাব চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি আছিল মিৰজাফৰ। সুবিধাবাদী মিৰজাফৰে ইংৰাজৰ প্ৰলোভনত ভোল গৈ ১৭৫৭ খ্ৰীষ্টাব্দৰ পলাশীৰ যুদ্ধত নবাবৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈ নৱাবক পৰাস্ত কৰোৱায় আৰু ইংৰাজৰ অনুগ্ৰহত বংগৰ নবাব হয়। দুৰ্ভাগ্যৰ বিষয় তেওঁ ইংৰাজৰ হাতৰ পুতলা হ'ব লগা হয়। মিৰজাফৰ অসন্তুষ্ট হ'ল। তেওঁ ইংৰাজৰ বিৰুদ্ধে সমৰ সজ্জাৰ যো-জা কৰি ভাৰতত থকা ওলন্দাজসকলক লগ কৰিলে। ৰবাৰ্ট ক্লাইবে সকলো কথা গম পাই দেশলৈ উভতি গ'ল। তেওঁৰ পিছত অহা গৱৰ্ণৰ ভান্সিটাৰ্টে মিৰজাফৰক সিংহাসনৰ পৰা নমাই তেওঁৰ জোঁৱায়েক মিৰকাছিমক বংগৰ নবাব পাতে।

গ) মিৰকাছিম

উত্তৰঃ মiৰজাফৰৰ জোঁৱায়েক মিৰকাছিমক ইংৰাজ গৱৰ্ণৰে শহুৰেকক পদচ্যুত কৰি সিংহাসনত বহুৱাই বংগৰ নবাব পাতিছিল। নৱাবী পদ গ্ৰহণ কৰিয়েই মিৰকাছিমে বৰ্দ্ধমান, মেদিনীপুৰ আৰু চট্টগ্ৰাম নামৰ তিনিখন জিলা কোম্পানীক দিব লগাত পৰে। মিৰকাছিম স্বাধীনচেতীয়া স্বভাৱৰ লোক আছিল। কোম্পানীৰ অনুগ্ৰহত নবাব পদ পালেও তেওঁ কিন্তু কোম্পানীৰ বশৱৰ্তী হৈ থাকিবলৈ টান পাইছিল। তেওঁ ইংৰাজৰ পৰা মুক্ত হোৱাৰ চিন্তাৰে নিজ প্ৰতিৰক্ষা সুদৃঢ় কৰণৰ বাবে দৃঢ় প্ৰতিজ্ঞ হ'ল। সৈন্য-বাহিনীৰ সামৰিক ক্ষমতা বৃদ্ধিৰ বাবে তেওঁ ইউৰোপীয় প্ৰণালীৰে নিজ সৈন্যক শিক্ষিত তথা সজ্জিত কৰি তুলিলে। ইয়াৰ উপৰিও ইংৰাজসকলৰ প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰিবৰ বাবে তেওঁ মুৰ্চিদাবাদৰ পৰা নিজ ৰাজধানী মুংগেৰলৈ তুলি নিলে। মীৰকাছিমৰ এনেবোৰ কাৰ্যত ইংৰাজসকলে অস্বস্তি বোধ কৰিলে। মীৰকাছিমৰ নীতিত অতি অসন্তুষ্ট হৈ পাটনাৰ বাণিজ্য কুঠিৰ এজেণ্ট এলিচে পাটনা দখল কৰাত মীৰকাছিমে ইংৰাজৰ বিপক্ষে অস্ত্ৰধাৰণ কৰিলে। নবাবে অতি সোনকালেই পাটনা পুনৰ অধিকাৰ কৰিলে। কিন্তু ঠিক তেনেতে ইংৰাজসকলে এক বিশাল বাহিনী লৈ মিৰকাছিমক যুদ্ধত হৰুৱালে। মিৰকাছিম পলাই গৈ অযোধ্যাৰ নবাব চুজাউদ্দৌলাৰ কাষ পালেগৈ। চুজাউদ্দৌলা আৰু মোগল সম্ৰাট দ্বিতীয় শাহ আলমে মিৰকাছিমক সহায় কৰিবলৈ গ'ল যদিও ইংৰাজৰ হাতত হাৰিল। যুদ্ধত হাৰি মিৰকাছিম পলাল। ইংৰাজে পুনৰবাৰ মিৰজাফৰক বংগৰ নবাব পাতিলে।

ঘ) অন্ধকূপ হত্যা

উত্তৰঃ মোগল সম্ৰাট ফাৰুকচিয়াৰৰ 'ফৰমান'ৰ জৰিয়তে বংগদেশত ইংৰাজে যথেষ্ট সুবিধা পাইছিল। তেওঁলোকে বংগদেশত নিজৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধিৰ সুযোগলৈ ৰৈ আছিল। এনেতে বংগদেশৰ নবাব আলিবৰ্দি খাঁৰ মৃত্যু হ'ল। আলিবৰ্দি খাঁৰ কোনো পুত্ৰ সন্তান নাছিল। সেয়ে নবাবে তেওঁৰ তিনি গৰাকী জীয়েকৰ ভিতৰত সৰু জীয়েকৰ পুত্ৰ চিৰাজউদ্দৌলাক বংগৰ সিংহাসনৰ উত্তৰাধিকাৰী মনোনীত কৰি গৈছিল। এই কথাই নবাবৰ ডাঙৰ জীয়েক ঘাচিটি বেগম আৰু মাজু জীয়েকৰ পুতেক চৌকত জংক অসন্তুষ্ট কৰিছিল। তেওঁলোক চিৰাজউদ্দৌলাৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হ'ল। এই গৃহকন্দলৰ সুযোগ লৈ ইংৰাজ আৰু ফৰাছী দুয়ো পক্ষই বংগদেশত এটা দুৰ্গ সাজিবলৈ আগবাঢ়িলে। চিৰাজউদ্দৌলাই তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ উভয় পক্ষকে আদেশ দিলে। ফৰাছীসকলে আদেশ মানিলে যদিও ইংৰাজসকলে তেওঁলোকৰ সামৰিক প্ৰস্তুতি চলায়ে থাকিল। ইংৰাজসকলৰ এনে বেপৰোৱা কাৰ্যত চিৰাজউদ্দৌলাৰ খং উঠিল আৰু ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিলে। নবাবে কাশিমবজাৰ কুঠি দখল কৰি ফৰ্ট উইলিয়াম দুৰ্গত আক্ৰমণ কৰিলে। সেই সময়ত কলিকতাৰ গৱৰ্ণৰ আছিল ৰজাৰ ড্ৰেক। নবাবৰ এই আক্ৰমণত ড্ৰেকে কিছুমান বিষয়াৰ সৈতে অন্য ঠাইত আশ্ৰয় ল'লে। দুৰ্গত থকা আন কিছুমান লোকে নবাবৰ ওচৰত আত্মসমৰ্পণ কৰিলে। আত্মসমৰ্পণ কৰা ১৪৬ জন লোকক নবাবে এটা অতি সৰু কোঠালিত আবদ্ধ কৰি ৰাখিলে। এইদৰে ৰখাত উশাহ-নিশাহ ল'ব নোৱাৰি ১২৩ জন লোক মৃত্যুৰ মুখত পৰিল। এই ঘটনাক অন্ধকূপ হত্যা নামে জনা যায়।

ঙ) বক্সাৰ যুদ্ধ

উত্তৰঃ ইংৰাজসকলে বংগদেশত নিজৰ আধিপত্য বৃদ্ধি কৰিব বিচৰা কথাত বংগৰ নবাব মিৰকাছিম অসন্তুষ্ট হৈছিল। ইংৰাজৰ কবলৰ পৰা মুক্ত হ'বলৈ তেওঁ পশ্চিমীয়া আৰ্হিত নিজৰ সৈন্য বাহিনী গঠন কৰিলে, ৰাজধানী মুৰ্চিদাবাদৰ পৰা মুংগেৰলৈ তুলি নিলে, ইয়াৰোপৰি কোম্পানীৰ সামগ্ৰীৰ ব্যৱসায়ৰ 'দস্তক' ব্যৱস্থাতো হস্তক্ষেপ কৰে। এই কথাত অসন্তুষ্ট হৈ পাটনাত থকা ইংৰাজ কুঠিৰ এজেণ্টে পাটনা অধিকাৰ কৰাৰ চেষ্টা চলায়। কিন্তু নবাবৰ সৈন্য বাহিনীয়ে তেওঁলোকক খেদি পঠিয়ায়। ইয়াৰ পিছত ইংৰাজ কোম্পানীয়ে মিৰকাছিমৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইংৰাজ বাহিনীয়ে নবাবক কেইবাখনো যুদ্ধত পৰাস্ত কৰিলে। তেওঁলোকৰ পৰা ৰক্ষা পাবৰ বাবে মিৰকাছিম পলাই গৈ অযোধ্যাৰ নবাব চুজাউদ্দৌলাৰ ওচৰ পালেগৈ। চুজাউদ্দৌলা আৰু মোগল সম্ৰাট দ্বিতীয় শাহ আলমে মিৰকাছিমৰ সৈতে এক সম্মিলিত সৈন্য বাহিনী লৈ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়িল। ১৭৬৪ চনত বিহাৰৰ সীমান্তত থکা বক্সাৰ নামৰ ঠাইত দুয়োপক্ষৰ মাজত প্ৰচণ্ড যুদ্ধ সংঘটিত হয়। যুদ্ধত হাৰি মিৰকাছিম পলাই গ'ল আৰু সেই ঠাইত দ্বিতীয়বাৰৰ কাৰণে মিৰজাফৰক অধিষ্ঠিত কৰা হয়। বক্সাৰৰ যুদ্ধত জয়লাভ কৰাৰ পাছত ইংৰাজৰ শক্তি দুগুণ বৃদ্ধি হ'ল।

চ) চিৰস্থায়ী বন্দবস্ত

উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে ভাৰতীয় অর্থনীতি সংশোধন কৰাৰ নামত ৰাজহ ব্যৱস্থা কোম্পানীৰ দখললৈ নিছিল। কোম্পানীৰ ৰাজহ বিভাগ টনকিয়াল কৰিবলৈ কৃষিভূমিৰ ক্ষেত্ৰত লৰ্ড কৰ্ণৱালিছে চিৰস্থায়ী বন্দবস্ত প্ৰৱৰ্তন কৰিছিল। এই ব্যৱস্থা অনুসৰি ভূমিসমূহ ভাগ ভাগ কৰি প্ৰত্যেক খণ্ডত একোজন জমিদাৰক দিছিল। এই বন্দবস্ত আছিল যে যেতিয়ালৈকে জমিদাৰজনে নির্দিষ্ট হাৰত ৰাজহ দি থাকিব তেতিয়ালৈকে জমিদাৰী থাকিব; খেতি-বাতি হওক বা নহওক নিৰ্দিষ্ট হাৰত ৰাজহ কোম্পানী চৰকাৰক দিব নোৱাৰিলেই জমিদাৰী উচ্ছেদ হ'ব আৰু লগে লগে ই চৰকাৰৰ হাতলৈ যাব। এই চুক্তিত জমিদাৰসকল ভীত হৈছিল আৰু তেওঁলোকে কৃষকসকলক অত্যাধিক হেঁচা প্ৰয়োগ কৰিছিল। ফলস্বৰূপে কৃষকসকল জমিদাৰসকলৰ অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছিল।

ছ) দস্তক

উত্তৰঃ বংগদেশত ইংৰাজে ব্যৱসায়ৰ নামত চলোৱা এক ব্যৱস্থা হ'ল দস্তক। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাটৰ পৰা 'ফৰমান' লাভ কৰি যথেষ্ট সুবিধা গ্ৰহণ কৰিছিল। এইবাৰ তেওঁলোকে ব্যৱসায়ৰ আৰু সম্প্ৰসাৰণ কৰিবলৈ এটা কৌশল অৱলম্বন কৰিলে। তেওঁলোকে দস্তক নামৰ এখন প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিছিল আৰু এই প্ৰমাণপত্ৰখনত কোম্পানীৰ বস্তু বুলি লিখি দিলেই সেই বস্তু এঠাইৰ পৰা আনঠাইলৈ বিনা শুল্কে নিব পৰা হৈছিল। এই ব্যৱস্থা কেৱল বহিঃ বাণিজ্যৰ ক্ষেত্ৰতহে প্রযোজ্য আছিল যদিও কোম্পানীৰ কৰ্মচাৰীসকলে আভ্যন্তৰীণ ক্ষেত্ৰতো এই একেই ব্যৱস্থা প্ৰয়োগ কৰিছিল। ইয়াৰ ফলত নবাবৰ পাবলগীয়া শুল্ক কমি গৈছিল। সেয়ে নবাব মিৰকাছিমে এই প্রথা উঠাই দিব বিচাৰি বিফল হ'ল। শেষত নবাবে দেশীয় ব্যৱসায়ীসকলকো বিনাশুল্কে ব্যৱসায় কৰাৰ অনুমতি দিলে। ইয়াতে অসন্তুষ্ট হৈ ইংৰাজে নবাবৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ'ল।

জ) স্বত্ব বিলোপ নীতি

উত্তৰঃ পলাশী যুদ্ধৰ পিছৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যি সাম্রাজ্যবাদী নীতি গ্ৰহণ কৰিছিল লৰ্ড ডেলহাউচীৰ দিনত পূৰ্ণ পৰ্যায় পাইছিল বুলি ক'ব পাৰি। ভাৰতত ব্ৰিটিছ সাম্রাজ্যবাদৰ সম্প্ৰসাৰণৰ বাবে ডেলহাউছীয়ে যি কেইটা নীতি গ্ৰহণ কৰিছিল তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল স্বত্ববিলোপ নীতি। এই নীতি প্রয়োগ কৰি ডেলহাউছীয়ে কেইবাখনো দেশীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। স্বত্ববিলোপ নীতিৰ দ্বাৰা নিয়ম কৰা হ'ল যে যদি কোনোবা দেশীয় ৰজাই নিজৰ পুত্ৰ নথকাৰ বাবে আন কাৰোবাক তোলনীয় পুত্ৰ কৰি ৰাখে তেতিয়া সেই তোলনীয়া পুত্ৰই ৰজাৰ মৃত্যুৰ পিছত ৰাজ্যৰ উত্তৰাধিকাৰী হ'ব নোৱাৰিব। সেই দেশীয় ৰাজ্যখন ৰজাজনৰ পিছত ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি লোৱা হ'ব। এই নীতি অনুসৰি ডেলহাউছীয়ে ভালেকেইখন ৰাজ্য ইংৰাজৰ অধীন কৰি লৈছিল।

৪। শুদ্ধ উত্তৰ বাছি উলিওৱা :

ক) কৰ্ণাটকৰ যুদ্ধ সংঘটিত হৈছিল— ইংৰাজ আৰু পৰ্তুগীজ/পৰ্তুগীজ আৰু ফ্ৰান্স/ইংৰাজ আৰু ফ্ৰান্সৰ মাজত

উত্তৰঃ ইংৰাজ আৰু ফ্ৰান্সৰ মাজত।

খ) পলাশী যুদ্ধৰ সময়ত বংগৰ নৱাব আছিল— মিৰজাফৰ/মিৰকাছিম/চিৰাজউদ্দৌলা

উত্তৰঃ চিৰাজউদ্দৌলা।

গ) ৰেগুলেটিং এক্ট প্রণয়ন কৰিছিল — ৰবাৰ্ট ক্লাইব/ডুপ্লে/ব্ৰিটিছ সংসদে

উত্তৰঃ ব্ৰিটিছ সংসদে।

ঘ) দ্বিতীয় বাজীৰাওৰ তোলনীয়া পুতেকৰ বছৰেকীয়া পেন্সন বন্ধ কৰিছিল— ৰবাৰ্ট ক্লাইব/ওৱেললি/ডেলহাউছিয়ে

উত্তৰঃ ডেলহাউছিয়ে।

৫। ভাৰতত ইংৰাজ আৰু ফৰাছীসকলৰ মাজত হোৱা যুদ্ধত ফৰাছীসকলে কিয় পৰাজয় বৰণ কৰিলে তাৰ কাৰণসমূহ লিখা।

উত্তৰঃ ভাৰতত ইংৰাজ আৰু ফৰাছীসকলৰ মাজত যিবোৰ যুদ্ধ হৈছিল সেই আটাইকেইখনতে ফৰাচীসকল হাৰিছিল। ইয়াৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল— ইংলেণ্ডৰ নৌ-বাহিনী অতি শক্তিশালী হোৱাৰ বিপৰীতে ফৰাচীসকলৰ নৌ-বাহিনী আছিল দুৰ্বল। ফৰাছীসকলৰ মাজত উপযুক্ত নেতৃত্বৰ অভাৱ আছিল। ডুপ্লে এজন দক্ষ লোক হ’লেও তেওঁৰ আন কৰ্মচাৰীৰ লগত বুজা-বুজিৰ অভাৱত বহু ক্ষেত্ৰত বিফল হ’ব লগা হৈছিল। কিন্তু ইংৰাজে ৰবাৰ্ট ক্লাইবৰ নিচিনা উপযুক্ত এজন নেতা পাইছিল। ফৰাচীসকলৰ একমাত্ৰ উল্লেখযোগ্য বাণিজ্যিক ঘাটি আছিল পণ্ডিচেৰী। অৰ্থাৎ তেওঁলোকে ভাৰতত খোপনি মজবুত কৰিব পৰা নাছিল। কিন্তু ইংৰাজসকলে কলিকতা, মাদ্রাজ আৰু বোম্বাইত নিজৰ স্থিতি দৃঢ়কৰি সাম্রাজ্য স্থাপনত মনোনিৱেশ কৰিছিল।

৬। ৰেগুলেটিং এক্টৰ বিধি-বিধানসমূহ কি আছিল লিখা।

উত্তৰঃ ৰেগুলেটিং এক্টৰ মূল বিধি-বিধানসমূহ আছিল এনে ধৰণৰ— এই আইন অনুসৰি ভাৰতত থকা কোম্পানী চৰকাৰে ব্ৰিটিছ চৰকাৰক সময়ে সময়ে শাসন সম্পৰ্কীয় কথাবোৰ জনাই থাকিবলগীয়া হ’ল। ৰেগুলেটিং এক্টৰ আন এটা গুৰুত্বপূর্ণ চৰ্ত অনুসৰি কোম্পানীৰ চাকৰিয়ালসকলৰ ব্যক্তিগত ব্যৱসায় নিষিদ্ধ কৰা হ’ল। ৰেগুলেটিং এক্টৰ দ্বাৰা বিচাৰ ব্যৱস্থাতো কিছু পৰিবর্তন অনা হৈছিল। ন্যায় বিচাৰৰ কাৰণে ইংলেণ্ডৰ ৰজাই নিযুক্ত এজন মুখ্য ন্যায়াধীশ আৰু দুজন সহকাৰী ন্যায়াধীশৰে কলিকতাত এখন উচ্চতম ন্যায়ালয় স্থাপন কৰা হয়। এই আইন মতে বংগৰ গৱৰ্ণৰ পদটো গৱৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল। বোম্বাই আৰু মাদ্রাজৰ গৱৰ্ণৰ দুজনক বংগৰ গৱৰ্ণৰ জেনেৰেলৰ অধীনলৈ অনা হৈছিল। গৱৰ্ণৰ জেনেৰেলক সহায় কৰিবৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰা হ’ল।

৭। পিটৰ ভাৰত শাসন আইনৰ ওপৰত চমুকৈ লিখা।

উত্তৰঃ ব্ৰিটিছ সংসদে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা ভাৰত শাসন কৰাৰ বাবে প্রণয়ন কৰা ৰেগুলেটিং এক্টখন আসোঁৱাহপূর্ণ হোৱা বাবে ১৭৮৪ চনত আন এখন আইন প্রণয়ণ কৰে। ইংলণ্ডৰ প্ৰভাৱশালী প্রধানমন্ত্রী কণিষ্ঠ উইলিয়াম পিটৰ দিনত এই আইনখন প্রণয়ন হোৱা হেতুকে ইয়াক 'পিটৰ ভাৰত শাসন আইন' বুলি কোৱা হয়। এই আইনখনে ব্ৰিটিছ চৰকাৰক কোম্পানীৰ কার্যকলাপ আৰু প্ৰশাসনৰ ওপৰত সম্পূর্ণ দায়িত্ব দিয়ে। এই আইনখনৰ নিয়মসমূহ তলত উল্লেখ কৰা হ’ল— ভাৰতত ছয়জনীয়া সদস্যৰে এখন নিয়ন্ত্রণ পৰিষদ গঠন কৰা হ’ল। এই সদস্য কেইগৰাকী ব্ৰিটিছ পাৰ্লিয়ামেন্টে মনোনীত কৰিব। ভাৰতত কোম্পানী অধিকৃত ৰাজ্যসমূহৰ পৰিচালনাৰ ক্ষমতা এই পৰিষদৰ ওপৰত দিয়া হ’ল। বংগদেশত গৱৰ্ণৰ জেনেৰেলক সহায় কৰাৰ বাবে গঠন কৰি দিয়া সদস্য সংখ্যা চাৰিজনৰ পৰা তিনিজন কৰা হয়। যুদ্ধ, কূটনীতি আৰু ৰাজহ বিষয়ত মাদ্রাজ আৰু বোম্বাইৰ গৱৰ্ণৰ দুজনক সম্পূৰ্ণৰূপে বংগৰ গৱৰ্ণৰ জেনেৰেল পৰিষদৰ অধীনলৈ অনা হয়।

৮। চিৰস্থায়ী বন্দবস্ত কি আৰু কোনে প্ৰৱৰ্তন কৰিছিল? চিৰস্থায়ী বন্দবস্তৰ ফলাফল সম্পর্কে লিখা।

উত্তৰঃ কোম্পানী চৰকাৰে ভাৰতীয় অর্থনীতি সংশোধন কৰাৰ নামত ভাৰতীয় লোকৰ পৰা ৰাজহ আদায়ৰ সুবিধাৰ অৰ্থে ভূমিসমূহ ভাগ ভাগ কৰি প্ৰতিখণ্ডতে একোজন জমিদাৰৰ অধীনত দিয়াৰ ব্যৱস্থা কৰিছিল। এই বন্দবস্ত মতে জমিদাৰসকলে কৃষকৰ পৰা ৰাজহ বা খাজনা আদায় কৰি দিবলৈ বাধ্য আছিল। ইয়াকে চিৰস্থায়ী বন্দবস্ত বোলা হৈছিল। চিৰস্থায়ী বন্দবস্ত প্ৰৱৰ্তন কৰিছিল ইংৰাজ গৱৰ্ণৰ জেনেৰেল কৰ্ণৱালিছে। চিৰস্থায়ী বন্দবস্তৰ ফলত ভাৰতত জমিদাৰ শ্ৰেণীৰ সৃষ্টি হ’ল। জমিদাৰসকলে বংশানুক্ৰমিক ভাৱে জমিদাৰী পোৱাৰ ব্যৱস্থা হল যদিহে তেওঁলোকে নিয়মিত ভাবে খাজনা আদায় দি থাকিব পাৰে। আনহাতে এই ব্যৱস্থাৰ ফলত কৃষকসকলে যুগ যুগ ধৰি ভোগ কৰি অহা মাটিৰ ওপৰত স্বত্ব হেৰুৱালে।

৯। লর্ড ওৱেলচলিৰ দিনত ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ চাৰ জনছেৰৰ পাছত ওৱেলচলি ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহিছিল। তেওঁ আহিয়েই পূর্বৰ নীতি-নিয়ম বাদ দি সাম্রাজ্যবাদী নীতি গ্ৰহণ কৰিছিল। দেশীয় ৰাজ্যসমূহ কৌশলেৰে অধিগ্ৰহণ কৰি নিজৰ আয়ত্বলৈ অনাৰ বাবে তেওঁ এটা নীতি গ্ৰহণ কৰিছিল। সেইটো হৈছে কৰদ মৈত্রী নীতি বা ‘বশ্যতামূলক মিত্ৰতা নীতি’। এই নীতিৰ মূল কথা হ’ল— যিবোৰ দেশীয় ৰজাই ইংৰাজৰ বশ্যতা স্বীকাৰ কৰিব সেইসকলক ইংৰাজসকলৰ সৈন্য-বাহিনীয়ে সুৰক্ষা দিব। অৱশ্যে সৈন্য-বাহিনীৰ খৰচ দেশীয় ৰজাই বহন কৰিব। এই নীতিৰ অধীনত দেশীয় ৰজাসকলৰ ওপৰত আৰু এটা চর্ত বান্ধি দিলে। সেইটো হ’ল এই চুক্তিৰ অধীনত যিবোৰ দেশীয় ৰজা সোমাব তেওঁলোকে অন্য কোনাে শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ হ’লে নাইবা আন কিবা আলােচনা কৰাৰ আগেয়ে ইংৰাজ কোম্পানীৰ অনুমতি ল’ব লাগিব। এই চুক্তিত প্রথম স্বাক্ষৰ কৰে হায়দৰাবাদৰ নিজামে। ইয়াৰ পিছতে আন আন সৰু ৰাজ্য কিছুমানো চুক্তিবদ্ধ হয়। ফলস্বৰূপে ওৱেলচলিয়ে ভাৰতত সাম্রাজ্য বিস্তাৰ কৰাৰ সুযােগ লাভ কৰে।

১০। লর্ড ডেলহাউছীয়ে কি কি নীতি অৱলম্বন কৰি ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য সম্প্ৰসাৰিত কৰিছিল? তেওঁৰ সাম্ৰাজ্য বিস্তাৰ সম্পর্কে বর্ণনা কৰা।

উত্তৰঃ পলাশী যুদ্ধৰ পিছৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল। বিভিন্ন গৱৰ্ণৰ জেনেৰেলে দেশীয় ৰাজ্যসমূহ অধিগ্ৰহণ কৰাৰ খাতিৰত ভাৰতত বিভিন্ন নীতি প্ৰয়োগ কৰিছিল। ভাৰতৰ গৱৰ্ণৰ জেনেৰেলসকলৰ ভিতৰত লৰ্ড ডেলহাউছীয়েই আছিল আটাইতকৈ বেছি সাম্ৰাজ্যবাদী মনোভাৱাপন্ন লোক। ভাৰতৰ ৰাজ্যসমূহ অধিগ্ৰহণ কৰিবলৈ তেওঁ তিনিটা প্ৰধান নীতি গ্ৰহণ কৰিছিল। সেইকেইটা হ’ল—

  • স্বত্ব বিলোপ নীতি।
  • যুদ্ধ জয়।
  • কুশাসনৰ দোহাই।

ইয়াৰোপৰি ৰাজকীয় মর্যাদা কাঢ়ি লৈ, পেঞ্চন আদি বন্ধ কৰিও ৰাজ্য অধিগ্ৰহণ কৰিছিল।

স্বত্ব বিলোপ নীতি: স্বত্ব বিলোপ নীতিৰ দ্বাৰা নিয়ম কৰা হ'ল যে যদি কোনোবা দেশীয় ৰজাই পুত্ৰহীন হোৱা বাবে আন কাৰোবাক তোলনীয় পুত্ৰ কৰি লয়, সেই তোলনীয় পুত্ৰই ৰজাৰ মৃত্যুৰ পাছত ৰাজ্যৰ উত্তৰাধিকাৰী হ’ব নোৱাৰিব। সেই দেশীয় ৰাজ্যখন ৰজাৰ মৃত্যুৰ পিছত ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হ’ব। এই নীতিৰ জৰিয়তে ডেলহাউছীয়ে ভালেকেইখন ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল, যেনে— সাতাৰা, ঝাঁসী, নাগপুৰ, সম্বলপুৰ আদি।

যুদ্ধ কৰি ৰাজ্য অধিগ্ৰহণ: ডেলহাউছীয়ে কিছুমান দুৰ্বল ৰাজ্য যুদ্ধ কৰি জয় কৰি ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। এই ক্ষেত্ৰত উল্লেখযোগ্য হ’ল— পঞ্জাৱ, নামনি ব্ৰহ্মদেশ আৰু ছিকিমৰ একাংশ।

কুশাসনৰ দোহাই: কুশাসনৰ দোহাই দি অৰ্থাৎ দেশীয় ৰজাই ভাল শাসন চলোৱা নাই বুলিও ডেলহাউছীয়ে ৰাজ্য গ্ৰাস কৰিছিল। ডেলহাউছীয়ে অযোধ্যাৰ নবাব ওয়াজিদ আলি শাহৰ ওপৰত এই অভিযোগ তুলি অযোধ্যা ব্ৰিটিছ সাম্ৰাজ্যভুক্ত কৰিছিল।



Comments

Log in to leave a comment.

No comments yet. Be the first!