বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয়সকলৰ আগমন
বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয়সকলৰ আগমন
১। এটা শব্দ বা বাক্যত উত্তৰ লিখা :
ক) ভাৰতত বেপাৰ কৰিবলৈ অহা প্ৰথম ইউৰোপীয় দেশখনৰ নাম লিখা।
উত্তৰঃ পৰ্তুগাল।
খ) হলেণ্ড বা নেদাৰলেণ্ডৰ অধিৱাসীসকলক কি বুলি জনা যায়?
উত্তৰঃ ডাচ।
গ) ১৪৯৮ চনৰ ১৪ মে’ তাৰিখে ভাৰতৰ মালাৱাৰ উপকূলৰ কালিকট বন্দৰত উপস্থিত হোৱা নাৱিকজন কোন আছিল?
উত্তৰঃ ভাস্কো-ডা-গামা।
ঘ) ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কোন চনত গঠন কৰা হৈছিল?
উত্তৰঃ ১৬০০ চনত।
ঙ) ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰাৰ সময়ত ইংলেণ্ডৰ ৰাণী কোন আছিল?
উত্তৰঃ মহাৰাণী এলিজাবেথ।
২। খালী ঠাই পূৰণ কৰা :
ক) বাণিজ্যবাদ শব্দটো _________ লগতেই জড়িত।
উত্তৰঃ ব্যৱসায়-বাণিজ্য।
খ) _________ ভাৰতলৈ অহাৰ সামুদ্রিক পথ বিচাৰি ভুলবশতঃ আমেৰিকা আৱিষ্কাৰ কৰে।
উত্তৰঃ খ্ৰীষ্টফাৰ কলম্বাছে।
গ) ১৬৬১ চনত _________ ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে _________ খন ইংৰাজ কোম্পানীক লীজত দিয়ে।
উত্তৰঃ পৰ্তুগীজসকলে, বোম্বাই।
ঘ) ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্রাট _________ পৰা তিনিখন ফৰমান লাভ কৰিছিল।
উত্তৰঃ সম্রাট ফাৰুকচিয়াৰ।
ঙ) ভাৰতত ব্যৱসায়ৰ ক্ষেত্ৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ ডাঙৰ শত্ৰু আছিল _________
উত্তৰঃ ফৰাছীসকল।
৩। চমুটোকা লিখা :
ক) বার্থোলমিউ দিয়াজ
উত্তৰঃ বার্থোলমিউ দিয়াজ এগৰাকী পৰ্তুগীজ নাবিক আছিল। পৰ্তুগালৰ ৰাজকুমাৰ হেনৰীৰ অনুপ্ৰেৰণাত পৰ্তুগীজ নাবিকসকলে সামুদ্রিক অভিযান চলাইছিল— বিভিন্ন ঠাইৰ সন্ধানত সমুদ্ৰত নিজৰ জীৱনকো তুচ্ছ কৰি জাহাজ মেলি দিছিল। সামুদ্রিক অভিযানৰ বাবে হেনৰীয়ে অর্থ সাহায্য প্রদান কৰিছিল। হেনৰীৰ মৃত্যুৰ পিছতো সাগৰীয় যাত্ৰাৰে নতুন ঠাই আবিষ্কাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছিল। বার্থোলমিউ দিয়াজে হেনৰীৰ মৃত্যুৰ পিছত ১৪৮৭ চনত নতুন আৱিষ্কাৰৰ সন্ধানত আটলান্টিক মহাসাগৰেদি যাত্ৰা আৰম্ভ কৰি আহি আহি আফ্রিকা মহাদেশৰ দক্ষিণত অৱস্থিত উত্তমাশা অন্তৰীপ আবিষ্কাৰ কৰিছিল।
খ) ভাস্কো-ডা-গামা
উত্তৰঃ ভাস্কো-ডা-গামা এগৰাকী পৰ্তুগীজ নাবিক আছিল। নাবিকসকলৰ উদ্দেশ্যই আছিল নানা বাধা-বিঘিনি অতিক্রমি সাগৰীয় পথেদি যাত্রা কৰি নতুন নতুন ঠাই আবিষ্কাৰ কৰা। ১৪৯৮ খ্রীষ্টাব্দত ভাস্কো-ডা-গামাই আফ্রিকাৰ আটলান্টিক মহাসাগৰৰ উপকূলৰে যাত্রা আৰম্ভ কৰিছিল। তেওঁ উত্তমাশা অন্তৰীপৰ কাষেৰে গৈ ভাৰত মহাসাগৰত উপস্থিত হৈছিল আৰু ১৪৯৮ চনৰ ১৪ মে' তাৰিখে ভাৰতৰ মালৱাৰ উপকূলৰ কালিকট বন্দৰত ভৰি দিয়ে। ভাস্কো-ডা-গামাৰ এই সাগৰীয় নতুন পথৰ আৱিষ্কাৰৰ ফলত ভাৰতীয় বস্তু-বাহিনী পৰ্তুগাললৈ নিব পৰা হ'ল। ষোড়শ শতিকাৰ শেষৰ পিনে গোৱা, ডমন, ডিউ, চালচেটকে আদি কৰি ইয়াৰ ওচৰৰ বিস্তীর্ণ অঞ্চল পৰ্তুগীজসকলৰ অধীনলৈ যায়।
গ) ওলন্দাজসকল
উত্তৰঃ ইউৰোপৰ বাণিজ্যিক দেশসমূহৰ ভিতৰত এখন হ'ল— হলেণ্ড বা নেদাৰলেণ্ড। এই দেশৰ অধিবাসীসকলক ডাচ বুলি কোৱা হয়। ভাৰতত তেওঁলোকক ওলন্দাজ নামেৰে জনা গৈছিল। ভাৰতৰ লগত বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত পৰ্তুগীজসকলৰ সফলতাই ডাচ বা ওলন্দাজসকলকো ভাৰতলৈ আকৰ্ষিত কৰিছিল। তেওঁলোকে ষোড়শ শতিকাৰ শেষৰফালে কেইবাটাও ব্যৱসায়িক প্রতিষ্ঠান গঠন কৰি ভাৰতত ব্যৱসায় চলাবলৈ চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাছিল। সেয়ে ১৬০২ চনত সৰু সৰু কোম্পানীবোৰ একেলগ কৰি 'দি ইউনাইটেড ইষ্ট ইণ্ডিয়া কোম্পানী অব্ দা নেদাৰলেণ্ডছ' নামে এটা কোম্পানী গঠন কৰে। নেদাৰলেণ্ডছ চৰকাৰে এই সংযুক্ত প্রতিষ্ঠানটোক ব্যৱসায়-বাণিজ্যৰ কাৰণে অধিকাৰ প্ৰদান কৰে। তেওঁলোকে ভাৰতৰ কৰমণ্ডল উপকূলত বাণিজ্য কুঠি নিৰ্মাণ কৰিছিল।
ঘ) ফাৰুকচিয়াৰ
উত্তৰঃ ফাৰুকচিয়াৰ এগৰাকী মোগল সম্রাট আছিল। তেওঁ ১৭১৩ চনৰ পৰা ১৭১৯ চনলৈ মোগল সাম্ৰাজ্য শাসন কৰিছিল। ঔৰংজেৱৰ মৃত্যুৰ পিছত ভাৰতত ইংৰাজসকলে ব্যৱসায় সম্প্ৰসাৰণ ঘটাবলৈ বিশেষভাৱে সুবিধা লাভ কৰে। ১৭১৭ চনত ইংৰাজসকলৰ এটা প্রতিনিধি দল দিল্লীত উপস্থিত হৈছিল। লগত আছিল উইলিয়াম হেমিলটন নামৰ এজন চিকিৎসক। সেই সময়ত সম্রাট ফাৰুকচিয়াৰ অসুস্থ আছিল। ডাঃ হেমিলটনে তেওঁক চিকিৎসা কৰি আৰোগ্য কৰে। এই কাৰণে সন্তুষ্ট হৈ ফাৰুকচিয়াৰে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীক তিনিখন ফৰমান প্ৰদান কৰে। ইয়াৰ ফলত কোম্পানীয়ে বছৰি ৩০০০ টকাৰ বিনিময়ত বঙ্গদেশত কৰমুক্তভাৱে ব্যৱসায় কৰাৰ সুবিধা লাভ কৰে। লগতে কলিকতাৰ ওচৰে-পাজৰে প্ৰয়োজন মতে মাটি অধিগ্রহণ কৰাৰ ক্ষমতাও লাভ কৰে।
৪। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা :
উত্তৰঃ
- ১৪৫৩ চন — তুর্কীসকলৰ কনষ্টাণ্টিনোপল দখল।
- ১৬০০ চন — ইষ্ট ইণ্ডিয়া কোম্পানী গঠন।
- ১৬০২ চন — দি ইউনাইটেড ইষ্ট ইণ্ডিয়া কোম্পানী অব্ দা নেদাৰলেণ্ডছ গঠন।
- ১৬৭৩ চন — ফৰাছীসকলৰ পণ্ডিচেৰী দখল।
৫। বাণিজ্যবাদ বুলিলে কি বুজা লিখা।
উত্তৰঃ বাণিজ্যবাদ শব্দটো ব্যৱসায়-বাণিজ্যৰ লগতেই জড়িত বুলি সাধাৰণতে অনুমান কৰিব পাৰি। ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণ ঘটাই অর্থনৈতিক উন্নতিৰ কাৰণে প্ৰচেষ্টা কৰি যেতিয়া চৰকাৰে ব্যৱসায়-বাণিজ্য বা অর্থনৈতিক কার্যকলাপ নিয়ন্ত্রণ কৰে, তাকেই বাণিজ্যবাদ বোলা হয়।
৬। ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ কোন কোন ঠাইত বাণিজ্যৰ সম্প্ৰসাৰণ কৰিছিল লিখা।
উত্তৰঃ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বাণিজ্যৰ সম্প্ৰসাৰণ কৰা ঠাইবোৰ আছিল ক্ৰমে— চুৰাট, আগ্রা, আহমদাবাদ, মাদ্রাজ (বৰ্তমান চেন্নাই), বোম্বাই (বৰ্তমান মুম্বাই), কলকাতা (হুগলী) আদি।
৭। মোগল সম্রাট ফাৰুকচিয়াৰে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীক দিয়া ফৰমানৰ জৰিয়তে কি কি সুবিধা লাভ কৰিছিল চমুকৈ লিখা।
উত্তৰঃ মোগল সম্রাট ফাৰুকচিয়াৰে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীক দিয়া ফৰমানৰ জৰিয়তে বছৰি মাত্র ৩০০০ টকাৰ বিনিময়ত কোম্পানীয়ে বঙ্গদেশত কৰমুক্তভাৱে ব্যৱসায় কৰিবলৈ অনুমতি পাইছিল। কলিকতাৰ ওচৰে-পাজৰে প্ৰয়োজন মতে মাটি অধিগ্রহণ কৰাৰ ক্ষমতাও লাভ কৰিছিল। নিজামৰ ৰাজ্য হায়দৰাবাদতো বছৰি দিবলগীয়া ৰাজহৰ বাহিৰে আন সকলো সামগ্ৰী কৰৰ পৰা ৰেহাই পাইছিল।
Comments
No comments yet. Be the first!