মধ্যযুগৰ অসম

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Social Science

১। উত্তৰ দিয়া :

ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল?

উত্তৰঃ ত্রয়োদশ শতিকাত।

খ) আহোমসকল কোন জাতিৰ লোক?

উত্তৰঃ টাই জাতিৰ।

গ) চৰাইদেউত কোনে আহোম ৰাজ্যৰ ৰাজধানী পাতিছিল?

উত্তৰঃ চুকাফাই।

ঘ) বামুণী কোঁৱৰৰ প্ৰকৃত নাম কি আছিল?

উত্তৰঃ চুডাংফা।

ঙ) তুৰ্বকে কোন খ্রীষ্টাব্দত অসম আক্রমণ কৰিছিল?

উত্তৰঃ ১৫৩২ খৃঃত।

চ) কোনখিনি সময়ক আহোম বুৰঞ্জীৰ সংকটকাল বুলি ধৰা হয়?

উত্তৰঃ ১৬০৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৭০ খ্ৰীষ্টাব্দলৈ।

ছ) কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৮২৬ চনত।

জ) কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰঃ নৰনাৰায়ণ।

ঝ) ভূঞা শব্দৰ অৰ্থ কি?

উত্তৰঃ মাটিৰ মালিক।

ঞ) কছাৰীসকলে নিজকে কি বুলি পৰিচয় দিছিল?

উত্তৰঃ 'বড়োফিছা' বা 'বড়োৰ সন্তান' বুলি।

২। ক্রম অনুযায়ী সজোৱা :

ক) তুৰ্বৰ্কৰ অসম আক্রমণ, খ) শৰাইঘাটৰ ৰণ, গ) ইয়াণ্ডাবু সন্ধি, ঘ) চৰাইদেউত ৰাজধানী স্থাপন, ঙ) ইখতিয়াৰউদ্দিন মালিক উজবেগ তুঘ্ৰিল খা।

উত্তৰঃ

  • (ক) চৰাইদেউত ৰাজধানী স্থাপন
  • (খ) ইখতিয়াৰ উদ্দিন মালিক উজবেগ তুঘ্রিল খা
  • (গ) তুৰ্বকৰ অসম আক্ৰমণ
  • (ঘ) শৰাইঘাটৰ ৰণ
  • (ঙ) ইয়াণ্ডাবু সন্ধি

৩। খালী ঠাই পূৰ কৰা :

(ক) আহোমসকলে অসমত ________ বছৰ সুখ্যাতিৰে ৰাজত্ব কৰিছিল।

উত্তৰঃ ৬০০ বছৰ।

(খ) ________ ৰজাৰ দিনত ________ নামৰ তৃতীয়জন মন্ত্ৰীপদৰ সৃষ্টি হৈছিল।

উত্তৰঃ দিহিঙ্গীয়া ৰজাৰ দিনত বৰপাত্ৰ গোঁহাই নামৰ তৃতীয়জন মন্ত্ৰীপদৰ সৃষ্টি হৈছিল।

(গ) বংগৰ নৱাব হুছেইন শ্বাহে ১৪৯৮ খ্রীষ্টাব্দত ________ দখল কৰিছিল।

উত্তৰঃ কমতা

(ঘ) চুটিয়াসকলৰ শক্তিশালী ৰজা আছিল ________

উত্তৰঃ ৰত্নধ্বজ পাল।

(ঙ) ________ কছাৰীসকলৰ ৰাজধানী আছিল।

উত্তৰঃ ডিমাপুৰ।

৪। চমুটোকা লিখা (৫০ টা মান শব্দৰ ভিতৰত লিখা) :

ক) স্বৰ্গদেউ ৰুদ্ৰসিংহ

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ গদাপাণি বা গদাধৰ সিংহৰ পুতেক আছিল। অসম বুৰঞ্জীত ৰুদ্ৰসিংহক আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি স্বীকৃতি দিয়া হৈছে। ৰজা হৈয়ে তেওঁ শাসনৰ সুবিধাৰ অৰ্থে ৰাজধানী ৰংপুৰলৈ তুলি নিয়ে। ৰুদ্ৰসিংহ অতি বুদ্ধিমান আৰু দূৰদৰ্শী ৰজা আছিল। ৰাজ্যত হ'ব পৰা আভ্যন্তৰীণ বিদ্ৰোহৰ প্ৰতি তেওঁ সততে নজৰ ৰাখিছিল আৰু বহিঃ শত্ৰুৰ আক্ৰমণৰ পৰা প্ৰজাক ৰক্ষা কৰাৰ বাবে সৰু-বৰ সকলো চুবুৰীয়া ৰাজ্যৰ মাজত যোগাযোগ ৰখাৰ চেষ্টা কৰিছিল। তেওঁ চুবুৰীয়া ৰাজ্যৰ পৰা সহায় লৈ মোগলৰ বিৰুদ্ধে এটা উমৈহতীয়া সৈন্য দল গঠন কৰিছিল। শাসন কাৰ্যৰ সুপৰিচালনাৰ বাবে তেওঁ কেইটামান নতুন খেল তৈয়াৰ কৰিছিল। কেৱল যুদ্ধ-বিগ্ৰহতে ব্যস্ত নাথাকি তেওঁ ৰাজ্যত কেইবাটাও দৌল-দেৱালয় নিৰ্মাণ কৰোৱাইছিল। ১৭৪৪ খ্ৰীষ্টাব্দত ৰুদ্ৰসিংহ স্বৰ্গগামী হয়।

খ) আহোম ৰাজ্যৰ পতন

উত্তৰঃ আহোম ৰাজ্য প্ৰায় ৬০০ বছৰ ধৰি উজলি আছিল। কিন্তু কালৰ সোঁতত আহোমৰ বেলি ডুব যোৱাৰ উপক্রম হয় স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনৰ পৰা। পৰবৰ্তী আহোম স্বৰ্গদেউসকলৰ শাসন দুৰ্বল হোৱাত ঘৰুৱা কলহ, আভ্যন্তৰীণ বিদ্ৰোহ আৰু সৰ্বশেষত মানৰ আক্ৰমণৰ ফলস্বৰূপে বৃটিছৰ আগমন ঘটে। ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ ফলশ্ৰুতিত আহোম ৰাজ্যৰ পতন হয় আৰু অসম ইংৰাজৰ অধীনলৈ যায়।

গ) চুটিয়া ৰাজ্য

উত্তৰঃ চুতীয়াসকলৰ আদিগুৰি সম্পৰ্কে বিশেষ জনা নাযায় যদিও অসম বুৰঞ্জীত উল্লেখ আছে যে দ্বাদশ শতিকাৰ আদিভাগৰ পৰা ষষ্ঠদশ শতিকাৰ আদিভাগলৈ মুঠ দহজন চুতীয়া ৰজাই ৰাজত্ব কৰিছিল। চুকাফাই আহোম ৰাজ্য অসমত স্থাপন কৰাৰ সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সোৱণশিৰি আৰু দক্ষিণ পাৰে দিচাং নৈৰ পূবে চুতীয়া ৰাজ্যখন আছিল। প্ৰথম চুতীয়া ৰজাজনৰ নাম আছিল বীৰপাল। চুতীয়াসকলৰ শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল। চুতীয়াসকলৰ নিজা ভাষা আৰু ধৰ্ম আছিল। তেওঁলোক শদিয়াৰ কেচাইখাঁতী গোসাঁনীৰ উপাসক আছিল। ১৫২৩ খ্ৰীষ্টাব্দত আহোমে চুতীয়া ৰাজ্য নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল।

ঘ) অসমৰ কোচসকল

উত্তৰঃ কামৰূপ ৰাজ্যৰ পশ্চিম দিশত কমতা ৰাজ্যৰ বুকুত কোচ নামৰ এটা জাতিয়ে ষোড়শ শতিকাৰ আগভাগত এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰে। কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল হাড়িয়া মণ্ডলৰ বৰপুত্ৰ বিশ্ব সিংহ। বিশ্ব সিংহই কোচ বিহাৰত ৰাজধানী পাতিছিল। তেওঁৰ দিনত আহোমৰ লগত সংঘৰ্ষ হৈছিল। কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ। নৰনাৰায়ণে তেওঁৰ ভাতৃ সুদক্ষ সেনাপতি চিলাৰায়ৰ সহযোগত শত্ৰু সৈন্য নাশ কৰি বিভিন্ন ৰাজ্য দখল কৰিছিল। ১৫৬২ খ্ৰীষ্টাব্দত নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল যদিও আহোম কেতিয়াও সম্পূৰ্ণৰূপে কোচৰ অধীনস্থ হোৱা নাছিল। দুয়ো ভাইয়ে মহাবিক্ৰমেৰে বিভিন্ন ৰাজ্য নিজৰ অধীনস্থ কৰাৰ উপৰি আলি-বাট, মঠ-মন্দিৰ আদি নিৰ্মাণ কৰি গঠনমূলক কামো কৰিছিল।

ঙ) ভূঞাসকল

উত্তৰঃ ভূঞা শব্দৰ অৰ্থ মাটিৰ মালিক। ভূঞাসকল আছিল প্ৰধানকৈ পশ্চিম অসমৰ সৰু সৰু মাটিৰ গৰাকী। তেওঁলোকে নিজ নিজ অঞ্চল শাসন কৰিছিল আৰু প্ৰশাসনিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পাছলৈ তেওঁলোক আহোম আৰু কোচ ৰাজ্যৰ অধীনস্থ হয়।

৫। শুদ্ধ/অশুদ্ধ লিখা :

ক) আহোমসকল কেঁচাইখাঁতী গোঁসানীৰ ভক্ত আছিল।

উত্তৰঃ অশুদ্ধ

খ) ৰুদ্ৰসিংহই যোৰহাটত ৰাজধানী পাতিছিল।

উত্তৰঃ অশুদ্ধ

গ) দিহিঙীয়া ৰজাই পোনপ্ৰথমে মধ্যযুগত অসমত লোকপিয়লৰ ব্যৱস্থা কৰিছিল।

উত্তৰঃ শুদ্ধ

ঘ) বৰৰজা ফুলেশ্বৰী শাক্তধৰ্মী আছিল।

উত্তৰঃ শুদ্ধ

ঙ) চিহাবুদ্দিন তালিছ বংগৰ নৱাব আছিল।

উত্তৰঃ অশুদ্ধ



Comments

Log in to leave a comment.

No comments yet. Be the first!