জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Social Science

১। জনসংখ্যাৰ বৃদ্ধি বুলিলে কি বুজা?

উত্তৰঃ জনসংখ্যা বৃদ্ধি বুলিলে সাধাৰণতে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা মানুহৰ সংখ্যাগত পৰিৱৰ্তনক বুজায়।

২। জনসংখ্যাৰ গুণগত বিকাশ মানে কি?

উত্তৰঃ যিসকল লোক শাৰীৰিক, মানসিকভাৱে সুস্থ, শিক্ষা দীক্ষা আহৰণ কৰি নিজৰ কৰ্মদক্ষতাৰ দ্বাৰা দেশৰ সম্পদৰ বিকাশ সাধন কৰিব পাৰে, তাকে জনসংখ্যাৰ গুণগত বিকাশ বোলে।

৩। জনসংখ্যাৰ বৃদ্ধিয়ে কেনে ধৰণৰ সমস্যা সৃষ্টি কৰে?

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ হ'ল-

  • ১) সম্পদৰ চাহিদা বৃদ্ধি।
  • ২) পৰিৱেশৰ অৱক্ষয়।
  • ৩) বৰ্ধিত দৰিদ্ৰতা আৰু অৱক্ষয়।
  • ৪) স্বাস্থ্যজনিত সমস্যা।
  • ৫) সম্পদক লৈ সংঘাত।
  • ৬) সামাজিক সমস্যা।

৪। জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত যিধৰণে জনসংখ্যা সিঁচৰিত হৈ আছে, তাকে জনসংখ্যাৰ বিতৰণ বুলি জনা যায়।

৫। জনসংখ্যাৰ বিতৰণৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকবোৰ কি কি?

উত্তৰঃ জনসংখ্যা বিতৰণৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহ হ'ল-

  • ১) প্ৰাকৃতিক কাৰক
  • ২) অৰ্থনৈতিক কাৰক
  • ৩) সামাজিক-সাংস্কৃতিক কাৰক।

৬। ঘনবসতিৰ বাবে উদ্ভৱ হোৱা সমস্যাবোৰ কি কি? সেই সমস্যাবোৰ দূৰ কৰাৰ কাৰণে কেনে ধৰণৰ ব্যৱস্থা ল'ব পাৰি?

উত্তৰঃ ঘন বসতিৰ বাবে উদ্ভৱ হোৱা সমস্যাবোৰ তলত উল্লেখ কৰা হ'ল-

  • ১) মাটিৰ পৰিমাণ কমি আহে, যাৰ ফলত অতি ঠেক পৰিৱেশত থাকিবলগীয়া হয়।
  • ২) বিশুদ্ধ বায়ুৰ অভাৱ।
  • ৩) পৰিৱেশৰ ভাৰসাম্যতাৰ অৱনতি ঘটা দেখা যায়।
  • ৪) মুকলি ঠাইৰ অভাৱ হয়।

এই সমস্যাসমূহ দূৰ কৰিবৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহ তলত উল্লেখ কৰা হ'ল-

  • ১) শিক্ষা, স্বাস্থ্য, কৰ্ম সংস্থাপনৰ সুবিধা থকা ঠাইত বসতি ঘন হয়। সেয়ে চৰকাৰে এই সুবিধাসমূহ বিকেন্দ্ৰীকৰণ কৰিলে জনসাধাৰণো কেন্দ্ৰীভূত নহৈ বিভিন্ন ঠাইত বসবাস কৰিব আৰু বসতি পাতল হ'ব।
  • ২) জনসাধাৰণে কেৱল নিজৰ অধিকাৰ দাবী কৰি চৰকাৰক ব্যতিব্যস্ত নকৰি নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি নিজ এলেকাৰ সমস্যা মুক্ত কৰিব পাৰে।

৭। জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজা?

উত্তৰঃ কোনো এখন ঠাইৰ প্ৰতি বৰ্গ কিলোমিটাৰ মাটিকালিৰ অংশত স্থায়ীভাৱে বসবাস কৰা লোকৰ সংখ্যাকে জনসংখ্যাৰ ঘনত্ব বোলে।

৮। পৃথিৱীৰ অধিক জনসংখ্যাৰ ঘনত্বৰ অঞ্চলকেইটা উল্লেখ কৰা।

উত্তৰঃ পৃথিৱীৰ অধিক জনসংখ্যাৰ ঘনত্বৰ অঞ্চলকেইটা হ'ল- পূব এছিয়া, দক্ষিণ-পূব এছিয়া, পশ্চিম আৰু মধ্য ইউৰোপ আৰু আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয় অঞ্চল।

৯। জন-প্ৰব্ৰজন বুলিলে কি বুজা? জন-প্ৰব্ৰজনৰ প্ৰধান কাৰণবোৰ কি কি?

উত্তৰঃ কৰ্মসূত্ৰে বা অন্য কাৰণত মানুহে যেতিয়া নিজৰ বাসস্থান এৰি অন্য ঠাইত বাস কৰিবলৈ যায়, তাকে জন প্ৰব্ৰজন বোলে।

জনপ্ৰব্ৰজনৰ প্ৰধান কাৰণসমূহ তলত উল্লেখ কৰা হ'ল-

  • ১) সামাজিক কাৰক।
  • ২) কৃষিভূমিৰ প্ৰাচুৰ্য।
  • ৩) উন্নত শিক্ষা আৰু কৰ্ম সংস্থাপনৰ ব্যৱস্থা।
  • ৪) সম্পদৰ প্ৰাচুৰ্য।
  • ৫) ধৰ্মীয় কাৰক।
  • ৬) ৰাজনৈতিক কাৰক।
  • ৭) প্ৰাকৃতিক কাৰক।
  • ৮) উদ্যোগ আৰু নগৰ।
  • ৯) বল প্ৰয়োগ।

১০। জনসংখ্যাৰ বিস্ফোৰণ মানে কি বুজাই লিখা।

উত্তৰঃ কোনো এখন দেশৰ জনসংখ্যা অতি উচ্চ হাৰত বৃদ্ধি হোৱা অৱস্থাটোক জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয়।

১১। জনসংখ্যাৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ কি কি?

উত্তৰঃ জনসংখ্যাৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ হ'ল-

  • ১) পৰিৱেশৰ ভাৰসাম্যতাৰ অৱনতি।
  • ২) খাদ্যৰ অভাৱ।
  • ৩) মূল্যবৃদ্ধি।
  • ৪) অৰ্থনৈতিক অনগ্ৰসৰতা।
  • ৫) প্ৰাকৃতিক সম্পদৰ ওপৰত অত্যাধিক হেঁচা।
  • ৬) সংস্থাপনহীনতা।
  • ৭) বাসস্থানৰ অভাৱ।
  • ৮) শিক্ষা আৰু স্বাস্থ্যৰ দিশত অভাৱ।
  • ৯) মানৱ সম্পদ উন্নয়নৰ অন্তৰায় আদি।

১২। মানৱ সম্পদ হ'বলৈ কি কি গুণৰ প্ৰয়োজন?

উত্তৰঃ মানৱ সম্পদ হ'বলৈ প্ৰয়োজন হোৱা গুণসমূহ হ'ল- শাৰীৰিক, মানসিক, বুদ্ধি-বৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা, শিক্ষাৰ বৃদ্ধি হোৱা লোক।

১৩। মানৱ সম্পদক কিয় শ্রেষ্ঠ সম্পদ আখ্যা দিয়া হয়?

উত্তৰঃ মানুহেই হৈছে পৃথিৱীৰ একমাত্ৰ জীৱ যাৰ চিন্তা-শক্তি আছে। চিন্তা শক্তি থকাৰ বাবেই মানুহে ভাল-বেয়াৰ ব্যৱধান জানে। শিক্ষা, দীক্ষা গ্ৰহণ কৰি বুদ্ধিবৃত্তিৰ জৰিয়তে কৰ্মদক্ষতা অৰ্জন কৰি উচ্চস্তৰীয় চিন্তা-চৰ্চাৰে কাৰিকৰী কৌশল আয়ত্ব কৰি দেশ, জাতি, মানৱ সমাজলৈ প্ৰভূত বৰঙণি আগবঢ়াব পাৰে। এই সমূহ গুণৰ বাবে মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ আখ্যা দিয়া হয়।

১৪। আমাৰ দেশত মানৱ সম্পদৰ উন্নতিৰ বাবে কেনে ধৰণৰ ব্যৱস্থা লোৱা হৈছে?

উত্তৰঃ আমাৰ দেশত মানৱ সম্পদ উন্নতিৰ বাবে লোৱা ব্যৱস্থাসমূহ হ'ল-

  • ১) খাদ্য সুৰক্ষা আঁচনি।
  • ২) ইন্দিৰা আৱাস যোজনা।
  • ৩) প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা।
  • ৪) সৰ্বশিক্ষা অভিযান।
  • ৫) ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আদি।

১৫। আমাৰ দেশত মানৱ সম্পদৰ বাহিৰৰ দেশলৈ যোৱা প্ৰৱণতা বৃদ্ধি পোৱাৰ কাৰণ কি বুলি ভাবা?

উত্তৰঃ বৰ্তমান বিশ্বায়নৰ সময়ত গোটেই পৃথিৱীতে মুক্ত বাণিজ্য সম্ভৱ হৈ উঠিছে। ৰাজনৈতিক, বাণিজ্যিক গোষ্ঠীবোৰে কাৰিকৰী দিশত পাৰদৰ্শী লোকসকলক নিযুক্তি দি বিশ্বত বাণিজ্যিক প্ৰসাৰ ঘটাইছে। এনে ধৰণৰ নিযুক্তি লাভৰ বাবে আমাৰ দেশৰ মানৱ সম্পদৰ বাহিৰৰ দেশলৈ যোৱা প্ৰৱণতা বৃদ্ধি পাইছে।

১৬। চমুটোকা লিখা: মানৱ সম্পদ উন্নয়ন, জনসংখ্যাৰ বিস্ফোৰণ

উত্তৰঃ

মানৱ সম্পদ উন্নয়ন

সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক, মানসিক অৰিহণা আগবঢ়াব পৰা মানুহবোৰে হৈছে দেশৰ মানৱ সম্পদ। মানৱ সম্পদ হ'বলৈ বহুতো গুণৰ প্ৰয়োজন। যেনে- শিক্ষা, সু-স্বাস্থ্য, উপযুক্ত কৰ্ম সংস্থাপন আদি। মানৱসম্পদত উন্নত দেশসমূহৰ ভিতৰত পৰা দেশসমূহ হ'ল- আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, ফ্ৰান্স, জাৰ্মানী, চীন, ৰাছিয়া, কানাডা আদি।

আমাৰ দেশ ভাৰতবৰ্ষ হৈছে এখন উন্নয়নশীল দেশ। ভাৰতবৰ্ষক মানৱ সম্পদত চহকী দেশসমূহৰ লগত নিজৰ স্থান এতিয়াও স্থাপন কৰিব পৰা নাই। সেয়েহে ভাৰত চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। সেইবোৰ হ'ল- খাদ্য সুৰক্ষা আঁচনি, ইন্দিৰা আৱাস যোজনা, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আদি।

জনসংখ্যাৰ বিস্ফোৰণ

কোনো এখন দেশৰ জনসংখ্যা অতি উচ্চ হাৰত বৃদ্ধি হোৱা অৱস্থাটোকে জনসংখ্যাৰ বিস্ফোৰণ বোলা হয়। ১৯৫০ চনৰ পৰা পৃথিৱীৰ জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে। ২০০১ চনত বিশ্বৰ জনসংখ্যা প্ৰায় ৬১৩ কোটি আছিল, যাৰ পৰা ২০০৮ চনত প্ৰায় ৬৬৮ কোটিলৈ বৃদ্ধি পাইছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা আছিল ১২১.১ কোটি, যাৰ ফলত ভাৰত আছিল পৃথিৱীৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যাৰ দেশ (প্ৰথম স্থানত আছিল চীন)। জনসংখ্যা বিস্ফোৰণৰ ফলত ভৱিষ্যতে পৃথিৱীত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে।

১৭। মানুহক কিয় সম্পদ বুলি গণ্য কৰা হয়?

উত্তৰঃ মানুহেই হৈছে পৃথিৱীৰ একমাত্ৰ জীৱ যাৰ চিন্তা-শক্তি আছে। মানুহে ভাল-বেয়া বিচাৰ কৰিব পাৰে। মানুহে শিক্ষা-দীক্ষা গ্ৰহণ কৰি বুদ্ধি-বৃত্তিৰ জৰিয়তে কৰ্মদক্ষতা অৰ্জন কৰি উচ্চস্তৰীয় চিন্তাচৰ্চাৰে কাৰিকৰী কৌশল আয়ত্ব কৰি দেশ, জাতি, মানৱ সমাজলৈ প্ৰভূত বৰঙণি আগবঢ়াব পাৰে বাবে মানুহক সম্পদ হিচাপে গণ্য কৰা হয়।

১৮। জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ কি কি?

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহ হ'ল-

  • ১) উন্নত চিকিৎসা ব্যৱস্থাৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস পোৱা।
  • ২) জন্মৰ হাৰ অধিক হৈ থকা।
  • ৩) গড় আয়ুষ্কাল বৃদ্ধি পোৱা।
  • ৪) পৰিয়াল পৰিকল্পনাৰ অভাৱ বা সীমিত প্ৰচলন।
  • ৫) সামাজিক-সাংস্কৃতিক কাৰক (যেনে- সন্তানক সম্পদ বুলি গণ্য কৰা, প্ৰাৰম্ভিক বিবাহ)।
  • ৬) কৃষি নিৰ্ভৰশীল অৰ্থনীতিত শ্ৰমিকৰ প্ৰয়োজনীয়তা।
  • ৭) শিক্ষাৰ অভাৱ, বিশেষকৈ মহিলা শিক্ষাৰ ক্ষেত্ৰত।
  • ৮) দৰিদ্ৰতা আৰু অজ্ঞতা।

১৯। জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি?

উত্তৰঃ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহ হ'ল-

  • ১) পৰিয়াল পৰিকল্পনা কাৰ্য্যসূচীৰ প্ৰচাৰ আৰু প্ৰসাৰ।
  • ২) মহিলা শিক্ষাৰ প্ৰসাৰ আৰু সক্ষমীকৰণ।
  • ৩) বিবাহৰ বয়স বৃদ্ধি কৰা।
  • ৪) স্বাস্থ্য সেৱাৰ উন্নতি আৰু মাতৃ-শিশু মৃত্যুৰ হাৰ হ্ৰাস।
  • ৫) দৰিদ্ৰতা নিৰ্মূল আৰু অৰ্থনৈতিক উন্নয়ন।
  • ৬) জনসংখ্যা শিক্ষাৰ প্ৰচাৰ।

২০। শুদ্ধ উত্তৰটো লিখা—

ক) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি—
১। ৰিক্ষিয় অঞ্চল ২। মেৰু অঞ্চল ৩। পূব এছিয়া ৪। আফ্ৰিকাৰ চাহাৰা মৰুভূমি।

উত্তৰঃ ৩। পূব এছিয়া

খ) কোনখন মহাদেশৰ জনসংখ্যা সর্বাধিক—
১। ইউৰোপ ২। আফ্রিকা ৩। এছিয়া ৪। অষ্ট্রেলিয়া।

উত্তৰঃ ৩। এছিয়া

গ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল—
১। ২.২৪ কোটি ২। ৩.১২ কোটি ৩। ২.৩৫ কোটি ৪। ২.৮৬ কোটি।

উত্তৰঃ ২। ৩.১২ কোটি

ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই—
১। এছিয়া ২। দক্ষিণ আমেৰিকা ৩। কুমেৰু (এন্টাৰ্কটিকা) ৪। ইউৰোপ।

উত্তৰঃ ৩। কুমেৰু (এন্টাৰ্কটিকা)

২১। খালী ঠাই পূৰ কৰা—

ক) জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ _______ বৃদ্ধিক বুজায়।

উত্তৰঃ সংখ্যাগত।

খ) পৃথিৱীৰ বেছিভাগ মানুহে _______ গোলার্ধত বসতি কৰে।

উত্তৰঃ উত্তৰ।

গ) প্রতি বর্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যাক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ _______।

উত্তৰঃ ঘনত্ব।

ঘ) ২০১১ চনৰ হিচাপ মতে ভাৰতৰ মুঠ জনসংখ্যা _______।

উত্তৰঃ ১২১.১ কোটি।

ঙ) উন্নত দেশসমূহৰ জনবসতি অতি _______।

উত্তৰঃ পাতল।

চ) জনসংখ্যাৰ অভাৱনীয় বৃদ্ধিক _______ বোলা হয়।

উত্তৰঃ জনসংখ্যাৰ বিস্ফোৰণ।

ছ) জনসংখ্যাৰ বৃদ্ধি মানে ইয়াৰ _______ আৰু বিকাশ মানে ইয়াৰ _______।

উত্তৰঃ সংখ্যাগত বৃদ্ধি, গুণগত উৎকৰ্ষ।

জ) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিঃমিঃ _______ জন।

উত্তৰঃ ৩৯৮।



Comments

Log in to leave a comment.

No comments yet. Be the first!