ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Social Science

১। স্কেল বা মাপনী বুলিলে কি বুজা? ই কেইপ্ৰকাৰৰ আৰু কি কি? প্ৰতিভাগৰ বিষয়ে বুজাই লিখা।

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত একে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্বৰ অনুপাতেই হ'ল সেই মানচিত্ৰখনৰ স্কেল বা মাপনী। উদাহৰণস্বৰূপে, ভূপৃষ্ঠৰ ১০০ কিলোমিটাৰ দূৰত্বক যদি মানচিত্ৰত ১ চে.মি. দূৰত্বৰে দেখুওৱা হয়, তেতিয়া মানচিত্ৰৰ দূৰত্ব আৰু ভূপৃষ্ঠৰ দূৰত্বৰ মাজত যি অনুপাত হ'ব, সেয়াই মানচিত্ৰৰ স্কেল।

মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল তিনি প্ৰকাৰৰ।

  • ১। ভাষা বা উক্তিৰ স্কেল : এইবিধ স্কেল ভাষা বা উক্তিৰে প্ৰকাশ কৰা হয়। যেনে ১ চে.মি. = ১০ কি.মি.। অৰ্থাৎ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব ১ চেন্টিমিটাৰ, ভূপৃষ্ঠত সেই ঠাই দুখনৰ দূৰত্ব ১০ কিলোমিটাৰ।
  • ২। নিৰূপক ভগ্নাংশৰ স্কেল : এইবিধ স্কেল এটা বিশেষ ভগ্নাংশত প্ৰকাশ কৰা হয়। যেনে- ১:২৫০০০ বা ১/২৫০০০। ইয়াত ভগ্নাংশটোৰ লব ১-এ মানচিত্ৰৰ এক একক দূৰত্ব বুজাইছে আৰু হৰ ২৫০০০-এ ভূ-পৃষ্ঠৰ প্ৰকৃত দূৰত্ব ২৫০০০ একক বুজাইছে। এইবিধ স্কেলত কোনো দূৰত্বৰ একক ব্যৱহাৰ কৰা নহয়। পৃথিৱীৰ বিভিন্ন ঠাইত দূৰত্বৰ একক বেলেগ বেলেগ হোৱা বাবে একক নোহোৱা অনুপাত বা ভগ্নাংশত এই স্কেল প্ৰকাশ কৰা হয়।
  • ৩। ৰৈখিক স্কেল : কেতিয়াবা এডাল ৰেখাৰ সহায়ত দুটা দূৰত্বৰ অনুপাত প্ৰকাশ কৰা হয়। এই ৰেখাডালত মানচিত্ৰৰ দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই ঠাই দুখনৰ মাজৰ দূৰত্বৰ জোখ দেখুৱাই দিয়া হয়। দুডাল সমান্তৰাল ৰেখাৰ মাজৰ সৰল ৰেখাখন চেন্টিমিটাৰত ভাগ কৰি দাগ কাটি দিয়া হয়। প্ৰতিটো ভাগৰ মুৰে মুৰে পৃথিৱীত ভাগকেইটাই যি দূৰত্ব বুজায় সেইটো জোখ লিখি দি মানচিত্ৰৰ স্কেল প্ৰকাশ কৰা হয়। এই স্কেলক ৰৈখিক স্কেল বোলা হয়।

২। ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা?

উত্তৰঃ যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়মিতভাৱে সম্পন্ন কৰে তাকে ভৌগোলিক তথ্য ব্যৱস্থা বুলি কোৱা হয়। ভূ-পৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশ সম্পৰ্কীয় বিভিন্ন তথ্য উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগোলিক তথ্য ব্যৱস্থা এটা অতি নিৰ্ভৰযোগ্য কম্পিউটাৰ ভিত্তিক ব্যৱস্থা।

৩। মানচিত্ৰ অংকনৰ ক্ৰমবিকাশৰ সম্বন্ধে এটি টোকা লিখা।

উত্তৰঃ এখন সঠিক অৰ্থপূৰ্ণ মানচিত্ৰ প্ৰস্তুত কৰি উলিওৱাটো সহজ কাম নহয়। এই ক্ষেত্ৰত প্ৰয়োজন হোৱা পদ্ধতি আৰু সামগ্ৰী সম্পৰ্কে উপযুক্ত জ্ঞানৰ প্ৰয়োজন হয়। সভ্যতাৰ আৰম্ভণিৰে পৰা মানুহে মানচিত্ৰ প্ৰস্তুতিৰ বাবে চেষ্টা চলাই আহিছে। আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছ'পটেমিয়াত অৰ্থাৎ বৰ্তমান ইৰাকত। এই মানচিত্ৰ টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। মিচৰতো এনে ধৰণৰ মানচিত্ৰ প্ৰস্তুত কৰা হৈছিল। তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। তেওঁলোকে পাটৰ কাপোৰত পৰ্বত-পাহাৰ, নদ-নদী, ৰাস্তা-ঘাট আদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল। প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত টলেমিয়ে (খ্ৰীষ্টাব্দ ১০০-১৭০) মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল। অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ সহায়ত তেওঁ ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পাছত কলম্বাছ, ভাস্কো ডা গামা আদি অভিযাত্ৰীসকলে পৃথিৱীৰ বিভিন্ন ঠাই আৱিষ্কাৰ কৰি পৃথিৱী সম্পৰ্কে মানুহৰ জ্ঞান বঢ়ায়। ইউৰোপত ছপাযন্ত্ৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যাপক পৰিবৰ্তন আনিলে। ভাৰতত খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰ পৰাই মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা যায়। ভাৰতৰ ৰজা-মহাৰাজাসকলে তেওঁলোকৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ মানচিত্ৰ তৈয়াৰ কৰিছিল। আমাৰ দেশত ইংৰাজসকলে প্ৰথমে বিজ্ঞানসম্মত কৌশলেৰে মানচিত্ৰ প্ৰস্তুত কৰিছিল। তেওঁলোকেই ১৭৬৭ চনত চাৰ্ভে অৱ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। ১৯ শতিকাৰ আৰম্ভণিতে চাৰ্ভেয়ৰ জেনেৰেল উইলিয়াম লেমটনে মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল। সম্প্ৰতি দূৰ সংবেদন প্ৰযুক্তি আৰু কম্পিউটাৰ ব্যৱহাৰ কৰি অতি নিখুঁত মানচিত্ৰ তৈয়াৰ কৰাটো সম্ভৱ হৈ উঠিছে।

৪। ভৌগোলিক তথ্য কি?

উত্তৰঃ ভূ-পৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশ সম্পৰ্কীয় বিভিন্ন তথ্য উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগোলিক তথ্য-ব্যৱস্থা এটা অতি নিৰ্ভৰযোগ্য কম্পিউটাৰ ভিত্তিক ব্যৱস্থা। ইয়াক স্থানিক তথ্য ব্যৱস্থা বুলিও ক'ব পাৰি। মুঠতে যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়মিতভাৱে সম্পন্ন কৰে তাকে ভৌগোলিক তথ্য ব্যৱস্থা বুলি কোৱা হয়।

৫। মানচিত্ৰ অধ্যয়নৰ উপকাৰিতা কি কি?

উত্তৰঃ মানচিত্ৰত এখন ঠাইৰ বিভিন্ন তথ্যসমূহ সাংকেতিক চিহ্ন কিছুমানৰ জৰিয়তে উপস্থাপন কৰা হয়। এই সাংকেতিক চিহ্নবোৰৰ সহায়ত কোনো এখন ঠাইৰ মানচিত্ৰ অধ্যয়ন কৰিলে ঠাইখনৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানবোৰৰ বিষয়ে বহু কথা জানিব পাৰি। আজিকালি মানুহে বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰিবলৈ যায়। এনে লোকে মানচিত্ৰৰ জৰিয়তে ঠাইখনৰ বাট-পথ চিনাৰ লগতে দৰ্শনীয় ঠাইবোৰৰো আভাস পায়।

৬। দূৰ সংবেদন পদ্ধতি বুলিলে কি বুজা?

উত্তৰঃ কোনো এটা বস্তু, পদাৰ্থ বা ক্ষেত্ৰৰ ওচৰ নোচোৱাকৈ বা স্পৰ্শ নকৰাকৈ সেই পদাৰ্থ, বস্তু বা ক্ষেত্ৰৰ বিষয়ে বিতং তথ্য-পাতি সংগ্ৰহ কৰিব পৰা কৌশলক দূৰ সংবেদন বোলা হয়। দূৰ সংবেদন প্ৰক্ৰিয়াত ভূ-পৃষ্ঠৰ বিষয়ে জানিবৰ বাবে বিভিন্ন প্ৰকাৰৰ সংবেদক ব্যৱহাৰ কৰা হয়। এই সংবেদক ভূ-পৃষ্ঠৰ পৰা বহুত উচ্চতাত আকাশীযান বা কৃত্ৰিম উপগ্ৰহত সংস্থাপন কৰা হয়। এই সংবেদকবোৰে ভূ-পৃষ্ঠৰ বিভিন্ন অবয়বৰ বিষয়ে ফটো আৰু তথ্য-পাতি যোগান ধৰে।

৭। ছাৰ্ভে অৱ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ইংৰাজসকলে ১৭৬৭ চনত চাৰ্ভে অৱ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল।

৮। গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা ক’ত ব্যৱহাৰ হয়?

উত্তৰঃ পৃথিৱীৰ যিকোনো অৱস্থান, দিশ, উচ্চতা আদি নিৰূপণ কৰিব পৰাকৈ উপগ্ৰহবোৰে প্ৰেৰণ কৰা সংকেতবোৰ গোলকীয় স্থান নিৰ্ণায়ক যন্ত্ৰৰ যোগেদি পাব পাৰি। সাধাৰণতে মহাসাগৰৰ বিশাল বুকুত জাহাজ চলোৱা, জৰীপ কাৰ্য আদিত কোনো ঠাইৰ সঠিক অৱস্থান নিৰ্ণয় কৰিবলৈ এই ব্যৱস্থাৰ প্ৰয়োগ কৰা হয়।

৯। আৰ্হি চিত্ৰ কাক বোলে?

উত্তৰঃ মানচিত্ৰ অংকনত মাপনী বা স্কেল অপৰিহাৰ্য। স্কেল বা মাপনী নথকা চিত্ৰক আৰ্হি চিত্ৰ বুলি কোৱা হয়।

১০। চমুটোকা লিখা—

ক) ভৌগোলিক তথ্য ব্যৱস্থা

উত্তৰঃ ভূ-পৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশ সম্পৰ্কীয় বিভিন্ন তথ্য উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগোলিক তথ্য-ব্যৱস্থা এটা অতি নিৰ্ভৰযোগ্য কম্পিউটাৰ ভিত্তিক ব্যৱস্থা। ইয়াক স্থানিক তথ্য ব্যৱস্থা বুলিও ক'ব পাৰি। মুঠতে যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়মিতভাৱে সম্পন্ন কৰে তাকে ভৌগোলিক তথ্য ব্যৱস্থা বুলি কোৱা হয়।

খ) ভৌগোলিক স্থান নিৰ্ণয়ন ব্যৱস্থা

উত্তৰঃ ভৌগোলিক স্থান নিৰ্ণায়ক ব্যৱস্থা হ'ল এটা উপগ্ৰহ নিয়ন্ত্ৰিত ব্যৱস্থা। ভূ-পৃষ্ঠৰ ঠাইৰ অৱস্থান অৰ্থাৎ দ্ৰাঘিমাংশ, অক্ষাংশ, উচ্চতা আদি আহৰণ কৰিবলৈ এই ব্যৱস্থা প্ৰয়োগ কৰা হয়। মহাকাশত স্থাপন কৰা কৃত্ৰিম উপগ্ৰহই নিৰ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰি প্ৰয়োজনীয় তথ্য পঠিয়াই থাকে। পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান, দিশ, উচ্চতা আদি নিৰূপণ কৰিব পৰাকৈ উপগ্ৰহবোৰে প্ৰেৰণ কৰা সংকেতবোৰ গোলকীয় স্থান নিৰ্ণায়ক যন্ত্ৰৰ যোগেদি পাব পাৰি। সাধাৰণতে মহাসাগৰৰ বিশাল বুকুত জাহাজ চলোৱা, জৰীপ কাৰ্য আদিত কোনো ঠাইৰ সঠিক অৱস্থান নিৰ্ণয় কৰিবলৈ এই ব্যৱস্থাৰ প্ৰয়োগ কৰা হয়।

গ) দূৰ সংবেদন

উত্তৰঃ কোনো এটা বস্তু, পদাৰ্থ বা ক্ষেত্ৰৰ ওচৰ নোচোৱাকৈ বা স্পৰ্শ নকৰাকৈ সেই পদাৰ্থ, বস্তু বা ক্ষেত্ৰৰ বিষয়ে বিতং তথ্য-পাতি সংগ্ৰহ কৰিব পৰা কৌশলক দূৰ সংবেদন বোলা হয়। দূৰ সংবেদন প্ৰক্ৰিয়াত ভূ-পৃষ্ঠৰ বিষয়ে জানিবৰ বাবে বিভিন্ন প্ৰকাৰৰ সংবেদক ব্যৱহাৰ কৰা হয়। এই সংবেদক ভূ-পৃষ্ঠৰ পৰা বহুত উচ্চতাত আকাশীযান বা কৃত্ৰিম উপগ্ৰহত সংস্থাপন কৰা হয়। এই সংবেদকবোৰে ভূ-পৃষ্ঠৰ বিভিন্ন অবয়বৰ বিষয়ে ফটো আৰু তথ্য-পাতি যোগান ধৰে।

ঘ) নিৰূপক ভগ্নাংশৰ স্কেল

উত্তৰঃ এইবিধ স্কেল এটা বিশেষ ভগ্নাংশত প্ৰকাশ কৰা হয়। যেনে- ১:২৫০০০ বা ১/২৫০০০। ইয়াত ভগ্নাংশটোৰ লব ১-এ মানচিত্ৰৰ এক একক দূৰত্ব বুজাইছে আৰু হৰ ২৫০০০-এ ভূ-পৃষ্ঠৰ প্ৰকৃত দূৰত্ব ২৫০০০ একক বুজাইছে। এইবিধ স্কেলত কোনো দূৰত্বৰ একক ব্যৱহাৰ কৰা নহয়। পৃথিৱীৰ বিভিন্ন ঠাইত দূৰত্বৰ একক বেলেগ বেলেগ হোৱা বাবে একক নোহোৱা অনুপাত বা ভগ্নাংশত এই স্কেল প্ৰকাশ কৰা হয়।

১১। চীনদেশৰ লোকসকলে অতীজতে কেনেকুৱা মানচিত্ৰ অংকন কৰিছিল?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে পাটৰ কাপোৰত পৰ্বত-পাহাৰ, নদ-নদী, ৰাস্তা-ঘাট আদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল।

১২। মিচৰীয়সকলে কেনেকুৱা মানচিত্ৰ অংকন কৰিছিল?

উত্তৰঃ মেছ'পটেমিয়াৰ দৰে মিচৰতো টেৰাকোটা ফলকত মানচিত্ৰ অংকন কৰা হৈছিল। তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল।

১৩। শুদ্ধ উত্তৰটোত চিন দিয়া—

ক) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল— ১। ইৰাট’স্থেনিছে ২। টলেমিয়ে ৩। কালৰিটাৰে

উত্তৰঃ ২। টলেমিয়ে

খ) ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ'ল— ১। নিৰূপক ভগ্নাংশ ২। ৰৈখিক স্কেল ৩। ভাষাৰ স্কেল

উত্তৰঃ ১। নিৰূপক ভগ্নাংশ

গ) আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে— ১। মিচৰত ২। মেছ’পটেমিয়াত ৩। চীনত

উত্তৰঃ ২। মেছ’পটেমিয়াত

১৪। খালী ঠাই পূৰ কৰা

ক) স্কেল নথকা চিত্ৰক _______ বোলে।

উত্তৰঃ আৰ্হি চিত্ৰ

খ) মানচিত্ৰ অংকনত _______ অপৰিহাৰ্য।

উত্তৰঃ মাপনী বা স্কেল

গ) _______ ত ভূপৃষ্ঠৰ বিষয়ে জানিবৰ বাবে বিভিন্ন প্ৰকাৰৰ সংবেদক ব্যৱহাৰ কৰা হয়।

উত্তৰঃ দূৰ সংবেদন প্ৰক্ৰিয়াত

ঘ) প্ৰাচীন মানচিত্ৰ _______ ত অংকিত কৰা হৈছিল।

উত্তৰঃ মেছ'পটেমিয়াত

ঙ) ইউৰোপত _______ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতিত ব্যাপক পৰিবৰ্তন আনে।

উত্তৰঃ ছপাযন্ত্ৰৰ

চ) _______ এ ভাৰতত বিজ্ঞানসম্মত মানচিত্ৰ প্ৰস্তুতিৰ সূচনা কৰে।

উত্তৰঃ ইংৰাজসকলে

ছ) ভৌগোলিক তথ্যসমূহ _______, _______, _______ আদিৰে প্ৰকাশ কৰা হয়।

উত্তৰঃ মানচিত্ৰ, চিত্ৰ, সাংকেতিক চিহ্ন

জ) স্থানিক তথ্য প্ৰযুক্তিয়ে প্ৰধানকৈ _______, _______ আৰু _______ ক সামৰি লয়।

উত্তৰঃ দূৰ সংবেদন (Remote Sensing), ভৌগোলিক তথ্য ব্যৱস্থা (GIS) আৰু গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা (GPS)



Comments

Log in to leave a comment.

No comments yet. Be the first!