বসতি

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Social Science

১। মানুহে কৃষিক কেন্দ্ৰ কৰি স্থায়ীভাৱে বসতি আৰম্ভ কৰাৰ কাৰণ কি বুলি ভাবা লিখা?

উত্তৰঃ আদিম অৱস্থাত মানুহে অঘৰী হিচাপে জীৱন যাপন কৰিছিল। খাদ্যৰ সন্ধানত তেওঁলোকে এঠাই পৰা আন ঠাইলৈ ঘূৰি ফুৰিব লগা হৈছিল। কালক্ৰমত জনসংখ্যা বৃদ্ধি হৈ অহাৰ ফলত তেওঁলোকে বিভিন্ন ঠাই ঘূৰি ফুৰি খাদ্য সংগ্ৰহ কৰাটো তেওঁলোকৰ বাবে অধিক অসুবিধাজনক হৈ পৰিছিল। এইদৰে ঘূৰি ফুৰাটো তেওঁলোকৰ বাবে সুৰক্ষিতো নাছিল। যেতিয়া তেওঁলোকে গুটি গজাই শস্য উৎপাদন কৰিব পৰা অৱস্থা পালে তেতিয়া তেওঁলোকৰ অঘৰী জীৱনৰ অন্ত পৰিল। তেতিয়া তেওঁলোকে সুবিধাজনক আৰু সুৰক্ষিত ঠাই নিৰ্বাচন কৰি তাতে কৃষি কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে আৰু স্থায়ীভাৱে বসতি কৰিবলৈ ল'লে।

২। মানুহে নদীৰ পাৰৰ ঠাইক স্থায়ী বসতিৰ বাবে নির্বাচন কৰাৰ কাৰণ কি?

উত্তৰঃ মানুহে নদীৰ পাৰৰ ঠাইক স্থায়ী বসতিৰ বাবে নিৰ্বাচন কৰাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল-

  • ১) নদীৰ পাৰৰ সাৰুৱা মাটিত খেতি ভাল হয়।
  • ২) নৈ পৰীয়া জলবায়ু স্বাস্থ্যকৰ।
  • ৩) মাছ ধৰা কাৰ্যক বৃত্তি হিচাপে লৈও জীৱন-নিৰ্বাহ কৰিব পাৰি।
  • ৪) ঘৰ-দুৱাৰ সাজিবৰ বাবে সামগ্ৰী সহজতে পোৱা যায়।
  • ৫) পানীৰ অভাৱ নহয়।

৩। গাঁৱতকৈ নগৰত জনসংখ্যা অধিক হোৱাৰ কাৰণ কি?

উত্তৰঃ গাঁৱতকৈ নগৰত জনসংখ্যা অধিক হোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল-

  • ১) নগৰত যাতায়ত ব্যৱস্থা উন্নত।
  • ২) উন্নত মানৰ চিকিৎসা ব্যৱস্থা।
  • ৩) শিক্ষানুষ্ঠানৰ সুবিধা ভাল।
  • ৪) নিযুক্তিৰ পথ সহজ।
  • ৫) উদ্যোগ-প্ৰতিষ্ঠানত সহজে নিযুক্তি পাব পাৰি।

৪। গ্রাম্য বসতি আৰু নগৰীয়া বসতিৰ পাৰ্থক্য লিখা।

উত্তৰঃ গ্রাম্য বসতি আৰু নগৰীয়া বসতিৰ মাজত থকা পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল-

  • ১) গাঁওৰ লোকৰ প্ৰধান বৃত্তি হৈছে কৃষি। আনহাতে, নগৰীয়া লোকৰ প্ৰধান বৃত্তি হৈছে ব্যৱসায়-বাণিজ্য, উদ্যোগ-প্ৰতিষ্ঠান আৰু সেৱামূলক কাৰ্য।
  • ২) গ্ৰাম্য বসতি পাতল আৰু বিস্তৃত। আনহাতে, নগৰীয়া বসতি ঘন আৰু স্তূপীকৃত।
  • ৩) গ্ৰাম্য বসতি অঞ্চলত যাতায়ত ব্যৱস্থা উন্নত নহয়। আনহাতে, নগৰীয়া বসতিৰ যাতায়ত ব্যৱস্থা উন্নত আৰু সুচল।
  • ৪) গ্ৰাম্য বসতি অঞ্চলত যান-বাহনৰ সংখ্যা কম। আনহাতে, নগৰীয়া বসতি অঞ্চলত যান-বাহনৰ সংখ্যা বেছি।
  • ৫) গ্ৰাম্য বসতি অঞ্চলত ব্যৱসায়-বাণিজ্যৰ সুবিধা কম। আনহাতে, নগৰীয়া বসতি অঞ্চলত ব্যৱসায়-বাণিজ্যৰ সুবিধা বেছি।

৫। গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল-

  • ১) গাঁৱত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হৈছে কৃষি।
  • ২) গাঁৱৰ ঘৰ-দুৱাৰসমূহ সাধাৰণতে পৰম্পৰাগত আৰু থলুৱা সামগ্ৰীৰে নিৰ্মিত।
  • ৩) গাঁৱত বসতি পাতল আৰু বিস্তৃত।
  • ৪) গাঁৱলীয়া বসতি অঞ্চলত যাতায়ত ব্যৱস্থা উন্নত নহয়।
  • ৫) গাঁৱলীয়া বসতি অঞ্চলত ব্যৱসায়-বাণিজ্যৰ সুবিধা কম।

৬। কেন্দ্রীভূত বসতি কেনে ধৰণে সৃষ্টি হয়?

উত্তৰঃ যেতিয়া কোনো এটা অঞ্চলত সকলো ধৰণৰ সুবিধা পোৱা যায়, যেনে- সাৰুৱা মাটি, পানীৰ সুবিধা, ঘৰ-দুৱাৰ সাজিবৰ বাবে সা-সঁজুলি সহজতে পোৱা, পৰিবহণ, যাতায়ত আদি সুচল হয় তেনে ঠাইত মানুহে বেছিকৈ বাস কৰিবলৈ লয়। তেনে অঞ্চললৈ মানুহ বেছিকৈ আকৰ্ষিত হোৱাৰ বাবে মানুহৰ বসতি থূপ খাই কেন্দ্ৰীভূত বসতিৰ সৃষ্টি হয়।

৭। পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনে ধৰণৰ?

উত্তৰঃ পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায়সমূহ হ'ল ব্যৱসায়-বাণিজ্য, উদ্যোগ আৰু সেৱামূলক কাৰ্য।

৮। গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ গাঁও আৰু নগৰৰ মাজত এক নিবিড় সম্পৰ্ক আছে। সাধাৰণতে বেপাৰ-বাণিজ্য আৰু সেৱামূলক কাৰ্যসমূহৰ দ্বাৰা গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক বৰ্তি থাকে। গাঁওৰ লোকে খেতিৰ দ্বাৰা উৎপাদিত সামগ্ৰী নগৰলৈ যোগান ধৰে আৰু নগৰৰ মানুহেও ঔদ্যোগিক উৎপাদিত দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়ায়। বেংক, ডাক, বীমা, শিক্ষা-দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বৰ্তি আছে। কিন্তু বৰ্তমান আধুনিক যুগত ম'বাইল ফোন, টেলিভিছন, ইন্টাৰনেটৰ যোগেদি গাঁও আৰু নগৰৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন ধাৰা গঢ়ি উঠিছে।

৯। চমুটোকা লিখা— ৰৈখিক বসতি, বৰ্গক্ষেত্রাকাৰ বসতি, তৰাৰূপী বসতি, পাতল বসতি।

উত্তৰঃ

ৰৈখিক বসতিঃ গাঁও অঞ্চলত ওখ ৰাস্তা, নদীৰ পাৰে পাৰে, ওখকৈ বন্ধা মথাউৰি অথবা সাগৰীয় উপকূলৰ কাষে কাষে, দীঘলীয়া শাৰী শাৰীকৈ কিছুমান বসতি গঢ় লৈ উঠা দেখা যায়। এনেকৈ ৰেখাৰ সদৃশ শাৰী শাৰীকৈ গঢ় লৈ উঠা জনবসতিৰ প্ৰতিৰূপক ৰৈখিক বসতি বোলে।

বৰ্গক্ষেত্ৰাকাৰ বসতিঃ কোনো কোনো অঞ্চলত ৰাস্তা-ঘাটবিলাক আয়তাকৃতিত নিৰ্মাণ কৰা হয়। ৰাস্তাবোৰৰ পৰিপ্ৰেক্ষিতত যিবোৰ আয়তাকৃতিৰ আৰ্হিত বসতি গঢ় লৈ উঠে তাক বৰ্গক্ষেত্ৰাকাৰ বসতি বোলে।

তৰাৰূপী বসতিঃ সাধাৰণতে গাঁৱৰ যিবোৰ ঠাইত দুটা বা ততোধিক ৰাস্তা লগলাগে সেইবোৰ ঠাইত ঘন বসতি গঢ় লৈ উঠা দেখা যায়। ৰাস্তাৰ কাষে কাষে মানুহে বসতি কৰিবলৈ লোৱাৰ ফলতে তিনিআলি, চাৰিআলি বা পাঁচআলি কেন্দ্ৰ কৰি বসতি বাঢ়ি গৈ তৰাৰ দৰে হয়। তাকে তৰাৰূপী বসতি বোলে।

পাতল বসতিঃ পৃথিৱীৰ যিবোৰ ঠাই অতি মাত্ৰা গৰম বা অতি মাত্ৰা ঠাণ্ডা, ভূ-প্ৰকৃতি অসমান, পাহাৰ-পৰ্বতে আৱৰা তথা শিলাময়, তেনে ঠাইত মানুহৰ বসতি সেৰেঙা বাবে তেনে ঠাইৰ বসতিক বিৰল বসতি বা পাতল বসতি বোলে। এনে ঠাইবোৰত মানুহৰ জীৱন বৰ কষ্টকৰ হয় আৰু খেতি-বাতিও কৰিব নোৱাৰে। উদাহৰণস্বৰূপে; বিষুৱীয় অঞ্চল, মেৰু অঞ্চল, মৰুভূমি অঞ্চল, পৰ্বত-পাহাৰৰ ঢাল আদি।

১০। নদীৰ পাৰত অৱস্থিত পৃথিৱীৰ কেইখনমান নগৰ-চহৰৰ নাম লিখা।

উত্তৰঃ ডিব্ৰুগড়, গুৱাহাটী, লণ্ডন, বাগদাদ, কাইৰো, পাটনা, হায়দৰাবাদ আদি।

১১। প্রাথমিক, দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক বৃত্তিৰ অন্তৰ্গত বিভিন্ন কার্য কি কি?

উত্তৰঃ

  • প্ৰাথমিক বৃত্তি- কৃষি কাৰ্য, মাছ ধৰা, বনজ সম্পদ সংগ্ৰহ, পশুপালন আদি।
  • দ্বিতীয়ক বৃত্তি- উদ্যোগ-প্ৰতিষ্ঠান, উৎপাদনমূলক কাৰ্য, নিৰ্মাণ কাৰ্য আদি।
  • তৃতীয়ক বৃত্তি- সেৱামূলক কাৰ্য, যেনে- ব্যৱসায়-বাণিজ্য, পৰিবহণ, বেংকিং, শিক্ষা, স্বাস্থ্য সেৱা, পৰ্যটন আদি।
  • চতুৰ্থক বৃত্তি- জ্ঞান-ভিত্তিক কাৰ্য, যেনে- তথ্য প্ৰযুক্তি (IT), গৱেষণা আৰু উন্নয়ন (R&D), শিক্ষা, পৰামৰ্শ সেৱা, মিডিয়া, আৰ্থিক পৰিকল্পনা আদি।

১২। উচ্চভূমি অঞ্চলত কেনে ধৰণৰ খেতি কৰা হয়?

উত্তৰঃ উচ্চভূমি অঞ্চল পাহাৰ-পৰ্বতেৰে আৱৰা ওখোৰা-মোখোৰা ঠাই। এই অঞ্চলত পানীৰ সুবিধা নাই আৰু ঠাইবোৰ এঢলীয়া হোৱাৰ বাবে খেতিৰ বাবে উপযোগী নহয়। সেয়েহে এই অঞ্চলত সোপান খেতি (Terrace farming) আৰু ঝুম পদ্ধতিৰে খেতি কৰা হয়। এই পদ্ধতিৰে উৎপাদিত খাদ্য-শস্যবোৰ হৈছে ধান, মাকৈ, তিল, আলু, কচু, শাক-পাচলি, কমলা, মাটি কঁঠাল আদি।

১৩। খালী ঠাই পূৰ কৰা :

ক) ______ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।

উত্তৰঃ কৃষি

খ) ______ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে।

উত্তৰঃ পানীৰ

গ) আলিবাট, ৰে'লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ______ বসতি বোলে।

উত্তৰঃ ৰৈখিক

ঘ) বর্তমান অসমত গাঁৱৰ সংখ্যা ______ খন।

উত্তৰঃ ২৬,৩৯৫

ঙ) গ্রাম্য বসতিত মানুহৰ জীৱিকাৰ প্ৰধান উপায় ______ হৈছে।

উত্তৰঃ কৃষি

চ) উন্নত দেশবোৰত শতকৰা ______ জন লোক নগৰ অঞ্চলত বাস কৰে।

উত্তৰঃ ৭০

ছ) কৃষিয়েই ______ মূল ভিত্তি।

উত্তৰঃ গ্ৰাম্য বসতিৰ

জ) আদিম যুগত মানুহৰ স্থায়ী বাসস্থান নথকাত মানুহে ______ জীৱন-যাপন কৰিছিল।

উত্তৰঃ অঘৰী

ঝ) বসতিয়ে সাধাৰণতে মানুহৰ ______ কাৰ্যকহে বুজায়।

উত্তৰঃ স্থায়ীভাৱে বসবাস কৰা



Comments

Log in to leave a comment.

No comments yet. Be the first!