অসমৰ আর্থ – সামাজিক জীৱনলৈ মধ্য যুগৰ শাসক সকলৰ বৰঙণি

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Social Science

১। চমু উত্তৰ দিয়া :

ক) মধ্যযুগৰ ৰাজনৈতিক অৱস্থাৰ মূল বৈশিষ্ট্য কি আছিল?

উত্তৰঃ মূল বৈশিষ্ট্য আছিল ৰাজতন্ত্র।

খ) পাইকসকলে কেনে ধৰণৰ কাম কৰিব লগা হৈছিল?

উত্তৰঃ দেশৰ সুৰক্ষাৰ সময়ত পাইকবোৰে যুদ্ধক্ষেত্ৰলৈ যাব লাগিছিল আৰু আন সময়ত তেওঁলোকে খেতি-পথাৰত কাম কৰিব লাগিছিল।

গ) পচা প্রথা কি?

উত্তৰঃ স্বৰ্গদেউ প্রতাপ সিংহই পৰ্বতীয়া জনজাতিবোৰে যাতে ভৈয়ামলৈ নামি আহি ভৈয়ামৰ বাসিন্দাসকলৰ ওপৰত উপদ্ৰৱ চলাব নোৱাৰে তাৰ বাবে ভৈয়ামৰ পৰা পৰ্বতীয়া জনজাতিবোৰলৈ নিয়মীয়াভাৱে খাদ্যৰ যোগান ধৰিছিল। ইয়াকে পচা প্রথা বোলা হৈছিল।

ঘ) মধ্যযুগৰ অসমত মহিলাৰ স্থান কেনে পৰ্যায়ত আছিল?

উত্তৰঃ ইতিহাসবিদসকলৰ মতে 'অসমত মহিলাৰ স্থান' যথেষ্ট সন্মানীয় পৰ্যায়ত আছিল।

ঙ) মূলাগাভৰু কোন আছিল?

উত্তৰঃ মূলাগাভৰু আছিল ফ্রাচেংমুং বৰগোঁহাইৰ বিধবা পত্নী। তেওঁ এগৰাকী সাহসী আৰু দেশপ্রেমিক মহিলা আছিল। তুৰ্বকে অসম আক্ৰমণ কৰাৰ সময়ত তুৰ্বকৰ বিৰুদ্ধে অসীম সাহসেৰে যুদ্ধ কৰিছিল।

চ) আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী কোন আছিল?

উত্তৰঃ আহোমসকলৰ ৰাজত্বত ভূ-সম্পত্তিৰ গৰাকী আছিল ৰজাসকল।

ছ) মধ্যযুগৰ প্ৰথম ভাগত বাণিজ্যিক লেন-দেনৰ কি প্রথা প্রচলিত আছিল?

উত্তৰঃ বিনিময় প্রথা প্রচলিত আছিল।

২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা :

উত্তৰঃ

  • মাধৱদেৱ — নামঘোষা
  • বলদেৱ সূৰ্যখৰি দৈবজ্ঞ — দৰং ৰাজবংশাৱলী
  • সুকুমাৰ বৰকাইথ — হস্তীবিদ্যাৰ্ণৱ
  • ভট্টদেৱ — কথাগীতা
  • ৰামনাৰায়ণ চক্ৰৱৰ্তী — গীত গোবিন্দ
  • পুৰুষোত্তম বিদ্যাবাগীশ — ৰত্নমালা

৩। খালী ঠাই পূৰ কৰা :

ক) বাৰভূঞাসকলৰ বিচাৰালয়ক _______ বোলা হৈছিল।

উত্তৰঃ ধৰ্মসভা।

খ) _______ মন্ত্ৰীৰে আহোম মন্ত্ৰীপৰিষদ গঠিত হৈছিল।

উত্তৰঃ তিনিজন

গ) স্বৰ্গদেউ _______ ৰ দিনতহে বৰ্তমানৰ ৰংঘৰটো পকী কৰা হৈছিল।

উত্তৰঃ প্রমত্ত সিংহৰ

ঘ) হাঁচতি, টঙালি আদি _______ ৰ অৱদান।

উত্তৰঃ আহোমসকল

ঙ) বৌদ্ধ শ্রমণ বা ভিক্ষুসকলে _______ সমূহ ৰচনা কৰিছিল।

উত্তৰঃ চৰ্যাগীত

৪। চমুটোকা লিখা (৫০টা মান শব্দৰ ভিতৰত লিখিবা) :

ক) মধ্যযুগৰ অসমত নাৰীৰ স্থান।

উত্তৰঃ ইতিহাসবিদসকলৰ মতে মধ্যযুগত 'অসমত মহিলাৰ স্থান' যথেষ্ট সন্মানীয় পৰ্যায়ত আছিল। মহিলাৰ প্ৰতি সম্মান প্ৰদৰ্শন অসমীয়া সমাজ-জীৱনৰ এক পৰম্পৰাস্বৰূপ। অসমীয়া মহিলাসকলে বোৱা-কটা, ঘৰুৱা কাম-কাজ কৰা, গৃহস্থৰ সৈতে সকলো আলোচনাত আগভাগ ল'ব পাৰিছিল। কোনো কোনো মহিলা নৃত্য-বিষাৰদো আছিল। অৰ্থাৎ মহিলা বা নাৰীয়ে সেই যুগতে মুকলিকৈ ৰাজসভাৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰিছিল। ৰাজবংশৰ মহিলাসকলে ৰাজকাৰ্যত ভাগ লোৱাৰ উপৰিও যুদ্ধনীতিও জানিছিল আৰু যুদ্ধত অংশ গ্ৰহণ কৰিছিল। উদাহৰণ— মূলাগাভৰু।

খ) আহোমসকলৰ স্থাপত্য-ভাস্কৰ্য।

উত্তৰঃ আহোমসকলৰ স্থাপত্য-ভাস্কৰ্যৰ কথা ক'লে অসমত মধ্যযুগত সৃষ্টি হোৱা অনুপম স্থাপত্য-ভাস্কৰ্যসমূহৰ কথাই মনলৈ আহে। আহোমদিনীয়া দৌল-দেৱালয়, ৰাজপ্ৰসাদ, পুখুৰী, শিলৰ সাঁকো আদিয়ে অসমৰ অতীত গৌৰৱ বহন কৰি আছে। আহোমসকলে প্ৰথম অৱস্থাত ঘৰবোৰ বা ৰাজপ্ৰসাদসমূহ কাৰুকাৰ্য খচিত কৰি বাঁহ-বেতেৰে সাজি লৈছিল। বৰ্তমানৰ পকী ৰংঘৰটোও প্ৰথমে বাঁহ-বেতেৰেই সজা হৈছিল। পিছলৈ আহোমসকলে মঠ-মন্দিৰ বা ঘৰ সজা কামত চেপেটা ইটা ব্যৱহাৰ কৰিছিল। এই ইটাবোৰ যোৰা লগাবলৈ গুৰ, মাটিমাহ, শিলচূণ, শামুকচূণ, হাঁহৰ কণী, বৰালী মাছ, তেল, ধূপ আদিৰ মিশ্ৰণ ঘটাই কৰ্ষাল বুলি এবিধ এঠা জাতীয় বস্তু তৈয়াৰ কৰি লৈছিল। আহোমসকল স্থাপত্যবিদ্যাত পটু আছিল।

গ) কছাৰীসকলৰ স্থাপত্য-ভাস্কৰ্য।

উত্তৰঃ কছাৰীসকলেও আহোমসকলৰ দৰে অসমৰ স্থাপত্য-ভাস্কৰ্যৰ ক্ষেত্ৰখনত যথেষ্ট বৰঙণি আগবঢ়াই গৈছে। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰৰ ভগ্নাৱশেষে কছাৰীসকলৰ উন্নতমানৰ স্থাপত্যৰ উদাহৰণ বহন কৰে। যি সময়ত আহোমসকলে ইটাৰ ব্যৱহাৰ জনা নাছিল, সেই সময়ত কছাৰীসকলে ৰাজধানী নিৰ্মাণত ইটাৰ ব্যৱহাৰ কৰিছিল। বাসগৃহসমূহত নানা ধৰণৰ চিত্ৰ খোদিত স্তম্ভ নিৰ্মাণ কৰিছিল। ৰাজধানীৰ ভিতৰৰ পুখুৰীৰ পানী বা অন্য পানী ওলাই যাব পৰাকৈ নলা-নৰ্দমা নিৰ্মাণ কৰিছিল। কছাৰীসকলৰ স্থাপত্যবিদ্যাত বংগীয় মুছলমানসকলৰ স্থাপত্যৰ কিছু মিল থকা দেখা যায়।

ঘ) সাহিত্য-সংস্কৃতিলৈ কোচসকলৰ অৱদান।

উত্তৰঃ অসমৰ সাহিত্য-সংস্কৃতিলৈ কোচসকলৰ অৱদান উল্লেখযোগ্য। মধ্যযুগৰ ক্ষণজন্মা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাতে অসমীয়া সাহিত্যৰ এটি ধাৰা সৃষ্টি কৰি থৈ গৈছে। কোচ ৰজাৰ দিনতে ৰামসৰস্বতীয়ে অসমীয়াত মহাভাৰত আৰু পুৰুষোত্তম বিদ্যাবাগীশে সংস্কৃতত ৰত্নমালা ব্যাকৰণ লিখিছিল। অনন্ত কন্দলীয়ে ভাগৱত আৰু আন পুথি অসমীয়ালৈ ভাঙনি কৰিছিল। হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিবৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল। শ্ৰীমন্ত শঙ্কৰদেৱৰ কীৰ্ত্তন, ভাগৱত, ভট্টদেৱৰ কথা গুৰু চৰিত আদি কোচ ৰাজত্বকালৰ অসমীয়া সাহিত্যৰ ৰত্নস্বৰূপ।

ঙ) মধ্যযুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা।

উত্তৰঃ মধ্যযুগৰ অসমীয়া সমাজ প্ৰধানকৈ কৃষিভিত্তিক আছিল। ধান আছিল প্ৰধান খেতি। ইয়াৰোপৰি মাহজাতীয় শস্য, সৰিয়হ, মৰাপাট, কুঁহিয়াৰ, কপাহ, বিভিন্ন ফলমূল, শাক-পাচলিৰ খেতিও ভাল হৈছিল। কৃষিক্ষেত্ৰত জলসিঞ্চনৰ ব্যৱস্থা আৰু খেতি নষ্ট হ'ব নোৱৰাকৈ মথাউৰিৰ ব্যৱস্থাও আছিল। গতিকে খেতি-বাতি ভাল হৈছিল আৰু খাদ্যাভাৱ নাছিল। অতীজৰে পৰা অসম ক্ষুদ্ৰ আৰু কুটীৰ শিল্পত চহকী। বস্ত্ৰশিল্পত চহকী মধ্যযুগীয় অসমীয়া মানুহৰ ঘৰে ঘৰে তাঁতশাল আছিল। ৰঞ্জন শিল্প, ধাতু শিল্প, মৃৎশিল্প, হাতীদাঁতৰ শিল্পকে আদি কৰি অন্যান্য কুটীৰ শিল্পতো মানুহবোৰ পাৰ্গত আছিল। তিব্বত-চীন আদিৰ লগত মধ্যযুগত বহিৰ্বাণিজ্যও চলিছিল। গতিকে মধ্যযুগত অসমৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল আছিল।

৫। শুদ্ধ/অশুদ্ধ লিখা :

ক) মध्যুগৰ সমাজ ব্যৱস্থাত উদাৰ নীতিক প্রাধান্য দিয়া হৈছিল নে নহৈছিল?

উত্তৰঃ হৈছিল

খ) পাট কাপোৰৰ কথা অৰ্থশাস্ত্ৰত/কীৰ্তনত/ৰত্নমালাত উল্লেখ আছে।

উত্তৰঃ অৰ্থশাস্ত্ৰত

গ) আহোম/কোচ/কছাৰীসকলে প্রথমে ইটাৰ ব্যৱহাৰ কৰিছিল।

উত্তৰঃ কছাৰীসকলে

ঘ) অনন্ত কন্দলীয়ে/শ্ৰীমন্ত শংকৰদেৱে/মাধৱদেৱে পোনপ্রথমে অসমত সত্ৰ প্রতিষ্ঠা কৰিছিল।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে

ঙ) কোচসকলে/আহোমসকলে বংগদেশৰ পৰা লোণ আমদানি কৰিছিল।

উত্তৰঃ আহোমসকলে



Comments

Log in to leave a comment.

No comments yet. Be the first!