বসতিঃ গ্ৰাম্য আৰু নগৰীয় জীৱন

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Social Science

১। গ্রামাঞ্চলৰ মানুহে কি কি কার্যৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে?

উত্তৰঃ গ্ৰামাঞ্চলৰ ৭৫ শতাংশ মানুহে কৃষি কাৰ্যৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে আৰু বাকীসকলে মাছ ধৰা, পশুপালন, কুটীৰ শিল্প আদি অন্যান্য প্ৰাথমিক বৃত্তিৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে।

২। গ্রামাঞ্চলৰ মানুহৰ জীৱন নিৰ্বাহ প্ৰণালীৰ কেইটামান বৈশিষ্ট্য লিখা।

উত্তৰঃ গ্ৰামাঞ্চলৰ মানুহৰ জীৱন নিৰ্বাহ প্ৰণালীৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল—

  • (১) গ্ৰামাঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি হৈছে কৃষি।
  • (২) গ্ৰামাঞ্চলৰ ঘৰ-বাৰী সাধাৰণতে পৰম্পৰাগত আৰু থলুৱা সামগ্ৰীৰে নিৰ্মিত। এই অঞ্চলত ইটা, শিল, বালি, চিমেণ্ট আৰু লোৰ ব্যৱহাৰ প্ৰায় কম।
  • (৩) গ্ৰামাঞ্চলৰ লোক খেতি কৰাৰ উপৰিও মাছ ধৰা, মাটিৰ বাচন আৰু বাঁহ-বেতৰ বস্তু তৈয়াৰ কৰা, জীৱ-জন্তু পালন আদিৰ দৰে প্ৰাথমিক বৃত্তিৰ লগত জড়িত।

৩। গাঁৱৰ অধিকসংখ্যক লোক কৃষিকাৰ্যৰ লগত জড়িত হোৱাৰ কাৰণ কি?

উত্তৰঃ গ্ৰামাঞ্চল নগৰতকৈ বহু গুণেই পৃথক। গ্ৰামাঞ্চল চহৰ অঞ্চলৰ পৰা নিলগত। গ্ৰামাঞ্চল হৈছে খাল, বিল, নৈ, জান-জুৰি আদিৰে পৰিবেশিত বাঁহ, বেত, ইকৰা, বিশাল পথাৰ, গৰু-ম'হ আদিৰে পৰিশোভিত একোটা অঞ্চল বা এলেকা। এই অঞ্চলত জীৱন নিৰ্বাহ কঠিন যদিও আনন্দকৰ।

গ্ৰামাঞ্চলত নিয়োগৰ সুবিধা কম। এই অঞ্চল অৰ্থনৈতিকভাৱে পিছপৰা, যাৰ বাবে এই অঞ্চলত শিল্প উদ্যোগ গঢ়ি উঠিব নোৱাৰে। গ্ৰামাঞ্চলত উন্নত শিক্ষাৰ ব্যৱস্থা নাই যাৰ ফলত তেওঁলোকে সন্তানক উচ্চ শিক্ষা দিয়াৰ বাবে সুযোগ নাপায়। ফলস্বৰূপে তেওঁলোকৰ সন্তানে আধুনিক কোনো উদ্যোগত কাম কৰাৰ সুবিধা নাপায়, পৈত্ৰিক সূত্ৰে পোৱা কৃষি কাৰ্যতে মনোনিৱেশ কৰে। আজিৰ কিছু প্ৰজন্মই কৃষিকো উদ্যোগ হিচাপে ব্যৱহাৰ কৰি অৰ্থ উপাৰ্জনৰ পথ উলিয়াই লয়। সেয়ে বহুতো গাঁৱৰ শিক্ষিত কৃষক সন্তানে সৰু-সুৰা চাকৰিৰ প্ৰতি আকৃষ্ট নহৈ কৃষিতে মনোনিৱেশ কৰিছে। সেইবাবে গাঁৱৰ অধিক সংখ্যক লোক কৃষিকাৰ্যৰ লগত জড়িত হোৱা দেখা যায়।

৪। নগৰীয়া জীৱন ধাৰণৰ কেইটামান বৈশিষ্ট্য লিখা।

উত্তৰঃ নগৰীয়া জীৱন ধাৰণৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল—

  • (I) নগৰীয়া লোকৰ প্ৰধান বৃত্তি হৈছে ব্যৱসায়-বাণিজ্য, উদ্যোগ আৰু সেৱামূলক কাৰ্য।
  • (II) নগৰীয়া বসতি ঘন আৰু স্তূপীকৃত।
  • (III) নগৰত জনসংখ্যাৰ ঘনত্ব অধিক।
  • (IV) নগৰত বেংক, খুচুৰা বিক্ৰী কেন্দ্ৰ, চিকিৎসালয়, শিক্ষানুষ্ঠান, কাৰ্যালয় আদি গঢ় লৈ উঠে।
  • (V) গাঁৱৰ তুলনাত নগৰৰ মানুহৰ আয় আৰু ব্যয় উভয়েই বেছি।
  • (VI) নগৰত জনসংখ্যাৰ ভিত্তিত পৌৰনিগম, পৌৰসভা, নগৰ সমিতি ইত্যাদি স্থানীয় প্ৰশাসনৰ ব্যৱস্থা থাকে।
  • (VII) নগৰত যাতায়ত ব্যৱস্থা উন্নত আৰু সুচল।
  • (VIII) নগৰত যানবাহনৰ সংখ্যা অধিক।
  • (IX) ঘৰ-দুৱাৰ আৰ্হি আধুনিক, ওখ অট্টালিকা বেছি। অধিকাংশ ঘৰ-দুৱাৰ শিল, ইটা, বালি, লো, চিমেণ্ট আদিৰে নিৰ্মিত।

৫। নগৰীকৰণ বুলিলে কি বুজা?

উত্তৰঃ কোনো এটা অঞ্চলৰ জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব যেতিয়া বেছি হয়, তাত বসবাস কৰা লোকসকলে প্ৰধানকৈ বেপাৰ-বাণিজ্য, শিল্প উদ্যোগ, নানান সেৱামূলক বৃত্তিৰে জীৱিকা নিৰ্বাহ কৰে, তেতিয়া অঞ্চলটো নগৰলৈ উন্নীত হয়। এই নগৰলৈ উন্নীত হোৱা প্ৰক্ৰিয়াটোকেই নগৰীকৰণ বোলা হয়।

৬। তোমাৰ ওচৰৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ নগৰৰ নাম লিখি ইয়াৰ ঐতিহ্য তথা কীৰ্তিচিহ্নসমূহৰ বিষয়ে চমু বর্ণনা দিয়া।

উত্তৰঃ আমাৰ জিলাৰ ওচৰৰ এখন বুৰঞ্জী প্ৰসিদ্ধ নগৰ হ'ল তেজপুৰ। তেজপুৰ গুৱাহাটীৰ ১৭৯ কিলোমিটাৰ পূৱত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত।

এসময় তেজপুৰত বাণ নামৰ এজন শিৱভক্ত অসুৰে ৰাজত্ব কৰিছিল। বাণ ৰজাৰ এগৰাকী জীয়ৰী আছিল। তাইৰ নাম আছিল ঊষা। ঊষাৰ সৌন্দৰ্য জগত বিখ্যাত আছিল। সেয়েহে জীয়েকৰ সুৰক্ষাৰ বাবে বাণ ৰজাই অগ্নিগড় নামে এটা অগ্নিৰ দ্বাৰা আবৃত দুৰ্ভেদ্য দুৰ্গৰ ভিতৰত ঊষা দেৱীক কঠোৰ প্ৰহৰাৰ মাজত ৰাখিছিল।

এদিন ৰাতি সপোনত ঊষাই এজন সুদৰ্শন ৰাজকোঁৱৰক দেখা পালে আৰু তেওঁৰ প্ৰেমত পৰিল। ঊষাৰ প্ৰিয় সখী আছিল চিত্ৰশিল্পী চিত্ৰলেখা। ঊষাই তাইৰ মনৰ সকলোবোৰ কথা চিত্ৰলেখাৰ আগত বিৱৰি ক'লে। সেয়েহে চিত্ৰলেখাই সখীয়েকৰ বিৰহৰ বেদনা দূৰ কৰিবলৈ ঊষাৰ বৰ্ণনা ক্ৰমে ৰাজকোঁৱৰৰ চিত্ৰ আঁকিলে। চিত্ৰখন আঁকি হোৱাৰ পাছত দুয়োগৰাকীয়ে অনুসন্ধান কৰি গম পালে যে সেই ৰাজকোঁৱৰজন বাণ ৰজাৰ শত্ৰু, দ্বাৰকাৰ ৰজা, ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। চিত্ৰলেখাৰ সহায়ত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক স্থাপিত হয় আৰু দুয়ো গন্ধৰ্ব প্ৰথামতে বিবাহ পাশত আৱদ্ধ হয়।

এই সকলো কথা অৱশেষত বাণ ৰজাই গম পায়। খঙত আহি তেওঁ অনিৰুদ্ধক বন্দী কৰি ৰাখে। এই সকলোবোৰ কথা গম পাই শ্ৰীকৃষ্ণই নাতিক উদ্ধাৰ কৰিব আহি বাণ ৰজাৰ লগত যুদ্ধ কৰে। এই যুদ্ধত বাণ ৰজাক মহাদেৱে সহায় কৰিছিল আৰু মহাদেৱ নিজেই এই যুদ্ধত লিপ্ত হৈছিল। ভগৱান শ্ৰীকৃষ্ণ আৰু মহাদেৱৰ মাজত হোৱা এই অভূতপূৰ্ব ভয়ংকৰ যুদ্ধ দেখি ত্ৰিভূবন ত্ৰস্তমান হৈ পৰে। অৱশেষত বিশ্বৰ সকলো ঋষি, মুনি আৰু দেৱতাই কাতৰ প্ৰাৰ্থনা কৰে। তেওঁলোকৰ এই কাতৰ প্ৰাৰ্থনা ফলস্বৰূপে দুয়ো ক্ষান্ত হয় আৰু যুদ্ধ সম্বৰণ কৰে। বাণ ৰজায়ো নিজৰ ভুল স্বীকাৰ কৰি ঊষাৰ লগত অনিৰুদ্ধৰ বিয়া দিয়ে।

ভগৱান শ্ৰীকৃষ্ণ আৰু মহাদেৱৰ মাজত হোৱা এই যুদ্ধই হৈছে ইতিহাস প্ৰসিদ্ধ "হৰি-হৰ যুদ্ধ"। দুই পৰাক্ৰমী প্ৰতাপী দেৱতাৰ এই ৰক্তক্ষয়ী যুদ্ধত ইমানেই মানুহৰ মৃত্যু হৈছিল যে যুদ্ধক্ষেত্ৰত তেজৰ ঢল বৈ গৈছিল। সেয়েহে কালক্ৰমত এই ঠাইৰ নাম তেজপুৰ হয়।

৭। নগৰ এখন নদীৰ পাৰত অৱস্থিত হ’লে কেনে ধৰণৰ সুবিধা হয় আলোচনা কৰা। নগৰ অঞ্চলত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি হয় আলোচনা কৰা।

উত্তৰঃ নদীৰ পাৰত নগৰ অৱস্থিত হোৱাৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ'ল—

  • (I) জনসাধাৰণৰ বাবে প্ৰয়োজনীয় পানী নদীৰ পৰা উঠাই সংৰক্ষণ তথা পৰিশোধন কৰি নগৰবাসীক যোগান ধৰিব পাৰি।
  • (II) নগৰত কৃত্ৰিম বানপানী হ'লে নলা খান্দি পানীবোৰ নদীত পেলাব পাৰি।
  • (III) নদীয়ে নগৰখনৰ সৌন্দৰ্য বৃদ্ধিতো সহায় কৰে।

নগৰ অঞ্চলত সৃষ্টি হোৱা সমস্যাসমূহ তলত উল্লেখ কৰা হ'ল—

  • (I) জনসংখ্যা বৃদ্ধিৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ চাহিদা বাঢ়িছে কিন্তু চাহিদা পূৰণৰ ক্ষেত্ৰত ব্যাঘাত ঘটিছে।
  • (II) বিশুদ্ধ খোৱা পানীৰ অভাৱ।
  • (III) ভূমিৰ পৰিমাণ কম।
  • (IV) পৰিৱেশ দূষণ।
  • (V) সঘনাই হোৱা কৃত্ৰিম বানপানী।

৮। নগৰ অঞ্চলত বাস কৰা লোকে কেনে ধৰণৰ সুবিধা লাভ কৰে আলোচনা কৰা।

উত্তৰঃ নগৰীয়া অঞ্চলৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ'ল—

  • (I) ব্যৱসায়-বাণিজ্যৰ সুবিধা অধিক।
  • (II) যাতায়ত-পৰিবহণৰ সুবিধা।
  • (III) উন্নত শিক্ষা প্ৰতিষ্ঠানৰ ব্যৱস্থা আছে।
  • (IV) উন্নত আৰু আধুনিক চিকিৎসালয় আছে।
  • (V) নিবনুৱা সকলৰ বাবে কৰ্ম সংস্থাপনৰ সুবিধা আছে।

৯। উৎপত্তিৰ কাৰণ আৰু নগৰীয়া কাৰ্যৰ ওপৰত ভিত্তি কৰি নগৰসমূহক কি কি ভাগত ভগাব পাৰি?

উত্তৰঃ উৎপত্তিৰ কাৰণ আৰু নগৰীয়া কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি নগৰসমূহক তলত দিয়া ধৰণে ভগাব পাৰি—

  • (I) প্ৰশাসনিক নগৰ।
  • (II) বাণিজ্যিক নগৰ।
  • (III) ঔদ্যোগিক নগৰ।
  • (IV) পৰ্যটন নগৰ।
  • (V) পৰিবহণকেন্দ্ৰিক নগৰ।
  • (VI) সাংস্কৃতিক নগৰ।
  • (VII) খনিজ নগৰ।
  • (VIII) বুৰঞ্জীপ্ৰসিদ্ধ নগৰ।
  • (IX) সেনা ছাউনী নগৰ।

১০। চমুকৈ উত্তৰ লিখা :

ক) বসতিক কেইভাগত ভাগ কৰা হয়?

উত্তৰঃ দুটা ভাগত— গ্ৰাম্য বসতি আৰু নগৰীয় বসতি।

খ) গ্রামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত?

উত্তৰঃ ৭৫ শতাংশ।

গ) উৎপত্তি কালৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?

উত্তৰঃ তিনিটা শ্ৰেণীত।

ঘ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি?

উত্তৰঃ গুৱাহাটী মহানগৰ।

ঙ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি?

উত্তৰঃ নগৰত সকলো ধৰণৰ সা-সুবিধা পোৱা যায় বাবে নগৰত বসতি ঘন হয়।

চ) মেগাল'পলিছ কাক বোলে?

উত্তৰঃ মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ একত্ৰিত হৈ যি নগৰপুঞ্জৰ সৃষ্টি কৰে তাক মেগাল'পলিছ বোলে।

ছ) লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে?

উত্তৰঃ ৫,০০০ জন।

জ) নগৰ, মহানগৰ আৰু অতি-মহানগৰ কাক বোলে?

উত্তৰঃ

  • নগৰঃ কম জনসংখ্যা আৰু সীমিত কাৰ্যৰ পৌৰ প্ৰশাসিত একোটা এলেকাক নগৰ বোলা হয়।
  • মহানগৰঃ এক লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্ৰশাসিত এলেকাক মহানগৰ বোলা হয়।
  • অতি-মহানগৰঃ এক নিযুতৰ পৰা পাঁচ নিযুত জনসংখ্যা থকা পৌৰ বসতিক অতি মহানগৰ বোলা হয়।

১১। চমুটোকা লিখা : মেগাল'পলিছ, নগৰীকৰণ, প্রশাসনিক নগৰ, ঔদ্যোগিক নগৰ, পৰ্যটন নগৰ, বুৰঞ্জীপ্ৰসিদ্ধ নগৰ।

উত্তৰঃ

মেগাল'পলিছঃ মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ একত্ৰিত হৈ যি নগৰপুঞ্জৰ সৃষ্টি কৰে তাকে মেগাল'পলিছ বোলা হয়।

নগৰীকৰণঃ কোনো এটা অঞ্চলৰ জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব যেতিয়া বৃদ্ধি হয়, তাত বাস কৰা লোকসকলে প্ৰধানকৈ বেপাৰ-বাণিজ্য, শিল্প, উদ্যোগ, নানা সেৱামূলক বৃত্তিৰে জীৱিকা নিৰ্বাহ কৰে, তেতিয়া সেই অঞ্চলটো নগৰলৈ উন্নীত হয়। এই প্ৰক্ৰিয়াটোকেই নগৰীকৰণ বোলা হয়।

প্ৰশাসনিক নগৰঃ ৰাষ্ট্ৰীয় ৰাজধানী, ৰাজ্যিক ৰাজধানী, জিলা সদৰ আদি প্ৰশাসনীয় কেন্দ্ৰক ভিত্তি কৰি গঢ় লৈ উঠা নগৰ। উদাহৰণ— নতুন দিল্লী, গুৱাহাটী।

ঔদ্যোগিক নগৰঃ বৃহৎ উদ্যোগক কেন্দ্ৰ কৰি গঢ় লৈ উঠা নগৰ। উদাহৰণ— জামছেদপুৰ, দুলিয়াজান, ডিগবৈ।

পৰ্যটন নগৰঃ প্ৰাকৃতিক সৌন্দৰ্য বা ঐতিহাসিক স্থানৰ বাবে পৰ্যটক আকৰ্ষণ কৰা নগৰ। উদাহৰণ— মানালী, শ্বিলং, তেজপুৰ।

বুৰঞ্জীপ্ৰসিদ্ধ নগৰঃ ঐতিহাসিক সমল থকা ঠাইক কেন্দ্ৰ কৰি গঢ় লৈ উঠা নগৰ। উদাহৰণ— আগ্ৰা, শিৱসাগৰ, তেজপুৰ।

১২। খালী ঠাই পূৰ কৰা :

ক) একমাত্র গুৱাহাটীতেই মহানগৰীয় পৌৰ প্ৰশাসন ব্যৱস্থা _______ গঠন হৈছে।

উত্তৰঃ পৌৰ নিগম।

খ) অসমৰ কৃষিকাৰ্য _______ ওপৰত নিৰ্ভৰশীল।

উত্তৰঃ প্ৰকৃতিৰ।

গ) সিন্ধু নদীৰ উপত্যকাত _______ আৰু _______ নামৰ প্ৰাচীন নগৰ দুখন আছে।

উত্তৰঃ হৰপ্পা আৰু মহেঞ্জোদাৰো।

ঘ) প্রাচীন আৰু মধ্যযুগীয় নগৰসমূহ মূলতঃ _______ আৰু _______ পটভূমিত গঢ়ি উঠিছিল।

উত্তৰঃ সভ্যতা আৰু শিল্পকলাৰ।

ঙ) অসমৰ অধিকাংশ নগৰ _______ নদীৰ আশে-পাশে অৱস্থিত।

উত্তৰঃ ব্ৰহ্মপুত্ৰ।

চ) এক নিযুতৰ পৰা পাঁচ নিযুত জনসংখ্যা থকা পৌৰবসতিক _______ বোলা হয়।

উত্তৰঃ অতি মহানগৰ।

ছ) নতুন দিল্লী এখন _______ নগৰ।

উত্তৰঃ প্ৰশাসনীয়।

জ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো _______ ৰ কেন্দ্ৰবিন্দু।

উত্তৰঃ ব্যৱসায়ৰ।



Comments

Log in to leave a comment.

No comments yet. Be the first!