ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Social Science

১। খনিজ সম্পদ বুলিলে কি বুজা? খনিজ সম্পদক কিদৰে চিনাক্ত কৰিব পাৰি?

উত্তৰঃ ভূত্বক মণ্ডলত প্ৰাকৃতিক ভাবে সৃষ্টি হোৱা নিৰ্দিষ্ট ৰাসায়নিক আৰু ভৌতিক গুণ সম্পন্ন দ্ৰব্যকে খনিজ সম্পদ বুলি কোৱা হয়। খনিজ পদাৰ্থবোৰক ৰং, ঘনত্ব, কঠিনতা আৰু দ্ৰৱণীয়তা আদি গুণৰ দ্বাৰা চিনাক্ত কৰিব পাৰি।

২। খনিজ সম্পদৰ শ্ৰেণীবিভাজন কৰি, প্ৰতি ভাগৰ তিনিটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ খনিজ সম্পদসমূহক ইয়াৰ ভৌতিক আৰু ৰাসায়নিক গুণাগুণৰ ওপৰত ভিত্তি কৰি প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি— ধাতব খনিজ সম্পদ আৰু অধাতব খনিজ সম্পদ। ধাতব খনিজ সম্পদক আকৌ দুটা ভাগত ভাগ কৰা হয়— লৌহজাত আৰু অলৌহজাত। সেইদৰে অধাতব খনিজ সম্পদক ইন্ধন খনিজ সম্পদ আৰু অন্যান্য অধাতব খনিজ সম্পদত ভাগ কৰা হয়। উদাহৰণ তলত দিয়া হ’ল।

  • (ক) ধাতব খনিজ (লৌহজাত)— লোহা আকরিক, মেঙ্গানিজ, নিকেল।
  • (খ) ধাতব খনিজ (অলৌহজাত)— তাম, বক্সাইট, সীহ।
  • (গ) অধাতব খনিজ (ইন্ধন)— কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ।
  • (ঘ) অধাতব খনিজ (অন্যান্য)— অভ্ৰ, চূণশিল, গ্ৰেফাইট।

৩। ভাৰতক কেইটা খনিজ বলয়ত ভাগ কৰা হৈছে? প্ৰতিটো খনিজ বলয়ৰ অৱস্থান আৰু প্ৰাপ্ত খনিজ সম্পদৰ নাম লিখা।

উত্তৰঃ ভাৰতত সঞ্চিত খনিজ সম্পদৰ বিতৰণৰ ওপৰত ভিত্তি কৰি দেশখনক সাধাৰণতে ছয়টা খনিজ বলয়ত ভাগ কৰা হৈছে।

  • ১। উত্তৰ-পূব উপদ্বীপীয় বলয়: অৱস্থান— ছোটানাগপুৰ মালভূমি অঞ্চল, ঝাড়খণ্ড, ওড়িশা, পশ্চিম বংগ। প্ৰাপ্ত খনিজ— কয়লা, লোহা আকরিক, মেঙ্গানিজ, অভ্ৰ, বক্সাইট, তাম ইত্যাদি।
  • ২। মধ্য বলয়: অৱস্থান— ছত্তীশগড়, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ। প্ৰাপ্ত খনিজ— মেঙ্গানিজ, বক্সাইট, ইউৰেনিয়াম, চূণশিল, কয়লা, গ্ৰেফাইট।
  • ৩। দক্ষিণ বলয়: অৱস্থান— কৰ্ণাটক আৰু তামিলনাডু। প্ৰাপ্ত খনিজ— লোহা আকরিক, মেঙ্গানিজ, বক্সাইট।
  • ৪। দক্ষিণ-পশ্চিম বলয়: অৱস্থান— কৰ্ণাটক আৰু গোৱা। প্ৰাপ্ত খনিজ— লোহা আকরিক।
  • ৫। উত্তৰ-পশ্চিম বলয়: অৱস্থান— আৰাৱলী পৰ্বতমালা অঞ্চল, ৰাজস্থান আৰু গুজৰাট। প্ৰাপ্ত খনিজ— তাম, ইউৰেনিয়াম, জিপচাম, পেট্ৰলিয়াম।
  • ৬। উত্তৰ-পূব তৈল বলয়: অৱস্থান— অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা। প্ৰাপ্ত খনিজ— পেট্ৰলিয়াম আৰু কয়লা।

৪। ভাৰতৰ লো-তীখা উদ্যোগৰ বিকাশ আৰু বিতৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ দেশ এখনৰ অৰ্থনৈতিক সুস্থিৰতা আৰু উন্নয়নৰ বাবে লো-তীখা উদ্যোগৰ বিকাশ অতি প্ৰয়োজনীয়। লো-তীখা উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰত পঞ্চম স্থান দখল কৰিছে। লো-তীখা উদ্যোগৰ বিকাশৰ বাবে প্ৰয়োজনীয় কেঁচামালসমূহ হ'ল— কয়লা, আকৰিক লো, চূণশিল, ডলমাইট, মেংগানিজ আৰু পোৰামাটি। লো-তীখা উদ্যোগ সাধাৰণতে কেঁচামাল পোৱা অঞ্চলত, বিশেষকৈ কয়লা পোৱা অঞ্চলৰ ওচৰে-পাজৰে স্থাপন কৰা হয়। বৰ্তমান ভাৰতত দহটা প্ৰধান লো-তীখা উদ্যোগ আছে। যেনে— টাটা লো-তীখা উদ্যোগ (জামছেদপুৰ), ভদ্ৰাৱতী বিশ্বেশ্বৰায় লো-তীখা উদ্যোগ, ভিলাই তীখা উদ্যোগ, দুৰ্গাপুৰ তীখা উদ্যোগ, ৰাউৰকেলা তীখা উদ্যোগ, বোকাৰো তীখা উদ্যোগ, ছালেম তীখা উদ্যোগ, বিজয়নগৰ তীখা উদ্যোগ, বিশাখাপট্টনম তীখা উদ্যোগ ইত্যাদি। ইয়াৰোপৰি ভাৰতত কিছুমান ক্ষুদ্ৰ তীখা উদ্যোগো আছে।

৫। ভাৰতৰ মুম্বাই, আহমদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠাৰ কাৰণ কি লিখা।

উত্তৰঃ ভাৰতৰ বয়ন উদ্যোগৰ বাবে প্ৰয়োজনীয় সুতা প্ৰধানকৈ মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডু ৰাজ্যৰ পৰা পোৱা যায়। কপাহী বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য, কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবে মুম্বাই, আহমদাবাদ অঞ্চলত উদ্যোগসমূহ গঢ় লৈ উঠিছে।

৬। অতীজৰ পৰা বৰ্তমানলৈকে পৰিবহণ ব্যৱস্থাৰ কি কি পৰিৱৰ্তন হৈছে আৰু কিয় হৈছে লিখা।

উত্তৰঃ অতীজত মানুহে এঠাইৰ পৰা আন ঠাইলৈ খোজকাঢ়ি অহা-যোৱা কৰিছিল। বুদ্ধি-বৃত্তিৰ বিকাশ হোৱাত তেওঁলোকে পোহনীয়া জন্তু, যেনে— হাতী, ঘোঁৰা, গাধ, ম'হ আদিক বাহন হিচাপে ব্যৱহাৰ কৰিলে। জলপথত কল গছৰ ভেল বা ভূৰৰ ব্যৱস্থা কৰিলে। লাহে লাহে কল গছৰ ভূৰৰ সলনি কাঠৰ নাও ব্যৱহাৰ কৰি মানুহ আৰু সামগ্ৰী কঢ়িওৱাৰ ব্যৱস্থা কৰিলে। সময়ৰ সোঁতত মানুহৰ চিন্তা শক্তিৰ বিকাশ ঘটিল। চকাৰ আবিষ্কাৰ হ'ল। লগে লগে গৰু-গাড়ী, ঘোঁৰা-গাড়ী, চাইকেল, ৰিক্সা আদিৰ আবিৰ্ভাৱ ঘটিল। যাতায়ত ব্যৱস্থা উন্নত হ'ল। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সাফল্যৰ লগে লগে জল, স্থল আৰু আকাশ মাৰ্গতো মানুহৰ বাবে উন্নত পৰিবহণ ব্যৱস্থা সম্ভৱ হ'ল। স্থলপথত অত্যাধুনিক সুবিধাযুক্ত গাড়ী-মটৰ, ৰেলগাড়ী, জলপথত বিভিন্ন সুবিধাযুক্ত যন্ত্ৰচালিত নাও, ফেৰী, জাহাজ আৰু বায়ুপথ বা আকাশী পথত দ্ৰুত গতিৰ আৰামপূৰ্ণ উৰাজাহাজৰ প্ৰচলনে পৰিবহণ ব্যৱস্থাত অকল্পনীয় পৰিৱৰ্তন সাধিছে। এই সকলোবোৰ সম্ভৱ হৈছে একমাত্ৰ আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উদ্ভাৱনৰ বাবে۔

৭। ভাৰতৰ পৰিবহণ ব্যৱস্থাত ৰে'ল পৰিবহণৰ গুৰুত্ব সম্পৰ্কে লিখা।

উত্তৰঃ ভাৰতৰ অতি গুৰুত্বপূৰ্ণ আৰু বৃহৎ পৰিবহণ ব্যৱস্থাটো হৈছে ৰে'ল পৰিবহণ। ই এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বৃহৎ আৰু পৃথিৱীৰ অন্যতম বৃহৎ ৰে'ল নেটৱৰ্ক। ভাৰতত প্ৰথমে ৰে'ল চলিছিল ১৮৫৩ চনৰ ১৬ এপ্ৰিল তাৰিখে মুম্বাইৰ পৰা থানেলৈ।

বাণিজ্যিকভাৱে সামগ্ৰী আৰু যাত্ৰী কঢ়িয়াবলৈ ৰে'ল পৰিবহণ এক কম খৰচী আৰু দ্ৰুতগামী ব্যৱস্থা। ভাৰতত ৰে'লপথৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৬৮,০০০ কিলোমিটাৰ। ৰে'ল পৰিবহণৰ সুপৰিচালনাৰ বাবে দেশখনক কেইবাটাও মণ্ডলত ভাগ কৰা হৈছে। অসমৰ ৰে'ল পৰিবহণ উত্তৰ-পূব সীমান্ত ৰে'ল সংমণ্ডলৰ অন্তৰ্গত আৰু ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত।

ৰে'ল পৰিবহণে দেশৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই দেশৰ বিভিন্ন অঞ্চলৰ মাজত যোগাযোগ স্থাপন কৰি বাণিজ্য আৰু উদ্যোগৰ বিকাশত সহায় কৰে।

৮। ভাৰতৰ পাঁচটা প্ৰধান লো-তীখা উদ্যোগৰ নাম লিখা।

উত্তৰঃ বৰ্তমান ভাৰতত দহটা প্ৰধান লো-তীখা উদ্যোগ আছে। তাৰ ভিতৰৰ পাঁচটা হ'ল—

  • (ক) টাটা লো-তীখা উদ্যোগ— জামছেদপুৰ
  • (খ) ভিলাই তীখা উদ্যোগ— ছত্তীশগড়
  • (গ) ৰাউৰকেলা তীখা উদ্যোগ— ওড়িশা
  • (ঘ) বোকাৰো তীখা উদ্যোগ— ঝাড়খণ্ড
  • (ঙ) বিশাখাপট্টনম তীখা উদ্যোগ— অন্ধ্ৰপ্ৰদেশ

৯। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনে ধৰণে পৰিৱৰ্তন আনিছে লিখা।

উত্তৰঃ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উদ্ভাৱন আৰু ইয়াৰ প্ৰয়োগৰ লগে লগে পৰিবহণ ব্যৱস্থাত দ্ৰুত পৰিৱৰ্তন আহি পৰিছে। স্থল, জল আৰু বায়ু পৰিবহণে এক নতুন মাত্ৰা লাভ কৰিছে।

স্থল পৰিবহণ— স্থল পৰিবহণ তিনি প্ৰকাৰৰ— মটৰ পথ, ৰেলপথ, আৰু পাইপ লাইন। মটৰ পৰিবহণ হৈছে এখন দেশৰ উন্নতিৰ চাবিকাঠি। ৭০ শতাংশ ভাৰতীয় লোকে গাঁৱত বাস কৰে। গতিকে দেশৰ সৰ্বাধিক জনসংখ্যাৰ যাতায়তৰ মূল ব্যৱস্থা মটৰ পৰিবহণ। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ফলত আজি গাঁৱে-ভূঞে, নগৰে-চহৰে বিভিন্ন মডেলৰ মটৰ গাড়ী যাতায়ত আৰু মালবস্তু পৰিবহণৰ বাবে উপলব্ধ হৈছে। ৰে'ল পৰিবহণে দেশবাসীক সুচল, দ্ৰুতগামী আৰু কম খৰচী যাতায়ত ব্যৱস্থা আগবঢ়াইছে। পাইপ লাইনেৰে পূৰ্বতে কেৱল পানীহে অনা-নিয়া কৰা হৈছিল যদিও বৰ্তমানে এই নলী পৰিবহণ ব্যৱস্থাৰে খনিজ তেল, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু প্ৰাকৃতিক গেছ তৈলক্ষেত্ৰসমূহৰ পৰা শোধনাগাৰলৈ প্ৰেৰণ কৰা হয় আৰু শোধনাগাৰৰ পৰা বিভিন্ন ঠাইলৈ পঠোৱা হয়।

জল পৰিবহণ— বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ফলত জল পৰিবহণতো পৰিৱৰ্তন সাধিত হৈছে। জলপথ পৰিবহণত কোনো ৰাস্তাঘাট নিৰ্মাণৰ প্ৰশ্ন নাহে, মাথো বাহনবোৰৰ উন্নয়নৰ কথাহে আহে। জল পৰিবহণ দুই ধৰণৰ— আভ্যন্তৰীণ জল পৰিবহণ আৰু আন্তঃৰাষ্ট্ৰীয় বা সামুদ্ৰিক জল পৰিবহণ। আজিকালি বিজ্ঞানৰ বলেৰে নাওবোৰতো যন্ত্ৰৰ ব্যৱহাৰ কৰি দ্ৰুতগামী আৰু সুচল কৰি জনসাধাৰণৰ সেৱাত নিয়োজিত কৰা হৈছে। ডাঙৰ ডাঙৰ নৈবোৰত যেনে গংগা, ব্ৰহ্মপুত্ৰ, ভাগীৰথী, হুগলী আৰু বৰাককে ধৰি কেইবাখনো নদীত ফেৰী, যান্ত্ৰিক নাও, জাহাজ আদিৰ জৰিয়তে পৰিবহণ সুচল কৰি তোলা হৈছে। সামুদ্ৰিক পৰিবহণত ডাঙৰ ডাঙৰ জাহাজ বিজ্ঞান-প্ৰযুক্তিৰ জৰিয়তে সুন্দৰকৈ সজাই লৈ মানুহ আৰু বস্তু-বাহানী, গধুৰ সামগ্ৰী কম খৰচত পৃথিৱীৰ বিভিন্ন ঠাইলৈ নিব পৰা হৈছে।

বায়ু পৰিবহণ বা আকাশী পথ— বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ মানৱ সমাজলৈ অভিনৱ দান হ'ল— আকাশীযান বা বায়ু পৰিবহণ। আকাশী পথেৰে বিমানেৰে মালবস্তু, ডাক, যাত্ৰী কঢ়িওৱা হয়। সকলো প্ৰকাৰৰ পৰিবহণৰ ভিতৰত বায়ু পৰিবহণ হৈছে আটাইতকৈ দ্ৰুতগামী। ভাৰতত বৰ্তমানে বায়ু পৰিবহণ ব্যৱস্থাৰ দ্ৰুত প্ৰসাৰ আৰু উন্নতি হৈছে। বিভিন্ন ঠাইত বিমানবন্দৰ স্থাপন কৰা বাবে বায়ু পৰিবহণৰ যোগেদি অতি দুৰ্গম অঞ্চলৰ লগতো যাতায়ত আৰু যোগাযোগ সম্ভৱ হৈছে।

১০। 'পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰা-উপসিৰা স্বৰূপ।'— তোমাৰ মতামত চমুকৈ লিখা।

উত্তৰঃ 'পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰা-উপসিৰা স্বৰূপ' কাৰণ—

  • ১। পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য খাদ্যসামগ্ৰী আৰু বস্ত্ৰ আদি দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয়।
  • ২। পৰিবহণ ব্যৱস্থাৰ লগত লাখ লাখ লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰি আছে। উদাহৰণস্বৰূপে কেৱল ৰেল পৰিবহণ সেৱাতে ১.৪ নিযুত বিষয়া-কৰ্মচাৰী নিযুক্ত হৈ আছে।
  • ৩। পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনীতিকো টনকিয়াল কৰাত সহায় কৰিছে। ৰেল সেৱাৰ জৰিয়তে দেশে ভালেখিনি ৰাজহ অৰ্জন কৰে। উদাহৰণস্বৰূপে ২০১১-১২ বৰ্ষত ৰেল পৰিবহণ ব্যৱস্থাৰ পৰা দেশত ১,০৮,২৭,৮৭৯ কোটি টকা উপাৰ্জন হৈছিল।

১১। চমুটোকা লিখা— পথ পৰিবহণ, ভাৰতৰ ৰে'লপৰিবহণ, জলপথ পৰিবহণ, বিমান পৰিবহণ, পাইপ লাইন পৰিবহণ।

উত্তৰঃ

পথ পৰিবহণ: মানুহে সাধাৰণতে খোজকাঢ়ি বেছি দূৰ যাতায়ত নকৰে, নানা ধৰণৰ যান-বাহনৰ ব্যৱহাৰ কৰে যেনে চাইকেল, স্কুটাৰ, তিনি চকীয়া বা বিভিন্ন চাৰিচকীয়া গাড়ী ব্যৱহাৰ কৰি দ্ৰুতগতিত দূৰত্ববোৰ অতিক্ৰম কৰিব পাৰে।

ভাৰতৰ ৰে'ল পৰিবহণ: এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৰাজহুৱা উদ্যোগ। ব্ৰিটিছৰ শাসনতে ১৮৫৩ চনত প্ৰথম ৰে'ল চলাচল আৰম্ভ হৈছিল। বৰ্তমান ভাৰতৰ সকলো ৰাজ্যতে ৰেলেৰে মানুহে যাতায়ত কৰিব পাৰে। ১৬টা মণ্ডলত এই ৰে'ল চলাচল কৰে। ৰে'ল সেৱাত বৰ্তমান ১.৪ নিযুত কৰ্মচাৰীয়ে কাম কৰি আছে। প্ৰায় ৩১ নিযুত যাত্ৰীক প্ৰতিদিনে ৰে'ল বিভাগে সেৱা আগবঢ়াই আহিছে।

জলপথ পৰিবহণ: ভাৰতৰ আভ্যন্তৰীণ জল পৰিবহণৰ ভিতৰত ১৪ হাজাৰ কিলোমিটাৰ জলপথ আছে যদিও ৩৭০০ কিলোমিটাৰতহে প্ৰধান নদী জলপথত যন্ত্ৰচালিত জাহাজ আদি চলিব পাৰে। এই জলপথবোৰেৰে কম খৰচতে মালবস্তু কঢ়িয়াব বা যাত্ৰীসকলে কম খৰচতে যাতায়ত কৰিব পাৰে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰে গংগা নদীত ১ নং ৰাষ্ট্ৰীয়, ব্ৰহ্মপুত্ৰ নদীত ২ নং ৰাষ্ট্ৰীয় জলপথৰ পৰিচালনা কৰে। ইয়াৰ উপৰিও ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত আন্তৰ্জাতিক বহিঃসামুদ্ৰিক জল পৰিবহণ ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে। ভাৰতত ১২টা প্ৰধান, ১৮টা মধ্যম আৰু কিছু সৰু সৰু সাগৰীয় বন্দৰ আছে।

বিমান পৰিবহণ: স্বাধীনতাৰ আগতেই বিমান সেৱা প্ৰতিষ্ঠা হৈছিল যদিও ১৯৫৩ চনতহে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিয়ান এয়াৰলাইন্স প্ৰতিষ্ঠা হয়। কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বিমান সেৱাৰ উপৰি ব্যক্তিগত খণ্ডত কেইবাটাও কোম্পানী আছে। ভাৰতৰ বিমান সেৱাই আভ্যন্তৰীণ সেৱাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাই বৰ্তমান ৯০ খনতকৈও বেছি দেশৰ যাত্ৰী আৰু কিছু বস্তু-বাহানী অনা-নিয়া কৰে। ভাৰতৰ বৰ্তমান ৫৭টা দেশীয় বিমানবন্দৰ আছে।

পাইপ লাইন পৰিবহণ: পাইপ লাইন পৰিবহণ বুলিলে সাধাৰণতে প্ৰাকৃতিক গেছ আৰু তেল কোম্পানীৰ খাৰুৱা তেল আৰু ঠায়ে ঠায়ে পৰিবহণ কৰা প্ৰাকৃতিক গেছৰ কথাকে বুজায়। ভাৰতে বিদেশৰ পৰা বিশেষকৈ আৰৱৰ পৰা জাহাজেৰে বহুতো খাৰুৱা তেল আমদানি কৰে। এই তেল বন্দৰৰ পৰাই পাইপযোগে বিভিন্ন অঞ্চলত প্ৰতিষ্ঠিত শোধনাগাৰবোৰলৈ পঠিয়াই দিয়ে। ভাৰতৰ বেছিভাগ শোধনাগাৰতে স্থানীয়ভাৱে খাৰুৱা তেল নাই। সেইবাবে বেছি ভাগ শোধনাগাৰলৈ বাহিৰৰ তেল পঠোৱা হয় আৰু বন্দৰবোৰৰ পৰাহে পাইপযোগে খাৰুৱা তেল বা শোধিত হোৱা তেল আমদানি বা ৰপ্তানি কৰা হয়।

১২। ভূচিত্ৰাৱলীৰ সহায়ত লিখা

ক) অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম লিখা।

উত্তৰঃ গুৱাহাটী, আমিনগাঁও, নলবাৰী, মঙ্গলদৈ, নগাঁও, যোৰহাট, ডিব্ৰুগড় আদি।

খ) ৰে'লপথে সংযোগ নকৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম লিখা।

উত্তৰঃ অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিক্কিম, ত্ৰিপুৰা।

গ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰে'ল ষ্টেচনটোৰ নাম লিখা।

উত্তৰঃ মুৰ্কংচেলেক।

১৩। চমুকৈ উত্তৰ লিখা

ক) লো-তীখা উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালসমূহ কি কি?

উত্তৰঃ লো-তীখা উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালসমূহ হ'ল— কয়লা, আকৰিক লো, চূণশিল, ডলমাইট, মেংগানিজ আৰু পোৰামাটি।

খ) খনিজ উদ্যোগ কাক বোলে?

উত্তৰঃ খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগসমূহকে খনিজ উদ্যোগ বুলি কোৱা হয়।

গ) ভাৰতৰ লো-তীখা উদ্যোগসমূহে আশা কৰা মতে সফলতা লাভ কৰিব নোৱৰাৰ কাৰণ কি?

উত্তৰঃ ভাৰতৰ লো-তীখা উদ্যোগসমূহে আশা কৰা মতে সফলতা লাভ কৰিব নোৱাৰাৰ কাৰণ হ'ল— উৎপাদনত হোৱা অধিক ব্যয়, কয়লা আৰু শক্তি সম্পদৰ নাটনি, দক্ষ শ্ৰমিক আৰু অন্যান্য সা-সুবিধাৰ অভাৱ।

ঘ) ভাৰতত প্ৰথমে কেতিয়া ৰেল চলিছিল?

উত্তৰঃ ভাৰতত প্ৰথম ৰেল চলিছিল ১৮৫৩ চনৰ ১৬ এপ্ৰিল তাৰিখে মুম্বাইৰ পৰা থানেলৈ।

ঙ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ইয়াৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ ৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো। দৈৰ্ঘ্য ২,৩৬৯ কিলোমিটাৰ।

চ) বায়ু পৰিবহণ ভাৰতত কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ দ্বিতীয় মহাসমৰৰ পাছৰ পৰা বাণিজ্যিক ভিত্তিত বায়ু পৰিবহণ আৰম্ভ হয়। ১৯৫৩ চনত ৰাষ্ট্ৰীয়কৰণ কৰা হয়।

ছ) অসমৰ পৰা সংযোজিত পাইপ লাইনটোৰ নাম কি?

উত্তৰঃ নাহৰকটীয়া-বৰাউনী পাইপ লাইন।

জ) অসমৰ ৰেল মণ্ডলটোৰ নাম কি আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?

উত্তৰঃ উত্তৰ-পূব সীমান্ত ৰেল সংমণ্ডল। মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত।

ঝ) অভ্ৰ আৰু আকৰিক লো উৎপাদনত ভাৰতৰ স্থান কি কি?

উত্তৰঃ অভ্ৰ— প্ৰথম, আকৰিক লো— চতুৰ্থ।

ঞ) ৰেল-সেৱা সুপৰিচালনাৰ বাবে ভাৰতবৰ্ষক কেইটা মণ্ডলত ভাগ কৰা হৈছে?

উত্তৰঃ ১৬টা মণ্ডলত।

১৪। পথ পৰিবহণৰ সুবিধাসমূহ কি কি?

উত্তৰঃ আজিকালি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে পৰিবহণ ব্যৱস্থাত বৃহৎ পৰিবৰ্তন সাধিছে। পথ পৰিবহণৰ সুবিধাসমূহ হ'ল— ই কম খৰচী, দ্ৰুতগামী, আৰামদায়ক, আৰু দুৰ্গম অঞ্চললৈও যাতায়তৰ সুবিধা প্ৰদান কৰে। ই কৃষিজাত সামগ্ৰী, উদ্যোগিক সামগ্ৰী আদি বজাৰলৈ পৰিবহণত সহায়ক। ই দেশৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১৫। ভাৰতৰ পৰিবহণ ব্যৱস্থাক কি ধৰণে ভাগ কৰিব পাৰি?

উত্তৰঃ ভাৰতৰ পৰিবহণ ব্যৱস্থাক চাৰিটা ভাগত ভাগ কৰিব পাৰি—

  • ১। স্থলপথ পৰিবহণ
  • ২। জলপথ পৰিবহণ
  • ৩। বায়ু পৰিবহণ
  • ৪। পাইপ লাইন পৰিবহণ

১৬। ভাৰতীয় অৰ্থনীতিত ৰে'ল পৰিবহণৰ গুৰুত্ব উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ ৰে'ল পৰিবহণ ব্যৱস্থা এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বৃহৎ আৰু পৃথিৱীৰ ভিতৰত চতুৰ্থ বৃহৎ পৰিবহণ ব্যৱস্থা। ভাৰতৰ বৰ্তমান ৰেলপথসমূহৰ দৈৰ্ঘ্য ৬৪,০১৫ কিলোমিটাৰ। এই বিশাল ৰে'ল পৰিবহণ ব্যৱস্থাৰে ভাৰতৰ এক বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হয়। ২০১১-১২ বৰ্ষত ৰে'লৰ পৰা হোৱা আয়ৰ পৰিমাণ আছিল ১,০৮,২৭,৮৭৯ কোটি টকা। এতিয়া সেই পৰিমাণ বৃদ্ধি হৈছে। গতিকে ভাৰতীয় অৰ্থনীতিত ৰে'ল পৰিবহণে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

১৭। ভাৰতৰ প্ৰধান সামুদ্ৰিক বন্দৰসমূহ কি কি?

উত্তৰঃ ভাৰতৰ প্ৰধান সামুদ্ৰিক বন্দৰসমূহ হ'ল— মুম্বাই, জৱাহৰলাল নেহৰু বন্দৰ (নৱী মুম্বাই), মৰ্মগোৱা (গোৱা), নিউ মাঙ্গালোৰ (কৰ্ণাটক), কোচি (কেৰালা), কলকাতা (পশ্চিম বংগ), হালদিয়া (পশ্চিম বংগ), পাৰাদ্বীপ (ওড়িশা), বিশাখাপট্টনম (অন্ধ্ৰপ্ৰদেশ), চেন্নাই (তামিলনাডু), এন্নৰ (তামিলনাডু), টুটিকোৰিন (তামিলনাডু) আদি।

১৮। ভাৰতৰ তিনিটা প্ৰধান পাইপ লাইন পৰিবহণ কি কি?

উত্তৰঃ ভাৰতৰ প্ৰধান পাইপ লাইন তিনিটা হ'ল—

  • ১। অসমৰ পৰা কানপুৰ-গুৱাহাটী-বাৰাউনী-এলাহাবাদ পাইপ লাইন।
  • ২। গুজৰাটৰ খাম্বাট ঘাটীৰ পৰা চালৱাৰ, বিৰামগ্ৰাম হৈ জলন্ধৰলৈ।
  • ৩। গুজৰাটৰ মধ্য প্ৰদেশৰ বিজয়পুৰ হৈ উত্তৰ প্ৰদেশৰ জগদীশপুৰলৈ।

১৯। জল পৰিবহণক কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ জল পৰিবহণক দুটা ভাগত ভাগ কৰিব পাৰি— (ক) আভ্যন্তৰীণ জল পৰিবহণ, (খ) আন্তঃৰাষ্ট্ৰীয় জল পৰিবহণ বা সাগৰীয় পথ।

২০। খালী ঠাই পূৰ কৰা :

ক) _______ ৰাজ্যত পথৰ ঘনত্ব সকলো ৰাজ্যতকৈ কম।

উত্তৰঃ জম্মু-কাশ্মীৰ

খ) পৰিবহণ ব্যৱস্থাসমূহৰ ভিতৰত _______ হৈছে দ্ৰুততম সেৱা।

উত্তৰঃ বায়ু পৰিবহণ

গ) ভাৰতত থকা ৰে'লপথৰ মুঠ দৈৰ্ঘ্য _______ কিলোমিটাৰ।

উত্তৰঃ ৬৪,০১৫

ঘ) ভাৰতবৰ্ষ কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত _______, পাট উৎপাদনত _______ স্থান অধিকাৰ কৰি আছে।

উত্তৰঃ তৃতীয়, প্ৰথম

ঙ) কপাহী বস্ত্ৰশিল্প মূলতঃ _______ উদ্যোগ।

উত্তৰঃ কৃষি ভিত্তিক

চ) উত্তৰ-পূব তৈল বলয় _______ ত অৱস্থিত।

উত্তৰঃ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত

ছ) ভাৰতবৰ্ষত প্ৰথম কপাহী বয়ন কল স্থাপন কৰা হৈছিল _______ চনত _______ ত।

উত্তৰঃ ১৮১৮ চনত, ফোৰ্ট গ্লিষ্টাৰ (বংগদেশ) ত

জ) ভাৰতবৰ্ষত আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ’ল _______

উত্তৰঃ কেৰালা

ঝ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল _______ নং ৰাষ্ট্ৰীয় ঘাইপথ।

উত্তৰঃ ৭ নং

ঞ) ব্ৰহ্মপুত্ৰ আৰু গংগা নদী আমাৰ দেশৰ দুটা _______।

উত্তৰঃ প্ৰধান জলপথ



Comments

Log in to leave a comment.

No comments yet. Be the first!