সাগৰ-মহাসাগৰ
১। পৃথিৱীক নীলা গ্রহ বুলি কিয় কোৱা হয়?
উত্তৰঃ পৃথিৱীৰ বেছি অংশ পানীৰে আৱৰি আছে বাবে পৃথিৱাক নীলা গ্ৰহ বুলি কোৱা হয়।
২। সাগৰ, উপসাগৰ আৰু মহাসাগৰ— এই তিনিওটাৰ মাজৰ মিল আৰু অমিল কেনে লিখা।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ বিস্তীৰ্ণ জলভাগক পাঁচটা ভাগত ভাগ কৰা হৈছে। ইয়াৰ একো একোটা ভাগেই হৈছে এখন এখন মহাসাগৰ। দেশ বা মহাদেশৰ ওচৰৰ মহাসাগৰৰ একোটা অংশই হৈছে সাগৰ। তিনিওফালে স্থলভাগে আগুৰি থকা সাগৰ-মহাসাগৰৰ একোটা অংশকে উপসাগৰ বোলা হয়। সাগৰ, মহাসাগৰ আৰু উপসাগৰ সকলোৰে পানী লুণীয়া আৰু নীলা। সাগৰ, মহাসাগৰ আৰু উপসাগৰত দিনটোত দুবাৰকৈ জোৱাৰ-ভাটাৰ সৃষ্টি হয়। ইয়াৰ জলৰাশি সকলো সময়ত উঠা-নমা কৰি থাকে। ইয়াকে অৰ্ঙ্গ বা ঢৌ বোলে। এইবোৰ কাৰণতে সাগৰ, মহাসাগৰ আৰু উপ-সাগৰৰ মাজত সাদৃশ্য দেখা যায়।
৩। উৎপত্তিৰ সময়ত পৃথিৱীখন কেনেকুৱা অৱস্থাত আছিল?
উত্তৰঃ উৎপত্তিৰ সময়ত পৃথিৱীখন এটা উত্তপ্ত বাষ্পপিণ্ড আছিল।
৪। পৃথিৱীৰ উপৰিভাগত ওখ-চাপৰ আৱৰণটোৰ সৃষ্টি কেনেদৰে হ’ল লিখা।
উত্তৰঃ উৎপত্তিৰ সময়ত আৰু তাৰ বহু কাল পিছলৈকে পৃথিৱীখন এটা উত্তপ্ত গেছীয় পিণ্ড আছিল। আবৰণৰ যোগেদি তাপ বিকিৰণ কৰি কৰি পৃথিৱীখন ক্ৰমাৎ শীতল আৰু সংকুচিত হ'বলৈ ধৰিলে। কালক্ৰমত বাষ্প অৱস্থাৰ পৰা কঠিন অৱস্থালৈ পৰিৱৰ্তন হওঁতে সংকোচনৰ ফলত ভূ-ত্বকৰ কিছু অংশ উচ্চ আৰু কিছু অংশ নিম্ন হৈ থাকিল।
৫। নিৰক্ষীয় অঞ্চলৰ মহাসাগৰৰ পানীভাগ কিয় সহজে গৰম হয়?
উত্তৰঃ নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপ লম্বভাৱে পৰে বাবে মহাসাগৰৰ পানীভাগ সহজে গৰম হয়।
৬। বেলেগ বেলেগ উষ্ণতাৰ দুটা মহাসাগৰীয় সোঁত লগ লগা ঠাইবোৰ লাহে লাহে বাম হৈ পৰা দেখা যায় কিয়?
উত্তৰঃ মেৰু অঞ্চলৰ পৰা অহা শীতল পানীৰ সোঁত যেতিয়া ক্ৰান্তীয় অঞ্চলৰ গৰম সোঁতৰ লগত মিলিত হয়, তেতিয়া দুটা প্ৰক্ৰিয়া সংঘটিত হয়—
- (i) শীতল সোঁতৰ লগত উটি অহা তুষাৰখণ্ডবোৰ গৰম পানীৰ সংস্পৰ্শত গলিবলৈ ধৰে। তুষাৰখণ্ডৰ মাজত সোমাই থকা শিল, মাটি, গেদ আদি সাগৰতলত জমা হৈ ঠাইখিনি লাহে লাহে বাম কৰি তোলে।
- (ii) গৰম আৰু ঠাণ্ডা পানীৰ মিলনস্থলীত পুষ্টিদ্ৰব্যৰ মিশ্ৰণ ঘটে, যাৰ ফলত প্লৱকৰ বৃদ্ধি হয় আৰু সেই অঞ্চল মৎস্যক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। মাছ ধৰা কাৰ্য্যৰ বাবে এই অঞ্চলবোৰ গুৰুত্বপূৰ্ণ হৈ পৰে।
গতিকে, ভৌতিক জমা হোৱা মাটি-গেদ আৰু জৈৱিক কাৰ্য্যকলাপ— দুয়োটা কাৰণতে এই ঠাইবোৰ লাহে লাহে বাম হৈ পৰা দেখা যায়।
৭। গৰম সাগৰীয় সোঁত আৰু চেঁচা সাগৰীয় সোঁতৰ দুটাকৈ উদাহৰণ দিয়া।
উত্তৰঃ গৰম সাগৰীয় সোঁতৰ উদাহৰণ— (i) কিউৰ'ছিঅ' সোঁত আৰু (ii) আলাস্কা সোঁত। চেঁচা সাগৰীয় সোঁতৰ দুটা উদাহৰণ— (i) অয়াচিত' সোঁত আৰু (ii) লব্ৰাড'ৰ সোঁত।
৮। সাগৰত কি কি কাৰণত ঢৌৰ সৃষ্টি হয়?
উত্তৰঃ সাগৰত ঢৌ সৃষ্টি হোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল—
- (i) সমুদ্ৰতলিত ভূমিকম্প, জ্বালামুখী উদগীৰণ আৰু সমুদ্ৰপৃষ্ঠত জোৱাৰ উঠিলেই সাগৰ-মহাসাগৰত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয়।
- (ii) সমুদ্ৰপৃষ্ঠৰ ওপৰেদি সদায় প্ৰবাহিত হোৱা বতাহৰ ফলত সমুদ্ৰপৃষ্ঠত ঢৌৰ সৃষ্টি হয়।
৯। আগ্নেয় বলয় বুলি ক'লে কি বুজা?
উত্তৰঃ যিবোৰ অঞ্চলত ভূমিকম্প আৰু আগ্নেয়গিৰি উদগীৰণৰ সম্ভাৱনা প্ৰবল তাকে আগ্নেয় বলয় বুলি কোৱা হয়।
১০। ছুনামিৰ উচ্চতা আৰু গতিবেগ সাধাৰণতে কিমান হয়?
উত্তৰঃ ছুনামিৰ উচ্চতা ১৫ মিটাৰমান হোৱা দেখা যায় আৰু ইয়াৰ গতিবেগ ঘণ্টাত ৭০০ কিলোমিটাৰৰো অধিক হয়।
১১। জোৱাৰ-ভাটা বুলিলে কি বুজা?
উত্তৰঃ সমুদ্ৰৰ পানী দৈনিক দুবাৰকৈ নিৰ্দিষ্ট ব্যৱধানত ওফন্দি ওপৰলৈ উঠে আৰু তাৰ পাছত তললৈ নামি যায়। এইদৰে সমুদ্ৰৰ জলৰাশি ওফন্দি উঠাকে জোৱাৰ আৰু নামি যোৱাক ভাটা বোলা হয়।
১২। পৃথিৱীৰ ওপৰত চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱ বেছি হোৱাৰ কাৰণ কি?
উত্তৰঃ পৃথিৱীৰ তুলনাত চন্দ্ৰ যথেষ্ট সৰু যদিও পৃথিৱীৰ নিচেই ওচৰত থকাৰ বাবে পৃথিৱীৰ ওপৰত ইয়াৰ আকৰ্ষণৰ প্ৰভাৱ বেছি।
১৩। মুখ্য জোৱাৰৰ উৎপত্তিৰ কাৰণ কি?
উত্তৰঃ সাগৰ-মহাসাগৰৰ জলৰাশি যেতিয়া চন্দ্ৰৰ মুখামুখি হয় তেতিয়া তাত আকৰ্ষণৰ প্ৰভাৱ বেছিকৈ পৰে আৰু মুখ্য জোৱাৰৰ উৎপত্তি হয়।
১৪। বাসন্তী জোৱাৰ আৰু নাটনি জোৱাৰ কাক বোলে? চিত্র আঁকি বুজাই লিখা।
উত্তৰঃ পূৰ্ণিমা আৰু অমাৱস্যা দুয়োটা দিনতে চন্দ্ৰ আৰু সূৰ্যৰ মিলিত আকৰ্ষণৰ ফলত যি প্ৰবল জোৱাৰৰ সৃষ্টি হয় তাকে বাসন্তী জোৱাৰ বোলে।

সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যই সমকোণত অৱস্থান কৰে। গতিকে সেই দুটা দিনত চন্দ্ৰৰ মুখামুখি হোৱা ঠাইৰ লগতে সূৰ্যৰ মুখামুখি হোৱা ঠাইতো জোৱাৰ হয়। ফলত কোনো এটা জোৱাৰ শক্তিশালী নহয়। এই জোৱাৰক নাটনি জোৱাৰ বোলা হয়।

১৫। নদীৰ মোহনা আৰু জোৱাৰ-ভাটাৰ মাজৰ সম্পৰ্ক বিচাৰ কৰা।
উত্তৰঃ নদীৰ মোহনা অঞ্চলত জোৱাৰৰ ঢৌৱে নদীৰ মোহনাত জমা হোৱা গেদ উটুৱাই নিয়াৰ ফলত নাও, জাহাজ আদিৰ চলাচলৰ বাবে সুবিধা অধিক। জোৱাৰৰ সময়ত পানী ওফন্দি উঠাৰ কাৰণে গভীৰ নদীৰ মোহনা অঞ্চলত অৱস্থিত বন্দৰলৈ সহজতে জাহাজ চলাচল কৰিব পাৰে। জোৱাৰৰ প্ৰভাৱ পৰা নদীৰ মোহনাত প্ৰচুৰ মাছ পোৱা যায়।
১৬। সাগৰ-মহাসাগৰৰ উদ্ভিদ আৰু প্ৰাণীবোৰক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ সাগৰ-মহাসাগৰৰ উদ্ভিদ আৰু প্ৰাণীবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে। সেই ভাগসমূহ হ'ল— (i) প্লেংকটন বা প্লৱক, (ii) বেনথ'জ, (iii) নেকটন।
১৭। বেনথ'জ শ্ৰেণীৰ সাগৰীয় জীৱৰ বৈশিষ্ট্য কি?
উত্তৰঃ বেনথ'জ শ্ৰেণীৰ জীৱবোৰে সাগৰৰ তলিত বা তলিৰ ওচৰত বাস কৰে। ইহঁত অগভীৰ পানীৰ পৰা আৰম্ভ কৰি গভীৰ সাগৰীয় অঞ্চললৈকে বিস্তৃত। কিছুমান বেনথ'জ জীৱ স্থিৰভাৱে তলিত লাগি থাকে (যেনে— প্ৰবাল, ছী-এনিম'ন), আনহাতে কিছুমানে তলিত খোজ কাঢ়ি বা সৰকি ফুৰে (যেনে— কেঁকোৰা, শামুক, ষ্টাৰফিছ)। ইহঁতে সাগৰীয় খাদ্যশৃংখলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
১৮। প্লৱক আৰু মৎস্যক্ষেত্ৰৰ মাজৰ সম্পৰ্ক কেনে ধৰণৰ লিখা?
উত্তৰঃ প্লৱক সাগৰীয় উদ্ভিদ আৰু প্ৰাণীৰ এবিধ প্ৰজাতি। প্লৱকবোৰে নিজে লৰচৰ কৰিব নোৱাৰে। পানীৰ সোঁতৰ লগে লগে ইহঁতে উটি ভাহি ফুৰে। প্লৱকবোৰৰ বেছি ভাগেই এককোষী আৰু চকুৰে মনিব নোৱাৰা বিধৰ। উদ্ভিদ প্লৱকৰ বেছিভাগই ডায়টম প্ৰজাতিৰ শেলুৱৈ জাতীয় উদ্ভিদ। এই ডায়টম মাছৰ প্ৰধান আহাৰ। গতিকে সূৰ্যৰ ৰশ্মিয়ে ঢুকি পোৱা সমুদ্ৰৰ অগভীৰ অংশ প্লৱকৰ বাসস্থান হোৱাৰ লগে লগে ডায়টমৰ সন্ধানত এই অঞ্চল মৎস্যক্ষেত্ৰ হৈ পৰে।
১৯। কেইবিধমান সাগৰীয় মাছৰ নাম লিখা।
উত্তৰঃ সাগৰীয় মাছৰ কেইবিধমান উদাহৰণ হ'ল—
- (i) ইলিশ (Hilsa)
- (ii) টুনা (Tuna)
- (iii) ম্যাকৰেল (Mackerel)
- (iv) ছাৰ্ডিন (Sardine)
- (v) কোড (Cod)
- (vi) ফ্লাউণ্ডাৰ (Flounder)
- (vii) ৰুই আৰু কাতলাৰ সাগৰীয় প্ৰজাতি
২০। সাগৰ-মহাসাগৰত কি কি খনিজ সম্পদ পোৱা যায় আৰু ইয়াৰ গুৰুত্ব কেনে ধৰণৰ?
উত্তৰঃ সাগৰ-মহাসাগৰত পোৱা খনিজ সম্পদসমূহ হ'ল— মেংগানিজ, ছালফাৰ, টাইটেনিয়াম, ম'নাজইট, সোণ, প্লেটিনাম, হীৰা, তাম, টিন, লো, খাৰুৱা তেল, প্ৰাকৃতিক গেছ ইত্যাদি। সাগৰ-মহাসাগৰৰ বুকুত পোৱা আটাইবোৰ খনিজ সম্পদেই মূল্যৱান। কিন্তু ইয়াৰ ভিতৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আটাইতকৈ বেছি মূল্যৱান সম্পদ। এই দুবিধ খনিজ সম্পদ উদঘাটন কৰাত ভূ-বিজ্ঞানীসকলে আটাইতকৈ বেছি গুৰুত্ব দিছে, কাৰণ এই দুয়োবিধ খনিজ সম্পদ ইন্ধন হিচাপে উদ্যোগত ব্যৱহাৰ কৰা হয়।
২১। জল পৰিবহণৰ ক্ষেত্ৰত সাগৰ-মহাসাগৰৰ ভূমিকা সম্পর্কে লিখা।
উত্তৰঃ জল পৰিবহণৰ ক্ষেত্ৰত সাগৰ-মহাসাগৰৰ ভূমিকা সম্পৰ্কে তলত উল্লেখ কৰা হ'ল—
- (i) জল পৰিবহণ কম খৰচী আৰু আটাইতকৈ সহজ।
- (ii) জল পৰিবহণত পথ নিৰ্মাণ খৰচ নাই।
- (iii) পানীৰ ওপৰেৰে চলা জাহাজবোৰত ইন্ধনৰ খৰচ কম।
- (iv) জল পৰিবহণত স্থল পৰিবহণৰ দৰে বাধা নাথাকে।
২২। মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি?
উত্তৰঃ মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ হ'ল পৃথিৱীৰ আৱৰ্তন আৰু মধ্যাকৰ্ষণ শক্তি, বায়ুমণ্ডলৰ চাপ, নিয়ত বতাহ, বৰষুণৰ পানী, তাপ, চাপ, ঘনত্ব, লৱণতা আদি।
২৩। গৰম পানীৰ সোঁত আৰু ঠাণ্ডা পানীৰ সোঁতৰ বৈশিষ্ট্য সম্পর্কে লিখা।
উত্তৰঃ গৰম পানীৰ সোঁতৰ বৈশিষ্ট্য সম্পৰ্কে তলত উল্লেখ কৰা হ'ল— (i) গৰম সোঁতৰ ওপৰেদি প্ৰবাহিত বতাহে অধিক জলীয় বাষ্প ধাৰণ কৰে। যাৰবাবে স্থলভাগত এই বতাহৰ প্ৰভাৱত বৰষুণ হয়। (ii) গৰম উপসাগৰীয় সোঁতৰ বাবে নৰৱে দেশৰ উত্তৰ উপকূলীয় অঞ্চলত বৰফ নপৰে। ঠাণ্ডা পানীৰ সোঁতৰ বৈশিষ্ট্য সম্পৰ্কে তলত উল্লেখ কৰা হ'ল— (i) ঠাণ্ডা পানীৰ সোঁতৰ ওপৰেদি প্ৰবাহিত হোৱা বতাহে জলীয় বাষ্প ধাৰণ কৰিব নোৱাৰে। (ii) উত্তৰ আমেৰিকাৰ লাব্ৰাড'ৰ ঠাণ্ডা পানীৰ সোঁতৰ প্ৰভাৱত বছৰত ন মাহ বৰফৰ দ্বাৰা আবৃত হৈ থাকে।
২৪। সাগৰৰ কেনেকুৱা অঞ্চলত মৎস্যক্ষেত্র গঢ়ি উঠে?
উত্তৰঃ সাগৰৰ বুকুৰ যিবোৰ ঠাইত মাছৰ খাদ্য প্লেংকটন বা প্লৱক বেছি পৰিমাণে থাকে, সেই অঞ্চলবোৰত মৎস্যক্ষেত্ৰ গঢ় লৈ উঠে।
২৫। আমি কিয় নির্মল পানীৰ অভাৱ অনুভৱ কৰোঁ?
উত্তৰঃ ধৰাপৃষ্ঠত প্ৰায় ৭১ শতাংশ পানী আৰু ২৯ শতাংশ মাটিৰে আৱৰি আছে। অৰ্থাৎ পৃথিৱীত পানীৰ পৰিমাণ বেছি হ'লেও সাগৰৰ পানী লুণীয়া হোৱা বাবে মানুহৰ ব্যৱহাৰৰ অনুপযোগী। সেয়েহে আমি নিৰ্মল পানীৰ অভাৱ অনুভৱ কৰোঁ।
২৬। পৃথিৱীৰ মুঠ মহাসাগৰ কেইখন আৰু কি কি?
উত্তৰঃ পৃথিৱীৰ মুঠ মহাসাগৰ পাঁচখন। সেই কেইখন হ'ল— (i) প্ৰশান্ত মহাসাগৰ, (ii) আটলাণ্টিক মহাসাগৰ, (iii) ভাৰত মহাসাগৰ, (iv) উত্তৰ মহাসাগৰ, (v) দক্ষিণ মহাসাগৰ।
২৭। ছুনামি বুলিলে কি বুজা?
উত্তৰঃ ভূমিকম্প বা আগ্নেয়গিৰিৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক ছুনামি বোলে।
২৮। মহাসাগৰীয় সোঁত কাক বোলে আৰু ই কেনেদৰে সৃষ্টি হয়?
উত্তৰঃ মহাসাগৰৰ পানীভাগ এঠাইৰ পৰা আন ঠাইলৈ গতি কৰাকে মহাসাগৰীয় সোঁত বোলে। মহাসাগৰীয় সোঁত সৃষ্টি হোৱাৰ কাৰণবোৰ হ'ল— (i) নিয়ত বতাহৰ ফলত সাগৰ-মহাসাগৰত সোঁতৰ সৃষ্টি হয়। (ii) পানীৰ ঘনত্বৰ তাৰতম্য আৰু অসমতাৰ কাৰণে সাগৰীয় সোঁতৰ সৃষ্টি হয়।
২৯। জোৱাৰ-ভাটাৰ প্ৰভাৱত কি কি সুবিধা হয়?
উত্তৰঃ জোৱাৰৰ সময়ত নদীৰ মোহনা অঞ্চল পানীৰে উপচি পৰে আৰু ইয়াৰ ফলত ডাঙৰ জাহাজবোৰ নদীৰে দেশৰ ভিতৰলৈ প্ৰবেশ কৰিবলৈ সুবিধা পায়। আকৌ ভাটাৰ সময়ত জাহাজ সহজে মোহনাত নামি যাবলৈ সুবিধা পায়। এনেধৰণৰ সুবিধা পোৱাৰ বাবেই কলকাতাৰ হুগলী নদী আৰু লণ্ডনৰ টেমছ নদীৰ মোহনাত বিখ্যাত বন্দৰ গঢ়ি উঠিছে।
৩০। কাৰণ দর্শোৱা :
ক) নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়।
উত্তৰঃ বাসন্তী জোৱাৰত চন্দ্ৰ আৰু সূৰ্যৰ মিলিত আকৰ্ষণৰ ফলত সমুদ্ৰত প্ৰবল জোৱাৰৰ সৃষ্টি হয়। আনহাতে শুক্লপক্ষ আৰু কৃষ্ণপক্ষৰ সপ্তমী, অষ্টমী তিথিত সূৰ্য, চন্দ্ৰ আৰু পৃথিৱীয়ে পৰস্পৰ সমকোণীয় ভাবে অৱস্থান কৰে। সেই বাবে এই দুটা দিনত চন্দ্ৰৰ মুখামুখি হোৱা জলভাগৰ লগতে সূৰ্যৰ মুখামুখি হোৱা জলভাগতো জোৱাৰৰ সৃষ্টি হয়। দুয়োস্থানত জোৱাৰৰ সৃষ্টি হয় যদিও আনদিনাৰ জোৱাৰৰ সমান শক্তিশালী নহয়, সেয়ে বেছি উচ্চতা লাভ কৰিব নোৱাৰে। এই কাৰণতে নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়।
খ) আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।
উত্তৰঃ বৰ্তমান পৃথিৱীৰ সকলোবোৰ সাগৰ-মহাসাগৰৰ নিকটৱৰ্তী দেশবিলাকত সাগৰীয় মাছ উদ্যোগত পৰিণত হৈছে আৰু এই ক্ষেত্ৰত যথেষ্ট উন্নতি লাভ কৰিছে। আজিকালি মৎস্য ক্ষেত্ৰবোৰৰ অৱস্থান নিৰ্ণয় কৰিবলৈ মাছ ধৰা জাহাজবোৰত কম্পিউটাৰ নিয়ন্ত্ৰিত প্ৰযুক্তিৰ সহায়ত মাছ ধৰা আৰু শীতলীকৰণ ব্যৱস্থাৰ সংৰক্ষণ কৰি টিনত ভৰাই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ পঠোৱা হয়। জাপানত পৃথিৱীৰ ভিতৰতে ডাঙৰ মাছ ধৰা উদ্যোগ আছে। এই ব্যৱস্থাবোৰৰ বাবেই আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।
গ) জাপানত সঘনাই ছুনামি হয়।
উত্তৰঃ জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰতে ভূমিকম্প প্ৰৱণ অঞ্চল। গতিকে জাপানত সঘনাই ভূমিকম্প হৈ ছুনামিৰ সৃষ্টি হয়।
ঘ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট।
উত্তৰঃ জল পৰিবহণ হৈছে আটাইতকৈ কম খৰচী আৰু আটাইতকৈ সহজ। জল পৰিবহণত পথ নিৰ্মাণৰ খৰচ নাই। পানীৰ ওপৰেৰে চলা জাহাজবোৰত ইন্ধনৰ খৰচ তুলনামূলক ভাবে কম। জল পথত স্থলপথৰ দৰে বাধাও নাথাকে। গধুৰ ডাঙৰ আকাৰৰ বস্তুবোৰ কঢ়িওৱাত জল পৰিবহণ হৈছে উৎকৃষ্ট ব্যৱস্থা। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বা বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত সাগৰ-মহাসাগৰৰ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট বুলি বিবেচিত হৈছে।
৩১। শুদ্ধ উত্তৰটোত চিন দিয়া :
ক) সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়— ১। মেৰু অঞ্চলত, ২। নিৰক্ষীয় অঞ্চলত, ৩। এটাও নহয়।
উত্তৰঃ ১। মেৰু অঞ্চলত
খ) দিনটোত দুবাৰ সাগৰৰ পানী উঠা-নমা কৰাকে— ১। সাগৰীয় সোঁত, ২। জোৱাৰ-ভাটা, ৩। ঢৌ বোলে।
উত্তৰঃ ২। জোৱাৰ-ভাটা
গ) ছুনামি শব্দৰ অৰ্থ হ'ল— ১। ভূমিকম্প, ২। সাগৰৰ ঢৌ, ৩। পোতাশ্ৰয়ৰ ঢৌ।
উত্তৰঃ ৩। পোতাশ্ৰয়ৰ ঢৌ।
ঘ) সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ— ১। নেকটন, ২। বেনথ'জ, ৩। প্লেংকটন শ্ৰেণীৰ।
উত্তৰঃ ১। নেকটন
৩২। খালী ঠাই পূৰ কৰা :
ক) মহাসাগৰত চলাচল কৰা পৰিবহণ ব্যৱস্থাক ________ বুলি কোৱা হয়।
উত্তৰঃ জলপৰিবহণ
খ) জলপথবোৰ ________ ঘাইপথ।
উত্তৰঃ প্ৰাকৃতিক
গ) ________ ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা ঢৌক ছুনামি বোলে।
উত্তৰঃ ভূমিকম্প
ঘ) মহাসাগৰৰ বুকুৰ খনিজ দ্রব্যবোৰৰ ভিতৰত _______ আৰু ________ আটাইতকৈ গুৰুত্বপূৰ্ণ।
উত্তৰঃ খাৰুৱা তেল, প্ৰাকৃতিক গেছ
ঙ) উৎপত্তিৰ পৰা বৰ্তমানলৈকে পৃথিৱীয়ে প্রায় ________ বছৰ অতিক্ৰম কৰিছে।
উত্তৰঃ ৪৬০০ নিযুত
চ) ________ আৰু ________ ই সাগৰত জাহাজ চলাচলত সমস্যাৰ সৃষ্টি কৰে।
উত্তৰঃ ঘন কুঁৱলী, বৰফ
Comments
No comments yet. Be the first!