ভাৰতৰ সংবিধান

admin Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Social Science

Chapter 22: ভাৰতৰ সংবিধান

১। দুই নম্বৰৰ বাবে---- এটা বা দুটা বাক্যত উত্তৰ লিখা :

ক) আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ সংবিধানৰ কি কি আদৰ্শ ভাৰতীয় সংবিধানত অনুসৰণ কৰা হৈছে?

উত্তৰঃ সংসদীয় শাসন ব্যৱস্থাটো ব্ৰিটিছ সংবিধানৰ পৰা আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো আয়াৰলেণ্ডৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে।

খ) ১৯৩৫ চনৰ আইনৰপৰা কি কি ধাৰণা ভাৰতীয় সংবিধানৰ বাবে গ্ৰহণ কৰা হ’ল?

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ পৰা যুক্তৰাষ্ট্ৰীয় চৰকাৰ, যুক্তৰাষ্ট্ৰীয় ন্যায়ালয় আদি ধাৰণা গ্ৰহণ কৰা হৈছে।

গ) প্ৰস্তাৱনাত কি পোৱা যায়?

উত্তৰঃ প্ৰস্তাৱনাত সংবিধানৰ লক্ষ্য আৰু আদৰ্শৰ আভাস পোৱা যায়।

ঘ) ভাৰতবৰ্ষক কিয় গণৰাজ্য বোলা হয়?

উত্তৰঃ ৰাষ্ট্ৰপ্ৰধানকে ধৰি শাসকসকল জনগণৰ দ্বাৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্বাচিত হয়। গতিকে ভাৰত এখন গণৰাজ্য।

ঙ) ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ বুলিলে কি বুজা?

উত্তৰঃ আমাৰ ৰাষ্ট্ৰত বাস কৰা সকলো ধৰ্মৰ লোক আইনৰ চকুত সমান আৰু ধৰ্মৰ নামত কোনো নাগৰিককে অধিকাৰ উপভোগৰ পৰা বঞ্চিত কৰিব নোৱাৰে। সেয়ে ই ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্র।

২। চাৰি নম্বৰৰ বাবে— চাৰিটা বা পাঁচটা বাক্যত উত্তৰ লিখা :

ক) ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল।
১। পৃথিৱীৰ দীর্ঘতম সংবিধান।
২। সংবিধানৰ লক্ষ্য আৰু আদৰ্শ প্ৰকাশ কৰা এটা প্ৰস্তাৱনা আছে।
৩। সমাজবাদী ৰাষ্ট্ৰ হিচাপে অভিহিত কৰণ।
৪। আইনৰ চকুত সকলো ধৰ্মৰ লোকে সমান অধিকাৰ লাভ কৰা ধৰ্ম-নিৰপেক্ষ দেশৰ ঘোষণা।

খ) ব্ৰিটিছ চৰকাৰে ভাৰত শাসনৰ বাবে প্ৰণয়ন কৰা চাৰিখন আইনৰ নাম লিখা।

উত্তৰঃ
১৮৬১ চনৰ ভাৰত পৰিষদ আইন।
১৮৯২ চনৰ ভাৰত পৰিষদ আইন।
১৯০৯ চনৰ ভাৰত পৰিষদ আইন।
১৯১৯ চনৰ ভাৰত চৰকাৰ আইন।

গ) ভাৰতৰ সংবিধানখন দীঘল হোৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ
ভাৰতৰ সংবিধানখনত ৩৯৫টা অনুচ্ছেদ, ২২টা অধ্যায় আৰু ১২খন অনুসূচী আছে। গতিকে সংবিধানখন দীঘলীয়া।
আমাৰ সংবিধানত কিছুমান বিষয় বৰ বিতংভাৱে বৰ্ণনা কৰা হৈছে যাৰ ফলত ই দীঘলীয়া হৈছে।
সংবিধানখন বহুবাৰ সংশোধন কৰি মূল দফাবোৰৰ লগত অতিৰিক্ত ধাৰা সংযোজন কৰা হৈছে, ফলস্বৰূপে সংবিধানখন দীঘলীয়া হৈছে।
পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা বাচি লোৱা আদৰ্শ সমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তর্ভুক্ত কৰাৰ বাবে সংবিধানখন অতি দীঘলীয়া হৈছে।

ঘ) ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় আৰু দুটা একাত্মক গুণ উল্লেখ কৰা।

উত্তৰঃ
যুক্তৰাষ্ট্ৰীয় গুণ--
১। ক্ষমতাৰ বিতৰণ।
২। স্বাধীন ন্যায়পালিকা।
একাত্মক গুণ--
১। শক্তিশালী কেন্দ্ৰীয় চৰকাৰ।
২। একক নাগৰিকত্ব।

ঙ) ভাৰতীয় শাসন ব্যৱস্থাক কিয় সংসদীয় গণতন্ত্ৰ বোলা হয়?

উত্তৰঃ যি শাসন ব্যৱস্থাত কাৰ্যনিৰ্বাহী বিভাগ সংসদৰ প্ৰতি দায়বদ্ধ থাকে তাক সংসদীয় গণতন্ত্ৰ বোলা হয়। ভাৰতৰ শাসন ব্যৱস্থাত কাৰ্যনিৰ্বাহী বিভাগ সংসদৰ প্ৰতি দায়বদ্ধ। সেইবাবে ভাৰতীয় শাসন ব্যৱস্থাক সংসদীয় গণতন্ত্ৰ বোলা হয়।



Comments

Log in to leave a comment.

No comments yet. Be the first!