সাম্রাজ্যবাদ আৰু অসম

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Social Science

সম্ৰাজ্যবাদ আৰু অসম

১। উত্তৰ লিখাঃ

(ক) কোনজন স্বৰ্গদেউৰ দিনত প্রথম মােৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল?

উত্তৰঃ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত।

(খ) কোন চনত কেপ্তেইন ৱেলছ অসমলৈ আহিছিল?

উত্তৰঃ ১৭৯২ চনত।

(গ) কেপ্তেইন ৱেলছ অসমলৈ অহাৰ সময়ত বঙ্গৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰঃ লর্ড কর্ণৱালিছ।

(ঘ) কোনখন ঠাইত মান আৰু আহােমৰ মাজত শেষ যুদ্ধখন হৈছিল?

উত্তৰঃ যােৰহাটৰ ওচৰৰ মহগড় নামে ঠাইত।

(ঙ) কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৮২৬ চনত।

২। খালী ঠাই পূৰ কৰা –

(ক) ____ চনত প্রথম মােৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল?

উত্তৰঃ ১৭৬৯।

(খ) লক্ষ্মীসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক __ আহােম সিংহাসনত বহে।

উত্তৰঃ গৌৰীনাথ সিংহ।

(গ) কৃষ্ণনাৰায়ণ দৰঙত আহােমৰ ____ ৰজা আছিল।

উত্তৰঃ কৰতলীয়া।

(ঘ) ___ চনত মানৰ প্ৰথম আক্রমণ হয়।

উত্তৰঃ ১৮১৭।

(ঙ) ইয়াণ্ডাবু সন্ধি ইংৰাজ আৰু ___ মাজত হৈছিল।

উত্তৰঃ মানৰ।

৩। শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

(ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱা বৈষ্ণৱপন্থী / শাক্তপন্থী আছিল।

উত্তৰঃ শাক্তপন্থী।

(খ) কেপ্তেইন ৱেলছে বাণিজ্যিক চুক্তি কৰিছিল লক্ষ্মী সিংহ / গৌৰীনাথ সিংহৰ লগত।

উত্তৰঃ গৌৰীনাথ সিংহৰ লগত।

(গ) মানসকলক অসমলৈ আনিছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা / বদন চন্দ্ৰ বৰফুকন / পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে।

উত্তৰঃ বদন চন্দ্ৰ বৰফুকন।

(ঘ) মানৰ প্ৰথম আক্ৰমণৰ সময়ত মানসকলৰ ৰজা আছিল বদোপায়া / আলুমিংগি / বাগীদোৱা।

উত্তৰঃ বদোপায়া।

(ঙ) ইয়াণ্ডাবু সন্ধি হৈছিল মান আৰু আহোম / আহোম আৰু ইংৰাজ / মান আৰু ইংৰাজৰ মাজত।

উত্তৰঃ মান আৰু ইংৰাজৰ মাজত।

৪। চমুটোকা লিখা –

(ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱা

উত্তৰঃ কীৰ্তিচন্দ্ৰ বৰবৰুৱা পূর্বে এজন সাধাৰণ প্ৰজা আছিল। তেওঁৰ নাম আছিল গেন্ধেলা। প্রমত্ত সিংহই তেওঁক বৰ বৰুৱা পদত নিযুক্তি দিয়াৰ পিছত তেওঁ ক্রমান্বয়ে ক্ষমতাশালী হৈ উঠে। ডফলা, মিকিৰ, কছাৰী আদি বিদ্রোহীসকলক দমন কৰি তেওঁ ৰজাৰ অধিক প্রিয় পাত্র হৈছিল। মণিপুৰৰ পৰা মান খেদিবলৈ গৈ সগৌৰৱে বটা-বাহন আৰু ৰজালৈ মণিপুৰী ৰাজকন্যা লৈ উভতি আহিব পৰাৰ বাবে ৰাজেশ্বৰ সিংহই তেওঁৰ নাম ৰাখিছিল কীৰ্ত্তিচন্দ্র। পিছলৈ কীৰ্ত্তিচন্দ্ৰ ইমান ক্ষমতাশালী হৈছিল যে প্রধান তিনিজনা গোঁহাইকো উলাই কৰিবলৈ দ্বিধাবোধ নকৰিছিল। ৰজায়ো ৰাজশাসনৰ ভাৰ তেওঁৰ ওপৰতে এৰি দিছিল। কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা ঘােৰ শাক্তপন্থী লােক আছিল আৰু সুবিধা পালেই বৈষ্ণৱ মহন্তসকলক অপমান কৰিছিল। ফলস্বৰূপে মােৱামৰীয়া বিদ্ৰোহৰ বীজ অঙ্কুৰিত হৈছিল।

(খ) পূৰ্ণানন্দ বুঢ়াগোহাঁই

উত্তৰঃ ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যুৰ পিছত পূৰ্ণানন্দ নামৰ এজন অতি বিচক্ষণ আৰু ৰাজনীতিজ্ঞ পুৰুষক বুঢ়াগোহাঁই পতা হৈছিল। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভায়েক চন্দ্রকান্ত সিংহ ৰজা হােৱাৰ সময়ত নিচেই কম বয়সীয়া আছিল বাবে তেওঁৰ হৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দেশৰ শাসন কার্য চলাইছিল। সেই সময়ত গুৱাহাটীত বৰফুকন আছিল বদন চন্দ্র। পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্র বৰফুকনৰ মনোমালিন্যৰ ফলত বদনে মান আনে।

(গ) কেপ্তেইন ৱেলছ

উত্তৰঃ গৌৰীনাথ সিংহৰ ৰাজত্বকালত মােৱামৰীয়াসকলৰ বিদ্ৰোহৰ উপৰিও দৰঙৰ কৰতলীয়া ৰজা কৃষ্ণনাৰায়ণে বিদ্রোহ ঘোষণা কৰিছিল। গৌৰীনাথ সিংহই উপায় নাপাই বৃটিছৰ ওচৰত সহায় ভিক্ষা কৰিলে। সুযোগৰ অপেক্ষা কৰি থকা বৃটিছে গৌৰীনাথ সিংহৰ আমন্ত্রণ আনন্দ মনেৰে গ্ৰহণ কৰিলে। সেই সময়ৰ বংগৰ গৱৰ্ণৰ জেনেৰেল কর্ণৱালিছে কেপ্তেইন ৱেলছৰ নেতৃত্বত এদল বৃটিছ সেনা-বাহিনী অসমলৈ পঠালে। ১৭৯২ চনত কেপ্তেইন ৱেলছ অসমলৈ আহিছিল। ৱেলছে দৰঙী ৰজাক পৰাস্ত কৰি উঠি মােৱামৰীয়াসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰু পৰাজিত কৰি ৰংপুৰ নগৰ উদ্ধাৰ কৰি গৌৰীনাথ সিংহক গতাই দিয়ে। গৌৰীনাথ সিংহক পুনৰ সিংহাসনত স্থাপনৰ আগেয়ে তেওঁৰ লগত ৱেলছে এটা বাণিজ্যিক চুক্তি কৰি ইংৰাজৰ বাহিৰে কোনো ইউৰোপীয় সদাগৰে ইংৰাজ আৰু অসম চৰকাৰৰ বিনা অনুমতিত অসমত থাকিব নােৱাৰা ব্যৱস্থা কৰে। ফলত বৃটিছে অসমত এটা দৃঢ় খোপনি পুতিলে।

(ঘ) মিঙ্গিমাহা তিলোৱা

উত্তৰঃ মিঙ্গিমাহা তিলোৱা এগৰাকী মান সেনাপতি আছিল। মানৰ দ্বিতীয়বাৰ অসম আক্ৰমণৰ সেনাপতি আলু মিঙ্গিয়ে আহোম সেনাক পৰাজিত কৰি মিঙ্গিমাহা তিলোৱাৰ অধীনত এদল সৈন্য এৰি নিজে ব্ৰহ্মদেশলৈ গুছি যায়। মানসকলে চন্দ্রকান্ত সিংহক ৰাজ সিংহাসনত বহুৱাই থৈ গৈছিল যদিও প্রকৃততে মান সেনাপতি মিঙ্গিমাহা তিলোৱাইহে আহোম ৰাজ্যৰ হর্তা-কর্তা হৈ পৰিছিল। মিঙ্গিমাহাৰ অধীনত মান সেনাই অসমীয়া লোকৰ ওপৰত অকথ্য নির্যাতন চলাইছিল।

৫। শুদ্ধ উত্তৰ বাছি উলিওৱা—

(ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱা বৈষ্ণৱ পন্থী / শাক্ত পন্থী আছিল।

উত্তৰঃ শাক্ত পন্থী।

(খ) কেপ্তেইন ৱেলছে বাণিজ্যিক চুক্তি কৰিছিল লক্ষ্মী সিংহ / গৌৰীনাথ সিংহৰ লগত।

উত্তৰঃ গৌৰীনাথ সিংহৰ লগত।

(গ) মানসকলক অসমলৈ আনিছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা / বদনচন্দ্ৰ বৰফুকন / পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে।

উত্তৰঃ বদন চন্দ্ৰ বৰফুকন।

(ঘ) মানৰ প্ৰথম আক্ৰমণৰ সময়ত মানসকলৰ ৰজা আছিল বদোপায়া / আলুমিঙ্গি / বাগীদোৱা।

উত্তৰঃ বদোপায়া।

(ঙ) ইয়াণ্ডাবু সন্ধি হৈছিল মান আৰু আহোম / আহোম আৰু ইংৰাজ / মান আৰু ইংৰাজৰ মাজত।

উত্তৰঃ মান আৰু ইংৰাজৰ মাজত।

৬। মােৱামৰীয়া বিদ্রোহ কিয় সংঘটিত হ’বলৈ পালে? প্রথম মােৱামৰীয়া বিদ্রোহ সম্পর্কে কি জানা লিখা।

উত্তৰঃ আহোম ৰাজত্বকালত স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনৰ পৰা স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনলৈকে যি মােৱামৰীয়া বিদ্রোহ সংঘটিত হ’ল সেয়া এদিন দুদিনতে ঘটা ঘটনা নহয়। আহোম ৰজাসকল প্রধানকৈ শাক্ত ধৰ্মী আছিল। কিন্তু পঞ্চদশ শতিকাত মহাপুৰুষ শঙ্কৰদেৱৰ নেতৃত্বত চলা একশৰণ মহাপুৰুষীয়া ধৰ্মত লাখ লাখ লােক শৰণাপন্ন হৈছিল আৰু তেওঁলোকে বৈষ্ণৱ ধৰ্ম পালিছিল। লক্ষ্মী সিংহৰ ৰাজত্বকালত বিদ্রোহ সংঘটিত হলেও বৈষ্ণৱ মহন্তসকলে বহুদিনৰ পৰাই বিভিন্ন কাৰণত ৰজাঘৰীয়া অপমান আৰু নির্যাতন পাই আহিছিল। স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে দুর্গা পূজা পাতি বৈষ্ণৱ মহন্তসকলক মাতি আনি জোৰকৈ পূজাৰ নিৰ্মালি আৰু বলিৰ তেজৰ ফোঁট দিয়াত তেওঁলোকে অপমান বোধ কৰিছিল আৰু সুবিধা পালে ইয়াৰ প্ৰতিবাদ তুলিবলৈ ৰৈ আছিল। কীৰ্ত্তিচন্দ্র বৰবৰুৱা নামৰ এজন ঘােৰ শাক্তপন্থী বিষয়াৰ সুবিধা পালেই বৈষ্ণৱ মহন্তসকলক অপমান কৰিছিল। এইবােৰ কাৰণতে প্ৰধানকৈ মােৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল।

স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত ১৭৬৯ চনৰ নবেম্বৰ মাহত প্রথম মােৱামৰীয়া বিদ্রোহ সংঘটিত হয়। এই বিদ্রোহত প্রথমে মােৱামৰীয়াসকলেই জয় লাভ কৰিছিল। কিন্তু পিছলৈ ৰজাঘৰীয়া সেনাৰ হাতত তেওঁলোক পৰাজিত হয়। এই বিদ্ৰোহৰ কিছুদিন পিছতেই লক্ষ্মী সিংহৰ মৃত্যু হয়।

৭। কেপ্তেইন ৱেলছক কিয় অসমলৈ পঠোৱা হৈছিল? তেওঁ অহাৰ উদ্দেশ্য সফল হৈছিলনে?

উত্তৰঃ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ বিভিন্ন ৰাজ্য চলে বলে কৌশলে নিজৰ অধীনলৈ নি শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পিছত অসমৰ ফালেও চকু দি আছিল, কাৰণ অসমৰ প্রাকৃতিক সম্পদত তেওঁলোকৰ নজৰ পৰিছিল। অসমলৈ অহাৰ সুযোগৰ অপেক্ষাত থকা সময়তে ঘৰুৱা আক্ৰমণত জুৰুলা হােৱা গৌৰীনাথ সিংহই দৰঙৰ ৰজা কৃষ্ণনাৰায়ণৰ বিৰুদ্ধে বৃটিছৰ সহায় ভিক্ষা মাগিলে। লগে লগে সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কর্ণৱালিছে কেপ্তেইন ৱেলছৰ নেতৃত্বত এদল বৃটিছ সেনা অসমলৈ পঠালে। কেপ্তেইন ৱেলছে প্রথমে কৃষ্ণনাৰায়ণ আৰু ইয়াৰ পিছত মােৱামৰীয়াসকলক সম্পূর্ণৰূপে পৰাস্ত কৰি ৰাজধানী ৰংপুৰ গৌৰীনাথ সিংহক গতাই দিলে। কিন্তু কেপ্তেইন ৱেলছে কোম্পানী চৰকাৰৰ মুখ্য উদ্দেশ্য পাহৰি নগৈ গৌৰীনাথ সিংহৰ লগত এক বাণিজ্যিক চুক্তি স্বাক্ষৰিত কৰিলে। এই চুক্তি অনুসৰি ইংৰাজে অসমত বেহা-বেপাৰৰ সুবিধা লাভ কৰিলে। তদুপৰি ইংৰাজৰ বাহিৰে অন্য কোনো ইউৰোপীয় শক্তি বিনা অনুমতিত অসমত সোমাব নোৱাৰা হ’ল। গতিকে কেপ্তেইন ৱেলছ অসমলৈ অহাৰ উদ্দেশ্য এশ শতাংশ সফল হ’ল।

৮। ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ কি আছিল লিখা।

উত্তৰঃ ১৮২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৪ তাৰিখে ব্রহ্মদেশৰ ৰাজধানী আভাৰ পৰা কিছু দূৰত অৱস্থিত ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ আৰু মানৰ মাজত সন্ধি হয়। এইখনেই আছিল বিখ্যাত ইয়াণ্ডাবু সন্ধি। এই সন্ধিৰ চৰ্তসমূহ হ’ল—

  • ১। এই সন্ধিৰ চৰ্ত অনুসৰি মান ৰজাই অসম আৰু তাৰ অধীনত থকা ৰাজ্যবোৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যাব লাগিব।
  • ২। মান ৰজাই ইংৰাজ কোম্পানীক যুদ্ধৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰিও আৰাকান, টেনাছেৰিম আৰু য়েহ আদি ঠাই এৰি দিব লাগিব।
  • ৩। ব্রহ্মদেশৰ ৰাজধানীত ইংৰাজে অবাধে বেহা-বেপাৰ কৰাৰ সুযোগ লাভ কৰিব।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: দ্বিতীয় মােৱামৰীয়া বিদ্রোহ কিয় সংঘটিত হৈছিল, কোন আহােম ৰজাৰ দিনত আৰু ইয়াৰ ফলাফল কি হৈছিল লিখা।

উত্তৰঃ পূৰ্বৰে পৰা পাই অহা অপমান, নির্যাতনৰ বাবে স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত ১৭৬৯ চনৰ নবেম্বৰ মাহত মােৱামৰীয়া মহন্ত আৰু শিষ্যসকলে ৰজাৰ বিৰুদ্ধে যি বিদ্রোহ কৰিছিল সেয়া আছিল প্রথম মােৱামৰীয়া বিদ্রোহ। বিদ্ৰোহৰ কিছুদিন পিছতেই ৰজা লক্ষ্মী সিংহৰ মৃত্যু হোৱাত সকলো শাম কাটিছিল।

লক্ষ্মী সিংহৰ মৃত্যুৰ পিছত পুতেক গৌৰীনাথ সিংহ ১৭৮০ চনত সিংহাসনত বহে। ৰাজপাটত বহিয়েই তেওঁ বাপেকৰ দিনৰ শত্ৰু মােৱামৰীয়াসকলৰ ওপৰত প্রতিশোধ ল'বলৈ সাজু হ’ল আৰু তেওঁলোকৰ ওপৰত নানা অত্যাচাৰ কৰিবলৈ ধৰিলে। মােৱামৰীয়াসকলেও প্রথম বিদ্ৰোহৰ আঘাত পাহৰা নাছিল। তেওঁলোকৰ মাজত বিদ্ৰোহৰ জুই কুৰা উমি উমি জ্বলিয়েই আছিল। গৌৰীনাথ সিংহই এই জ্বলা জুইত ঘিউ ঢালিছিল। ১৭৮২ চনৰ বহাগ মাহৰ এদিন ৰাতি সুবিধা বুজি বিদ্রোহীসকলে অতর্কিতে ৰাজধানী গড়গাঁও নগৰত দা, জাঠি, জোং লৈ প্রবেশ কৰিলে। ৰজাই কোনােমতে পলাই ৰাজপ্রাসাদত সােমাল। পিছত ঘনশ্যাম বুঢ়াগোহাঁইৰ নেতৃত্বত আহোম সেনাই মােৱামৰীয়াসকলক নগৰৰ পৰা বাহিৰ কৰিবলৈ সক্ষম হ’ল। এয়েই ৰজা গৌৰীনাথ সিংহৰ দিনত নিজ কাৰ্যৰ বাবে সংঘটিত হোৱা মােৱামৰীয়াৰ দ্বিতীয় বিদ্রোহ।

প্রশ্ন ২: মােৱামৰীয়াসকলৰ তৃতীয় বিদ্ৰোহৰ এটি চমু আভাষ দিয়া।

উত্তৰঃ ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যু হোৱাত পূৰ্ণানন্দ নামৰ এজন অতি বিচক্ষণ আৰু ৰাজনীতিজ্ঞ পুৰুষক বুঢ়াগোহাঁই পতা হ’ল। পূৰ্ণানন্দই মােৱামৰীয়াসকলৰ বিদ্রোহ কৌশলেৰে দমন কৰিবলৈ ৰজাক বাৰে বাৰে পৰামর্শ দিছিল। ৰজাই তেওঁৰ কথা নামানি আহোম সৈন্যক মােৱামৰীয়াসকলক অত্যাচাৰ কৰিবলৈ উচটনি দিছিল। তেওঁলোকৰ ওপৰত নির্যাতন চলাই দ্বিতীয় বিদ্ৰোহৰ অৱসান ঘটাইছিল। কিন্তু ৰজাঘৰীয়া অত্যাচাৰ আৰু দমন নীতিয়ে মােৱামৰীয়াসকলক দুগুণে জ্বলাই তুলিছিল।

১৭৮৫ চনত তেওঁলোকে পুনৰ বিদ্রোহ ঘোষণা কৰিলে। এইবাৰ বিদ্রোহে গুৰুতৰ ৰূপ ধাৰণ কৰিলে। মােৱামৰীয়াৰ বিৰুদ্ধে পঠোৱা ৰজাঘৰীয়া সৈন্য বাৰে বাৰে পৰাজিত হ’ব ধৰিলে। ৰজা গৌৰীনাথ সিংহই চুবুৰীয়া ৰাজ্য ৰাণী, কি বেলতলা আদিৰ ৰজাসকলৰ সৈন্যৰ সহায় ললে যদিও কামত নাহিল। মােৱামৰীয়াসকলে ৰাজধানী ৰংপুৰ দখল কৰিবলৈ আগবাঢ়িল। পৰিস্থিতি বিষম দেখি স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰংপুৰ এৰি গুৱাহাটীলৈ পলাল। ৰজাৰ অনুপস্থিতিত বুঢ়াগোহাঁই পূৰ্ণানন্দই মােৱামৰীয়াৰ অগ্রগতি ৰোধ কৰিবলৈ অশেষ চেষ্টা কৰিছিল যদিও বিফল হ’ল। অৱশেষত গৌৰীনাথ সিংহই বৃটিছসকলৰ সহায়ত নিজ ৰাজ্য উদ্ধাৰ কৰে।

প্রশ্ন ৩: মানসকলক কোনে কিয় অসমলৈ মাতি আনিছিল? মানৰ প্ৰথম আক্ৰমণৰ এটি বিৱৰণী দিয়া।

উত্তৰঃ চাওলুং চুকাফাই পাতি থৈ যোৱা আহোম ৰাজ্যত পিছলৈ ৰজাসকলৰ অজ্ঞতা, অবিবেচকী কাণ্ড আৰু অদক্ষতাৰ বাবে, তদুপৰি বিষয়া-ডাঙৰীয়াসকলৰ ক্ষমতাৰ খোৱা-কামোৰাৰ বাবে বহুত বিশৃঙ্খলা সৃষ্টি হৈছিল।

চন্দ্রকান্ত সিংহৰ দিনত বিশেষকৈ পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদনচন্দ্ৰ বৰফুকনৰ মাজত থকা বৈৰীভাবে ৰাজ্যত অস্থিৰতাৰ সৃষ্টি কৰিছিল, সমগ্ৰ অসমলৈ অন্ধকাৰ নমাই আনিছিল। চন্দ্রকান্ত সিংহ ৰাজপাটত উঠা সময়ত বয়স বৰ কম আছিল। সেয়ে প্রশাসনৰ বেছিভাগ কাম-কাজ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে চম্ভালি লৈছিল। পূৰ্ণানন্দৰ ক্ষমতা বদনচন্দ্ৰ বৰফুকনৰ বাবে ঈর্ষাৰ কাৰণ হৈ পৰিছিল। তেওঁ ৰজাক পূৰ্ণানন্দৰ বিৰুদ্ধে নানান কথা লগাই ৰজাৰ প্রিয়পাত্র হ’ব বিচাৰিছিল। পূৰ্ণানন্দৰ বিৰুদ্ধে ষড়যন্ত্রত লিপ্ত হ’ল। পূৰ্ণানন্দৰ কাণত পৰাত তেওঁ বদনক ধৰিবলৈ যো-জা চলালে। বদন বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই সম্বন্ধত বিয়ৈ আছিল। বদনে বুঢ়াগোহাঁইৰ পৰিকল্পনাৰ কথা জীয়েক অৰ্থাৎ পূৰ্ণানন্দৰ বোৱাৰীয়েক পিজৌ গাভৰুৰ পৰা গম পাই বংগদেশলৈ পলাই গ’ল আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ইংৰাজৰ সহায় বিচাৰিলে। ইংৰাজে এই কথাত সন্মতি প্রদান নকৰাত তেওঁ ব্রহ্মদেশলৈ গ’ল। ব্রহ্মদেশৰ ৰজা বদোপায়াই বদনৰ অনুৰোধ ৰক্ষা কৰি এদল মান সেনা অসমলৈ পঠিয়াই দিলে। ১৮১৭ চনৰ মার্চ মাহত মানসকল আহি অসমৰ দুৱাৰমুখ পালেহি। পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে মানক ৰুধিবলৈ সৈন্য পঠিয়াই দিলে। যুদ্ধ চলি থকা সময়তে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হোৱাত তেওঁৰ পুতেক ৰুচিনাথক বুঢ়াগোহাঁই পতা হ’ল। ৰুচিনাথে মানক পৰাভূত কৰিব নােৱাৰি গুৱাহাটীলৈ পলাল। মানে যােৰহাট নগৰ অধিকাৰ কৰি চন্দ্রকান্ত সিংহকে ৰজা ৰাখি অসমৰ পৰা অজস্র ধন-সম্পত্তি লৈ নিজ দেশলৈ উভতি গ’ল। এয়েই অসমত প্রথম মানৰ আক্রমণ।

প্রশ্ন ৪: মানৰ দ্বিতীয় আক্ৰমণৰ এটি বিৱৰণী দিয়া।

উত্তৰঃ প্রথমবাৰ অসম আক্ৰমণ কৰাৰ পিছত মানসকলে নিজ দেশলৈ গুছি গ’ল। মানসকল গুছি যোৱাৰ পিছত বদনচন্দ্ৰ বৰফুকনেই ৰাজ্যৰ সর্বেসর্বা হৈ পৰিল। তেওঁৰ অত্যাচাৰ দিনে দিনে বাঢ়ি যাবলৈ ধৰিলে। প্রজাসকল তেওঁৰ ওপৰত অসন্তুষ্ট হৈ পৰিল। বদনৰ কার্যকলাপত ৰাজমাও নুমলীও অতিষ্ঠ হৈ পৰিছিল। সেয়ে ৰাজমাওৱে দুজনমান বিষয়াৰ লগ লাগি ৰূপসিং চুবেদাৰৰ হতুৱাই বদনক হত্যা কৰােৱালে।

বদনৰ হত্যাৰ পিছত বৰগোহাঁইৰ পদ পুনৰ চমজি ল’বলৈ চন্দ্রকান্ত সিংহই ৰুচিনাথক মাতি পঠিয়ালে। ৰুচিনাথে কিন্তু এই কথা ওলোটা বুজিলে। তেওঁ ৰজাই কিবা ষড়যন্ত্র কৰা বুলি ভাবি লগত এদল সৈন্য লৈ ৰাজধানী যোৰহাট অভিমুখে ৰাওনা হ’ল। চন্দ্রকান্ত সিংহই ভয় খাই ৰংপুৰলৈ পলাই গ’ল। ৰুচিনাথে ৰাজেশ্বৰ সিংহৰ বংশধৰ পুৰন্দৰ সিংহক আহোমৰ সিংহাসনত বহুৱাই ৰাজ্য শাসন কৰিবলৈ ধৰিলে।

এইসকলো ঘটনা মানসকলে লক্ষ্য কৰি আছিল। অসমৰ ৰাজনীতিৰ এই অস্থিৰ অৱস্থাৰ সুযোগ লৈ তেওঁলোকে পুনৰ ১৮১৯ চনৰ ফেব্ৰুৱাৰী মাহত আলুমিঙ্গি নামৰ এজন সেনাপতিৰ নেতৃত্বত অসমত প্রবেশ কৰিলে। এইবাৰৰ যুদ্ধত আহোম সেনা পৰাজিত হ’ল। পুৰন্দৰ সিংহ আৰু ৰুচিনাথ গুৱাহাটীলৈ পলাল। মানে তেওঁলোকক ধৰিবলৈ চেষ্টা কৰাত ৰজা-মন্ত্রী দুয়ো পলাই গৈ বংগদেশত ইংৰাজৰ আশ্রয় ল’লে। মানে যোৰহাট নগৰ দখল কৰি চন্দ্রকান্তক পুনৰ সিংহাসনত বহুৱাই মিঙ্গিমাহা তিলোৱা নামৰ এজন সেনাপতিৰ অধীনত এদল সৈন্য অসমত থৈ নিজ দেশলৈ উভতি যায়। এয়ে মানৰ দ্বিতীয় আক্রমণ।



Comments

Log in to leave a comment.

No comments yet. Be the first!