ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰসমূহ
ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰসমূহ
১। উত্তৰ লিখা :
ক) লর্ড কর্ণৱালিছৰ কাৰ্যবিধিখনক কি বোলা হৈছিল?
উত্তৰঃ কৰ্ণৱালিছ সংহিতা।
খ) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতীয় লোকক চৰকাৰী চাকৰিত মকৰল আৰু পদোন্নতিৰ ব্যৱস্থা কৰিছিল?
উত্তৰঃ লর্ড কৰ্ণৱালিছে।
গ) কাৰ দিনত চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰচলন হৈছিল?
উত্তৰঃ লর্ড কৰ্ণৱালিছৰ দিনত।
ঘ) কাৰ দিনত সৰ্বপ্ৰথমে মাটিৰ পট্টাৰ ব্যৱস্থা ভাৰতত প্ৰচলিত হৈছিল?
উত্তৰঃ থমাছ মন্ৰোৰ দিনত।
ঙ) চাৰ্লছ উডৰ শিক্ষা সম্পৰ্কীয় প্ৰেৰণ পত্ৰখন কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত গৃহীত হৈছিল?
উত্তৰঃ লর্ড ডেলহাউচীৰ দিনত।
চ) কোনজন অসমীয়াই ব্ৰিটিছ শাসনৰ আমোলত সংস্কৃত সাহিত্যৰ উৎকৰ্ষ সাধন কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাই।
২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা :
- দয়ানন্দ সৰস্বতী — আৰ্য সমাজ
- ছাৰ ছৈয়দ আহমদ খান — আলিগড় আন্দোলন
- গোবিন্দ ৰাণাডে — প্ৰাৰ্থনা সমাজ
- ৰাজা ৰামমোহন ৰায় — ব্রাহ্ম সমাজ
- ৰামকৃষ্ণ পৰমহংস — ৰামকৃষ্ণ মিছন
৩। শুদ্ধ/অশুদ্ধ বিচাৰি উলিওৱা :
ক) কোম্পানী চৰকাৰৰ শাসনৰ আৰম্ভণিলৈকে ভাৰতত মহলৱাৰী/ৰায়তৱাৰী ব্যৱস্থাৰ প্ৰচলন আছিল।
উত্তৰঃ অশুদ্ধ।
খ) সপ্তদশ/অষ্টাদশ শতিকাত ইংলেণ্ডত ঔদ্যোগিক বিপ্লৱে প্ৰসাৰতা লাভ কৰিছিল।
উত্তৰঃ অষ্টাদশ।
গ) স্বামী বিবেকানন্দ/গোবিন্দ ৰাণাডে/দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূল শংকৰ।
উত্তৰঃ দয়ানন্দ সৰস্বতীৰ।
ঘ) ৰাজা ৰামমোহন ৰায়ৰ প্ৰধান সহযোগী আছিল দেবেন্দ্ৰনাথ ঠাকুৰ/ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ/ৰাজসুন্দৰী দেৱী।
উত্তৰঃ দেবেন্দ্ৰনাথ ঠাকুৰ।
৪। চমুটোকা লিখা (৫০ টা মান শব্দৰ ভিতৰত) :
ক) ব্রাহ্ম সমাজ
উত্তৰঃ ব্রাহ্মসমাজৰ প্রতিষ্ঠাতা আছিল বংগদেশৰ ৰাজা ৰামমোহন ৰায়। তেওঁ কু-সংস্কাৰমুক্ত, জাতিভেদ শূন্য ভাৰতীয় সমাজ এখন গঢ়াৰ উদ্দেশ্যে ১৮২৮ চনত ব্রাহ্মসভা নামে এটি অনুষ্ঠান স্থাপন কৰে। এই অনুষ্ঠানটোৱেই পিছত ১৮৩০ চনত ব্রাহ্ম সমাজ নামে খ্যাত হয়। এই সমাজৰ মূল লক্ষ্য আছিল সতীদাহ, কন্যা শিশু হত্যা আদি কু-প্রথা দূৰ কৰা আৰু স্ত্রী শিক্ষা আৰু বিধবা বিবাহৰ প্ৰচলন কৰা।
খ) আর্য সমাজ
উত্তৰঃ আর্য সমাজৰ প্রতিষ্ঠাতা আছিল স্বামী দয়ানন্দ সৰস্বতী। তেওঁ একেশ্বৰবাদত বিশ্বাসী আৰু মূর্তি পূজাৰ বিৰোধী আছিল। ১৮৭৫ চনত স্থাপিত এই সংগঠনে জাতিভেদ প্রথা, বাল্যবিবাহৰ বিৰোধিতা কৰিছিল আৰু বিধবা বিবাহ সমর্থন কৰিছিল। তেওঁ ‘শুদ্ধি’ আন্দোলনৰ জৰিয়তে বহু লোকক পুনৰ হিন্দু ধৰ্মলৈ আনিবলৈ চেষ্টা কৰিছিল।
গ) প্রার্থনা সমাজ
উত্তৰঃ প্রার্থনা সমাজ ১৮৬৭ চনত মহাৰাষ্ট্ৰত স্থাপন কৰা হৈছিল। এই সংগঠনৰ সৈতে মহাদেৱ গোবিন্দ ৰাণাডে আদি সমাজ সংস্কাৰক জড়িত আছিল। এই সমাজে জাতিভেদ প্রথা দূৰ কৰা, বিধবা বিবাহৰ প্ৰচলন আৰু শিক্ষা বিস্তাৰৰ ওপৰত গুৰুত্ব দিছিল।
ঘ) আলিগড় আন্দোলন
উত্তৰঃ আলিগড় আন্দোলনৰ গুৰি ধৰোঁতা আছিল ছাৰ ছৈয়দ আহমদ খান। এই আন্দোলনৰ মূল উদ্দেশ্য আছিল মুছলমান সমাজক আধুনিক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰা। ১৮৭৫ চনত তেওঁ “Muhammadan Anglo-Oriental College” স্থাপন কৰে, যাৰ পৰা পিছত আলিগড় মুছলিম বিশ্ববিদ্যালয় গঢ়ি উঠে।
ঙ) লর্ড উইলিয়াম বেণ্টিং
উত্তৰঃ লর্ড উইলিয়াম বেণ্টিং ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল। তেওঁৰ সময়ত বহু সমাজ সংস্কাৰ কৰা হৈছিল। তেওঁ ৰাজা ৰামমোহন ৰায়ৰ সহযোগত ১৮২৯ চনত সতীদাহ প্রথা নিষিদ্ধ কৰিছিল। তেওঁ ভাৰতত আধুনিক শিক্ষাৰ প্ৰসাৰতেও গুৰুত্ব দিছিল।
চ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
উত্তৰঃ ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ উনৈশ শতিকাৰ এজন প্ৰখ্যাত সমাজ সংস্কাৰক আছিল। তেওঁ স্ত্রী শিক্ষাৰ প্ৰচলন আৰু বিধবা বিবাহৰ সমর্থনত গুৰুত্বপূর্ণ ভূমিকা লৈছিল। তেওঁৰ প্রচেষ্টাত ১৮৫৬ চনত বিধবা বিবাহ আইন প্ৰণয়ন কৰা হৈছিল।
ছ) ৰাজহ সংস্কাৰ
উত্তৰঃ ইংৰাজ শাসনৰ সময়ত ৰাজহ সংগ্ৰহৰ সুবিধাৰ বাবে কেইবাটাও ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ ভিতৰত লর্ড কৰ্ণৱালিছৰ চিৰস্থায়ী বন্দবস্ত (১৭৯৩), টমাছ মন্ৰোৰ ৰায়তৱাৰী ব্যৱস্থা আৰু হোল্ট মেকেঞ্জিৰ মহলৱাৰী ব্যৱস্থা উল্লেখযোগ্য। এই ব্যৱস্থাসমূহৰ ফলত কোম্পানীয়ে ৰাজহ সংগ্ৰহ সহজ কৰিছিল যদিও কৃষকসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছিল।
Comments
No comments yet. Be the first!